ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ হকে ভাৰতৰ প্ৰস্তুতি প্ৰদৰ্শন কৰি, সাৰ্বভৌম এআই ক্লাউড সক্ষম কৰিবলৈ ইয়োট্টা আৰু ভাষীণিৰ সহযোগিতা
ক্লাউড সেৱা আগবঢ়োৱা আন্তৰ্জাতিক বৃহৎ প্ৰতিষ্ঠানৰ পৰা ভাৰতীয় সাৰ্বভৌম অপাৰেটৰলৈ হোৱা উন্নীতকৰণৰ জৰিয়তে প্ৰতিফলিত হয় যে কেনেকৈ ভাষীণিৰ ৰাষ্ট্ৰীয় ভাষাৰ এ আই মঞ্চ আৰু ইয়োট্টাৰ থলুৱা ক্লাউড তথা জি পি ইউ আন্তঃগাঁথনিৰ সমন্বয়ে ব্যাপক পৰিসৰত অতি গুৰুত্বপূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তাৰ সুবিধা দিয়ে।
এই যৌথ পদক্ষেপে সাৰ্বভৌম, ব্যাপক ব্যৱহাৰৰ কৃত্ৰিম বুদ্ধিমত্তা মঞ্চলৈ পৰিৱৰ্তন হোৱা ভাৰতীয় সংস্থাসমূহৰ বাবে এক ৰাষ্ট্ৰীয় প্ৰাসংগিক আন্তঃগাঁথনি প্ৰতিষ্ঠা কৰে।
পোষ্ট কৰা হৈছে:
09 FEB 2026 2:16PM by PIB Guwahati
ভাৰতৰ আগশাৰীৰ সাৰ্বভৌম ক্লাউড আন্তঃগাঁথনি আৰু প্লেটফৰ্ম সেৱা প্ৰদানকাৰী ইয়োট্টা ডাটা চাৰ্ভিচেছে আজি ইয়োট্টাৰ চৰকাৰী কমিউনিটি ক্লাউড (জিচিচি) আৰু শক্তি ক্লাউডত ভাষীণিৰ এণ্ড-টু-এণ্ড সাৰ্বভৌম এআই ক্লাউড ৰূপান্তৰৰ সফল প্ৰয়োগৰ কথা ঘোষণা কৰিছে। এই গুৰুত্বপূৰ্ণ পদক্ষেপে ইণ্ডিয়াএআই মিছনৰ উদ্দেশ্যসমূহৰ সৈতে ঘনিষ্ঠভাৱে সংগতি ৰখাৰ লগতে আত্মনিৰ্ভৰশীল আৰু ব্যাপক পৰিসৰৰ এআই ক্ষমতাৰ দিশত ভাৰতৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অগ্ৰগতি চিহ্নিত কৰে। ইয়াৰ জৰিয়তে ভাষীণিয়ে এতিয়া সম্পূৰ্ণৰূপে ভাৰতীয় ক্লাউড আৰু জি পি ইউ আন্তঃগাঁথনিত কাম কৰাৰ উপৰি ভাষাৰ তথ্য সংহতি, আৰ্হি আৰু নাগৰিকৰ পাৰস্পৰিক সম্পৰ্ক ভাৰতৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত থকাটো নিশ্চিত কৰা হৈছে।
ইয়োট্টা আৰু ডিজিটেল ইণ্ডিয়া ভাষীণি বিভাগৰ দ্বাৰা আয়োজিত এআই ইম্পেক্ট ছামিট ২০২৬-ৰ আনুষ্ঠানিক প্ৰাক-সন্মিলন অনুষ্ঠান ভাৰত কৃত্ৰিম বুদ্ধিমত্তা সাৰ্বভৌমত্ব আলোচনাত এই যুগান্তকাৰী বিকাশ প্ৰদৰ্শন কৰাৰ লগতে অনুষ্ঠানত মুকলি কৰা 'সাৰ্বভৌম এআই ক্লাউড ট্ৰান্সফৰ্মেচন ৰিপৰ্ট' ত লিপিবদ্ধ কৰা হৈছে। প্ৰতিবেদনখন বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ মহা কুম্ভ ২০২৫-ত এক