গৃহ মন্ত্ৰালয়
আগৰতলাত পূব, উত্তৰ-পূব আৰু উত্তৰ অঞ্চলৰ যুটীয়া আঞ্চলিক চৰকাৰী ভাষা সন্মিলনত ভাষণ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবৈায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি দেশখনে নিজৰ ভাষা শিকিবলৈ, সেইবোৰ গ্ৰহণ কৰিবলৈ তথা সেইবোৰৰ গৌৰৱ বৃদ্ধিৰ বাবে দৃঢ়ভাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে
হিন্দী আৰু ভাৰতীয় ভাষাৰ মাজত কেতিয়াও কোনো বিবাদ হ’ব নোৱাৰে, কাৰণ এইবোৰ ইটোৱে-সিটোৰ ভগ্নী
চৰকাৰী ভাষা আৰু ভাৰতীয় ভাষাই নীতি নিৰ্ধাৰণততআ দেশ নিৰ্মাণৰ ক্ষেত্ৰত সৰ্বাধিক অৱদান আগবঢ়াব পাৰে
প্ৰতিগৰাকী পিতৃ-মাতৃয়ে ঘৰত মাতৃভাষাত কথা ক’ব লাগে আৰু সন্তানক নিজৰ ভাষা শিকাব লাগে, যাতে তেওঁলোকে নিজৰ চহকী ঐতিহ্য আৰু পৰম্পৰা বুজি পায়
উত্তৰ-পূৰ্বাঞ্চলত যি ধৰণৰ সাংস্কৃতিক সম্পদ আছে, পৃথিৱীৰ আন ক’তো সেয়া পোৱা নাযায়
শান্তি চুক্তিৰ জৰিয়তে মোদীয়ে উত্তৰ-পূবক সংঘাতৰ পৰা উন্নয়নৰ ভূমিলৈ ৰূপান্তৰিত কৰিছে
আগতে উত্তৰ-পূৰ্বাঞ্চলত বন্ধ আৰু অৱৰোধ আছিল যদিও আজি ইয়াত চৰকাৰী ভাষা সন্মিলনৰ দৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈছে
বিভিন্ন ভাষাৰ ৮৪ হাজাৰ শব্দ সন্নিৱিষ্ট কৰা চৰকাৰী ভাষা বিভাগৰ ‘হিন্দী শব্দ সিন্ধু’ অভিধানে সকলো ভাষাৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে
পোষ্ট কৰা হৈছে:
20 FEB 2026 8:36PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি ত্ৰিপুৰাৰ আগৰতলাত পূব, উত্তৰ-পূব, আৰু উত্তৰ অঞ্চলৰ যুটীয়া আঞ্চলিক চৰকাৰী ভাষা সন্মিলনত ভাষণ দিয়ে। এই উপলক্ষ্যে আয়োজিত সভাত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহা, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী বান্দী সঞ্জয় কুমাৰ, লোকসভাৰ সাংসদ শ্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু চৰকাৰী ভাষা বিভাগৰ সচিব শ্ৰীমতী অংশুলী আৰ্যৰ লগতে আন কেইবাজনো বিশিষ্ট বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে যেতিয়া সমগ্ৰ দেশ দাসত্বৰ শিকলিৰে বান্ধ খাইছিল তেতিয়া এজন যুৱক ছত্ৰপতি শিৱাজী মহাৰাজে দেশক মুক্ত কৰি স্বৰাজ প্ৰতিষ্ঠা কৰাৰ পণ লৈছিল। শ্ৰী শ্বাহে কয় যে পিছত ছত্ৰপতি শিৱাজী মহাৰাজে ‘হিন্দাৱী স্বৰাজ’ৰ ভেটি স্থাপন কৰিছিল। তেওঁ কয় যে স্ব-ভাষা, স্ব-ৰাষ্ট্ৰ আৰু