গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেৰালামবাসীক আন্তৰিক অভিনন্দন জনায়
মোদী জীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে কেৰালাৰ নাম সলনিৰে ‘কেৰালাম’ বুলি গ্ৰহণ কৰা সিদ্ধান্ত ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ
‘কেৰালাম’ নামে ৰাজ্যখনৰ ঐতিহ্যক সকলো প্ৰামাণ্যতাৰে প্ৰকাশ কৰিব আৰু গৌৰৱ অক্ষুণ্ণ ৰাখিব
পোষ্ট কৰা হৈছে:
24 FEB 2026 8:03PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেৰালামবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।
এক্স প্লেটফৰ্মৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “কেৰালামবাসীক আন্তৰিক অভিনন্দন জনাইছো। মোদী জীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে কেৰালাৰ নাম সলনিৰে ‘কেৰালাম’ বুলি গ্ৰহণ কৰা সিদ্ধান্ত ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। ‘কেৰালাম’ নামে ৰাজ্যখনৰ ঐতিহ্যক সকলো প্ৰামাণ্যতাৰে প্ৰকাশ কৰিব আৰু গৌৰৱ অক্ষুণ্ণ ৰাখিব।”
***
RK / RR / PS/SB
(ৰিলিজ আই ডি : 2232520)
অতিথি কক্ষ : 10