বাস্তৱ-জগতৰ ব্যৱহাৰৰ জৰিয়তে আহৰণ কৰা হৈছে, য'ত ভাষীণিৰ বহুভাষিক এআই সেৱাসমূহ ব্যাপক পৰিসৰত পৰীক্ষা কৰা হৈছিল। ইয়োট্টাৰ এনভিডিয়া এইচ ১০০-সক্ষম শক্তি ক্লাউডৰ দ্বাৰা পৰিচালিত এই প্লেটফৰ্মে বহুভাষিক সহায়ক 'কুম্ভ সহ'এআইয়ক'ক ধৰি ১১টাৰো অধিক ভাৰতীয় ভাষাত বাস্তৱ-সময়ৰ অনুবাদ আৰু কণ্ঠ-ভিত্তিক সহায় আগবঢ়াইছিল।
এই প্ৰয়োগৰ জৰিয়তে ৪০শতাংশ পৰিৱেশন উন্নতি, ২০ ৰ পৰা ৩০ শতাংশ ব্যয় সঞ্চয়, আৰু বহনক্ষম ৯৯.৯৯ শতাংশ আপটাইম প্ৰদানৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ডিজিটেল ৰাজহুৱা সামগ্ৰীসমূহ ক্লাউড সেৱা আগবঢ়োৱা আন্তৰ্জাতিক বৃহৎ প্ৰতিষ্ঠানগত পৰিৱেশৰ পৰা থলুৱা ক্লাউড আন্তঃগাঁথনিলৈ স্থানান্তৰিত কৰাৰ দিশসমূহ প্ৰদৰ্শন কৰা হয়। ২০০ টেবিবাইটৰো অধিক তথ্য আৰু ৩.৫ বিলিয়নৰো অধিক ফাইলত কোনো তথ্য নেহেৰুৱাকৈ এয়া সম্ভৱ হৈছিল।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি ইণ্ডিয়া এ আই মিছনৰ চি ই অ’, ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক প্ৰধান তথা ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী অভিষেক সিং, আই এ এছ, এই কয়," ভাষীণিৰ থলুৱা ক্লাউড আৰু জি পি ইউ প্লেটফৰ্মলৈ সফল উন্নীতকৰণে প্ৰদৰ্শন কৰে যে ভাৰতে ৰাজহুৱা কল্যাণৰ বাবে ইয়াৰ সাৰ্বভৌম এ আই প্ৰণালী নিৰ্মাণ, বিকাশ আৰু সুৰক্ষিত কৰিব পাৰে। ই ব্যাপক পৰিসৰত নিৰ্ভৰযোগ্য, ৰিয়েল-টাইম, ভইচ-আধাৰিত সেৱা প্ৰদানকে ধৰি ভাৰতৰ অনন্য প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনোৱা সাৰ্বভৌম গণনা ক্ষমতা, আৰ্হি আৰু এআই এপ্লিকেচন স্থাপনৰ ইণ্ডিয়াএআই মিছনৰ দৃষ্টিভংগীক গুৰুত্ব দিয়ে।
মঞ্চৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি ডিজিটেল ইণ্ডিয়া ভাষীণি বিভাগৰ চিইঅ’ শ্ৰী অমিতাভ নাগে কয়,"ইয়োট্টাৰ সাৰ্বভৌম এআই ক্লাউডলৈ উন্নীতকৰণৰ ভাষীণিক অধিক নিয়ন্ত্ৰণ, স্থিতিস্থাপকতা আৰু পৰিসৰযোগ্যতা প্ৰদান কৰে কিয়নো ই ভাৰতৰ ভাষিক বৈচিত্ৰ্যৰ সেৱা অব্যাহত ৰাখিছে। এই পৰিৱৰ্তনে সৰ্বাত্মক, বাস্তৱ-সময়ৰ বহুভাষিক সেৱা প্ৰদান কৰাৰ আমাৰ ক্ষমতাক শক্তিশালী কৰে আৰু এ আই-ত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰতিফলিত কৰে। আমি সম্পূৰ্ণৰূপে সাৰ্বভৌম স্তৰলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে ই ভৱিষ্যতৰ নিয়োজনৰ বাবে এক পৰিকল্পনা হিচাপেও কাম কৰিব।"
