প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মা মহাগৌৰীৰ আশীৰ্বাদ বিচাৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 26 MAR 2026 8:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা মহাগৌৰীৰ আশীৰ্বাদ বিচাৰিছে আৰু তেওঁৰ পৱিত্ৰ চৰণত প্ৰণিপাত জনাইছে। তেওঁৰ ঐশ্বৰিক প্ৰভাৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক বুলি তেওঁ প্ৰাৰ্থনা কৰে ।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰিছে-

“श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः। महागौरी शुभं दद्यान्महादेवप्रमोददा॥”

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

"মা মহাগৌৰীৰ চৰণত কোটি কোটি প্ৰণাম! তেওঁৰ ঐশ্বৰিক আভা সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি আৰু সুস্থতা কঢ়িয়াই আনক।

श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः।

महागौरी शुभं दद्यान्महादेवप्रमोददा॥”

"মা অম্বেৰ ওপৰত ভক্তসকলৰ অপাৰ বিশ্বাস আছে। মাতৃৰ প্ৰতি থকা এই শ্ৰদ্ধা আৰু ভক্তিয়ে কেতিয়াও তেওঁলোকৰ মনোবল হ্ৰাস হ’বলৈ নিদিয়ে।"

 

 

****

MJPS/ST/HS


(ৰিলিজ আই ডি : 2245587) অতিথি কক্ষ : 6