গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম বংগৰ নদিয়াত শ্ৰীলা ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীৰ ১৫২ সংখ্যক জয়ন্তী উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জী আৰু এ চি ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীয়ে শ্ৰী চৈতন্য মহাপ্ৰভু জীয়ে আৰম্ভ কৰা ভক্তি পৰম্পৰাক আগুৱাই লৈ গৈ সমগ্ৰ বিশ্বৰ কল্যাণৰ পথ প্ৰশস্ত কৰিছিল

শ্ৰী চৈতন্য মহাপ্ৰভু জীয়ে গীতাৰ গভীৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ সহজ আৰু সুলভ ৰূপত প্ৰেৰণ কৰি আধ্যাত্মিক চেতনা জাগ্ৰত কৰিছিল

ইস্কনে সকলোকে গীতাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰত ভ্ৰমণ কৰা বিদেশৰ প্ৰতিগৰাকী ৰাষ্ট্ৰপতি বা মন্ত্ৰীলৈ গীতা উপহাৰ হিচাপে আগবঢ়াই আহিছে

ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীয়ে ধৰ্মক গোড়া পৰম্পৰা আৰু সংকীৰ্ণতাৰ পৰা মুক্ত কৰিছিল, আধুনিকতা ধৰ্মৰ বিৰোধী নহয়, বৰঞ্চ ইয়াৰ সংগী বুলি প্ৰমাণ কৰিছিল

ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জী আৰু এ চি ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ বাবে আজি ইস্কনে সমগ্ৰ বিশ্বতে সনাতন ধৰ্মৰ পতাকা কঢ়িয়াই লৈ ফুৰিছে

শ্ৰীকৃষ্ণৰ এক বিলিয়ন নাম জপ কৰাৰ সংকল্প সম্পূৰ্ণ কৰি ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীয়ে তপস্যা, ত্যাগ, অনুশাসনৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছিল

হৰিচন্দ ঠাকুৰ জী আৰু গুৰুচন্দ ঠাকুৰ জীয়ে ‘মতুৱা মহাসংঘ’ৰ জৰিয়তে সমাজৰ কল্যাণ তথা সামাজিক সম্প্ৰীতিৰ এক নতুন দিশ উন্মোচন কৰিছিল

দুৰ্যোগৰ সময়ত সাহায্য আৰু শিক্ষা, স্বাস্থ্যসেৱা তথা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ইস্কনেও দেশৰ সেৱাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে

মায়াপুৰত ইস্কনে বিকশিত কৰি থকা আধ্যাত্মিক কেন্দ্ৰ বিশ্বৰ কল্যাণৰ বাবে উৎসৰ্গিত এক বিশ্বজোৰা কেন্দ্ৰত পৰিণত হ’ব

পোষ্ট কৰা হৈছে: 18 FEB 2026 6:45PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি পশ্চিমবংগৰ নদিয়াত  শ্ৰীলা ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীৰ ১৫২ সংখ্যক  জয়ন্তীৰ অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকি  ভাষণ দিয়ে। অনুষ্ঠানত  কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ লগতে আন কেইবাগৰাকীও  বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মায়াপুৰত ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জী আৰু এ চি ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীয়ে শ্ৰী চৈতন্য মহাপ্ৰভু জীয়ে আৰম্ভ কৰা ভক্তি আন্দোলনক আগুৱাই নিয়াই নহয়, ইয়াক আধুনিকীকৰণ কৰি সমগ্ৰ বিশ্বৰ যুৱক-যুৱতী আৰু জনসাধাৰণৰ কল্যাণৰ পথ প্ৰশস্ত কৰিলে। তেওঁ কয় যে তেওঁৰ জীৱনকালত শ্ৰী চৈতন্য মহাপ্ৰভু জীয়ে ভাৰত আৰু বিশ্বত অজ্ঞানতাৰ অন্ধকাৰত নিমজ্জিত লাখ লাখ লোকক মুক্ত কৰাৰ বাবে ভক্তিৰ পথ আলোকিত কৰিছিল।