ইণ্ডিয়াএআই মিছনৰ চিইঅ’ শ্ৰীমতী কবিতা ভাটিয়াই কয়," ভাষীণিৰ সম্পূৰ্ণ সাৰ্বভৌম এআই ক্লাউডলৈ পৰিৱৰ্তন ভাৰতীয় আন্তঃগাঁথনিৰ ওপৰত ব্যাপক পৰিসৰত এআই নিৰ্মাণৰ বাবে ইণ্ডিয়াএআই মিছনৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ই প্ৰদৰ্শন কৰে যে ৰাষ্ট্ৰীয় ডিজিটেল ৰাজহুৱা সামগ্ৰীসমূহ প্ৰদৰ্শনৰ সৈতে আপোচ নকৰাকৈ থলুৱা, মুকলি প্লেটফৰ্মত সুৰক্ষিতভাৱে বিকশিত কৰিব পাৰি। এই নিয়োজনৰ জৰিয়তে ভৱিষ্যতৰ ৰাজহুৱা খণ্ডৰ এআই পদক্ষেপৰ বাবে এক শক্তিশালী ব্লুপ্রিণ্ট নিৰ্ধাৰিত হৈছে। "
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি, ইয়োট্টা ডাটা চাৰ্ভিচেছৰ সহ-প্ৰতিষ্ঠাপক, পৰিচালন সঞ্চালক আৰু চিইঅ’ শ্ৰী সুনীল গুপ্তাই কয়,"শক্তি ক্লাউডত ইয়োট্টাৰ ভাছিনীৰ সফল নিয়োজনে ভাৰতৰ ডাটা সাৰ্বভৌমত্বৰ যাত্ৰাক এক নিৰ্ণায়ক মুহূৰ্ত চিহ্নিত কৰিছে। এই পৰিৱৰ্তনে আলোকপাত কৰে যে ক্লাউড সেৱা আগবঢ়োৱা আন্তৰ্জাতিক বৃহৎ প্ৰতিষ্ঠান, অতি গুৰুত্বপূৰ্ণ এআই প্লেটফৰ্মবোৰ কোনো আপোচ নকৰাকৈ সম্পূৰ্ণৰূপে সাৰ্বভৌম আন্তঃগাঁথনিৰ ওপৰত নিৰ্মাণ আৰু পৰিচালনা কৰিব পাৰি। এই প্ৰকল্পটোৱে মুকলি, আন্তঃব্যৱহাৰযোগ্য আন্তগাঁথনিৰ ওপৰত উন্নত এআই কাম-কাজ চলোৱাৰ ভাৰতৰ ক্ষমতাক বৈধতা প্ৰদান কৰে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ আৰু পৰিচালনা কৰাৰ ইয়োট্টাৰ ক্ষমতাক প্ৰতিফলিত কৰে। "
দুইৰ পৰা তিনি মাহৰ ভিতৰত কাৰ্য্যকৰী হোৱা এই প্ৰব্ৰজনত ভাষীণিৰ সম্পূৰ্ণ এআই কৰ্মক্ষেত্ৰ সামৰি লোৱা হয়, যাৰ ভিতৰত আছে বহুভাষিক ডাটাছেট, মডেল, এপিআই, কণ্টেইনাৰাইজড সেৱা, অর্কেষ্ট্ৰেশ্যন পাইপলাইন, ডাটাবেছ আৰু সংৰক্ষণ। এই নতুন ৰূপত মুক্ত-উৎস, ছফটৱেৰ আহিলাসমূহ গ্ৰহণ কৰাৰ জৰিয়তে দীৰ্ঘম্যাদী বিক্ৰেতা নিৰ্বিশেষ ব্যৱস্থা আৰু কৌশলগত স্বাধীনতা শক্তিশালী হয়।
এই পদক্ষেপ এক পৃথক আহিলা সম্বলিত ব্যৱস্থা আৰু পুনৰ ব্যৱহাৰযোগ্য মানসম্পন্ন ৰূপৰেখা হিচাপে প্ৰস্তুত কৰা হৈছে যাক মন্ত্ৰালয়, ৰাজহুৱা খণ্ডৰ গোট তথা বৃহৎ পৰিমাণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী সমূহত গ্ৰহণ কৰিব পাৰি। ই ক্লাউড সেৱা আগবঢ়োৱা আন্তৰ্জাতিক বৃহৎ প্ৰতিষ্ঠানৰ পৰা ভাৰতীয় ক্লাউড সেৱালৈ পৰিৱৰ্তনৰ বাবে এক স্পষ্ট পৰিকল্পনা প্ৰদান কৰে আৰু এআইক এক সুৰক্ষিত, অন্তৰ্ভুক্তিমূলক তথা সাৰ্বভৌম ৰাজহুৱা প্ৰণালী হিচাপে স্থাপন কৰাৰ ভাৰতৰ উচ্চাকাংক্ষাক শক্তিশালী কৰে যি অৰ্থনৈতিক বিকাশ, ডিজিটেল অন্তৰ্ভুক্তি আৰু প্ৰযুক্তিগত নেতৃত্বক সমৰ্থন কৰে।
ভাষীণিৰ বিষয়ে
ভাষীণি হৈছে এক এআই চালিত ভাষা অনুবাদ মঞ্চ, যি সাক্ষৰতা, ভাষা আৰু ডিজিটেল বিভাজনৰ মাজত সেতুবন্ধন স্থাপন কৰে। ভাষীণিত, আমি উদ্ভাৱনীমূলক ভইচ বহুভাষিক এআই সমাধানৰ জৰিয়তে যোগাযোগক পুনৰ সংজ্ঞায়িত কৰিছো। নিৰবিচ্ছিন্ন যোগাযোগৰ বাবে কণ্ঠ-ভিত্তিক বহুভাষিক সমাধানৰ জৰিয়তে ভাষা আৰু প্ৰযুক্তিক সকলোৰে বাবে সুলভ কৰি তোলা আৰু সৰ্বাত্মক প্ৰসাৰৰ বাবে ভাষা, সাক্ষৰতা আৰু ডিজিটেল বাধা অতিক্ৰমি সহযোগিতা আৰু উদ্ভাৱনক চালিত কৰা সৰ্ববৃহৎ সহ-সৃষ্টি এআই মঞ্চ উপলব্ধ কৰাই ইয়াৰ লক্ষ্য।
ভাৰত এ আই অভিযানৰ বিষয়ে
ইণ্ডিয়াএআই মিছন হৈছে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (এমইআইটিৱাই) অধীনত এক পদক্ষেপ, যাৰ লক্ষ্য হৈছে ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰা। এই অভিযানে শক্তিশালী এআই আন্তঃগাঁথনি নিৰ্মাণ, গণনা আৰু তথ্য সম্পদসমূহৰ প্ৰৱেশাধিকাৰ সক্ষম কৰা, থলুৱা এআই উদ্ভাৱনক উৎসাহিত কৰা, ষ্টাৰ্টআপ আৰু উদ্যোগসমূহক সমৰ্থন কৰা আৰু দায়িত্বশীল তথা সামগ্ৰিক এআই গ্ৰহণৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰ, উদ্যোগ, শিক্ষা আৰু ষ্টাৰ্টআপসমূহত কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ইণ্ডিয়াএআই মিছনে এআই সমাধানৰ বিকাশ আৰু প্ৰয়োগ ত্বৰান্বিত কৰাৰ প্ৰয়াসেৰে অৰ্থনৈতিক বিকাশক চালিত কৰে, ৰাজহুৱা সেৱা বৃদ্ধি কৰে, আৰু সামাজিক প্ৰভাৱ প্ৰদান কৰে।
****
MSZ/DD
(ৰিলিজ আই ডি : 2231692)
অতিথি কক্ষ : 9