প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ

পোষ্ট কৰা হৈছে: 18 APR 2026 9:48PM by PIB Guwahati

আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত দেশবাসীক  সম্বোধন কৰিবলৈ আহিছো— বিশেষকৈ আমাৰ দেশৰ মাতৃ, ভগ্নী, কন্যাৰ সৈতে কথা পাতিবলৈ আহিছো! আজি ভাৰতৰ প্ৰতিগৰাকী  নাগৰিকে প্ৰত্যক্ষ কৰিছে ভাৰতৰ ‘নাৰী শক্তি’ কিদৰে জাগ্ৰত হৈছে। কিন্তু তেওঁলোকৰ সপোনবোৰ নিৰ্দয়ভাৱে থেতেলিয়াই পেলোৱা হৈছে। আমাৰ সৰ্বোচ্চ প্ৰচেষ্টা সত্ত্বেও আমি সফল নহ’লোঁ; 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ সংশোধনী গৃহীত কৰাব নোৱাৰিলে! আৰু ইয়াৰ বাবে দেশৰ সকলো মাতৃ-ভগ্নীলৈ আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।

বন্ধুসকল,

আমাৰ বাবে জাতীয় স্বাৰ্থ সৰ্বোচ্চ। কিন্তু, যেতিয়া কিছুমানৰ বাবে দলীয় স্বাৰ্থই সকলো হৈ পৰে—যেতিয়া দলৰ স্বাৰ্থই দেশৰ  স্বাৰ্থক অতিক্ৰম কৰে—তেতিয়া শেষত তাৰ পৰিণাম ‘নাৰিীশক্তি’ আৰু দেশৰ স্বাৰ্থই বহন কৰিবলগীয়া হয়। এইবাৰো একেই ঘটনা ঘটিছে। কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টি আদি দলৰ স্বাৰ্থপৰ ৰাজনীতিৰ পৰিণতি এই দেশৰ মহিলাসকলে ভোগ কৰিবলগীয়া হৈছে।

বন্ধুসকল,

কালি দেশৰ কোটি কোটি মহিলাৰ চকু সংসদত নিবদ্ধ হৈ আছিল; দেশৰ‘নাৰী শক্তি’য়ে আগ্ৰহেৰে  চাই আছিল। নাৰীৰ স্বাৰ্থ আগবঢ়াই নিয়াৰ লক্ষ্যৰে প্ৰস্তাৱটো যেতিয়া পৰাস্ত হৈছিল, তেতিয়া পৰিয়ালতান্ত্ৰিক  দলসমূহ—যেনে কংগ্ৰেছ, ডি এম কে, টি এম চি, এছ পি আদিয়ে — আনন্দত হাত চাপৰি বজাইছিল , সেয়া দেখি মোৰ বৰ দুখ লাগিছিল। আনকি নাৰীৰ অধিকাৰ কাঢ়ি নিয়াৰ সময়তো এইসকল মানুহেই  ডেস্কত থপৰিয়াই আনন্দ কৰিছিল  । তেওঁলোকে যি কৰিলে সেয়া কেৱল টেবুলত থপৰিয়াই কৰা কাম নাছিল; ই আছিল এগৰাকী নাৰীৰ মৰ্যাদা আৰু আত্মসন্মানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। এগৰাকী নাৰীয়ে হয়তো বহু কথা ক্ষমা কৰিব পাৰে, কিন্তু নিজৰ সন্মানৰ ক্ষেত্ৰত অপমান কেতিয়াও পাহৰিব নোৱাৰে; সেয়েহে সংসদত কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰসকলে প্ৰদৰ্শন কৰা আচৰণৰ কথা  এই দেশৰ প্ৰতিগৰাকী মহিলাৰ হৃদয়ত চিৰদিনৰ বাবে স্থায়ী হৈ থাকিব। এই  দেশৰ মহিলাসকলে যেতিয়াই নিজৰ নিজৰ অঞ্চলত এই নেতাসকলৰ সন্মুখীন হ’ব, তেতিয়াই তেওঁলোকে মনত পেলাব যে এইসকল লোকেই—এইসকল লোকেই—যিসকলে নাৰীৰ বাবে  সংৰক্ষণত  বাধাৰ দি  সংসদত উদযাপন আৰু আনন্দ কৰিছিল। কালি সংসদত নাৰী শক্তি বন্দনৰ  সংশোধনীৰ বিৰোধিতা কৰা সেই দলসমূহক মই এই কথা নিৰ্দ্বিধায় কওঁ: এই দলসমূহে নাৰী শক্তি (মহিলাৰ ক্ষমতা)ক সাধাৰণভাৱে লৈছে। তেওঁলোকে পাহৰি গৈছে যে একবিংশ শতিকাৰ মহিলাই  দেশত সংঘটিত হোৱা প্ৰতিটো পৰিঘটনাৰ ওপৰত চকু ৰাখিছে;  তেওঁলোকে  প্ৰকৃত উদ্দেশ্যৰ কথা  বিবেচনা কৰি আছে আৰু পৰিস্থিতিৰ বাস্তৱতাক সম্পূৰ্ণৰূপে বুজি পাইছে। গতিকে নাৰীৰ বাবে  সংৰক্ষণৰ বিৰোধিতা কৰি বিৰোধীয়ে কৰা পাপৰ প্ৰতিফল নিঃসন্দেহে ভুগিব লাগিব। এই দলসমূহে আমাৰ সংবিধান প্ৰস্তুতকাৰীসকলৰ আবেগক অপমান কৰাই নহয়, জনসাধাৰণে তেওঁলোকক নিশ্চিতভাবে  প্ৰদান কৰিবলগীয়া শাস্তিৰ পৰাও সাৰি যাব নোৱাৰিব।

