প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অসমৰ শিলচৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আভাস এনেদৰে প্ৰধানমন্ত্ৰীয়ে আগবঢ়াইছে
পোষ্ট কৰা হৈছে:
14 MAR 2026 4:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানৰ আভাস দাঙি ধৰে । সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক বিশেষ অভিজ্ঞতা।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়
“আজি ভূমি পূজন অনুষ্ঠান সম্পাদন কৰা শিলচৰ-শিলচৰ হাই-স্পীড কৰিড’ৰে শিলচৰক মিজোৰাম, মণিপুৰ, আৰু ত্ৰিপুৰাৰ সৈতে সংযোগ কৰিব।ইয়াৰ দ্বাৰা অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ কৃষক ভাই-ভনীসকলো উপকৃত হ’ব।”
“বিগত দশকত আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই অসমত পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিক কেন্দ্ৰ কৰি এক পৰিৱেশ তন্ত্ৰ আৰু প্ৰতিভাৰ বাবে পথ গঢ় লৈ উঠিছে। চিকিৎসা শিক্ষাৰ বাবে এক শক্তিশালী নেটৱৰ্ক স্থাপনৰ লগে লগে এই অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগৰ এক নতুন দিগন্ত মুকলি হৈছে।”
*******
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2240299)
অতিথি কক্ষ : 7