গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি অসমৰ নাথানপুৰ গাঁৱত ৬,৮৩৯ কোটি টকাৰ সজীৱ গাঁও কাৰ্যসূচী-২ (VVP-II) মুকলি কৰে।
আগতে সীমান্তৱৰ্তী গাঁওক দেশৰ শেষ গাঁও বুলি কোৱা হৈছিল। মোদী জীয়ে সিদ্ধান্ত লৈছে যে সীমান্তত অৱস্থিত প্ৰতিখন গাঁও ভাৰতৰ প্ৰথম গাঁও হ'ব।
আজি আৰম্ভ হোৱা সজীৱ গাঁও কাৰ্যসূচী-২ ৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহক আন সকলো গাঁৱৰ দৰেই সুবিধা প্ৰদান কৰা হ’ব।
আমাৰ দলৰ চৰকাৰে অসমত বোমা বিস্ফোৰণ আৰু বিদ্ৰোহ নাইকিয়া কৰিছে।
আমাৰ ১০ বছৰীয়া শাসনকালত আমি সিমানখিনি লাভ কৰিছো যিটো ৫০ বছৰতো পূৰ্বৰ চৰকাৰসমূহে লাভ কৰিব পৰা নাছিল ।
আমাৰ চৰকাৰে অসমৰ উন্নয়নৰ বাবে এক লাভজনক ঔদ্যোগিক নীতি প্ৰৱৰ্তন কৰিছে।
অনাগত দিনত অসমে দেশৰ উন্নত ৰাজ্যসমূহৰ শাৰীত উপবিষ্ট হ'ব, ইয়াৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈছে সজীৱ গাঁও-দ্বিতীয় কাৰ্যসূচী।
পোষ্ট কৰা হৈছে:
20 FEB 2026 4:27PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ নাথানপুৰ গাঁৱত ৬,৮৩৯ কোটি টকাৰ সজীৱ গাঁও কাৰ্যসূচী-২ (VVP-II) শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় গৃহ সচিবকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে আজি আৰম্ভ হোৱা ভাইব্ৰেণ্ট গাঁও-২ কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বৰাক উপত্যকা তথা অসমৰ সীমান্তৱৰ্তী জিলাসমূহৰ সকলো গাঁৱলৈ ভাৰতৰ অন্যান্য গাঁৱত উপলব্ধ সুবিধাসমূহ প্ৰদানৰ প্ৰচেষ্টা হাতত লৈছে। এয়া সময়ত উন্নয়ন, কৰ্মসংস্থাপন, বিদ্যুৎ সংযোগ, শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকাৰ বাবেই সীমান্তৱৰ্তী গাঁওবোৰক দেশৰ শেষ গাঁও বুলি কোৱা হৈছিল। তেওঁ কয় যে ভাইব্ৰেণ্ট ভিলেজ-১ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে সিদ্ধান্ত লৈছিল যে সীমান্তত অৱস্থিত প্ৰতিখন গাঁও শেষ গাঁও নহয়, বৰঞ্চ ভাৰতৰ প্ৰথম গাঁও। শ্ৰী শ্বাহে কয় যে আজিৰে পৰা অসমৰ এই গাঁওখনো দেশৰ প্ৰথম গাঁও হ’বলৈ গৈ আছে। কেৱল উন্নয়নৰ ক্ষেত্ৰতে নহয়, কৰ্মসংস্থাপন, শিক্ষা, পথ আৰু দূৰসংযোগৰ ক্ষেত্ৰতো এই গাঁওসমূহ দেশৰ প্ৰথম গাঁও হিচাপে পৰিগণিত হ’ব বুলি তেওঁ কয়। শ্ৰী অমিত শ্বাহে কয় যে প্ৰায় ৬,৯০০ কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা ভাইব্ৰেণ্ট ভিলেজ-২ -এ অসমৰ ৯ খন জিলা, ২৬টা ব্লক আৰু ১৪০ খন গাঁৱৰ লগতে ১৭ খন ৰাজ্যৰ ৩৩৪ টা ব্লকত থকা ১,৯৫৪ খন গাঁৱক সামৰি লৈছে। তেওঁ কয় যে অসমৰ এই ১৪০ খন গাঁৱত ভাৰতৰ প্ৰতিখন গাঁৱৰ দৰে সম্পূৰ্ণ সা-সুবিধা প্ৰদান কৰা হ’ব। তেওঁ কয় যে এই কাৰ্যসূচীত অৰুণাচল প্ৰদেশ, বিহাৰ, গুজৰাট, জম্মু-কাশ্মীৰ, লাডাখ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগৰ গাঁওসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰী শ্বাহে কয় যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৩৪টা