বন্ধুসকল,

সদনত উত্থাপন কৰা নাৰী শক্তি বন্দনৰ সংশোধনীৰ উদ্দেশ্য কাৰো পৰা একো কাঢ়ি লোৱা নাছিল। বৰঞ্চ নাৰী শক্তি বন্দনৰ সংশোধনী সকলোকে কিবা নহয় কিবা এটা দিবলৈ প্ৰস্তুত  কৰা হৈছিল— এয়া নাৰীৰ সৱলীকৰণৰ উদ্দেশ্যে কৰা সংশোধনী আছিল। ২০২৯ চনৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি অৱশেষত মহিলাসকলক তেওঁলোকৰ উচিত প্ৰাপ্য—৪০ বছৰ ধৰি পাবলগীয়া  অধিকাৰ প্ৰদান কৰাৰ লক্ষ্যৰে এই সংশোধনী কৰা হৈছিল ।

নাৰী শক্তি বন্দন অধিনিয়মৰ  সংশোধনী আছিল একবিংশ শতিকাৰ ভাৰতৰ মহিলাসকলক নতুন সুযোগ প্ৰদান কৰা , তেওঁলোকক  নতুন উচ্চতালৈ উৰি যাবলৈ সক্ষম কৰা আৰু তেওঁলোকৰ বাটত থিয় হৈ থকা বাধাসমূহ দূৰ কৰা। এয়া আছিল এক কীৰ্তিচিহ্নস্বৰূপ কাম—এক মহাযজ্ঞা। ই আছিল এক পবিত্ৰ প্ৰচেষ্টা, যিটো নিৰপেক্ষভাবে  সততাৰে আৰু দেশৰ জনসংখ্যাৰ ৫০ শতাংশ—অৰ্থাৎ আধা শতাংশক প্ৰতিনিধিত্ব কৰা নাৰীৰ বাবে  উচিত প্ৰাপ্য প্ৰদান কৰাৰ স্পষ্ট উদ্দেশ্যেৰে গ্ৰহণ কৰা এক পদক্ষেপ । ভাৰতৰ উন্নয়নৰ  যাত্ৰাত মহিলাসকলক সমান অংশীদাৰ হিচাপে বিবেচনা কৰা আৰু সকলোৰে বাবে সৰ্বাংগীনতা গঢ়ি তোলাৰ এক প্ৰচেষ্টা আছিল এয়া । নাৰী শক্তি বন্দনৰ  সংশোধনীৰ প্ৰয়োজন আছিল সময়ৰ দাবী। ই আছিল সকলো অঞ্চলতে—উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম—আৰু দেশৰ  প্ৰতিখন ৰাজ্যতে নাৰী শক্তিৰ ন্যায্য বৃদ্ধি নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা  এক পদক্ষেপ। সংসদৰ পবিত্ৰ মজিয়াত   সকলো ৰাজ্যৰ নাৰীৰ  কণ্ঠ বৃদ্ধি কৰাৰ প্ৰয়াস আছিল এয়া —ৰাজ্য এখন ডাঙৰ বা সৰু হওক, বা জনসংখ্যা কম  বা ঘনেই  হওক, সেই  সকলো কথা নিৰ্বিশেষে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল প্ৰতিখন ৰাজ্যক সমান অনুপাতত সবলীকৰণ কৰা। তথাপিও কংগ্ৰেছ দল আৰু ইয়াৰ মিত্ৰসকলে,সদনত সমগ্ৰ দেশবাসীৰ চকুৰ সন্মুখতে, এই আন্তৰিক প্ৰচেষ্টাৰ থিয় দিলে।  