কেবিনেট
কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়
ভাৰতে ২০০৫ চনৰ স্তৰৰ পৰা ২০৩৫ চনৰ ভিতৰত নিজৰ জিডিপিৰ নিৰ্গমনৰ তীব্ৰতা ৪৭ শতাংশ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে
ভাৰতে ২০৩৫ চনৰ ভিতৰত অজীৱাশ্ম ইন্ধন ভিত্তিক শক্তি সম্পদৰ পৰা ৬০ শতাংশ সঞ্চিত বৈদ্যুতিক শক্তিৰ ক্ষমতা লাভ কৰিব
২০০৫ চনৰ স্তৰৰ তুলনাত ২০৩৫ চনৰ ভিতৰত বনাঞ্চল আৰু গছৰ আৱৰণৰ বৃদ্ধি কৰি ভাৰতে ৩.৫ৰ পৰা ৪.০ বিলিয়ন টন কাৰ্বন হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে
ভাৰতে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰত @২০৪৭ৰ লক্ষ্যত উপনীত হব বিচাৰিছে
পোষ্ট কৰা হৈছে:
25 MAR 2026 5:35PM by PIB Guwahati
ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।
প্ৰাথমিক কৃতিত্বৰ পৰা উচ্চ অভিলাসলৈ:
ইতিবাচক জলবায়ু কাৰ্য্যকলাপৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিক সাৰোগত ভাৰতে সময়ে সময়ে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ দিশত আকাংক্ষা প্ৰতিফলিত কৰি আহিছে । ২০২২ চনত আপডেট কৰাৰ পিছত এতিয়া দেশ খনে ২০৩১-৩৫ চনৰ বাবে নিজৰ লক্ষ্য ঘোষণা কৰিছে, যিয়ে ২০৭০ চনৰ ভিতৰত নেট-জিৰ’ৰ লক্ষ্য লাভ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাবে ২০৩০ চনৰ ভিতৰত জিডিপিৰ নিৰ্গমনৰ তীব্ৰতা ৩৩–৩৫% হ্ৰাস আৰু অজীৱাশ্ম সম্পদ ভিত্তিক বিদ্যুৎ শক্তি স্থাপন ক্ষমতাৰ ৪০% কৰাৰ লক্ষ্যৰে ২০১৫ চনতে এক শক্তিশালী ভেটি স্থাপন কৰিছে। যি প্ৰতিশ্ৰুতি সময়সীমাৰ ১১ বছৰ আৰু ৯ বছৰ আগতে পূৰণ কৰাৰ ক্ষেত্ৰত দেশখনে অগ্ৰগতি লাভ কৰিছে।
২০০৫ চনৰ পৰা ২০২০ চনলৈকে আমাৰ নিৰ্গমনৰ তীব্ৰতা ৩৬% হ্ৰাস পাইছে আৰু এতিয়া ২০৩৫ চনৰ ভিতৰত লাভ কৰিবলগীয়া লক্ষ্য ৪৭% লৈ বৃদ্ধি কৰা হৈছে । বনাঞ্চল আৰু গছৰ আৱৰণ বৃদ্ধিৰ জৰিয়তে অতিৰিক্ত কাৰ্বন হ্ৰাস কৰিবলৈ এনডিচিয়ে অধিক আগবাঢ়িছে। ভাৰতে ইতিমধ্যে ২০২১ চনৰ ভিতৰত ২.২৯ বিলিয়ন টন কাৰ্বন বনানীকৰণ আৰু পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰে হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপে গ্ৰাম্য জীৱিকাৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে ভাৰতৰ কাৰ্বন হ্ৰাসৰ লক্ষ্যৰ দিশত অৰিহণা যোগাই আহিছে। আমাৰ বনানীকৰণৰ প্ৰচেষ্টাক খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ দৰে স্বতন্ত্ৰ সংস্থাই যথাযথভাৱে স্বীকাৰ কৰিছে । যিয়ে ভাৰতক বনাঞ্চলৰ পৰা হোৱা লাভৰ ক্ষেত্ৰত তৃতীয় স্থান দিছে। এক কথাত ভাৰতে জিডিপি বৃদ্ধিৰ হাৰ উচ্চ বজাই ৰাখিলেও অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞানৰ মাজত ভাৰসাম্য বজাই ৰাখিছে। এতিয়া বনাঞ্চল আৰু গছৰ আৱৰণ বৃদ্ধিৰ জৰিয়তে কাৰ্বন হ্ৰাসৰ আকাংক্ষাক আৰু অধিক দৃঢ় কৰি ২০০৫ চনৰ স্তৰৰ পৰা ২০৩৫ চনৰ ভিতৰত ৩.৫-৪.০ বিলিয়ন টন কাৰ্বন হ্ৰাসৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ।
ভাৰতৰ জলবায়ু ব্যৱস্থা স্থায়ী আৰু অভিলাষী হৈ আহিছে আৰু ইয়াৰ ট্ৰেক ৰেকৰ্ডে আমাৰ লক্ষ্যসমূহ পূৰণ হোৱাৰ কথাই প্ৰতিফলিত কৰিছে।
স্বচ্ছ শক্তি আৰু সেউজ বৃদ্ধিক ত্বৰান্বিত কৰা
