প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ

পোষ্ট কৰা হৈছে: 25 FEB 2026 10:06PM by PIB Guwahati

মহামহিম প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু,

নেচেটৰ অধ্যক্ষ মহামহিম শ্ৰীযুত আমিৰ ওহানা, ,

বিৰোধী দলৰ নেতা মহামহিম শ্ৰীযুত য়াইৰ লাপিড

নেচেটৰ সন্মানীয় সদস্যসকল,

মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল,

শ্বালম!

নমস্তে!

মাননীয় সদস্যসকল,

এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে  আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও  সেয়াই অনুভৱ কৰিছো।  মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।

 

অধ্যক্ষ মহোদয়, আপোনাৰ বিনম্ৰ  আমন্ত্ৰণৰ বাবে ধন্যবাদ জনাইছো। আৰু ভাৰতীয় ৰঙেৰে নেচেট পোহৰাই তোলাৰ  বাবেও। তিনি বছৰ পূৰ্বে আপোনাৰ ভাৰত ভ্ৰমণ আছিল নেচেটৰ এগৰাকী  অধ্যক্ষৰ প্ৰথম ভ্ৰমণ।  আপোনালোকৰ কৃপাত মই এই সমাৱেশত ভাষণ দিয়া ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হৈছো।

৯ বছৰৰ আগতে ইজৰাইল ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য হৈছিল।  মই আকৌ ইয়াত উপস্থিত হৈ অতি সুখী হৈছো, যিখন দেশৰ প্ৰতি মই সদায় আকৰ্ষিত অনুভৱ কৰি আহিছো, সেইখন দেশলৈয়েই  আহিছো। মুঠৰ ওপৰত ভাৰতে ইজৰাইলক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ দিনাই মোৰ জন্ম হৈছিল – ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত!

মাননীয় সদস্যসকল,

লগতে "৭ অক্টোবৰ"ত হামাছৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণত ছিন্নভিন্ন হৈ পৰা প্ৰতিটো জীৱনৰ বাবে ভাৰতবাসীৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ। আপোনালোকৰ দুখ আমি অনুভৱ কৰোঁ। আমি আপোনালোকৰ দুখৰ অংশীদাৰ। ভাৰতে ইজৰাইলৰ সৈতে থিয় দিছে, দৃঢ়ভাৱে, সম্পূৰ্ণ বিশ্বাসেৰে, এই মুহূৰ্তত, আৰু ইয়াৰ আগলৈয়ো । কোনো কাৰণেই সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি। সন্ত্ৰাসবাদক একোৱেই ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।

ভাৰতেও দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ যন্ত্ৰণা সহ্য কৰি আহিছে। ২৬/১১ৰ মুম্বাই আক্ৰমণ আৰু ইজৰাইলৰ নাগৰিককে ধৰি বহু  নিৰীহ লোকৰ জীৱন হেৰুওৱাৰ   কথা আমি মনত পেলাইছো। আপোনালোকৰ দৰেই আমাৰো সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ এক সামঞ্জস্যপূৰ্ণ আৰু আপোচবিহীন নীতি আছে, য’ত কোনো দ্বৈত মান নাই। সন্ত্ৰাসবাদৰ লক্ষ্য হৈছে সমাজসমূহক অস্থিৰ কৰা, উন্নয়নক বাধা দিয়া আৰু আস্থা নোহোৱা কৰা। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ স্থায়ী আৰু সমন্বিত বিশ্বজোৰা পদক্ষেপৰ প্ৰয়োজন। কাৰণ যিকোনো ঠাইতে সন্ত্ৰাসবাদে  শান্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সেইবাবেই ভাৰতে স্থায়ী শান্তি আৰু আঞ্চলিক স্থিতিশীলতাত অৰিহণা যোগোৱা সকলো প্ৰচেষ্টাক সমৰ্থন কৰে।