তেওঁলোকে শিশুহত্যাৰ দৰে কাৰ্য্য সংঘটিত কৰিছে—এই উদাৰ পদক্ষেপক তেওঁলোকে নিৰ্মমভাৱে গৰ্ভপাত কৰিছে। কংগ্ৰেছ, টিএমচি, সমাজবাদী পাৰ্টি, ডিএমকে আদি দলেই এই শিশু হত্যাৰ কাণ্ডৰ আঁৰত দোষী। তেওঁলোকে এই দেশৰ সংবিধানৰ বিৰুদ্ধে অপৰাধী হিচাপে থিয় দিছে আৰু এইদেশৰ নাৰী শক্তিৰ বিৰুদ্ধে নিজকে অপৰাধী সজাই  থিয় দিছে।

বন্ধুসকল,

কংগ্ৰেছ দলে মহিলা সংৰক্ষণৰ ধাৰণাটোকে ঘৃণা কৰে; ইয়াক বাধা দিয়াৰ বাবে ধাৰাবাহিকভাৱে ষড়যন্ত্ৰ কৰি আহিছে। অতীতৰ প্ৰতিটো অনুষ্ঠানতে যেতিয়া এই দিশত প্ৰচেষ্টা চলোৱা হৈছিল, কংগ্ৰেছে বাটত বাধাৰ সৃষ্টি কৰিছিল। এইবাৰো মহিলা সংৰক্ষণক বাধা দিবলৈ কংগ্ৰেছ আৰু সহযোগী দলসমূহে ইটোৰ পিছত সিটো নতুন মিছাৰ আশ্ৰয় ল’লে। সংখ্যা সম্পৰ্কীয় বিষয় উত্থাপন কৰিয়েই  হওক বা অন্য কৌশল ব্যৱহাৰ কৰিয়েই  হওক, কংগ্ৰেছ আৰু ইয়াৰ সহযোগীসকলে দেশক  বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। এনে কৰি এই দলসমূহে ভাৰতৰ নাৰী শক্তিৰ আগত নিজৰ প্ৰকৃত মুখাখন উদঙাই দিছে।

বন্ধুসকল,

ব্যক্তিগতভাৱে মই আশা কৰিছিলোঁ যে কংগ্ৰেছে নিজৰ দশক দশক পুৰণি ভুলটো শুধৰাই দিব। আশা কৰিছিলোঁ কংগ্ৰেছে নিজৰ অতীতৰ পাপৰ প্ৰায়শ্চিত্ত কৰিব; কিন্তু কংগ্ৰেছে ইতিহাস ৰচনা কৰাৰ আৰু মহিলাৰ সৈতে সংহতিৰে থিয় হোৱাৰ সুযোগৰ অপচয় কৰিলে। কংগ্ৰেছে দেশৰ বৃহৎ অঞ্চলত নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছে। পৰজীৱীৰ দৰে দলটোৱে আঞ্চলিক দলৰ পিঠিত উঠি নিজকে টিকিয়াই ৰাখিছে। কংগ্ৰেছে আঞ্চলিক দলবোৰ শক্তিশালী হোৱাটোও নিবিচাৰে; সেয়েহে এই সংশোধনীৰ বিৰোধিতা কৰি কংগ্ৰেছে অসংখ্য আঞ্চলিক দলৰ ভৱিষ্যতক অন্ধকাৰৰ মাজলৈ  ঠেলি দিয়া়ৰ  ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছে।

