প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণৰ উল্লেখযোগ্য দিশসমূহ আগবঢ়াইছে
পোষ্ট কৰা হৈছে:
14 APR 2026 9:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ভ্ৰমণৰ উল্লেখযোগ্য দিশসমূহ আগবঢ়াইছে ।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;
“ছাহাৰানপুৰত বৃহৎ সংখ্যাত সমবেত হোৱা মোৰ বিশাল পৰিয়ালটোৰ অপৰিসীম সমৰ্থন আৰু আশীৰ্বাদে মোক নতুন শক্তিৰে ভৰাই তুলিছে।”
“ডেৰাডুনৰ বিখ্যাত জয় মা দত কালি মন্দিৰত প্ৰাৰ্থনা জনাই আশীৰ্বাদ বিচৰাৰ সৌভাগ্য লাভ কৰিলোঁ। মোৰ সকলো দেশবাসীৰ সুখ, সমৃদ্ধি, সুস্বাস্থ্যৰ বাবে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।”
‘উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰৰ কাষে কাষে নিৰ্মাণ কৰা বন্যপ্ৰাণী উচ্চ কৰিড’ৰ পৰিদৰ্শন কৰাৰ সুযোগ পালো।এই পদক্ষেপে বন্যপ্ৰাণীৰ নিৰ্বিঘ্নে চলাচল নিশ্চিত কৰাই নহয়, পৰ্যটন আৰু বাণিজ্যৰ বাবেও নতুন পথৰ সৃষ্টি কৰিব।”
“উত্তৰাখণ্ডত—ডেৰাডুনত—মোৰ ভাই-ভনীসকলে প্ৰদৰ্শন কৰা অভূতপূৰ্ব উদ্যম আৰু উৎসাহে স্পষ্টভাৱে প্ৰমাণ কৰে যে ‘ডাবল ইঞ্জিন’ চৰকাৰে আৰম্ভ কৰা দ্ৰুত উন্নয়নত তেওঁলোক কিমান আনন্দিত হৈছে।”
“ডেৰাডুনত অনুষ্ঠিত অনুষ্ঠানত ৰাইজৰ বিপুল উৎসাহ আৰু উচ্ছলতাই মোক আপ্লুত কৰিছে।”
***
MJPS/ST/DM
(ৰিলিজ আই ডি : 2252067)
অতিথি কক্ষ : 7