তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
যোৱা পাঁচটা বছৰত ৪৮টা গোচৰ সংক্ৰান্তত ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰেছ কাউন্সিল-য়ে; পঞ্চদশ কাউন্সিল-ৰ বাবে অধিসূচিত কৰা হৈছে ১৪ গৰাকী সদস্যৰ নাম
পোষ্ট কৰা হৈছে:
27 MAR 2026 4:40PM by PIB Guwahati
২০২৬ চনৰ জানুৱাৰী মাহ পৰ্যন্ত ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া’-ৰ বিচাৰাধীন হৈ থকা মুঠ অভিযোগৰ সংখ্যা, তথা এবছৰ, দুবছৰ আৰু ৫ বছৰৰ অধিক সময় ধৰি বিচাৰাধীন হৈ থকা গোচৰৰ সংখ্যা তলত উল্লেখ কৰা হৈছে:
|
সময়কাল
|
পিচিআই-ৰ ওচৰত বিচাৰাধীন অভিযোগৰ সংখ্যা
|
|
১-২ বছৰ
|
৪৬৩
|
|
২-৫ বছৰ
|
৩০১
|
|
>৫ বছৰ
|
৩১৩
|
|
মুঠ
|
১০৭৭
|
যোৱা পাঁচ বছৰত (২০২০-২১ চনৰ পৰা ২০২৪-২৫ চন পৰ্যন্ত) কাউন্সিল-য়ে ৪৮টা ক্ষেত্ৰত অপৰাধীক ‘নিন্দা’ বা ‘পৰামৰ্শ’ দিয়াৰ ক্ষমতা প্ৰয়োগ কৰিছিল।
প্ৰেছ কাউন্সিল ইণ্ডিয়া-ত এগৰাকী অধ্যক্ষ আৰু ২৮ গৰাকী সদস্য থাকে। ২৮ গৰাকী সদস্যৰ ভিতৰত পঞ্চদশ কাউন্সিল-ৰ ১৪ গৰাকী সদস্যৰ নাম ১৯.১২.২০২৪ আৰু ০২.১২.২০২৫ তাৰিখৰ অধিসূচনাৰ জৰিয়তে অধিসূচিত কৰা হৈছে। প্ৰেছ কাউন্সিল (সভা আৰু কাৰ্য পৰিচালনাৰ পদ্ধতি) নিয়মাৱলী, ১৯৭৯ৰ নিয়ম ৪ অনুসৰি পৰিষদৰ সভাৰ থূলৰ বাবে ১১ গৰাকী সদস্যৰ উপস্থিতি জৰুৰী হয়।
এই তথ্য আজি ৰাজ্যসভাত শ্ৰী সকেট গোখলেই সোধা প্ৰশ্নৰ উত্তৰত দাখিল কৰে তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগনে।
***
Mahesh Kumar/ Vivek Vishwash/KB
(ৰিলিজ আই ডি : 2246360)
অতিথি কক্ষ : 10