উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
এনইএছআইডিএছ-অটিআৰআই
পোষ্ট কৰা হৈছে:
25 MAR 2026 3:32PM by PIB Guwahati
মেঘালয়ৰ শ্বিলং–নংষ্ট’ইন–টুৰা ৰোড কৰিডৰৰ উন্নয়ণ তথা বহলীকৰণৰ ফলত বৰ্তমানৰ নিম্ন স্তৰীয় খণ্ডসমূহক ১০৬ আৰু ১২৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশৰ কাষেৰে পকী কান্ধযুক্ত দুটা লেনবিশিষ্ট যান-বাহণ চলাচল কৰিব পৰা পথলৈ উন্নীত কৰাত যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে কৰিড’ৰটো সৰু গাড়ী যাব পৰা পথ, তীব্ৰ বক্ৰতাযুক্ত, ঠেক ঢাল আৰু সৰু দলং সংলগ্ন আছিল, যাৰ ফলত সঘনাই যানজঁট আৰু যান-বাহনৰ লেহেমীয়া গতিবিধিপূৰ্ণ হৈছিল। পথটো বহল কৰাৰ লগতে জ্যামিতিক আৰ্হিৰে কৰা উন্নয়ণৰ লগে লগে এতিয়া বাহনসমূহে দুয়োটা দিশতে মসৃণভাৱে গতি কৰিব পৰা হৈছে, যাৰ ফলত গড় যাত্ৰাৰ গতি বৃদ্ধি পাইছে।
‘উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি - পথ আন্তঃগাঁথনি ব্যতিৰেক’(NESIDS-OTRI)-ৰ অধীনত “মিজোৰামৰ থেনজাউলত হেলিপ’ৰ্ট আৰু হেলিপেড উন্নয়ন” প্ৰকল্পটো ১৩.১০.২০২৫ তাৰিখে ১২.০০ কোটি টকা ব্যয় সাপেক্ষে অনুমোদন জনোৱা হয়। মিজোৰামৰ ৰাজ্য চৰকাৰে কাৰ্যকৰী সংস্থা নিৰ্বাচনৰ বাবে উক্ত প্ৰকল্পটো সন্দৰ্ভত নিবিদা জাৰি কৰিছে।
পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ১৪ আগষ্ট, ২০২৫ তাৰিখে ‘কণ্ঠস্বৰৰ পৰা পাঠলৈ সভাৰ সাৰাংশ কৰণ AI-সক্ষম উপকৰণ- ‘সভাসাৰ’ মুকলি কৰে। ত্ৰিপুৰাকে ধৰি অন্যান্য সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে সভাসাৰ উপলব্ধ কৰা হৈছে আৰু গাঁও পঞ্চায়তসমূহে নিয়মীয়া গাঁওসভা আৰু পঞ্চায়ত সভাসমূহৰ বাবে ক্ৰমাগতভাৱে এই উপকৰণ গ্ৰহণ কৰিছে।
পৰীক্ষামূলক প্ৰকল্প ৰূপায়ণৰ অংশ হিচাপে ত্ৰিপুৰাৰ সকলো ১,১৯৪ খন গাঁও পঞ্চায়তকে ২০২৫ চনৰ ১৫ আগষ্টত বিশেষ গাঁও সভাৰ বাবে এই উপকৰণ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছিল, আৰু সেইদিনা ১,০৪৭ খন গাঁও পঞ্চায়তে সফলভাৱে ‘সভাসাৰ’ ব্যৱহাৰ কৰিছিল।
উত্তৰ পূৰ্বাঞ্চলত মন্ত্ৰালয়ে অনুমোদন জনোৱা প্ৰকল্পসমূহৰ নিৰীক্ষণ আৰু সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাৰ বাবে ড’নাৰ মন্ত্ৰালয়ে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ড’নাৰ মন্ত্ৰালয়ৰ প্ৰকল্পসমূহৰ ডাটাবেছ ৰক্ষণাবেক্ষণ আৰু আপডেট কৰিবলৈ, অন্যান্য বিষয়ৰ লগতে, পথ প্ৰকল্পসমূহকে ধৰি, নিয়মীয়া অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ আৰু প্ৰকল্পসমূহৰ নিষ্পাদন সন্দৰ্ভত মন্ত্ৰালয়ক মতামত প্ৰদান কৰিবলৈ ড’নাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ আটাইকেইখনতে ক্ষেত্ৰ পৰ্যায়ৰ কাৰিকৰী সহায়ক গোট (এফটিএছইউ)ক ৰাজ্যিক পৰিকল্পনা বিভাগ তথা প্ৰকল্প ৰূপায়ণ সংস্থাসমূহৰ সৈতে মত বিনিময় কৰিবলৈ নিয়োজিত কৰিছে। এফ টি এছ ইউসমূহে ড’নাৰ মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ অন্যান্য বিষয়সমূহৰ লগতে, পথ প্ৰকল্পসমূহকে ধৰি ক্ষেত্ৰ পৰিদৰ্শনো কৰে।
তদুপৰি, প্ৰকল্পসমূহ সময়ে সময়ে ড’নাৰ মন্ত্ৰালয় আৰু উত্তৰ-পূব পৰিষদ (এনইচি)ৰ বিষয়াসকলে নিৰীক্ষণ আৰু পৰিদৰ্শন কৰে। প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। ড’নাৰ মন্ত্ৰালয়ৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ প্ৰকল্পৰ গুণগত মান নিৰীক্ষক/তৃতীয় পক্ষৰ কাৰিকৰী পৰিদৰ্শন সংস্থা (পিকিউএম/টিপিটিআই) নিয়োজনৰ বিধি প্ৰৱৰ্তন কৰা হৈছে।
এই তথ্য আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে প্ৰদান কৰে।
*****
PS/KB
(ৰিলিজ আই ডি : 2245229)
অতিথি কক্ষ : 15