কৃষি মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেট, ২০২৬–২৭ ঐতিহাসিক, ভৱিষ্যৎবাদী; বাজেটখনে উত্তৰ-পূৰ্বাঞ্চলক ব্যাপক উদ্দীপনা যোগাইছেঃ শিৱৰাজ সিং চৌহান
অসমত এমএছপি-ত ৬০,৫০০ মেট্ৰিক টন ৰেপচিড/সৰিয়হ ক্ৰয়ত অনুমোদন
পোষ্ট কৰা হৈছে:
11 FEB 2026 4:28PM by PIB Guwahati
কেন্দ্ৰীয় গ্ৰামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীত কেন্দ্ৰীয় বাজেট, ২০২৬-২৭ সন্দৰ্ভত এখনি সংবাদমেল সম্বোধন কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বাজেটখন ঐতিহাসিক আৰু ভৱিষ্যৎবাদী। এই বাজেটে ৰাষ্ট্ৰখনৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ ইতিবাচক পৰিৱৰ্তনৰ সঞ্চাৰ কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে বাজেটখনে এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে আৰু ই ২০৪৭-ৰ ভিতৰত এখনি আত্ম-নিৰ্ভৰ, সবল তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ এক শক্তিশালী ভেটি স্থাপন কৰিছে। তেওঁ কয় যে বাজেটখনে সৰ্বাংগীন বিকাশ আৰু সামাজিক সমৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপেৰে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে সুবিধাসমূহ লাভ কৰাটো নিশ্চিত কৰিছে।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰৰ দায়বদ্ধতাত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়লৈ (MDoNER) ৬,৮১২ কোটি টকা আবন্টন জনোৱা হৈছে। এই পৰিমাণ পূৰ্বৰ বাজেটতকৈ ৮৯৭ কোটি টকা অধিক। এনে বৰ্ধিত আবন্টনে অঞ্চলটোৰ উন্নয়নক ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্যৰ সাক্ষ্য বহন কৰিছে বুলিও তেওঁ কয়।
অসমৰ প্ৰেক্ষাপটত তেওঁ কয় যে ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে কৰ বিভাজনৰ দিশত ৪৯,৭২৫ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। ২০১৪-ৰ পৰা অসমে কৰ বিভাজনৰ জৰিয়তে প্ৰায় ৩.১২ লাখ কোটি টকা লাভ কৰিছে। বাজেটত ঘোষণা কৰা স্বাস্থ্যসেৱা পদক্ষেপসমূহ অনুসৰি পাঁচ বছৰৰ বাবে ১০,০০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া বাঅ’ফাৰ্মা শক্তিৰ (SHAKTI-জ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে স্বাস্থ্যসেৱাৰ অগ্ৰগতি কৌশল) লক্ষ্য হৈছে অ-সংক্ৰামক ৰোগৰ ক্ৰমবৰ্ধমান সমস্যা লাঘৱ কৰিবলৈ জৈৱিক আৰু বাঅ’চিমিলাৰৰ ঘৰুৱা সামৰ্থ্যক সুদৃঢ় কৰা। এই পদক্ষেপৰ অংশ হিচাপে নাইপাৰ (NIPER), গুৱাহাটীৰ দৰে বৰ্তমানৰ প্ৰতিষ্ঠানসমূহক উন্নীতকৰণ কৰা হ’ব, যিয়ে অঞ্চলটোৰ গৱেষণা, উদ্ভাৱন আৰু দক্ষ জনশক্তিৰ বিকাশত অৰিহণা যোগাব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু জনায় যে এই বছৰ কৃষি বাজেট ১,৩২,৫৬১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ জৰিয়তে কৃষকসকলৰ কল্যাণ সাধনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক অধিক সুদৃঢ় কৰা হৈছে। উদ্ভাৱন আৰু বৈজ্ঞানিক অগ্ৰগতিক প্ৰসাৰিত কৰিবলৈ কৃষি শিক্ষা আৰু গৱেষণাৰ বাবে ৯,৯৬৭ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। সুলভ মূল্যৰ সাৰৰ উপলব্ধতা নিশ্চিত আৰু কৃষকসকলৰ উৎপাদন ব্যয় হ্ৰাস কৰিবলৈ ১,৭০,৯৪৪ কোটি টকাৰ সাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে।
গ্ৰামোন্নয়ন মন্ত্ৰালয় সন্দৰ্ভত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইবাৰ ইয়াৰ বাজেট ২১ শতাংশ বৃদ্ধি কৰা হৈছে বুলি অৱগত কৰে। ইয়াৰ ভিতৰত ‘ভিবি - জি ৰাম জি’ আইনখনৰ বাবে ১.৫১ লাখ কোটি টকাৰো অধিক ধনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বিপৰীতে পূৰ্বৰ এমজিএনৰেগা আইনৰ অধীনত মাত্ৰ ৮৬ হাজাৰ কোটি টকা ধাৰ্য্য কৰা হৈছিল।
ইয়াত মন্ত্ৰীগৰাকীয়ে লগতে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ৰাজ্যখনত মূল্য সমৰ্থন আঁচনিৰ অধীনত ন্যূনতম সমৰ্থন মূল্যত ৰবি ২০২৬ বতৰৰ বাবে ৬০,৫০০ মেট্ৰিক টন ৰেপচিড/সৰিয়হ ক্ৰয়ৰ ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে বুলি ঘোষণা কৰে। উক্ত অনুমোদনৰ ফলশ্ৰুতিত কৃষকসকলৰ পাৰিতোষিক মূল্য নিশ্চিত হ’ব আৰু তেওঁলোকৰ লোকচান নহ’ব। তেওঁ আৰু অৱগত কৰে যে দাইলত আত্ম-নিৰ্ভৰতা অভিযানৰ অধীনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে অসমলৈ ১০৪.১৭ কোটি টকা আবন্টন জনোৱা হৈছে।
সংবাদমেলখনিত অসমৰ কৃষি মন্ত্ৰী শ্ৰী অতুল বৰা তথা অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পালো উপস্থিত থাকে।



***
KSY/PG/SS/SB
(ৰিলিজ আই ডি : 2226538)
অতিথি কক্ষ : 11