কিছু বছৰৰ আগতে যেতিয়া আপোনালোকে আব্ৰাহাম চুক্তি স্বাক্ষৰ  কৰিছিল, তেতিয়া আমি আপোনালোকৰ সাহস আৰু দৃষ্টিভংগীক শলাগ লৈছিলো। দীৰ্ঘদিনীয়া অশান্ত অঞ্চল এটাৰ বাবে সেয়া আছিল এক নতুন আশাৰ মুহূৰ্ত। তেতিয়াৰে পৰাই পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। পথটো আৰু অধিক প্ৰত্যাহ্বানমূলক। তথাপিও সেই আশাক বৰ্তাই  ৰখাটো গুৰুত্বপূৰ্ণ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সমৰ্থন কৰা গাজা শান্তি পদক্ষেপে এটা পথ দেখুৱাইছে । ভাৰতে এই পদক্ষেপৰ প্ৰতি দৃঢ় সমৰ্থন প্ৰকাশ কৰিছে। আমি বিশ্বাস কৰোঁ যে ইয়াত পেলেষ্টাইন বিষয়টোক সমাধান কৰাকে ধৰি অঞ্চলটোৰ সকলো জনসাধাৰণৰ বাবে ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰতিশ্ৰুতি নিহিত হৈ  আছে।

আমাৰ সকলো প্ৰচেষ্টা প্ৰজ্ঞা, সাহস, মানৱতাৰ দ্বাৰা পৰিচালিত হওক। শান্তিৰ পথ সদায় সহজ নহয়। কিন্তু এই অঞ্চলত আলোচনা, শান্তি আৰু স্থিতিশীলতাৰ বাবে ভাৰতে আপোনালোকৰ লগতে বিশ্বৰ সৈতে যোগ দিছে।

মাননীয় সদস্যসকল,

ভাৰতত ইজৰাইলৰ সংকল্প, সাহস আৰু কৃতিত্বক  প্ৰশংসা কৰা হয়। আধুনিক ৰাষ্ট্ৰ হিচাপে আমি ইজনে সিজনৰ লগত সম্পৰ্ক স্থাপন কৰাৰ বহু আগতেই আমাৰ মাজত দুহাজাৰ বছৰতকৈও অধিক আগৰ সম্পৰ্ক আছিল। ইষ্টাৰৰ কিতাপত ভাৰতক হোডু বুলি উল্লেখ কৰা হৈছে। তালমুদত প্ৰাচীন কালত ভাৰতৰ সৈতে বাণিজ্যৰ কথা লিপিবদ্ধ আছে।ইহুদী ব্যৱসায়ীসকলে ভূমধ্যসাগৰক ভাৰত মহাসাগৰৰ সৈতে সংযোগ কৰা সাগৰীয় পথেৰে যাত্ৰা কৰিছিল। তেওঁলোকে সুযোগ আৰু মৰ্যাদা বিচাৰি আহিছিল। ভাৰতত তেওঁলোক আমাৰ মাজৰে এজন হৈ পৰিল।ইহুদী সম্প্ৰদায়ে ভাৰতত নিৰ্যাতন বা বৈষম্যৰ ভয় নোহোৱাকৈ বাস কৰি আহিছে। তেওঁলোকে নিজৰ বিশ্বাস ৰক্ষা কৰি সমাজত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিছে। সেই কথা  আমাৰ বাবে গৌৰৱৰ বিষয়।

মাননীয় সদস্যসকল,

মহাৰাষ্ট্ৰৰ বেনে ইজৰাইল, কেৰালামৰ কোচিনি ইহুদী, কলকাতা আৰু মুম্বাইৰ বাগদাদী ইহুদী, উত্তৰ-পূৰ্বাঞ্চলৰ বনেই মেনাছেই ভাৰতক চহকী কৰি তুলিছে। মোৰ গৃহ ৰাজ্য গুজৰাটত বেনে ইজৰাইলী পৰিয়ালৰ এখন  স্কুল স্থাপন কৰা হৈছে - মিষ্টাৰ আৰু মিছাছ বেষ্ট। ই এক উৎকৃষ্ট বিদ্যালয় আৰু অৱশ্যেই, ইয়াক শ্ৰেষ্ঠ বিদ্যালয় বুলি কোৱা হয়!

