ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav AI Impact Summit 2026

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আদৰণি জনালে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক

ভাৰত-ব্ৰাজিলৰ দ্বিপাক্ষিক সহযোগিতাক আৰু অধিক গভীৰ কৰাৰ অপৰিসীম সম্ভাৱনা আছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 21 FEB 2026 10:32PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱন(২১ ফেব্ৰুৱাৰী, ২০২৬)ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ' লুলা দা ছিলভাক আদৰণি জনায়। তেওঁ তেওঁৰ সন্মানাৰ্থে এক ভোজৰ আয়োজন কৰে।

ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি লুলাক স্বাগতম জনাই ৰাষ্ট্রপতিয়ে এআই ইম্পেক্ট সন্মিলনত তেওঁৰ অংশগ্রহণ আৰু মূল্যবান অৱদানৰ বাবে তেওঁক ধন্যবাদ জনায়। তেওঁ বিগত বৰ্ষত ব্ৰাজিলত ব্ৰিকছ সন্মিলন আৰু চিঅ'পি-৩০ সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।

বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, তেল আৰু গেছ, জৈৱ ইন্ধন, কৃষি আৰু পশুপালন, স্বাস্থ্যসেৱা আৰু পৰম্পৰাগত ঔষধ, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, ডিজিটেল সহযোগিতা আৰু চাইবাৰ সুৰক্ষা আদিৰ দৰে কেইবাটাও খণ্ডত ভাৰত-ব্ৰাজিলৰ কৌশলগত অংশীদাৰিত্বৰ ধাৰাবাহিক অগ্ৰগতিত ৰাষ্ট্ৰপতিয়ে সন্তোষ প্ৰকাশ কৰে।

 

লেটিন আমেৰিকাত ব্ৰাজিলক ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দ্বিপাক্ষিক বাণিজ্যৰ সম্প্ৰসাৰণ আৰু বৈচিত্ৰকৰণৰ প্ৰচুৰ সম্ভাৱনা আছে। তেওঁ কয় যে ভাৰতে মেৰক'ছুৰৰ সৈতে প্ৰাথমিক বাণিজ্যিক চুক্তি সম্প্ৰসাৰিত কৰিবলৈ আগ্ৰহী আৰু ব্ৰাজিলৰ সৈতে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কৰ গভীৰতা বৃদ্ধিৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ।

কৃষি ক্ষেত্ৰত ভাৰত-ব্ৰাজিলৰ সহযোগিতা যোৱা কেইটামান বছৰত অধিক শক্তিশালী হোৱা বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে আমাৰ প্ৰাথমিক আৰু গৌণ উৎপাদনৰ লগতে কৃষিজাত ৰাসায়নিক সামগ্ৰীৰ বাণিজ্য যথেষ্ট। তেওঁ শস্য উৎপাদন, জলসিঞ্চন কৌশল, শস্য চপোৱাৰ পাছত ব্যৱস্থাপনা আৰু জৈৱ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহত গৱেষণা আৰু প্ৰযুক্তিৰ হস্তান্তৰক প্ৰোৎসাহিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্রপতিয়ে কয় যে ভাৰত আৰু ব্রাজিলৰ মাজত বাণিজ্য আৰু বিনিয়োগকে ধৰি প্রচলিত আৰু নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্রত এক শক্তিশালী অংশীদাৰিত্ব আছে। তেওঁ বৈশ্বিক জৈৱ ইন্ধন মিত্ৰজোঁটলৈ ব্ৰাজিলৰ নিৰন্তৰ সমৰ্থনৰ প্ৰশংসা কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সদস্য হিচাপে ভাৰত-ব্ৰাজিলৰ অংশীদাৰিত্ব ফলপ্ৰসূ হৈছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে যে গুৰুত্বপূৰ্ণ খনিজ আৰু দুষ্প্ৰাপ্য পদাৰ্থৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাক অধিক শক্তিশালী কৰাৰ এয়া এক উপযুক্ত সময়। তেওঁ এই ক্ষেত্ৰত আজি এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাটো আনন্দৰে উল্লেখ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্ল’বেল ছাউথৰ নেতৃস্থানীয় কণ্ঠস্বৰ হিচাপে ভাৰত আৰু ব্ৰাজিলে বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দিশত কাম কৰি যাব লাগিব, যাতে তেওঁলোকে সমসাময়িক বাস্তৱক অধিক প্ৰতিনিধিত্ব কৰিব পাৰে।

দুয়োগৰাকী নেতাই ভাৰত-ব্ৰাজিলৰ দ্বিপাক্ষিক সহযোগিতাক আৰু অধিক গভীৰ কৰাৰ ক্ষেত্ৰত অপৰিসীম সম্ভাৱনীয়তাৰ বিষয়ে সহমত প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি লুলাৰ নেতৃত্বত ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ হ'ব বুলি বিশ্বাস ব্যক্ত কৰে।

Please click here to see the President's Speech-

****

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2233003) অতিথি কক্ষ : 25
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Bengali-TR