প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মা কালৰাত্ৰিৰ আশীৰ্বাদ বিচাৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

পোষ্ট কৰা হৈছে: 25 MAR 2026 9:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা কালৰাত্ৰিৰ আশীৰ্বাদ বিচাৰি সকলোৰে জীৱন মাৰ সাহস, সংকল্প আৰু সফলতাৰে সমৃদ্ধ হোৱাৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেৱীৰ উপাসনাই ভক্তসকলৰ মন নতুন আত্মবিশ্বাস আৰু নতুন শক্তিৰ ভাবে ভৰাই তোলে।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰে-

“वामपादोल्लसल्लोहलताकण्टकभूषणा। वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी॥”

প্ৰধানমন্ত্ৰীয়ে দেৱীৰ প্ৰশংসা কৰি এটা আবৃত্তিও শ্বেয়াৰ কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

‘মা কালৰাত্ৰীক সেৱা জনাইছো! তেওঁৰ আশীৰ্বাদৰ দ্বাৰা সকলোৰে জীৱন সাহস, সংকল্প আৰু সফলতাৰে সমৃদ্ধ হোৱাটো কামনা কৰো।’

वामपादोल्लसल्लोहलताकण्टकभूषणा।

वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी॥”

‘দেৱী মাতৃৰ প্ৰাৰ্থনাই ভক্তসকলৰ মাজত নতুন আত্মবিশ্বাস সৃষ্টি কৰে। তেওঁৰ সাধনাই সকলোকে নতুন শক্তিৰে ভৰাই তোলে।’

******

MJPS/ST/NB


(ৰিলিজ আই ডি : 2244864) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Bengali , Gujarati , Kannada