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক গঢ় দিয়া এডউইন মায়াৰ্ছ ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ এক উচ্চ ব্যক্তিত্ব আছিল। ডাক্তৰ ৰুবেন ডেভিদ আছিল আহমেদাবাদৰ কংকৰিয়া চিৰিয়াখানাৰ প্ৰতিষ্ঠাপক। অভিনেতা ডেভিদ আব্ৰাহাম চেউলকাৰ বা ডেভিদ খুড়া সমগ্ৰ দেশতে পৰিচিত নাম হৈ পৰিছিল। অল ইণ্ডিয়া ৰেডিঅ’ৰ স্বাক্ষৰ সুৰ ৰচনা কৰিছিল ৱালটাৰ কফমেনে। ডেভিদ ছাছুনে বহুতো প্ৰতিষ্ঠান গঢ়ি তুলিছিল , যিবোৰে এতিয়াও ভাৰতীয় সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে।

 অৱশ্যেই লেফটেনেণ্ট জেনেৰেল জে.এফ.আৰৰ বীৰত্বপূৰ্ণ অৱদানৰ কথাও উল্লেখ কৰিব লাগিব । ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ সময়ত জেকব বহুলভাৱে পৰিচিত হৈছিল। তেওঁৰ অৱসৰৰ পিছত তেওঁৰ লগত ঘনিষ্ঠভাৱে কাম কৰাৰ সৌভাদ্য  মোৰ হৈছিল। বহু কাপ চাহ খাই আমি আন বহু কথাৰ লগতে ভাৰত-ইজৰাইলৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছিলোঁ। ভাৰতৰ জীৱনৰ সৈতে জড়িত হৈ থকা আন অগণন লোকো আছে।

মাননীয় সদস্যসকল,

ভাৰতৰ পৰা ইজৰাইললৈও মানুহৰ গমন হৈছিল, যেতিয়া বিংশ শতিকাৰ মাজভাগত বহু ভাৰতীয় ইহুদীয়ে ইজৰাইললৈ প্ৰব্ৰজন কৰিছিল। আজি ইয়াত ভাৰতীয় মূলৰ এক সজীৱ ইহুদী সম্প্ৰদায়ে বাস কৰে। আধুনিক ইজৰাইল গঢ়ি তোলাত, পৰীক্ষাগাৰ আৰু চিকিৎসালয়ত, শ্ৰেণীকোঠাত আৰু যুদ্ধক্ষেত্ৰতো তেওঁলোকে অৰিহণা যোগাইছে। তেওঁলোকে দৃঢ়তাৰে ধৰি ৰাখিছে যে ইজৰাইল তেওঁলোকৰ পিতৃভূমি আৰু ভাৰত তেওঁলোকৰ মাতৃভূমি। আমি তেওঁলোককলৈ  গৌৰৱান্বিত।

মাননীয় সদস্যসকল,

 

এই ভূমিৰ সৈতে ভাৰতৰ সংযোগো তেজ আৰু বলিদানত লিখা আছে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত এই অঞ্চলত চাৰি হাজাৰতকৈও অধিক ভাৰতীয় সৈন্যই প্ৰাণ আহুতি দিছিল। ১৯১৮ চনৰ ছেপ্টেম্বৰ মাহত হাইফাত অশ্বাৰোহী বাহিনীৰ আক্ৰমণ সামৰিক ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায় হৈয়েই আছে।

 

হাইফাৰ নায়ক হিচাপে স্মৰণ কৰা মেজৰ ঠাকুৰ দলপত সিং এই ভাগ কৰা ইতিহাসৰ প্ৰতীক। মোৰ শেষ ভ্ৰমণৰ সময়ত ভাৰতীয় সৈনিকৰ বাবে হাইফা স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনাই মই গভীৰভাৱে আপ্লুত হৈছিলোঁ।

