প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত ৰাষ্ট্ৰীয় উন্নয়ন আৰু বিশ্বৰ মংগলৰ বাবে বিজ্ঞান তথা প্ৰযুক্তিৰ ব্যৱহাৰৰ সংকল্প পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
28 FEB 2026 10:08AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আমি গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক কৌতূহলৰ মনোভাৱক উদযাপন কৰোঁ , যিয়ে আমাৰ দেশখনক আগুৱাই লৈ গৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, “এই দিনটো ছাৰ চি ভি ৰমণে ৰমণ ইফেক্টৰ যুগান্তকাৰী আৱিষ্কাৰৰ স্মৃতিত উদযাপন কৰা হয়”। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই আৱিষ্কাৰে ভাৰতীয় গৱেষণাক বিশ্বৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে।
প্ৰধানমন্ত্ৰীয়ে পুনৰ দৃঢ়তাৰে কয় যে আমাৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ, গৱেষণাৰ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা , ৰাষ্ট্ৰীয় উন্নয়ন তথা বিশ্বৰ মংগলৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো আমাৰ সংকল্প।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আমি আমাৰ দেশখনক আগুৱাই নিয়া গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক কৌতূহলৰ মনোভাৱক উদযাপন কৰিছো।
এই দিৱস ছাৰ চি ভি ৰমনৰ ৰমন ইফেক্টৰ যুগান্তকাৰী আৱিষ্কাৰৰ স্মৃতিত উদযাপন কৰা হয়। এই আৱিষ্কাৰে ভাৰতীয় গৱেষণাক বিশ্বৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছিল।
আমি আমাৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ, গৱেষণাৰ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰা আৰু ৰাষ্ট্ৰীয় উন্নয়ন তথা বিশ্ব মংগলৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ সংকল্প পুনৰ দৃঢ় কৰিছো।
***
MJPS/Dr. Pavan Khedkar/DM
(ৰিলিজ আই ডি : 2233837)
অতিথি কক্ষ : 42
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam