ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
azadi ka amrit mahotsav

২০১৪ চনৰ পৰাই উত্তৰ-পূবৰ ৰূপান্তৰ স্পষ্ট হৈ পৰিছে;আগতে কেনে অৱস্থা আছিল সেয়া দেখাসকলে এতিয়াৰ পৰিৱৰ্তনৰ শলাগ লৈছেঃ ড° জিতেন্দ্ৰ সিং

মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ অৱদান হৈছে ভাৰতৰ বাকী অংশৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলক সম্পূৰ্ণ মূলসুঁতিৰ সৈতে সংপৃক্ত কৰা : ড° জিতেন্দ্ৰ সিং

আজি উত্তৰ-পূৰ্বাঞ্চলত উন্নয়ন আৰু শান্তি একেলগে উদ্ভাষিত হৈছে: গুৱাহাটী প্ৰি-ৰিটায়াৰমেণ্ট কাউন্সেলিং কৰ্মশালাত ড° জিতেন্দ্ৰ সিং

৬০ বছৰ বয়সত অৱসৰ লোৱাটোৱেই শেষ কথা নহয়, এয়া নতুন আৰম্ভণি; বিকশিত ভাৰতৰ বাবে কৰ্মচাৰীৰ অভিজ্ঞতা আৰু শক্তিক একত্ৰিত কৰিবলৈ অৱসৰৰ পূৰ্বে এয়া বিশেষ পৰামৰ্শ প্ৰদানৰ অনুষ্ঠান: ড০ জিতেন্দ্ৰ সিং

পোষ্ট কৰা হৈছে: 23 FEB 2026 4:59PM by PIB Guwahati

অৱসৰৰ পূৰ্বে পৰামৰ্শদাতা (পিআৰচি) কৰ্মশালাত ভাষণ দি বিজ্ঞান আৰু প্ৰযুক্তি, পৃথিৱী বিজ্ঞান, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে, “উন্নয়ন আৰু শান্তিৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক আছে, যেতিয়া শান্তিৰ প্ৰাধান্য বেছি হয়, উন্নয়ন ত্বৰান্বিত হয় আৰু যেতিয়া উন্নয়ন মানুহৰ কাষ চাপে , তেতিয়া ই শান্তিক অধিক  শক্তিশালী কৰে।” আজি অসমৰ গুৱাহাটীত  পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে অসম চৰকাৰৰ সহযোগত আয়োজন কৰা কৰ্মশালাত জ্যেষ্ঠ জনপ্ৰতিনিধি, ৰাজ্য প্ৰশাসনৰ বিষয়া, এছ বি আইকে ধৰি বেংকিং প্ৰতিষ্ঠান আৰু অৱসৰৰ কাষ চাপি অহা কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। অসম চৰকাৰে সম্প্ৰসাৰণ কৰা বলিষ্ঠ প্ৰশাসনিক সমৰ্থন আৰু ফলপ্ৰসূ সমন্বয়ক প্ৰতিফলিত কৰা  এই অনুষ্ঠানে  হৈছে ৰাজ্যত চলিত বৰ্ষত আয়োজন কৰা এনেধৰণৰ দ্বিতীয়টো কাৰ্যসূচী ।