 

মাননীয় সদস্যসকল,

যোৱা মাহত বিশ্বই আন্তঃৰাষ্ট্ৰীয় হ’ল’কাষ্ট স্মৃতি দিৱস পালন কৰিছে। হ’ল’কাষ্ট মানৱতাৰ অন্যতম ক’লা অধ্যায় হিচাপে পৰিগণিত হৈছে ।  তথাপিও সেই অশান্ত বছৰবোৰতো মানৱতাৰ কিছুমান কাৰ্য্য বিশেষভাৱে প্ৰতিফলিত হৈছিল। গুজৰাটৰ নৱনগৰ মহাৰাজাই জাম চাহেব নামেৰেও পৰিচিত ইহুদী ল’ৰা-ছোৱালীকে ধৰি পোলেণ্ডৰ শিশুসকলক আশ্ৰয় দিছিল, যিসকলে আন ক’লৈকো ঘূৰিব পৰা নাছিল। মোক কোৱা হৈছে যে শেহতীয়াকৈ মোশ্বৱ নেবাটিমত জাম চাহেবৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে।

ধন্যবাদ। বহু ধন্যবাদ, এই সন্মান আৰু স্মৃতিৰ বাবে।

মাননীয় সদস্যসকল,

ভাৰতৰ স্বাধীনতাৰ পিছত বহু ভাৰতীয় নেতাই ইজৰাইলৰ জনসাধাৰণৰ সৈতে আত্মীয়তা অনুভৱ কৰিছিল। ১৯৫০ চনৰ ভাৰতৰ সংসদীয় বিতৰ্কসমূহে ইজৰাইলৰ মৰুভূমিত কৃষি উন্নয়নৰ প্ৰচেষ্টাৰ প্ৰতি তেওঁলোকৰ প্ৰশংসাৰ সাক্ষ্য বহন কৰিছে। ইজৰাইলৰ কিববুটজ আন্দোলনে আমাৰ আচাৰ্য বিনোৱা ভাৱে আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ দৰে নেতাক অনুপ্ৰাণিত কৰিছিল। প্ৰথমে মোৰ গৃহ ৰাজ্য গুজৰাটত  আৰু এতিয়া সমগ্ৰ ভাৰততে "প্ৰতি টোপাল, অধিক শস্য"ৰ পন্থাই কৃষিক্ষেত্ৰত সুন্দৰ কাম কৰা দেখিছো।

মোৰ নিজৰ প্ৰথম ইজৰাইল ভ্ৰমণ আছিল ২০০৬ চনত, গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে। পিছলৈ ২০১৭ চনত প্ৰধানমন্ত্ৰী হিচাপে ইজৰাইল ভ্ৰমণৰ সময়ত আমাৰ দুয়োখন দেশে নিজৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিল। তেতিয়াৰ পৰাই আমাৰ নিয়োজিততাৰ পৰিসৰ আৰু বৃদ্ধি পাইছে ।  আমি বহু খণ্ডত এই সম্পৰ্কক আৰু অধিক সুদৃঢ় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

মাননীয় সদস্যসকল,

যোৱা কেইবছৰমানৰ পৰা ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। অতি সোনকালে আমি বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ ভিতৰত স্থান লাভ কৰিম । একে সময়তে ইজৰাইল উদ্ভাৱন আৰু প্ৰযুক্তিগত নেতৃত্বৰ শক্তিশালী স্থান হৈ পৰিছে। ইয়াৰ ফলত আগন্তুক অংশীদাৰিত্বৰ ভেটিৰ সৃষ্টি হৈছে।

আমি বাণিজ্যৰ সম্প্ৰসাৰণ, বিনিয়োগৰ প্ৰবাহ শক্তিশালী কৰা  আৰু যৌথ আন্তঃগাঁথনি উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। যোৱা বছৰ স্বাক্ষৰিত দ্বিপাক্ষিক বিনিয়োগ চুক্তিখনে আমাৰ ব্যৱসায়ীসকলৰ আস্থা বৃদ্ধিৰ লগতে  ভৱিষ্যদ্বাণীযোগ্যতা প্ৰদান কৰিব।