স্ব-ধৰ্মৰ সুসম সংমিশ্ৰণৰ জৰিয়তে প্ৰকৃত আত্মশাসন লাভ কৰা যায়। তেওঁ কয় যে আজি হিন্দীয়ে নিজৰ পৰিচয়লৈ ঘূৰি লগতে এক বৃহৎ আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে বহু বছৰ ধৰি হিন্দী জাপি দিয়া হৈছে বুলি অপপ্ৰচাৰ চলিছিল। তেওঁ কয় যে হিন্দী আৰু আঞ্চলিক ভাষাৰ মাজত কেতিয়াও কোনো সংঘাত হ’ব নোৱাৰে, কাৰণ এই সকলোবোৰ একেগৰাকী মাতৃৰ পৰা জন্ম হোৱা ভগ্নীৰ দৰে—এইবোৰ একেলগে ডাঙৰ হৈ আগবাঢ়িছে। তেওঁ কয় যে বাংলা, গুজৰাটী, তামিল, তেলেগু বা মালয়ালম আদি ভাষাৰ লগত হিন্দী কেতিয়াও প্ৰতিযোগিতাত নামিব নোৱাৰে। তেওঁ লগতে কয় যে যেতিয়াই হিন্দীৰ প্ৰচাৰ হয় তেতিয়াই এই সকলোবোৰ ভাষাও স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি দেশখনে নিজৰ ভাষা শিকিবলৈ, সেইবোৰ গ্ৰহণ কৰিবলৈ আৰু সেইবোৰৰ গৌৰৱ বৃদ্ধিৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈছে। তেওঁ কয় যে এয়াও অপপ্ৰচাৰৰ জৰিয়তে বিয়পি পৰা এটা ভুল ধাৰণা যে আমাৰ নিজৰ ভাষাৰ প্ৰচাৰে আমাক গৱেষণা আৰু উন্নয়নৰ পৰা আঁতৰাই ৰাখিব আৰু বিশ্বৰ পৰা বিচ্ছিন্ন কৰিব। শ্ৰী শ্বাহে কয় যে জাৰ্মানীয়েই হওক বা জাপানেই হওক, কোৰিয়াই হওক বা ফ্ৰান্সেই হওক, ৰাছিয়াই হওক বা চীনেই হওক — এই সকলোবোৰ দেশেই শিক্ষাৰ পৰা আৰম্ভ কৰি দৈনন্দিন যোগাযোগ তথা গৱেষণালৈকে নিজৰ নিজৰ মাতৃভাষাত জ্ঞান আহৰণ কৰি আহিছে।
তেওঁলোকেও নিজৰ নিজৰ ভাষাত নিজৰ দেশসমূহ শাসন কৰে আৰু আজি এই সকলোবোৰ দেশ উন্নয়নৰ ক্ষেত্ৰত আগৰণুৱা হৈ পৰিছে। তেওঁ কয় যে এখন দেশৰ নিজৰ ভাষা কেতিয়াও ইয়াৰ বিকাশৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে; বৰঞ্চ নিজৰ ভাষাত নিজৰ কাম-কাজ, শিক্ষা আৰু প্ৰশাসন চলোৱা দেশে অধিক দ্ৰুতগতিত আগবাঢ়ি যায়। তেওঁ কয় যে শিশুক সহজভাৱে যিকোনো কথা বুজাবলৈ আটাইতকৈ ফলপ্ৰসূ মাধ্যম হ’ল শিশুটিৰ মাতৃভাষা।
শ্ৰী অমিত শ্বাহে কয় যে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে শিশুসকলক তেওঁলোকৰ মাতৃভাষাত প্ৰাথমিক শিক্ষা প্ৰদান কৰা হ’ব। তেওঁ কয় যে আচাৰ্য বিনোৱা ভাৱেই সমগ্ৰ জীৱন নাগৰী লিপিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ ভাৰতীয় ভাষাৰ প্ৰবল সমৰ্থক আৰু প্ৰশংসক আছিল আৰু সেইবোৰৰ প্ৰচাৰৰ বাবে আন্তৰিকতাৰে কাম কৰিছিল। তেওঁ কয় যে আচাৰ্য বিনোৱা ভাৱেই এই দিশত দুখোজ আগুৱাই