ভুবিজ্ঞান মন্ত্ৰালয়
সংসদৰ প্ৰশ্নঃ বতৰ বিজ্ঞান কেন্দ্ৰ স্থাপন
পোষ্ট কৰা হৈছে:
12 FEB 2026 12:51PM by PIB Guwahati
যোৱা এটা বছৰত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) সমগ্ৰ ভাৰতত ৩ টা ডপলাৰ ৱেদাৰ ৰাডাৰ (ডি ডব্লিউ আৰ) (ৰায়পুৰ আৰু মাংগালোৰত ২ টা চি-বেণ্ড ৰাডাৰ আৰু অসমৰ যোৰহাটত এটা এক্স-বেণ্ড ডি ডব্লিউ আৰ) আৰু ২০০ টা স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰ (এ ডব্লিউ এছ) স্থাপন কৰিছে।
বৰ্তমান ৪৮ টা ডি ডব্লিউ আৰ নেটৱৰ্কে দেশৰ মুঠ এলেকাৰ প্ৰায় ৯২ শতাংশ সামৰি লৈছে আৰু সমগ্ৰ দেশৰ উপকূলীয়, পাহাৰীয়া আৰু দ্বীপ অঞ্চলত ডি ডব্লিউ আৰৰ পৰিসৰত কিছু ব্যৱধান আছে। সমগ্ৰ হিমালয় অঞ্চলত ৰাডাৰ নিৰীক্ষণ উন্নত কৰাৰ উদ্দেশ্যে আই এম ডিয়ে পশ্চিম হিমালয় অঞ্চলৰ লেহ, বনিহাল, জম্মু, শ্ৰীনগৰ, লেন্সডাউন, মুক্তেশ্বৰ, সুৰকান্দা দেৱী, জোট, মুৰাৰী দেৱী, কুফ্ৰি আদি স্থানত মুঠ ১০ টা ডি ডব্লিউ আৰ স্থাপন কৰিছে, যিসমূহ বৰ্তমান কাৰ্যকৰী হৈ আছে। পূব হিমালয় অঞ্চলত বৰ্তমান মোহনবাৰী, চেৰাপুঞ্জী, আগৰতলা আৰু যোৰহাটত ৰাডাৰসমূহ কাৰ্যক্ষম হৈ আছে। উপকূলীয় ৰাজ্যসমূহত- তিৰুৱনন্তপুৰম, কোচি, মাংগালোৰ, মুম্বাই, ভেৰাৱলী, মুম্বাই (জুহু), মুম্বাই (পানভেল), মুম্বাই (কল্যাণ), মুম্বাই (ভাচাই), গোৱা আৰু ভূজত অৱস্থিত পশ্চিম উপকূলৰ সৈতে ১১ টা ৰাডাৰে কাম কৰি আছে আৰু চেন্নাই, গোপালপুৰ, পাৰাদীপ, কাৰাইকাল, এন আই অ’ টি চেন্নাই, মছিলিপট্টনম, বিশাখাপট্টনম, শ্ৰীহৰিকোটা (ইছৰো)ৰ পূব উপকূলৰ সৈতে ৮ টা ৰাডাৰ কাৰ্যক্ষম হৈ আছে।
এইক্ষেত্ৰত কোনো বিশেষ বিলম্ব হোৱা নাই। অৱশ্যে কোনো কোনো ক্ষেত্ৰত কাৰিকৰীভাৱে উপযুক্ত স্থান আৰু সম্পৰ্কিত সুবিধাৰ অভাৱৰ বাবে কিছু বিলম্ব হৈছে। বৰ্তমান ব্যক্তিগত বা শৈক্ষিক নেটৱৰ্কৰ পৰা উপলব্ধ তথ্য ব্যৱহাৰ কৰাৰ কোনো প্ৰস্তাৱ নাই।
বৰ্তমানৰ ডি ডব্লিউ আৰ নেটৱৰ্কে দেশৰ ভৌগোলিক এলেকাৰ প্ৰায় ৯২ শতাংশ সামৰি লৈছে। তদুপৰি কেন্দ্ৰীয় ভূবিজ্ঞান মন্ত্ৰ্যালয়ে ৰাজ্য চৰকাৰসমূহৰ সৈতে ‘ৱেদাৰ ইনফৰ্মেচন নেটৱৰ্ক এণ্ডা ডাটা ছিষ্টেম’ (ডব্লিউ আই এন ডি এছ)ৰ অধীনত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰ (এ ডব্লিউ এছ) স্থাপনৰ ক্ষেত্ৰত ব্লক/তেহচিল পৰ্যায়ত এ ডব্লিউ এছৰ দেশজোৰা নেটৱৰ্ক আৰু গ্ৰাম পঞ্চায়ত পৰ্যায়ত স্বয়ংক্ৰিয় বৰষুণ মাপক (এ আৰ জি) স্থাপন কৰিছে।
কেন্দ্ৰীয় ভূবিজ্ঞান বিভাগৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড০ জিতেন্দ্ৰ সিঙে ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত ৰাজ্যসভাত এই তথ্য দাখিল কৰিছিল।
*****
NKR/JP/SG /NB
(ৰিলিজ আই ডি : 2226954)
অতিথি কক্ষ : 6