ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav AI Impact Summit 2026

অমৰাৱতীত স্থাপন হ’ব ভাৰতৰ প্ৰথমটো সমৰ্পিত কোৱাণ্টাম আৰু কৃত্ৰিম বুদ্ধিমত্তা বিশ্ববিদ্যালয় কেম্পাছ

ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (এনআইইএলআইটি)ৰে বুজাবুজি চুক্তি স্বাক্ষৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ

পোষ্ট কৰা হৈছে: 21 FEB 2026 1:01PM by PIB Guwahati

ভাৰত এআই ইম্পেক্ট সন্মিলনত কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেশ্যন টেকন’লজি (এনআইইআইটি)য়ে ২০ ফেব্ৰুৱাৰী, ২০২৬ত অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰি অমৰাৱতীত ভাৰতৰ প্ৰথমটো সমৰ্পিত কোৱাণ্টাম আৰু কৃত্ৰিম বুদ্ধিমত্তা বিশ্ববিদ্যালয় কেম্পাছ স্থাপন কৰে।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত এন চন্দ্ৰবাবু নাইডুৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত ভাৰত চৰকাৰৰ মেইটীৰ সচিব শ্ৰী এছ কৃষ্ণন; এনআইইএলআইটিৰ সঞ্চালকপ্ৰধান ড° এম এম ত্ৰিপাঠী; আৰু অমৰাৱতী কোৱাণ্টাম ভেলীৰ এপিএছ কিউএমৰ মিছন সঞ্চালক শ্ৰী চি ভি শ্ৰীধৰো উপস্থিত থাকে।

এই উল্লেখযোগ্য সহযোগিতা ভাৰতৰ গভীৰ প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে আৰু ইয়াৰ প্ৰস্তাৱিত অন্ধ্ৰ কোৱাণ্টাম মিছনৰ জৰিয়তে বিশ্ব প্ৰতিযোগিতামূলক কোৱাণ্টাম উদ্ভাৱন কেন্দ্ৰ গঢ় দিয়াৰ অন্ধ্ৰপ্ৰদেশৰ দৃষ্টিভংগীৰ সৈতে সাদৃশ্য আছে। ৰাজ্যখনৰ অভিলাষী কোৱাণ্টাম ভেলীৰ পদক্ষেপৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে অমৰাৱতী।

 

****

MSZ/DB


(ৰিলিজ আই ডি : 2236232) অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Tamil