যোৱা কেইবছৰমানৰ ভিতৰত ভাৰতে আন দেশৰ সৈতে কেইবাখনো  গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি সম্পাদন কৰিছে। আপোনালোকৰ পশ্চিমলৈ, ইউৰোপীয় সংঘলৈ আৰু ব্ৰিটেইনলৈ। আপোনালোকৰ পূবলৈ, ইউ এ ই আৰু ওমানলৈ।

যোৱা কিছু বছৰত আমাৰ দ্বিপাক্ষিক সামগ্ৰীৰ ব্যৱসায় বহুগুণে বৃদ্ধি পাইছে। কিন্তু  ই সুযোগৰ সম্পূৰ্ণ পৰিসৰক প্ৰতিফলিত নকৰে। সেইবাবেই আমাৰ দলসমূহে এক অভিলাষী মুক্ত বাণিজ্য চুক্তিৰ আলোচনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। ই আমাৰ বাণিজ্যিক সম্পৰ্কৰ বিশাল অনাবৃত সম্ভাৱনাৰ পথ মুকলি কৰিব।

ভাৰত–মধ্যপ্ৰাচ্য–ইউৰোপ অৰ্থনৈতিক কৰিডৰ আৰু ভাৰত, ইজৰাইল, ইউ এ ই আৰু আমেৰিকাৰ মাজত আই টু ইউ টু কাঠামোৰ দৰে বিভিন্ন আৰ্হিতো  আমি ঘনিষ্ঠভাৱে কাম কৰিম। প্ৰতিৰক্ষা আৰু নিৰাপত্তা আমাৰ অংশীদাৰিত্বৰ আন এক গুৰুত্বপূৰ্ণ স্তম্ভ। যোৱা বছৰৰ নৱেম্বৰ মাহত আমি প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়ত  এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলো। আজিৰ অনিশ্চিত পৃথিৱীখনত ভাৰত আৰু ইজৰাইলৰ দৰে বিশ্বাসযোগ্য অংশীদাৰৰ মাজত এক শক্তিশালী প্ৰতিৰক্ষা অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ।

মাননীয় সদস্যসকল,

ইজৰাইলক প্ৰায়ে "ষ্টাৰ্ট-আপ নেচন" বুলি কোৱা হয়। শেহতীয়া বছৰবোৰত আমি আমাৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন আৰু সৃষ্টিশীলতাক আগুৱাই নিয়াৰ  বাবেও কাম কৰি আহিছো। মোৰ মনত আছে যে ২০১৮ চনত প্ৰধানমন্ত্ৰী নেতানিয়াহু আৰু মই ভাৰতত  আইক্ৰিয়েট টেকন'ল'জি বিজিনেছ ইনকিউবেটৰ উদ্বোধন কৰিছিলো। তেতিয়াৰে পৰাই ই প্ৰায় ৯০০টা এনে ষ্টাৰ্ট-আপক সমৰ্থন কৰি আহিছে।

যোৱা সপ্তাহত আমি বিশ্বৰ সৰ্ববৃহৎ তথা গণতান্ত্ৰিক এআই ইমপেক্ট ছামিট আয়োজন কৰিছিলো, য’ত ১০০খনতকৈও অধিক দেশৰ প্ৰতিনিধি আছিল। আমাৰ আকাংক্ষিত মনোভাৱ ইজৰাইলৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ সৈতে স্বাভাৱিকভাৱে মিলি যায়। কোৱাণ্টাম প্ৰযুক্তি, অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে ক্ষেত্ৰত মই বহু সহযোগিতা দেখিছোঁ। আমি ইজৰাইলৰ সৈতেও আমাৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ব্যৱহাৰেৰে  সীমা অতিক্ৰম কৰি বিত্তীয় সংযোগ সৃষ্টিৰ বাবে কাম কৰি আছো।

মাননীয় সদস্যসকল,

মই উল্লেখ কৰিছিলোঁ যে মৰুভূমিত ইজৰাইলৰ কৃষিৰ অলৌকিকতা ণাৰ বাবে  কিমান প্ৰেৰণাদায়ক আছিল। নিখুঁত জলসিঞ্চন ব্স্থা  আৰু জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইজৰাইলৰ বিশেষজ্ঞতাই ইতিমধ্যে ভাৰতৰ কৃষি পদ্ধতিৰ পৰিৱৰ্তন সাধন কৰিছে। আমি একেলগে সমগ্ৰ ভাৰতত ৪৩টা উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰিছো,  যিয়ে ডেৰ লাখতকৈও অধিক কৃষকক প্ৰশিক্ষণ প্ৰদান কৰিছে। আমি এতিয়া ইয়াক  ১০০টা কেন্দ্ৰলৈ সম্প্ৰসাৰণ কৰি লাখ লাখ কৃষক আৰু মাছমৰীয়াক উপকৃত কৰাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰা উচিত।

মাননীয় সদস্যসকল,

ভাৰত-ইজৰাইলৰ অংশীদাৰিত্বৰ মূলতে আছে আমাৰ লোকসকলৰ মাজৰ সম্পৰ্ক। ২০০৬ চনত যেতিয়া মই প্ৰথমবাৰৰ বাবে ইজৰাইল ভ্ৰমণ কৰিছিলো তেতিয়া ইজৰাইলত মুষ্টিমেয় যোগ কেন্দ্ৰ আছিল। আজি প্ৰায় প্ৰতিটো চুবুৰীতে যেন যোগাভ্যাস চলি আছে!

মোক কোৱা হৈছে যে ইজৰাইলতো আয়ুৰ্বেদৰ প্ৰতি আগ্ৰহ বাঢ়িছে। মই অধিক সংখ্যক ইজৰাইলী যুৱক-যুৱতীক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছো। তেওঁলোকে আমাৰ সমাজৰ গতিশীলতাৰ সাক্ষী হ’ব  আৰু সামগ্ৰিক সুস্থতাই শৰীৰ তথা  মনৰ বাবে কি কৰিব পাৰে সেয়া অনুভৱ কৰিব।

এই সংসদক জনাবলৈ  পাই  মই সুখী হৈছো যে ভাৰতীয় সংসদে ইজৰাইলৰ বাবে সংসদীয় বন্ধুত্ব গোট গঠন কৰিছে। মই আপোনালোক সকলোকে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছো আৰু আমাৰ সংসদ সদস্যসকলৰ মাজত আৰু অধিক আদান-প্ৰদানৰ বাবেও মই   আগ্ৰহী।

মই জানো যে ইজৰাইলত ভাৰতীয় পৰিচৰ্যাকাৰী আৰু দক্ষ শ্ৰমিকসকলে পৰিয়াল তথা সম্প্ৰদায়ৰ বাবে অপৰিসীম অৰিহণা যোগাইছে। ৭ অক্টোবৰকে ধৰি আন সংকটৰ সময়ত তেওঁলোকে উল্লেখযোগ্য সাহস তথা  নিষ্ঠা প্ৰদৰ্শন কৰিছে।তেওঁলোকৰ বাবে আমি গৌৰৱান্বিত। ইহুদীসকলৰ শিক্ষাই আমাক সোঁৱৰাই দিয়াৰ দৰে, "যি কোনো এক জীৱন ৰক্ষা কৰে, তেওঁ সমগ্ৰ জগতক ৰক্ষা কৰে।" তেওঁলোকৰ সেৱাই আমাৰ সহযোগিতাৰ আঁৰৰ মানৱীয় বন্ধনৰ শক্তিক প্ৰতিফলিত কৰে। আমি আমাৰ দুয়োখন দেশৰ  উপকাৰ হোৱা খণ্ডসমূহৰ মাজেৰে শ্ৰমিক তথা পেছাদাৰীসকলে গতি কৰিব পৰাৰ  বাবে সুবিধা কৰি দিম।