চিন্তা কৰিছিল। তেওঁ স্বীকাৰ কৰিছিল যে ভাৰতবৰ্ষত নিজস্ব লিপি থকা বহু ভাষা আছে, একেদৰে সুকীয়া লিপি নথকা কেইবাটাও উপ-ভাষাও আছে। গতিকে এই উপ-ভাষাসমূহো সংৰক্ষণ তথা নথিভুক্ত কৰা উচিত। তেওঁ কয় যে যদি উপ-ভাষাসমূহ নথিভুক্ত আৰু সংকলন কৰিব লাগে তেন্তে ইয়াৰ বাবে এক উমৈহতীয়া লিপিৰ প্ৰয়োজন হ’ব, আৰু এই ধাৰণাৰ পৰাই নাগৰী লিপিৰ ধাৰণাটোৰ উন্মেষ ঘটিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰিছে এক বৃহৎ ইণ্ডিয়া এ আই ইমপেক্ট ছামিট, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পণ্ডিতসকলে অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে নাগৰী লিপিক কম্পিউটাৰৰ সৈতে অতি সামঞ্জস্যপূৰ্ণ আৰু অন্যতম বৈজ্ঞানিক লিপি বুলি গণ্য কৰা হয়। তেওঁ কয় যে সংস্কৃতেই হওক, হিন্দীয়েই হওক, নাগৰী লিপিয়েই হওক, যদি আমি নাগৰী লিপিক দেশৰ সকলো উপ-ভাষাৰ সৈতে সংযোগ কৰোঁ, তেন্তে আমাৰ দেশৰ ২০০০ৰো অধিক উপ-ভাষা সংৰক্ষণৰ কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ’ব,আৰু সেইবোৰ কেতিয়াও বিলুপ্ত নহ’ব। তেওঁ কয় যে এই উপ-ভাষাসমূহ সংৰক্ষণৰ বাবে আমি নাগৰী লিপিৰ আন্দোলনক আৰু অধিক শক্তিশালী কৰি ইয়াক আগুৱাই নিয়াৰ প্ৰয়োজন আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি কেইবাখনো গুৰুত্বপূৰ্ণ কিতাপ উন্মোচন কৰাৰ লগতে দৃষ্টিহীন লোকক এআই চালিত স্মাৰ্ট চছমা বিতৰণ কৰা হৈছে। এই চছমা বিশেষভাৱে হিন্দী আৰু বাংলাকে ধৰি বিভিন্ন ভাষাৰ লিখনী পঢ়িব পৰাকৈ ডিজাইন কৰা হৈছে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে বিষয়বস্তুসমূহ সহজে বুজিব পাৰিব। তেওঁ কয় যে এই কণ্ঠ ভিত্তিক নিয়ন্ত্ৰণ যন্ত্ৰটোৱে চাৰিওফালৰ পৰিৱেশৰ বৰ্ণনা, উচ্চস্বৰত পঢ়া, বহুভাষিক অনুবাদ সম্পন্ন কৰা আৰু অন্যান্য কাম সম্পন্ন কৰিবলৈ সক্ষম।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাকে ধৰি উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্য ‘অষ্টলক্ষ্মী’ নামেৰে জনাজাত, যি অঞ্চলটোৰ বৈচিত্ৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক। ২০১৪ চনৰ পূৰ্বে উত্তৰ-পূবত কেইবাটাও সশস্ত্ৰ সংগঠন সক্ৰিয় হৈ আছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে ২১ খন শান্তি চুক্তি স্বাক্ষৰিত হৈছে। যাৰ ফলস্বৰূপে ১১ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ-শস্ত্ৰ এৰি সমাজৰ মূলসুঁতিত যোগদান কৰিছে। তেওঁ কয় যে আজি অঞ্চলটো উন্নয়নৰ পথত অবিৰতভাৱে আগবাঢ়িছে। তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু বিনিয়োগো বৃদ্ধি পাইছে। বিগত দহ বছৰত এই শান্তি চুক্তিসমূহৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক সংঘাতৰ ভূমিৰ পৰা উন্নয়নৰ ভূমিলৈ ৰূপান্তৰিত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে ভাৰতীয় ভাষা আৰু চৰকাৰী ভাষাক শক্তিশালী কৰাৰ বাবে আটাইতকৈ উপযুক্ত স্থান হৈছে উত্তৰ-পূব, য’ত আঠখন ৰাজ্যত ২০০ৰো অধিক ভাষা আৰু উপ-ভাষা প্ৰচলিত হৈ আছে । তেওঁ কয় যে উত্তৰ-পূব ২০০ৰো অধিক জনজাতীয় জনগোষ্ঠীৰ বাসস্থান, ১৬০টা জনজাতীয় সম্প্ৰদায়ৰ থুপে এই অঞ্চলত বাস কৰে। ইয়াৰ উপৰি ইয়াত ৫০ টাতকৈও অধিক অনন্য উৎসৱ আৰু ৩০ টাতকৈও অধিক পৰম্পৰাগত নৃত্য আছে, যিবোৰ সমগ্ৰ দেশতে স্বীকৃতি আৰু প্ৰশংসিত হৈছে। তেওঁ কয় যে ভাৰতৰ যিকোনো ঠাইত যদি সংস্কৃতিৰ বিশাল ভঁৰাল আছে তেন্তে সেয়া আমাৰ উত্তৰ-পূৰ্বাঞ্চলতেই আছে।
শ্ৰী অমিত শ্বাহে কয় যে য’তেই সংস্কৃতি চহকী হয় ত'তেই ভাষাও চহকী হয়, কাৰণ সজীৱ ভাষা অবিহনে এটা সজীৱ সংস্কৃতিৰ অস্তিত্ব থাকিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ভাষাৰ নামত বিবাদৰ সৃষ্টি কৰাসকলে যদি ভাষাৰ সহাৱস্থান বুজিব বিচাৰে তেন্তে তেওঁলোকে ত্ৰিপুৰা ভ্ৰমণ কৰিব লাগে। তেওঁ কয় যে ভাষাক লৈ ত্ৰিপুৰাত কেতিয়াও কোনো সংঘাত হোৱা নাই আৰু ইয়াৰ তিনিওটা স্থানীয় ভাষাই সমান্তৰালভাৱে বৃদ্ধি আৰু অগ্ৰগতি লভিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী ভাষা কেৱল যোগাযোগৰ মাধ্যমেই হ’ব নালাগে। তেওঁ উল্লেখ কৰে যে নীতি নিৰ্ধাৰণ আৰু দেশ নিৰ্মাণৰ প্ৰসংগ আহিলে চৰকাৰী ভাষা আৰু আমাৰ ভাৰতীয় ভাষাইহে সৰ্বাধিক অৱদান আগবঢ়াব পাৰে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বহু বিশিষ্ট ব্যক্তিয়ে হিন্দীৰ জৰিয়তে সমগ্ৰ দেশ আৰু বিশ্বত অঞ্চলটোলৈ স্বীকৃতি কঢ়িয়াই আনিছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে ড° ভূপেন হাজৰিকা, ত্ৰিপুৰাৰ পুত্ৰ এছ ডি বৰ্মন আৰু আৰ ডি বৰ্মন, ছিকিমৰ ডেনি ডেনজংপা আৰু জুবিন গাৰ্গৰ লগতে আন বহুজনে হিন্দীৰ জৰিয়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। তেওঁলোকৰ বাবে হিন্দী হৈ পৰিছিল ৰাষ্ট্ৰীয় স্তৰলৈ শ্ৰোতা-দৰ্শকৰ মাজলৈ যোৱাৰ এক মঞ্চ। চৰকাৰী ভাষাই সমগ্ৰ দেশৰ সৈতে সংযোগ স্থাপনৰ মাধ্যম হিচাপে কাম কৰে আৰু প্ৰতিখন ৰাজ্যৰ ক্ষেত্ৰতো একে নীতি প্ৰযোজ্য।
শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ জীৱন চৰকাৰী ভাষাৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা অধিকাংশ মহান ব্যক্তি হিন্দীভাষী অঞ্চলৰ নহয়। তথাপি এই বিশিষ্ট ব্যক্তিসকলে হিন্দীক চৰকাৰী ভাষা হিচাপে প্ৰচাৰ কৰাই নহয়, দেশৰ সংযোগী ভাষা হিচাপেও ইয়াৰ তীব্ৰ পোষকতা কৰিছিল, কাৰণ তেওঁলোকে বুজি পাইছিল যে দেশক আগুৱাই নিবলৈ হ’লে চৰকাৰী ভাষাক শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰী ভাষা বিভাগে ভাৰতী - বহুভাষী অনুবাদ সাৰথি, স্মৃতিভিত্তিক অনুবাদ ব্যৱস্থা ‘কান্তস্থ’ আৰু ‘হিন্দী শব্দ-সিন্ধু’ আদিৰ দৰে উল্লেখযোগ্য পদক্ষেপ আৰম্ভ কৰিছে। বিশেষকৈ ‘হিন্দী শব্দ-সিন্ধু’ হৈছে এখন বিস্তৃত অভিধান, য’ত ভাৰতৰ বিভিন্ন ভাষাৰ ৮৪ হাজাৰ শব্দ হিন্দীত সন্নিৱিষ্ট কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে সকলো ভাৰতীয় ভাষাৰ দ্বাৰা ৰাজভাষা হিন্দীক আৰু অধিক সমৃদ্ধ তথা সম্পূৰ্ণ কৰি তোলা। এতিয়ালৈকে এই গ্ৰন্থৰ ১৩টা খণ্ড ভাৰতৰ ৰাষ্ট্ৰপতিৰ নামত উচৰ্গা কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সকলো অভিভাৱককে ঘৰতে নিজৰ সন্তানৰ সৈতে একান্তভাৱে মাতৃভাষাত কথা পাতিবলৈ আৰু শিশুসকলক মাতৃভাষা শিকোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে যদি কোনো শিশু নিজৰ মাতৃভাষাৰ পৰা বঞ্চিত হয়, তেন্তে তেওঁলোক স্থানীয় সাহিত্য, কবিতা, ফকৰা-যোজনা, নিজৰ অঞ্চলৰ ইতিহাস আৰু শেষত আমাৰ সমগ্ৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰিব। যদি আমি আমাৰ সন্তানক ভাৰতৰ সৈতে, নিজ নিজ ৰাজ্যৰ সৈতে, আমাৰ মূল্যবোধৰ সৈতে, আমাৰ সংস্কৃতিৰ সৈতে সংযুক্ত কৰি ৰাখিব বিচাৰো, তেন্তে সকলো মাতৃ-পিতৃকে ঘৰতে নিজৰ সন্তানৰ সৈতে মাতৃভাষাত কথা-বতৰা পাতিবলৈ আন্তৰিকতাৰে অনুৰোধ জনালো। যেতিয়া শিশুৱে নিজৰ ভাষা শিকে আৰু কয় তেতিয়া তেওঁলোকৰ প্ৰকাশভংগীৰ শক্তি, বিশ্লেষণাত্মক ক্ষমতা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষমতা বহুগুণে বৃদ্ধি পাব। এই সকলোবোৰ গুণ ভাষাৰ লগত গভীৰভাৱে জড়িত হৈ আছে।
****
RR/PR/PS/DM
(ৰিলিজ আই ডি : 2231150)
অতিথি কক্ষ : 3