বন্ধুসকল,

কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ডি এম কে, টি এম চি, আৰু অন্যান্য দলসমূহে—বহু বছৰ ধৰি—ধাৰাবাহিকভাৱে একেবোৰ পুৰণি অজুহাত আৰু কুটিল যুক্তি দি আহিছে। কোনোবা নহয় কোনোবা কাৰিকৰী সুৰুঙাৰে শোষণ কৰি তেওঁলোকে নাৰীৰ অধিকাৰ লুণ্ঠন অব্যাহত ৰাখিছে। ৰাজনীতিৰ এই কুৎসিত আৰ্হিটো দেশে সম্পূৰ্ণৰূপে বুজি পাইছে আৰু ইয়াৰ আঁৰৰ অন্তৰ্নিহিত উদ্দেশ্যও ধৰিব পাৰিছে।

ভাই-ভনীসকল,

নাৰী শক্তি বন্দন অধিনিয়মৰ বিৰোধিতা কৰাৰ  আঁৰৰ এটা প্ৰধান কাৰণ হ’ল এই বংশবাদী  দলসমূহৰ  ভয়। তেওঁলোকে আশংকা কৰে যে যদি নাৰী সঁচা অৰ্থত সবল হয় তেন্তে এই বংশবাদী দলসমূহৰ নেতৃত্ব বিপন্ন হ’ব। তেওঁলোকে কেতিয়াও নিবিচাৰে যে নিজৰ পৰিয়ালৰ বাহিৰৰ মহিলাসকলে  আগবাঢ়ি যাওক। আজি যেতিয়া লাখ লাখ মহিলাই—যিসকলে ইতিমধ্যে পঞ্চায়ত আৰু স্থানীয় সংস্থাসমূহত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে তেওঁলোকে আগুৱাই যোৱাটো এনে দলে নিবিচাৰে।

মোৰ প্ৰিয় দেশবাসীসকল,

কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰসকলে অবিৰতভাৱে—অদম্যভাৱে—সীমা নিৰ্ধাৰণ  সম্পৰ্কে মিছা প্ৰচাৰ চলাই  আহিছে। এই অজুহাতত তেওঁলোকে বিভাজনৰ জুই জ্বলাব বিচাৰিছে। কাৰণ কংগ্ৰেছে "বিভাজন আৰু শাসন"ৰ ৰাজনীতি পোনপটীয়াকৈ ইংৰাজৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে।  আজিও কংগ্ৰেছে এই কৌশলৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে। কংগ্ৰেছে সদায় দেশৰ ভিতৰত বিভাজনৰ সৃষ্টি কৰা আবেগক  আধাৰ  কৰি আহিছে। ফলস্বৰূপে সীমা নিৰ্ধাৰণে— সমষ্টিৰ পুনৰ অংকন কৰিলে— কিছুমান ৰাজ্যৰ ক্ষতি হ’ব বুলি মিছা কথা প্ৰচাৰ কৰিছে! তথাপিও চৰকাৰে প্ৰথম দিনাৰ পৰাই স্পষ্ট কৰি দিছে যে কোনো ৰাজ্যৰ আনুপাতিক অংশও সলনি নহ’ব, কোনো ৰাজ্যৰ প্ৰতিনিধিত্বও হ্ৰাস নহ’ব। ইয়াৰ বিপৰীতে সকলো ৰাজ্যৰ আসনৰ সংখ্যা সমান অনুপাতত বৃদ্ধি পাব। তথাপিও কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টিৰ দৰে দলসমূহে এই তথ্য মানি ল’বলৈ অনিচ্ছুক হৈয়েই  থাকিল।