ভাৰতৰ জলবায়ু কৌশল বৃহৎ পৰিসৰৰ নবীকৰণযোগ্য শক্তি সম্প্ৰসাৰণ, বেটাৰী সংৰক্ষণ ব্যৱস্থা আৰু সেউজ শক্তি কৰিডৰ, স্বচ্ছ উৎপাদন, সমগ্ৰ দেশতে নিৰ্ভৰযোগ্য আৰু বহনক্ষম আন্তঃগাঁথনি নিশ্চিত কৰাকে ধৰি একাধিক ব্যৱস্থাৰ জৰিয়তে জলবায়ু সম্পৰ্কীয় প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ কৰি থকা হৈছে।
ইয়াৰ উপৰি ই প্ৰতিষ্ঠানিক ক্ষমতা, উদ্ভাৱন পৰিৱেশ তন্ত্ৰ, আৰু স্থানীয় পৰ্যায়ৰ অভিযোজন ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। যাতে জলবায়ুৰ বিষয়সমূহ বিভিন্ন আঁচনিৰ জৰিয়তে অৰ্থনীতিৰ মূল খণ্ডসমূহৰ মাজেৰে একত্ৰিত কৰিব পাৰি। গ্ৰীণ হাইড্ৰ’জেন মিছন, পি এম সূৰ্য্য ঘৰ: মফ্ট বিজলী যোজনা; প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই) আঁচনি, পিএম-কুসুম (প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা এভম উত্তৰ মহাভিয়ান); কাৰ্বন ধৰা, ব্যৱহাৰ আৰু সংৰক্ষণ (CCUS) আদি গ্ৰহণ কৰা হৈছে।ইয়াৰ উপৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (আই এছ এ), ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চি ডি আৰ আই), গ্ল’বেল বায়’-ফুৱেল এলায়েন্স (জি বি এ) আৰু লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰেঞ্জিচন (লিড-আই টি) আদি পদক্ষেপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশীদাৰিত্ব গঢ়ি তুলি ইতিবাচকভাবে জলবায়ু কাৰ্য্যসূচী গ্ৰহণ কৰি আছে।
জলবায়ুৰ অভিযোজন বৃদ্ধি কৰা
ভাৰতৰ জলবায়ু পদ্ধতি প্ৰশমন কাৰ্য্যৰ বাহিৰলৈও বিস্তৃত আৰু অভিযোজন কাৰ্য্যৰ বৃদ্ধিৰ বিষয়তো ই গুৰুত্ব আৰোপ কৰে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ইতিমধ্যে অনুভৱ কৰা হৈছে বুলি স্বীকাৰ কৰি ভাৰতে ইয়াৰ অৰ্থনীতিৰ সৈতে অভিযোজন ঘটোৱা তথা দুৰ্যোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। অভিযোজনৰ লক্ষ্যত উপনীত হোৱাৰ দিশত কিছুমান মূল ব্যৱস্থা হ’ল মেংগ্ৰোভ পুনৰুদ্ধাৰ, উপকূলীয় নিয়ন্ত্ৰণ আৰু জলবায়ু-স্থিতিস্থাপক আন্তঃগাঁথনিৰ জৰিয়তে দুৰ্বল উপকূলৰ সুৰক্ষা; ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ আগতীয়া সতৰ্কবাণী প্ৰদানৰ ব্যৱস্থা; হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহত হিমবাহ নিৰীক্ষণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম জীৱিকাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা কাৰ্যসূচী; ভূমিস্খলন আৰু হিমবাহৰ হ্ৰদৰ বিস্ফোৰণৰ বানপানীৰ পৰা হোৱা বিপদসমূহ মোকাবিলা কৰিবলৈ জলবায়ু-স্থিতিস্থাপক আন্তঃগাঁথনি আৰু সমগ্ৰ ৰাজ্যতে তাপ কাৰ্য্য পৰিকল্পনা ৰূপায়ণ; সম্প্ৰদায়ভিত্তিক দুৰ্যোগৰ বাবে প্ৰস্তুতি আৰু স্থিতিস্থাপকতা কাৰ্যসূচী আদি গ্ৰহণ কৰা হৈছে।
এনেবোৰ পদক্ষেপ জলবায়ু কাৰ্য্যৰ কাঠামোৰ অধীনত ভাৰতৰ এনডিচি জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনা (এনএপিচিচি) আৰু ইয়াৰ নটা ৰাষ্ট্ৰীয় অভিযানৰ লগতে জলবায়ু পৰিৱৰ্তন বিষয়ক ৰাজ্যিক কাৰ্য্য পৰিকল্পনা (এছএপিচিচি)ৰ জৰিয়তে কাৰ্যকৰী কৰা হৈছে। জলবায়ু-স্থিতিস্থাপক আৰু কম কাৰ্বন নিৰ্গমনৰ বাবে এক সমন্বিত পদ্ধতি নিশ্চিত কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ আগুৱাই নিয়া হৈছে।
