গৃহ মন্ত্ৰালয়
ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনাত এআই-ক একত্ৰীকৰণ
পোষ্ট কৰা হৈছে:
10 MAR 2026 3:30PM by PIB Guwahati
দ্ৰুত নগৰীকৰণে একাধিক অঞ্চলত এখনতকৈ অধিক জিলাক সামৰি লোৱাৰ পৰিপ্ৰেক্ষিতত বৃহৎ নগৰীয়া এলেকাসমূহত নতুন আৰু অনন্য প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। সেয়েহে নগৰীয়া দুৰ্য্যোগৰ বিপদাশংকা ব্যৱস্থাপনাৰ বিষয়টোৰে মোকাবিলা আৰু নগৰীয়া সমস্যাৰাজিৰ প্ৰতি এক কেন্দ্ৰীভূত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ দুৰ্য্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ সংশোধনীৰ জৰিয়তে ‘৪১এ’ দফাৰ সংযোজন ঘটোৱা হৈছে। ইয়াৰ অধীনত ৰাজ্য চৰকাৰসমূহক ৰাজ্যৰ ৰাজধানী আৰু পৌৰ নিগম থকা সকলো চহৰত (দিল্লী এনচিটি আৰু কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰ বাহিৰে) নগৰীয়া দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (UDMA) গঠন কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে চহৰ-নিৰ্দিষ্ট দুৰ্য্যোগৰাজিৰ সৈতে অধিক ফলপ্ৰসূভাৱে মোকাবিলা কৰা। বানপানী আৰু গ্ৰীষ্ম প্ৰৱাহকে প্ৰমুখ্য কৰি নগৰীয়া নিৰ্দিষ্ট দুৰ্বলতাসমূহৰ সৈতে মোকাবিলা কৰি নগৰ পৰিকল্পনা প্ৰস্তুত কৰা আৰু ইয়াৰ ৰূপায়ণত সমন্বয় সাধনৰ বাবে ইউডিএমএ-সমূহ দায়বদ্ধ। সেয়েহে ইউডিএমএ স্থাপন কৰাটো ৰাজ্য চৰকাৰসমূহৰ দায়িত্ব।
দুৰ্য্যোগ ব্যৱস্থাপনা (সংশোধনী) আইন-২০২৫ এ ৰাষ্ট্ৰীয় দুৰ্যোগ তথ্যকোষ সৃষ্টিৰ নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াত বিপদাশংকাৰ মূল্যায়ন, প্ৰশমন পৰিকল্পনা আৰু দুৰ্য্যোগৰ বাস্তৱ-সময়ৰ তথ্য অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) দৰে সতৰ্কবাণী প্ৰদান কৰা সংস্থাই সাত দিনৰ আগতীয়া ভৱিষ্যদ্বাণীৰ বাবে বতৰ পূৰ্বাভাস ব্যৱস্থাত এআই/এমএল মডেল একত্ৰিত কৰিছে। ইয়াৰ ভিতৰত বানপানীৰ পূৰ্বাভাস (সাত দিন পূৰ্বেই) আৰু ঘূৰ্ণীবতাহৰ অনুসৰণৰ বাবে এআই-চালিত চিমুলেচন অন্তৰ্ভুক্ত হৈছে। মিছন মৌচমৰ অংশ হিচাপে (২০২৫-ত শুভাৰম্ভ কৰা ইয়াৰ লক্ষ্য হৈছে ২০৩০-ৰ ভিতৰত হাই-ৰিজ’লিউচন এআই পূৰ্বাভাস প্ৰদান) এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উচ্চ-পৰ্য্যায়ৰ কমিটিয়ে (HLC) ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজি (NDRF) আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন পুঁজিৰ (NDMF) পৰা ৰাজ্যসমূহলৈ আৰ্থিক সাহায্যত অনুমোদন জনায়। দুৰ্য্যাগ ব্যৱস্থাপনা (সংশোধনী) আইন, ২০২৫ প্ৰণয়নৰ পূৰ্বৰে পৰাই এনে কমিটি আছিল। এই কমিটিয়ে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ পৰিপ্ৰেক্ষিতত ২০২৫-ত ডিএম আইনৰ সংশোধনৰ জৰিয়তে কমিটিখনক বিধিগত মৰ্য্যাদা প্ৰদান কৰা হৈছিল।
কমিটিখনে ২০২৫-২৬ ৰ ভিতৰত এনডিআৰএফ-ৰ পৰা ভিন্ন ৰাজ্যলৈ বানপানী/কৃত্ৰিম বান/ঘূৰ্ণীবতাহ/অগ্নিনিৰ্বাপক সেৱাৰ আধুনিকীকৰণ/পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ প্ৰয়োজনীয়তা আদিৰ বাবে ৪৫৭৬.৭ কোটি টকাৰ অনুমোদন জনাইছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
***
RK/RR/PR/PS/SK/SB
(ৰিলিজ আই ডি : 2238144)
অতিথি কক্ষ : 65