প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিমবংগৰ কলকাতাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত আগবঢ়োৱা ভাষণৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

পোষ্ট কৰা হৈছে: 15 MAR 2026 9:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাত ১৮,০০০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানৰ আভাস শ্বেয়াৰ কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা হৈছে।

এক্সৰ এলানি টুইটত শ্ৰী মোদীয়ে কয়ঃ

"আমাৰ দেশজোৰা ৰে'ল আধুনিকীকৰণ অভিযানত যাতে পশ্চিমবংগ পিছ পৰি নাথাকে তাৰ বাবে আমি ইয়াৰ ৰে'ল আন্তঃগাঁথনি দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিছো। ৬টা অমৃত ভাৰত ষ্টেচন উদ্বোধন আৰু পুৰুলীয়া আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত এখন নতুন এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভণি এই দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ।"

"আজি কলকাতাত স্থাপন আৰু উদ্বোধন কৰা বন্দৰ আন্তঃগাঁথনি প্ৰকল্পই কেৱল সামগ্ৰী পৰিবহণ কাৰ্য্যকলাপ ত্বৰান্বিত কৰাই নহয়, বন্দৰৰ ক্ষমতাও সম্প্ৰসাৰণ কৰি নতুন ব্যৱসায়িক সুযোগ সৃষ্টি কৰিব।"

"কলকাতাৰ উন্নয়নমূলক কাৰ্যসূচীসমূহক লৈ পশ্চিমবংগৰ জনসাধাৰণৰ উৎসাহ দেখি অভিভূত হৈছো।"

 

***

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2240408) অতিথি কক্ষ : 5