বিগত দশকত উত্তৰ-পূৰ্বাঞ্চলত দেখা পোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে ২০১৪ চনৰ আগতে যিসকলে অঞ্চলটো দেখিছিল তেওঁলোকে এতিয়া হোৱা পৰিৱৰ্তনৰ শলাগ লৈছে। গুৱাহাটী আৰু শিলচৰৰ মাজত পথ সংযোগৰ উন্নতি, পূৰ্বে কেতিয়াও ৰে’ল সংযোগ লাভ নকৰা ৰাজ্যসমূহলৈ ৰে’ল সেৱাৰ সম্প্ৰসাৰণ, সমগ্ৰ অঞ্চলটোত নতুন বিমানবন্দৰ, ভূপেন হাজৰিকা দলঙকে ধৰি বৃহৎ দলং, তথা বৰ্ধিত নিৰাপত্তাৰ পৰিস্থিতিয়ে একেলগে বিকাশ আৰু সংহতিৰ এক নতুন যুগক প্ৰতিফলিত কৰিছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলক মূলসুঁতিলৈ অনাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ অন্যতম উল্লেখযোগ্য অৱদান হিচাপে পৰিগণিত হৈছে।  প্ৰধানমন্ত্ৰীয়ে  সঘনাই অঞ্চলটো ভ্ৰমণ কৰি ব্যক্তিগতভাৱে উন্নয়নৰ পদক্ষেপসমূহ পৰ্যালোচনা কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্ধিত আয়ুস আৰু স্বাস্থ্যৰ মান উন্নত হোৱাৰ ফলত দেশত পেঞ্চনাৰৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই প্ৰসংগত তেওঁ ব্যাখ্যা কৰে যে অৱসৰৰ পূৰ্বে পৰামৰ্শদানৰ এই  পদক্ষেপে  অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ অভিজ্ঞতা, বিশেষজ্ঞতা আৰু শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আগবঢ়াই নিয়াত সহায়  কৰিব। তেওঁ কয় যে আজি ৬০ বছৰ বয়সত অৱসৰ লোৱা ব্যক্তিসকল প্ৰায়ে স্বাস্থ্য আৰু পেছাদাৰী সামৰ্থ্যত  প্ৰাধান্য দিয়ে। তেওঁলোকৰ সম্ভাৱনা সমাজৰ পৰা হেৰাই যাব নালাগে। ড০ জিতেন্দ্ৰ সিঙে কয় যে বিগত দশকত চৰকাৰে নাগৰিককেন্দ্ৰিক দৃষ্টিভংগীৰে ব্যাপক পেঞ্চন সংস্কাৰৰ কাম  হাতত লৈছে। তেওঁ কয় যে ইয়াৰ পূৰ্বে পেঞ্চনাৰসকলে একাধিক আপত্তিহীন প্ৰমাণপত্ৰ আৰু নথি-পত্ৰৰ জটিলতাৰ  বাবে প্ৰায়ে পেঞ্চন লাভ কৰিবলৈ বহু দিন অপেক্ষা কৰিবলগীয়া হৈছিল। আজি এণ্ড টু এণ্ড ডিজিটেল প্ৰচেছিঙৰ সহায়ত পেঞ্চনৰ নথি-পত্ৰৰ কাম  বহু আগতেই আৰম্ভ কৰা হয় আৰু প্ৰক্ৰিয়াটোৰ বহুখিনি অনলাইনলৈ স্থানান্তৰিত হৈছে, যাৰ ফলত বিলম্ব বহু পৰিমাণে হ্ৰাস পাইছে। তেওঁ কয়  যে চিচিএছ (পেঞ্চন) নিয়মসমূহ যুক্তিসংগত আৰু সৰল কৰা হৈছে। একাধিক ৰঙীন পেঞ্চন প্ৰ-পত্ৰৰ ঠাইত একক সংহত ডিজিটেল প্ৰ-পত্ৰৰ ব্যৱস্থা কৰা হৈছে। ঔপনিৱেশিক যুগৰ অচল বিধান আঁতৰোৱা হৈছে।  অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা আৰু পৃথক হোৱা কন্যাক দীৰ্ঘদিনীয়া আইনী পদ্ধতি অবিহনে পৰিয়ালৰ পেঞ্চনৰ বাবে যোগ্য কৰি তোলা  আৰু দহ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ আগতে কোনো কৰ্মচাৰীৰ মৃত্যু হলে  পৰিয়াল পেঞ্চন প্ৰদান কৰাৰ উদাহৰণো তেওঁ দাঙি ধৰে। ।

