উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

এনইএছআইডিএছ-ৰ অধীনত অনুমোদিত প্ৰকল্পসমূহ

পোষ্ট কৰা হৈছে: 12 FEB 2026 2:41PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ অধীনত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (এনইএছআইডিএছ)ক ২০১৭-১৮ চনত নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে অনুমোদন জনোৱাৰ লগতে দুটা উপাদানত পুনৰ্গঠন কৰা হয় যথাঃ ২০২২-২৩ চনত এনইএছআইডিএছ (পথ) আৰু এনইএছআইডিএছ (পথ আন্তঃগাঁথনিৰ বাহিৰে)। যোৱা দুটা বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২৩-২৪ বিত্তীয় বৰ্ষ, ২০২৪-২৫ বিত্তীয় বৰ্ষ আৰু চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষ (৩১.০১.২০২৬ তাৰিখলৈকে) এনইএছআইডিএছ-ৰ অধীনত ৪৭০৩.৮১ কোটি টকাৰ মুঠ ৮২ টা প্ৰকল্পলৈ অনুমোদন জনোৱা হৈছে। এনইএছআইডিএছ-ৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ ৰাজ্যভিত্তিক বিৱৰণ তলত সংলগ্ন কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে এনইএছআইডিএছ-কে ধৰি বিভিন্ন আঁচনিৰ অধীনত ড’নাৰ মন্ত্ৰালয়ে অনুমোদন জনোৱা প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰকল্পসমূহ সময়ে সময়ে ড’নাৰ মন্ত্ৰালয়, উত্তৰ-পূব পৰিষদ আৰু ক্ষেত্ৰ কাৰিকৰী সহায়ক গোট (এফটিএছইউ)ৰ বিষয়াসকলে নিৰীক্ষণ আৰু পৰিদৰ্শন কৰে। ড’নাৰ মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ নিষ্পাদন ক্ষিপ্ৰ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ সৈতে নিয়মীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। ড’নাৰ মন্ত্ৰালয়ৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ প্ৰকল্পসমূহৰ গুণগত মান নিৰীক্ষক/তৃতীয় পক্ষৰ কাৰিকৰী পৰিদৰ্শন সংস্থা (পিকিউএম/টিপিটিআই) প্ৰৱৰ্তন কৰা হৈছে।

এনইএছআইডিএছ(পথ)ৰ অধীনত অঞ্চলটোৰ ৰাজ্যসমূহৰ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাশালী সমিতি (এছ এল ই চি)য়ে তেওঁলোকৰ প্ৰয়োজন, প্ৰাথমিকতা আৰু ব্যৱধান অনুসৰি পথ/সেতু আৰু সহায়ক আন্তঃগাঁথনিত ভৌতিক সম্পত্তি সৃষ্টিৰ দিশত নেতৃত্ব দিয়া প্ৰকল্পসমূহৰ পৰামৰ্শ দিয়ে। একেদৰে এনইএছআইডিএছ (OTRI)ৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ এছ এল ই চি য়ে, তেওঁলোকৰ প্ৰয়োজন, প্ৰাথমিকতা আৰু ব্যৱধান অনুসৰি প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱা, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা, পানী যোগান, ঔদ্যোগিক উন্নয়ন, ক্ৰীড়া, টেলিকম আদিৰ বাবে আন্তঃগাঁথনি সৃষ্টিৰ দিশত নেতৃত্ব দিয়া প্ৰকল্পসমূহৰ পৰামৰ্শ দিয়ে।

 

 

 

অনুবন্ধ

এনইএছআইডিএছ-ৰ অধীনত অনুমোদিত প্ৰকল্পসমূহৰ ৰাজ্যভিত্তিক বিৱৰণ

ক্ৰমিকনং

ৰাজ্য

প্ৰকল্পৰ সংখ্যা

অনুমোদিত ব্যয় (কোটি টকা হিচাপত)

অৰুণাচল প্ৰদেষ

১২

৬৩৯.৫৬

অসম

১৪

১৭৬৪.৩৯

মণিপুৰ

১১

৪৪০.৩০

মেঘালয়

২৬৬.৬৬

মিজোৰাম

১৩

৪৫৯.০৮

নাগালেণ্ড

১২

৩৮১.৫০

ছিক্কিম

২৩২.০১

ত্ৰিপুৰা

১২

৫২০.৩১

মুঠ

৮২

৪৭০৩.৮১

 

এই তথ্য উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰদান কৰে।

 

*****

PS/KB


(ৰিলিজ আই ডি : 2227065) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: Manipuri , English , Urdu , हिन्दी