বন্ধুসকল,

এই সংশোধনী বিধেয়কখনে সকলো দল আৰু সকলো ৰাজ্যৰ বাবে একেদৰেই এক সুযোগৰ কথাই উপস্থাপন কৰিছিল। এই বিধেয়কখন গৃহীত হোৱা হ’লে প্ৰতিখন ৰাজ্যৰ বাবে আসনৰ সংখ্যা বৃদ্ধি পালেহেঁতেন— সেয়া তামিলনাডু, বংগ, উত্তৰ প্ৰদেশ , কেৰালাই  হওক—আসনৰ সংখ্যা নিশ্চিতভাবে  বৃদ্ধি পালেহেঁতেন। কিন্তু  স্বাৰ্থপৰ ৰাজনীতিৰ দ্বাৰা পৰিচালিত এই দলসমূহে নিজৰ ৰাজ্যৰ জনসাধাৰণকো বিশ্বাসঘাতকতা কৰিছে। উদাহৰণস্বৰূপে, ডি এম কেই অধিক তামিল ব্যক্তিক সাংসদ আৰু বিধায়ক হিচাপে নিৰ্বাচিত কৰাত সহায় কৰাৰ সুযোগ পাইছিল, যাৰ ফলত তামিলনাডুৰ কণ্ঠ বৃদ্ধি পালেহেঁতেন! তথাপিও তেওঁলোকে সেই সুযোগৰ অপচয় কৰিলে। টিএমচিয়েও বংগবাসীৰ স্বাৰ্থ আগুৱাই নিয়াৰ সুযোগ পাইছিল; কিন্তু টিএমচিয়েও সেই সুযোগ হাতৰ পৰা এৰাই  যাবলৈ দিলে। সমাজবাদী পাৰ্টিয়েও নিজৰ নাৰী বিৰোধী ভাবমূৰ্তিৰ লগত জড়িত কলংক মোচন  কৰাৰ সুযোগ পাইছিল; কিন্তু এছ পিয়েও এই মুহূৰ্তটো গ্ৰহণ কৰাত ব্যৰ্থ হ’ল। সমাজবাদী পাৰ্টিয়ে যিকোনো ক্ষেত্ৰতে ইতিমধ্যে লোহিয়া-জীৰ আদৰ্শ পাহৰি গৈছে। নাৰী শক্তি বন্দনৰ সংশোধনীৰ বিৰোধিতা কৰি এছ পিয়ে লোহিয়া-জীৰ প্ৰতিটো সপোন ভৰিৰে গচকিছে। উত্তৰ প্ৰদেশৰ মহিলাসকলে—আৰু সঁচাকৈয়ে সমগ্ৰ দেশৰ মহিলাসকলে কেতিয়াও পাহৰিব নোৱাৰিব যে সমাজবাদী পাৰ্টিয়ে মহিলা সংৰক্ষণৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে  থিয় দিছে।

বন্ধুসকল,

মহিলা সংৰক্ষণৰ বিৰোধিতা কৰি কংগ্ৰেছে পুনৰবাৰ এটা মৌলিক সত্য প্ৰমাণ কৰিলে যে কংগ্ৰেছ সংস্কাৰ বিৰোধী দল। একবিংশ শতিকাৰ উন্নত ভাৰতৰ বাবে—যি সিদ্ধান্ত বা সংস্কাৰ প্ৰয়োজনীয় বুলি ধৰা হয় আৰু দেশে যি সিদ্ধান্ত গ্ৰহণ কৰে— কংগ্ৰেছে সেই সকলোবোৰৰ বিৰোধিতা কৰে, সেইবোৰক সম্পূৰ্ণৰূপে নাকচ কৰে আৰু সেইবোৰৰ কাৰ্যকৰীকৰণত সক্ৰিয়ভাৱে বাধাৰ সৃষ্টি কৰে। ইয়াৰ দ্বাৰা কংগ্ৰেছৰ ইতিহাস সৃষ্টি কৰিছে আৰু নিজৰ নেতিবাচক ৰাজনীতিৰ স্বৰূপ উদঙাই দিছে।

