প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেৰালামৰ এৰ্নাকুলামত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

পোষ্ট কৰা হৈছে: 11 MAR 2026 2:39PM by PIB Guwahati

কেৰালামৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ মহাশয়, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সুৰেশ গোপী মহাশয়, জৰ্জ কুৰিয়েন মহাশয়, সাংসদ আৰু বিধায়কসকল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ মহাশয় আৰু ভদ্রলোক তথা ভদ্ৰমহিলাসকল!

কোচি ভ্ৰমণ সদায়েই এক সুন্দৰ অভিজ্ঞতা। আজি এই প্ৰাণৱন্ত উপকূলীয় চহৰখনৰ পৰা মই কেৰালাৰ উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ সুযোগ পাইছো। কিছু সময়ৰ পূৰ্বে, আধাৰশিলা স্থাপন কৰা হ’ল আৰু কেৰালামৰ উন্নয়নৰ সৈতে জড়িত প্ৰায় ১১,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হ’ল। এই প্ৰকল্পসমূহৰ বাবে মই কেৰালামৰ জনসাধাৰণক অভিনন্দন জনাইছো।

আন্দে সুহুৰ্তাগাদে,

আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তুলিবলৈ মেক ইন ইণ্ডিয়াৰ বাবে পেট্ৰ’লিয়াম খণ্ডৰ সম্প্ৰসাৰণ অত্যাৱশ্যকীয়। আজি কোচি শোধনাগাৰত পলিপ্ৰপিলিন গোটৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ আঁৰৰ লক্ষ্যও এয়াই। এই গোটটোৱে বছৰি প্ৰায় ৪ লাখ টন পলিপ্ৰপিলিন উৎপাদন কৰিব। ভৱিষ্যতে এই প্ৰকল্পটোৱে পেকেজিং, বস্ত্ৰ, যান-বাহন আৰু চিকিৎসা সঁজুলিকে ধৰি বহুতো উদ্যোগক সহায় কৰিব।

আন্দে সুহুৰ্তাগাদে,

আজি ভাৰত এক মুখ্য উৎপাদন কেন্দ্ৰত পৰিণত হৈছে। দেশখনে কৃত্ৰিম বুদ্ধিমত্তা আৰু ছেমিকণ্ডাক্টৰ খণ্ডতো দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। এনে সকলো কামৰ বাবে অধিক শক্তিৰ প্ৰয়োজন হয়, অধিক পৰিমাণে সেউজ আৰু পৰিষ্কাৰ শক্তিৰ প্ৰয়োজন হয়। সৌৰ শক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষ দেশসমূহৰ ভিতৰত এখন হৈ উঠিছে। আমাৰ প্ৰচেষ্টা হৈছে সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত কেৰালামে যাতে আৰু অধিক অগ্ৰগতি লাভ কৰে সেয়া নিশ্চিত কৰা। এই উদ্দেশ্যে আজি পশ্চিম কাল্লাডাত ৫০ মেগাৱাটৰ ভাসমান সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। কেৰালাত বৃহৎ সংখ্যক জলাশয় আছে। সেয়েহে, ইয়াত ভাসমান সৌৰ শক্তি খণ্ডত যথেষ্ট সম্ভাৱনা আছে।

আন্দে সুহুৰ্তাগাদে,

আজি, আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে বিশ্বই ভাৰতক প্ৰশংসা কৰিছে। এই বছৰৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত আন্তঃগাঁথনিৰ বাবেও অভিলেখ পৰিমাণৰ পুঁজি অন্তৰ্ভুক্ত কৰা হৈছে। এই আন্তঃগাঁথনি বিনিয়োগৰ জৰিয়তে কেৰালাম যথেষ্ট উপকৃত হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত শোৰানুৰ জংচন, কুট্টিপুৰম আৰু চাংগানাছেৰী ৰেল ষ্টেচনসমূহৰ আধুনিকীকৰণ কৰা হৈছে। শোৰানুৰ-নীলাম্বুৰ ৰে’লপথৰ এটা বৃহৎ অংশৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ কৰা হৈছে। কেৰালাম আৰু তামিলনাডু দুয়োৰে জনসাধাৰণক অধিক সুবিধা প্ৰদান কৰি আজি পালাক্কাড-পোলাচি ৰে’ল সেৱাও আৰম্ভ হৈছে।

আন্দে সুহুৰ্তাগাদে,

আজি কেৰালামত কেইবাটাও গুৰুত্বপূৰ্ণ পথ প্ৰকল্পও আৰম্ভ কৰা হৈছে। ছয়শৰীয়া এই পথটোৱে আলিক্কল বন্দৰৰ সৈতে সংযোগ উন্নত কৰিব। ছয়শৰীয়া কোঝিকোড় বাইপাছে যান-জঁট হ্ৰাস কৰাৰ লগতে ভ্ৰমণৰ সময় যথেষ্ট ৰাহি কৰিব। এই সকলোবোৰ প্ৰকল্পই কেৰালামৰ কৃষকসকলক উপকৃত কৰাৰ লগতে পৰ্যটন আৰু অন্যান্য উদ্যোগসমূহক উৎসাহিত কৰিব।

আন্দে সুহুৰ্তাগাদে,

আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ কৰা প্ৰতিটো টকাৱে নতুন নিয়োগৰ সুবিধাৰ সৃষ্টি কৰে। এই প্ৰকল্পসমূহে কেৰালামৰ হাজাৰ যুৱক-যুৱতীক নতুন নিযুক্তিৰ সুযোগ প্ৰদান কৰিব। মই আত্মবিশ্বাসী যে এই সকলোবোৰ প্ৰকল্পই বিকশিত কেৰালামৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

পুনৰবাৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

ধন্যবাদ!

****

MJPS/SS/RK/DD


(ৰিলিজ আই ডি : 2238262) অতিথি কক্ষ : 6