মন্ত্ৰীগৰাকীয়ে নিৰুদ্দেশ হোৱা কৰ্মচাৰী সম্পৰ্কীয় নিয়ম সংশোধনৰ কথাও উল্লেখ কৰে।  এনে পৰিস্থিতিত পৰিয়ালসমূহে পূৰ্বে পেঞ্চনৰ সুবিধা লাভ কৰিবলৈ সাত বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। বিশেষকৈ যিবোৰ অঞ্চলত পূৰ্বে আইন-শৃংখলাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেইবোৰ অঞ্চলত কষ্ট হ্ৰাস কৰিবলৈ এই ব্যৱস্থাটো সংশোধন কৰা হৈছে। ডিজিটেল লাইফ চাৰ্টিফিকেট (ডি এল চি) সন্দৰ্ভত ড০ জিতেন্দ্ৰ সিঙে কয় যে এই অভিযান গণ আন্দোলনত পৰিণত হৈছে। হাজাৰ হাজাৰ চহৰত এই বিষয়ক  শিবিৰৰ আয়োজন কৰা হয় আৰু বৃদ্ধ পেঞ্চনাৰসকলৰ সুবিধাৰ বাবে মুখ চিনাক্তকৰণ প্ৰযুক্তি প্ৰৱৰ্তন কৰা হৈছে।  বিশেষকৈ য’ত বায়’মেট্ৰিক প্ৰমাণীকৰণ বিফল হ’ব পাৰে। তেওঁ কয় যে এই সুবিধাৰ দ্বাৰা লাখ লাখ পেঞ্চনাৰ লাভাৱান্বিত হৈছে, ফলত তেওঁলোকে মোবাইল ফোন  ব্যৱহাৰ কৰি ঘৰৰ পৰাই আৰামত  লাইফ চাৰ্টিফিকেট  জমা দিব পাৰে।

তেওঁ লগতে অনলাইন পেঞ্চন প্ৰক্ৰিয়াকৰণৰ বাবে “ভৱিষ্য” পৰ্টেল, পেঞ্চন প্ৰদানকাৰী বেংকসমূহক একক উইণ্ড’ ব্যৱস্থাত একত্ৰিত কৰা, ঠাইতে অভিযোগ নিৰাময়ৰ বাবে নিয়মীয়া পেঞ্চন আদালত আৰু বৰ্ধিত অনুদানৰ জৰিয়তে পেঞ্চনাৰসকলৰ কল্যাণমূলক সংস্থাসমূহ শক্তিশালী কৰা আদি পদক্ষেপসমূহৰ বিষয়ত  আলোকপাত কৰে। এই হস্তক্ষেপসমূহৰ জৰিয়তে দশক দশক ধৰি বিচাৰাধীন হৈ থকা গোচৰকে ধৰি কেইবাটাও দীৰ্ঘদিনীয়া গোচৰৰ সমাধান কৰা হৈছে।ড০ জিতেন্দ্ৰ সিঙে কয় যে চৰকাৰৰ পদক্ষেপে  কেৱল নতুন নিয়ম সৃষ্টি কৰাই নহয়, আজিৰ সামাজিক প্ৰেক্ষাপটত প্ৰাসংগিকতা হেৰুৱাই পেলোৱা পুৰণি তথা  অপ্ৰয়োজনীয় নিয়মবোৰ আঁতৰোৱাতো  গুৰুত্ব আৰোপ কৰিছে। তেওঁ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক বিকশিত ভাৰতৰ দিশত ভাৰতে কৰা  যাত্ৰাত একো একোগৰাকী  সক্ৰিয় অংশীদাৰ বুলি উল্লেখ কৰি অৱসৰৰ পিছতো সমাজলৈ নিজৰ অভিজ্ঞতাৰ ভিত্তিত অৱদান আগবঢ়াবলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে অৱসৰৰ পূৰ্বে পৰামৰ্শ দানৰ এনে  পদক্ষেপে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক অৱসৰৰ পিছৰ জীৱনৰ পৰিকল্পনা কৰাত সহায় কৰিব। লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অবিৰত অংশগ্ৰহণৰ  ফলত চৰকাৰো  লাভাৱান্বিত  হ’ব পাৰিব।

 

 

 

 

*****


NKR/SR/DM


(ৰিলিজ আই ডি : 2231867) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: Gujarati , Bengali-TR , English , Urdu , हिन्दी , Tamil