বন্ধুসকল,

এই একেটা কংগ্ৰেছ দলেই  জন ধন, আধাৰ আৰু মোবাইল সংযোগৰ "ত্ৰিশক্তি" (ত্ৰিগুণ শক্তি)ৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছে ডিজিটেল পেমেণ্টৰ বিৰোধিতা কৰিছিল; কংগ্ৰেছে জি এছ টিৰ বিৰোধিতা কৰিছিল; কংগ্ৰেছে সাধাৰণ শ্ৰেণীৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল আৰু কংগ্ৰেছে তিনি তালাকৰ বিৰুদ্ধে প্ৰণয়ন কৰা আইনৰ  বিৰোধিতা কৰিছিল। আনকি কংগ্ৰেছে ৩৭০ নং অনুচ্ছেদ বাতিলৰ বিৰোধিতা কৰিছিল।কংগ্ৰেছে আনকি ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ বিৰোধিতা কৰিছে— যিটো ব্যৱস্থা আমাৰ সংবিধান আৰু আমাৰ আদালতে ধাৰাবাহিকভাৱে অপৰিহাৰ্য বুলি দৃঢ়তাৰে মত পোষণ কৰি আহিছে। "সংস্কাৰ" শব্দটো উল্লেখ কৰিলেই কংগ্ৰেছে  প্ৰতিবাদৰ প্লেকাৰ্ড জোকাৰি লৰালৰিকৈ ওলাই আহে। দেশক শক্তিশালী কৰাৰ কাম কৰা যিকোনো পদক্ষেপৰ বিৰুদ্ধে কংগ্ৰেছে নিজৰ সমগ্ৰ শক্তি ব্যয় কৰে। কংগ্ৰেছে "এক দেশ, এক নিৰ্বাচন" ধাৰণাটোৰ বিৰোধিতা কৰে; দলটোৱে  অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা প্ৰচেষ্টাৰ বিৰোধিতা কৰে; ই ভোটাৰৰ তালিকা সংশোধন  কৰাৰ বিৰোধিতা কৰে (SIR); আৰু ই ৱাকফ ব’ৰ্ডৰ ভিতৰত সংস্কাৰৰ বিৰোধিতা কৰে।

বন্ধুসকল,

কংগ্ৰেছে ইমান দূৰলৈকে গৈছিল যে আনকি কা (CAA)  শৰণাৰ্থীসকলক সুৰক্ষা প্ৰদানৰ বাবে ৰচনা কৰা আইনখনৰো বিৰোধিতা কৰিছিল। এই আইনখনৰ সন্দৰ্ভত মিছা কথা  প্ৰচাৰ কৰি আৰু উৰাবাতৰি বিয়পাই তেওঁলোকে সমগ্ৰ দেশতে অস্থিৰতাৰ সৃষ্টি কৰিছিল। মাওবাদী আৰু নক্সালবাদীৰ হিংসা নিৰ্মূলৰ বাবে দেশৰ  প্ৰচেষ্টাৰ ক্ষেত্ৰতো  কংগ্ৰেছে বাধাৰ সৃষ্টি কৰে। কংগ্ৰেছে ধাৰাবাহিকভাৱে একক আৰ্হি অনুসৰণ কৰি আহিছে: যেতিয়াই সংস্কাৰ প্ৰৱৰ্তন কৰা হয়, তেতিয়াই তেওঁলোকে মিছাৰ আশ্ৰয় লয় আৰু বিভ্ৰান্তিৰ বীজ সিঁচি দিয়ে। কংগ্ৰেছে নিৰৱচ্ছিন্নভাৱে এই নেতিবাচক দৃষ্টিভংগীৰ পথটো বাছি লৈছে , ইতিহাস ইয়াৰ সাক্ষী ।