ভাৰতৰ জলবায়ু ব্যৱস্থাৰে জড়িত বিভিন্ন আঁচনি আৰু কাৰ্যসূচী যেনে জল জীৱন মিছন, নেশ্যনেল মিছন অন ছাষ্টেইনেবল এগ্ৰিকালচাৰ, বহনক্ষম বাসস্থান, মিষ্টি (Mangrove Initiative for Shoreline Habitats & Tangible Incomes), ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা, মাটিৰ স্বাস্থ্য কাৰ্ড আৰু প্ৰধানমন্ত্ৰী কৃষি সঞ্চায়ী যোজনা (PMKSY), ইত্যাদিৰ জৰিয়তে স্থানীয় পৰ্যায়ত এনেবোৰ পদক্ষেপ ৰূপায়ণ কৰা হৈছে।
জনকেন্দ্ৰিক পদ্ধতি
ভাৰতৰ জলবায়ু প্ৰচেষ্টাসমূহ “পৰিৱেশৰ বাবে জীৱনশৈলী (LiFE)” নীতিৰ ওপৰত আধাৰিত। যিয়ে বহনক্ষম জীৱন-যাপনক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিছে । বৃক্ষৰোপণক জনতাই ৰূপায়ণ কৰা কাৰ্যসূচী হিচাবে ‘এক পেড় মা কে নাম’ৰ দৰে পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে।
এনডিচিৰ দৃষ্টিভংগী (২০৩১-৩৫)
২০৩১–২০৩৫ চনৰ বাবে ভাৰতৰ এনডিচিৰ সৈতে চৰকাৰে পেৰিছ চুক্তিৰ উদ্দেশ্য আৰু দীৰ্ঘম্যাদী লক্ষ্যৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় বাস্তৱতা, উন্নয়নমূলক অগ্ৰাধিকাৰ, শক্তি সুৰক্ষা আৰু জলবায়ু কাৰ্য্যক অগ্ৰাধিকাৰ দিছে। এই লক্ষ্যৰে গ্ল’বেল ষ্টকটেক (জিএছটি), চিবিডিআৰ-আৰচিৰ দৰে নীতি মানি চলা হৈছে।
ভাৰতৰ জলবায়ুৰ প্ৰতিশ্ৰুতিসমূহ নিটি আয়োগৰ দহটা কৰ্মগোটৰ দ্বাৰা প্ৰদান কৰা ব্যাপক পৰামৰ্শ আৰু অধ্যয়নৰ ফল। এই দহটা গোট কেন্দ্ৰীয় মন্ত্ৰালয়, ডমেইন বিশেষজ্ঞ, উদ্যোগ সংস্থা, আৰু নাগৰিক সমাজৰ সংস্থা আদিৰে গঠিত । শক্তি, উদ্যোগ, পৰিবহণ, কৃষি, পানী, আৰু নগৰ উন্নয়নৰ আদি খণ্ড-নিৰ্দিষ্ট তথ্যসমূহ মূল্যায়ন কৰি সেয়া গ্ৰহণ কৰা হৈছে। যাতে সংশোধিত লক্ষ্যসমূহ অভিলাষী, সাধনযোগ্য আৰু ঘৰুৱা সামৰ্থ্যৰ ভিতৰতে থাকে। এই প্ৰক্ৰিয়াই জলবায়ুৰ লক্ষ্যৰ সৈতে ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰসমূহক একাকাৰ কৰি চৰকাৰ আৰু সমাজৰ দৃষ্টিভংগী নিশ্চিত কৰিছে। পৰামৰ্শমূলক পদ্ধতিয়ে ভাৰতৰ সৰ্বাংগীন আৰু অংশগ্ৰহণমূলক জলবায়ু নীতি নিৰ্ধাৰণৰ প্ৰতি দায়বদ্ধতাৰ কথাকেই প্ৰতিফলিত কৰিছে । লগতে ই বৃদ্ধি, জীৱিকা, আৰু শক্তি আৰু খাদ্য সুৰক্ষা সুৰক্ষিত কৰিছে।
ভাৰতৰ একেৰাহে জলবায়ু প্ৰতিশ্ৰুতিয়ে যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোক সেউজ পৰিৱৰ্তনৰ মূল অংশীদাৰ হৈ পৰিব।
শক্তিশালী নীতিগত দিশ, প্ৰযুক্তিগত উদ্ভাৱন, আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে ভাৰতে প্ৰমাণ কৰি আহিছে যে অৰ্থনৈতিক বৃদ্ধি আৰু পৰিৱেশৰ দায়বদ্ধতা একেলগে চলিব পাৰে।
২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদানৰ অনুমোদন কেবিনেটে কম কাৰ্বনযুক্ত, জলবায়ু স্থিতিস্থাপক ভৱিষ্যতৰ দিশত ভাৰতৰ যাত্ৰাৰ এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে, যিয়ে জলবায়ু কাৰ্য্যত বিশ্বব্যাপী নেতা হিচাপে ভাৰতৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিছে।
*****
MJPS/DM
(ৰিলিজ আই ডি : 2245366)
অতিথি কক্ষ : 13