ব্লকত প্ৰায় ২০০০ গাঁৱৰ উন্নয়নৰ বাবে প্ৰায় ৭,০০০ কোটি টকাৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে। তেওঁ কয় যে ইয়াত নিৰাপত্তা, আঁচনিৰ পৰিপূৰকতা আৰু সংযোগৰ সৈতে জড়িত বহু আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰী অমিত শ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহে বছৰ বছৰ ধৰি অসমত শাসন কৰিছিল যদিও ৰাজ্যখনৰ উন্নয়নৰ বাবে একোৱেই কৰা নাছিল। তেওঁ কয় যে আমাৰ ১০ বছৰীয়া শাসনকালত আমি সেইখিনি লাভ কৰিছো যিটো পূৰ্বৰ চৰকাৰসমূহে ৫০ বছৰতো কৰিব নোৱাৰিলে। তেওঁ কয় যে যোৱা ৫ বছৰত অসমত প্ৰতিদিনে ১৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, যিটো ভাৰতৰ ভিতৰতে সৰ্বোচ্চ। তেওঁ কয় যে অসমত ২৪ হাজাৰ কিলোমিটাৰৰো অধিক পথ উন্নীতকৰণ কৰা হৈছে, অসংখ্য দলং নিৰ্মাণ কৰা হৈছে আৰু আমাৰ ডাবল ইঞ্জিন চৰকাৰে বিগত ১০ বছৰত চাৰিখন বৃহৎ নতুন দলং অসমৰ ৰাইজক উপহাৰ দিছে।
কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দল ক্ষমতালৈ অহাৰ সময়ত অসমত দৰিদ্ৰতা ৩৭ শতাংশ আছিল, যিটো ২০২৩ চনত ১৪ শতাংশলৈ হ্ৰাস পাইছিল।
তেওঁ কয় যে ২০১৩-১৪ চনত অসমৰ জনমূৰি আয় ৪৯,০০০ টকা আছিল, যিটো ২০২৪-২৫ চনত তিনিগুণ বৃদ্ধি পাই ১৫৪,০০০ হৈছে। শ্বাহে লগতে কয় যে অসমৰ জনসাধাৰণৰ মনত যি আস্থাৰ ভাব জাগ্ৰত হৈছে সেয়া সুশাসন আৰু শান্তিৰ বাবেই হৈছে। তেওঁ লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও পূৰ্বতে ৰাজ্যখনত জুৰুলা কৰা বোমা বিস্ফোৰণৰ ঘটনা আৰু আন্দোলন আদি নাইকিয়া কৰিছে।
অমিত শ্বাহে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ উল্লেখযোগ্য কেন্দ্ৰ হৈ পৰিছে আৰু অসমে ২৭,০০০ কোটি টকাৰ অৰ্ধপৰিবাহী উদ্যোগ এটা লাভ কৰিছে। তেওঁ লগতে কয় যে মোদী চৰকাৰে পথ উন্নয়নৰ বাবে ৩০ হাজাৰ কোটি, ৰে’লৱেৰ বাবে ৯৫ হাজাৰ কোটি, আৰু বিমানবন্দৰৰ বাবে ১০ হাজাৰ কোটি টকা আবণ্টন দিছে। তেওঁ লগতে কয় যে অসমৰ উন্নয়নৰ বাবে এক লাভজনক ঔদ্যোগিক নীতি প্ৰৱৰ্তন কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অনাগত দিনত অসমে দেশৰ উন্নত ৰাজ্যসমূহৰ শাৰীত যোগদান কৰিব, আৰু ভাইব্ৰেণ্ট ভিলেজ-২ কাৰ্যসূচী এই পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ উপাদান। তেওঁ কয় যে সীমান্তৱৰ্তী প্ৰতিখন গাঁৱক দেশৰ আন গাঁৱৰ দৰে উন্নত কৰি তোলাটো আমাৰ চৰকাৰৰ সংকল্প। সীমান্তৰ পৰা প্ৰব্ৰজন নহ’ব, অনুপ্ৰৱেশকাৰীয়ে সীমান্ত পাৰ হৈ প্ৰৱেশ কৰিব নোৱাৰিব । এনেদৰে এখন সুৰক্ষিত অসমৰ মাজেৰে এখন নিৰাপদ ভাৰতৰো কল্পনা কৰা হৈছে। শ্ৰী শ্বাহে কয় যে আজি বৰাক উপত্যকাৰ পৰা ভাইব্ৰেণ্ট গাঁও-২ কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ইয়াৰ দ্বাৰা ১৭ খন ৰাজ্যৰ সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়ন সম্ভৱ হৈ পৰিব।
*****
आरआर / पीआर/DM
(ৰিলিজ আই ডি : 2230787)
অতিথি কক্ষ : 14