বন্ধুসকল,

যেতিয়াই দেশৰ  বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো  প্ৰয়োজন হয়, তেতিয়াই কংগ্ৰেছ দলে সেয়া নাকচ কৰে।  কংগ্ৰেছৰ এনে  মনোভাৱৰ বাবেই ভাৰতে প্ৰকৃততে পাবলগীয়া   উন্নয়নৰ উচ্চতাত উপনীত হোৱাত ব্যৰ্থ হৈছে। স্বাধীনতাৰ সময়ত—সেই যুগত—আমাৰ কাষতে আন কেইবাখনো দেশে  স্বাধীনতা লাভ কৰিছিল। সেই দেশবোৰৰ  বেছিভাগেই তেতিয়াৰ পৰাই আমাতকৈ  বহু আগলৈ উধাই গৈছে; ইয়াৰ কাৰণ হ’ল- কংগ্ৰেছ নিষ্ক্ৰিয় হৈ থাকিল, প্ৰতিটো সংস্কাৰক স্তব্ধ কৰি পেলালে। পলম কৰা, বিভ্ৰান্ত কৰা, বাধা দিয়া—এইবোৰেই  কংগ্ৰেছৰ পথ প্ৰদৰ্শক নীতি হৈ আহিছে; এইবোৰেই  হৈছে দলটোৰ  কৰ্ম সংস্কৃতি। কংগ্ৰেছে চুবুৰীয়া দেশসমূহৰ সৈতে সীমা বিবাদক তীব্ৰতৰ হ’বলৈ  দিছিল; ই পাকিস্তানৰ সৈতে পানীৰ ভাগ-বায়োৱাৰা সম্পৰ্কীয় বিবাদ স্থগিত ৰাখিছিল; আৰু ই অবিচি সংৰক্ষণৰ সিদ্ধান্ত ৪০ বছৰ ধৰি   ওলোমাই ৰাখিছিল। তদুপৰি কংগ্ৰেছে আমাৰ জোৱানসকলৰ বাবে ‘এক ৰেংক, এক পেঞ্চন’ আঁচনি চাৰি দশক ধৰি বন্ধ কৰি ৰাখিছিল।

বন্ধুসকল,

কংগ্ৰেছৰ এই মনোভাৱে দেশৰ   ধাৰাবাহিকভাৱে অপৰিসীম ক্ষতি সাধন কৰি আহিছে। দেশখনে—আৰু সঁচাকৈয়ে ইয়াৰ নতুন প্ৰজন্মই—কংগ্ৰেছে  কৰা প্ৰতিটো বিৰোধিতাৰ কাৰ্য্য, অনিৰ্ণয়ৰ প্ৰতিটো দৃষ্টান্ত আৰু প্ৰতিটো প্ৰতাৰণামূলক কৌশলৰ বোজা বহন কৰিবলগীয়া হৈছে। আজি দেশৰ সন্মুখত থকা প্ৰতিটো ডাঙৰ প্ৰত্যাহ্বান পোনপটীয়াকৈ কংগ্ৰেছৰ এই মনোভাৱৰ পৰাই উদ্ভৱ হৈছে। গতিকে এয়া কেৱল এক ন্যায়সংগত যুদ্ধ নহয়; ই কংগ্ৰেছৰ সেই সংস্কাৰবাদী বিৰোধী মানসিকতাৰ বিৰুদ্ধে যুঁজ—নেতিবাচকতা আৰু নিৰাশাবাদৰ মানসিকতাৰ বিৰুদ্ধে   যুঁজ । এই  দেশৰ নাৰী-কন্যাই যে কংগ্ৰেছৰ এই মানসিকতাক  তিৰস্কাৰ কৰিব,  তাত মোৰ একেবাৰে সন্দেহ নাই।