শ্ৰী শ্বাহে উল্লেখ কৰে  যে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ অস্তিত্ব বিলুপ্ত কৰি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিত নিমগ্ন হয় তেতিয়াই মংগল সাধন হয়। তেওঁ উল্লেখ কৰে যে শ্ৰী চৈতন্য মহাপ্ৰভু জীয়ে কীৰ্তন, ভক্তিমূলক সংগীত, নৃত্যৰ জৰিয়তে গীতাৰ গভীৰ বাৰ্তা সমগ্ৰ পূব ভাৰতত সহজ আৰু সুলভভাৱে প্ৰচাৰ কৰি লাখ লাখ জীৱনত ভক্তিৰ প্ৰদীপ জ্বলাইছিল। তেওঁ কয় যে এই আন্দোলনক ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীয়ে  আধুনিকতাৰ সৈতেও সংযুক্ত কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে আজি শ্ৰী চৈতন্য মহাপ্ৰভু জীৰ ভক্তি আন্দোলনৰ ধ্বজাবাহক  তথা গৌড়িয় পন্থাৰ প্ৰতিষ্ঠাপক ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীৰ ১৫২ সংখ্যক জয়ন্তী। তেওঁ কয় যে শ্ৰীকৃষ্ণৰ এক বিলিয়ন নাম জপ কৰাৰ সংকল্প পূৰণ কৰি ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীয়ে তপস্যা, ত্যাগ আৰু অনুশাসনৰ এক অনন্য আদৰ্শ দাঙি ধৰিছিল। শ্ৰী শ্বাহে কয় যে ইয়াৰ জৰিয়তে ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীয়ে সমগ্ৰ জীৱন শ্ৰীকৃষ্ণৰ ওচৰত উৎসৰ্গা কৰিছিল। ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীয়ে ধৰ্মক কঠোৰ পৰম্পৰা আৰু সংকীৰ্ণতাৰ পৰা মুক্ত কৰিছিল,  আধুনিকতা ধৰ্মৰ বিৰোধী নহয়, বৰঞ্চ ইয়াৰ সংগী বুলি প্ৰমাণ কৰিছিল। তেওঁৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি শ্ৰী শ্বাহে উল্লেখ কৰে যে তেওঁ ছপাশালক ‘বৃহদ মৃদাং’ বুলি অভিহিত কৰিছিল, প্ৰেছত ছপা হোৱা গ্ৰন্থই কেনেকৈ সাগৰৰ মাজেৰে ভ্ৰমণ কৰি বিশ্বজুৰি ভক্তি বিয়পাব পাৰে সেই বিষয়ে তেওঁ প্ৰকাশ কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  কয় যে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি অদম্য আৰু একচেটিয়া ভক্তিয়েহে সামাজিক বাধা  ভংগ কৰাৰ সাহস দিয়ে। যিসকলে ঈশ্বৰক হৃদয়ত থাপি ৰাখে, তেওঁলোকে নিজকে সকলোৰে দাস বুলি গণ্য কৰে। তেওঁ কয়  যে প্ৰকৃত গুৰু হ’ল সেইজন যিয়ে সেৱাৰ মনোভাৱেৰে শিষ্যসকলক সৰুৰে পৰা সৰ্বোচ্চ উচ্চতালৈ উন্নীত কৰিব পাৰে। শ্ৰী শ্বাহে ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীক গুৰুৰ ভূমিকাৰ মৰ্যাদা তথা সাৰমৰ্মক বিশ্বৰ আগত পৰিচয় কৰাই দিয়া আৰু জাতিগত বাধা ভংগ কৰাৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা হাতত লোৱা এজন প্ৰকৃত গুৰু বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে বিচ্ছিন্নতাৰ অৰ্থ  জগতখনক সম্পূৰ্ণৰূপে পৰিত্যাগ কৰা নহয়, বৰঞ্চ অশুভ ভাবনা ত্যাগ কৰি সমগ্ৰ জগতখনক ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত নিয়োজিত কৰা।

শ্ৰী অমিত শ্বাহে লগতে কয় যে বহুতে ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীক এক জীৱন্ত বিশ্বকোষ হিচাপে গণ্য কৰে। গণিত আৰু সংস্কৃতৰ গভীৰ জ্ঞান থাকিলেও তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সকলো উৎসৰ্গা কৰি ভক্তি পথত জীৱন অতিবাহিত কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে মায়াপুৰ ধামত গঢ়ি উঠা আধ্যাত্মিক কেন্দ্ৰটোৱে কেৱল দেশকেই  নহয়, বিশ্বজুৰি ভক্তসকলকো সেৱা আগবঢ়াব আৰু আগন্তুক প্ৰজন্মলৈ ভক্তি পথৰ পথ প্ৰদৰ্শন কৰি যাব। মায়াপুৰত ইস্কনে বিকশিত কৰি থকা আধ্যাত্মিক কেন্দ্ৰটো বিশ্বৰ কল্যাণৰ বাবে উৎসৰ্গিত এক বিশ্বজোৰা  কেন্দ্ৰ  হিচাপে পৰিগণিত হ’ব। শ্ৰী শ্বাহে কয় যে ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জীৰ অন্যতম বৃহৎ অৱদান আছিল পৰম্পৰাক আগুৱাই নিবলৈ এ.চি.ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ দৰে শিষ্যক প্ৰস্তুত  কৰি তোলা।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভক্তিসিদ্ধান্ত সৰস্বতী ঠাকুৰ জী আৰু এ চি ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ কৰ্মৰ আধাৰতে   আজি ইস্কনে সমগ্ৰ বিশ্বতে সনাতন ধৰ্মৰ পতাকা উৰুৱাইছে। তেওঁ কয় যে হৰিচন্দ ঠাকুৰ জী আৰু গুৰুচন্দ ঠাকুৰ জীয়ে ‘মতুৱা মহাসংঘ’ৰ জৰিয়তে সমাজৰ কল্যাণ আৰু সামাজিক  সম্প্ৰীতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিছিল। শ্ৰী শ্বাহে কয়, ইস্কনে সকলোকে গীতাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰত ভ্ৰমণ কৰা প্ৰতিগৰাকী বিদেশৰ  ৰাষ্ট্ৰপতি বা মন্ত্ৰীক গীতা উপহাৰ হিচাপে আগবঢ়াই আহিছে । তেওঁ লগতে কয় যে ইস্কনে ভাৰতৰ পৰম্পৰা আৰু শাস্ত্ৰৰ বিষয়ে  প্ৰচাৰ কৰি ভক্তি আন্দোলনক শক্তিশালী কৰাই নহয়, সেৱাৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ কয় যে দুৰ্যোগৰ সময়ত সাহায্যমূলক কাম ,  শিক্ষা, স্বাস্থ্যসেৱা তথা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে ইস্কনে দেশৰ সেৱাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। বিনামূলীয়া খাদ্য বিতৰণ আৰু চিকিৎসালয় তথা  মহাবিদ্যালয় স্থাপনৰ পৰা আৰম্ভ কৰি পৰিৱেশ ব্যৱস্থা শক্তিশালীকৰণ ,  ভাৰতীয় উৎসৱৰ সৈতে যুৱক-যুৱতীসকলক পুনৰ সংযোগ কৰালৈকে ইস্কনে সামাজিক উত্থানৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছে।

 

***

RK/PR/PS/SK/DM


(ৰিলিজ আই ডি : 2230088) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Gujarati , Kannada