প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

পোষ্ট কৰা হৈছে: 18 FEB 2026 2:04PM by PIB Guwahati

ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম পেট্টেৰী অৰপোৱে আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

দুয়োখন ৰাষ্ট্ৰই গ্ৰহণ কৰা বাণিজ্য দুগুণ কৰাৰ লক্ষ্যৰ জৰিয়তে অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী হৈ উঠিছে।

দুয়োগৰাকী নেতাই ৬জি, উদ্ভাৱন, পৰিষ্কাৰ শক্তি, জৈৱ ইন্ধন, চক্ৰীয় অৰ্থনীতি আদিৰ দৰে ভৱিষ্যতৰ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে।

এক্সত পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

‘ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেট্টেৰী অৰপোৰ সৈতে বিস্তৃত আলোচনা কৰিলো।

ভাৰত-ইউৰোপৰ সম্পৰ্কত এক সোণালী যুগৰ সূচনা কৰা ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি তেওঁৰ ব্যক্তিগত সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো। ভাৰত আৰু ফিনলেণ্ডে বাণিজ্য দুগুণ কৰাৰ লক্ষ্য লোৱাৰ জৰিয়তে অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী হৈ উঠিছে। আমি ৬জি, উদ্ভাৱন, পৰিষ্কাৰ শক্তি, জৈৱ ইন্ধন, চক্ৰীয় অৰ্থনীতি আদিৰ দৰে ভৱিষ্যতৰ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰিছো।

@PetteriOrpo’

“Keskustelin laaja-alaisesti Suomen pääministerin Petteri Orpon kanssa.

Kiitin häntä hänen henkilökohtaisesta tuestaan Intian ja EU:n vapaakauppasopimukselle, joka merkitsee kultakautta Intian ja Euroopan suhteissa. Intian ja Suomen tavoitteena on keskinäisen kaupan kaksinkertaistaminen, mikä vahvistaa taloussuhteita merkittävästi. Keskustelimme myös yhteistyön syventämisestä tulevaisuuden teknologioissa, kuten 6G:ssä, sekä innovaatioiden, puhtaan energian, biopolttoaineiden, kiertotalouden ja muiden alojen parissa.

@PetteriOrpo”

***

MJPS/SR/DD


(ৰিলিজ আই ডি : 2229570) অতিথি কক্ষ : 9