বন্ধুসকল,

ভাৰতীয় নাৰীৰ সপোন ছিন্নভিন্ন হোৱা ঘটনাক চৰকাৰৰ ফালৰ পৰা ব্যৰ্থতা বুলি চিত্ৰিত কৰাৰ প্ৰয়াস কৰিছে একাংশই। কিন্তু এই বিষয়টো কেতিয়াও সফলতা বা বিফলতা বুলি  দাবী কৰাৰ কথা নাই। সংসদত মই কোৱাৰ দৰে: "আমাৰ জনসংখ্যাৰ আধা সংখ্যকে  নিজৰ উচিত প্ৰাপ্য লাভ কৰক আৰু মই—ব্যক্তিগতভাৱে—ইয়াৰ সমগ্ৰ কৃতিত্ব বিৰোধী দলক দিবলৈ বিজ্ঞাপন দিলোহেঁতেন ।" তথাপিও যিসকলে নাৰীক এক প্ৰাচীন, পশ্চাদপসৰণশীল মানসিকতাৰ চশমাৰে চায়, তেওঁলোকে নিজৰ মিছাৰে হঠকাৰী হৈ পৰিল — নিজৰ মিছা কথাতে  দৃঢ়তাৰে খামোচমাৰি ধৰি থাকিল !

বন্ধুসকল,

আমাৰ নাৰী শক্তি—আমাৰ মহিলাসকলৰ বাবে উচিত অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে সংগ্ৰাম দশক দশক ধৰি চলি আহিছে। বছৰ বছৰ ধৰি ময়ো  এই কাৰ্য্যৰ বাবে চেষ্টা কৰাসকলৰ ভিতৰতে আছো। অগণন মহিলাই মোৰ আগত এই বিষয়টো উত্থাপন কৰিছে। বহু ভগ্নীয়ে চিঠিৰ জৰিয়তে মোৰ লগত নিজৰ চিন্তা আৰু আবেগ প্ৰকাশ কৰিছে। মোৰ দেশৰ মাতৃ, ভগ্নী, কন্যা—মই জানো যে আজি, আপোনালোক সকলোৱে দুখী। ময়ো আপোনালোকৰ  দুখৰ অংশীদাৰ। যদিও আজি আমি বিধেয়কখন গৃহীত কৰিবলৈ প্ৰয়োজনীয় ৬৬ শতাংশ ভোট লাভ কৰিব পৰা নাই, তথাপিও জানো যে দেশৰ ১০০ শতাংশ নাৰী শক্তিৰ আশীৰ্বাদ আমাৰ লগত আছে। দেশৰ প্ৰতিগৰাকী মহিলাক মই আশ্বাস দিছো যে আমি নাৰী সংৰক্ষণৰ ক্ষেত্ৰত থকা  বাধাৰ সৃষ্টি কৰা প্ৰতিটো বাধাক  নাইকিয়া কৰিম—আমি সেইবোৰক আঁতৰাই দিম। আমাৰ মনোবল উচ্চ হৈয়েই আছে, আমাৰ সাহস অদম্য  আৰু আমাৰ সংকল্পও অদম্য। নাৰীৰ বাবে সংৰক্ষণৰ বিৰোধিতা কৰা দলসমূহে সংসদ আৰু ৰাজ্যিক বিধানসভাত দেশৰ নাৰী শক্তিৰ অংশগ্ৰহণ বৃদ্ধি কৰাত কেতিয়াও বাধা দিব নোৱাৰিব; এয়াই সময়ৰ আহ্বান । নাৰী শক্তি সবলীকৰণৰ প্ৰতি বিজেপি-এনডিএৰ দায়বদ্ধতা অটল আৰু অটুট হৈ আছে। কালি আমাৰ প্ৰয়োজনীয় সংখ্যাৰ অভাৱ আছিল যদিও তাৰ অৰ্থ এয়া  নহয় যে আমি পৰাজিত হৈছো। আমাৰ আভ্যন্তৰীণ শক্তি অজেয় হৈয়েই আছে। আমাৰ প্ৰচেষ্টা ৰুদ্ধ  নহ’ব; আমাৰ প্ৰচেষ্টাৰ লৰচৰ নহ’ব। আমাৰ সন্মুখত আৰু অধিক সুযোগ আছে  আৰু আধা সংখ্যক জনসংখ্যাৰ সপোনৰ স্বাৰ্থত—দেশৰ  ভৱিষ্যতৰ স্বাৰ্থত—আমি এই সংকল্প পূৰণ কৰাটো নিশ্চিত। সকলোকে বহুত বহুত ধন্যবাদ।

 

***

MJPS/ST/SS/DK/DM


(ৰিলিজ আই ডি : 2253437) অতিথি কক্ষ : 17