মাননীয় সদস্যসকল,

আমি দুয়োটাই  প্ৰাচীন সভ্যতা। আৰু আমাৰ সভ্য পৰম্পৰায়ো  দাৰ্শনিক সমান্তৰালতা প্ৰকাশ কৰাটো হয়তো কোনো আচৰিত কথা নহয়। ইজৰাইলত টিক্কুন ওলামৰ নীতিয়ে পৃথিৱীখনক সুস্থ ৰখাৰ  কথা কয়। ভাৰতত বসুধৈৱ কুটুম্বকমে পৃথিৱীখন এক পৰিয়াল বুলি দৃঢ়তাৰে কৈছে। দুয়োটা ধাৰণাই  সীমাৰ বাহিৰতো  দায়িত্ব সম্প্ৰসাৰিত কৰিছে। এইবোৰে  সমাজক মমতা আৰু নৈতিক সাহসেৰে কাম কৰিবলৈ কয়।

ইহুদী ধৰ্মই হালাখাক গুৰুত্ব দিয়ে, আইন আৰু আচাৰ-ব্যৱহাৰৰ জৰিয়তে দৈনন্দিন আচৰণৰ পথ প্ৰদৰ্শন কৰে। হিন্দু দৰ্শনে কৰ্তব্য আৰু সঠিক কৰ্মক গঢ় দিয়া নৈতিক ব্যৱস্থাৰে  ধৰ্মৰ কথা কয়। দুয়োটা পৰম্পৰাতে নৈতিক জীৱনটো কৰ্মৰ দ্বাৰা জীয়াই থাকে, আৰু বিশ্বাসক আচৰণৰ দ্বাৰা প্ৰকাশ কৰা হয়। আমাৰ উৎসৱবোৰতো এক সুন্দৰ  সাদৃশ্য আছে। মমবাতিৰ উষ্ণ জিলিকনিৰে আপোনালোকে  হানুকা উদযাপন কৰে। প্ৰায় একে সময়তে আমি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰো,  দীপৰ মৃদু উজ্জ্বলতাৰে। অতি সোনকালে ভাৰতে সুখ আৰু ৰঙেৰে ভৰা হোলী উৎসৱ উদযাপন কৰিব। প্ৰায় একে সময়তে ইজৰাইলেও  উৎসাহ আৰু আনন্দৰে পুৰিম উদযাপন কৰিব।

মাননীয় সদস্যসকল,

আমাৰ ভাগ-বতৰা কৰা আদৰ্শই হৈছে আমাৰ আধুনিক অংশীদাৰিত্বক শক্তি প্ৰদান কৰা শক্তিশালী ভেটি। আমি ইতিহাসে গঢ় দিয়া আৰু ভৱিষ্যতৰ বিষয়ত গুৰুত্ব আৰোপ কৰা গণতন্ত্ৰ। আমাৰ অংশীদাৰিত্ব ভগাই ল'ব পৰা অভিজ্ঞতা তথা ভাগ-বাটোৱাৰা  কৰা আকাংক্ষাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আমাৰ শক্তিশালী অংশীদাৰিত্বই কেৱল জাতীয় স্বাৰ্থৰ সেৱাই নহয়, বিশ্বৰ স্থিতিশীলতা আৰু সমৃদ্ধিতো অৰিহণা যোগায়।

আহক আমি নিশ্চিত কৰোঁ যে ভাৰত আৰু ইজৰাইলৰ বন্ধুত্ব অনিশ্চিত পৃথিৱীত শক্তিৰ উৎস হৈয়েই যেন থাকে।

আম ইজৰাইল চাই।

জয় হিন্দ।

ধন্যবাদ।

***

MJPS/PKK/DM


(ৰিলিজ আই ডি : 2232950) অতিথি কক্ষ : 7