ৰেল মন্ত্ৰালয়
উত্তৰ-পূবৰ উন্নয়নৰ নতুন গতিঃ গুৱাহাটী ৰে'ল ষ্টেচনত অশ্বিনী বৈষ্ণৱে আৰম্ভ কৰিলে বিশেষ আতিথ্য সেৱা
অশ্বিনী বৈষ্ণৱে মুকলি কৰিলে ছাইৰাং - শিলচৰ ৰে'ল , উত্তৰ-পূবৰ ৰে'ল সংযোগত নতুন জোৱাৰ
পোষ্ট কৰা হৈছে:
09 FEB 2026 4:31PM by PIB Guwahati
ৰে’ল সংযোগক শক্তিশালী কৰি উত্তৰ-পূবৰ উন্নয়নক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথান ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অসমৰ গুৱাহাটী ৰে’ল ষ্টেচনত বিশেষ আতিথ্য প্ৰদান সেৱাৰ শুভাৰম্ভ কৰে। তেওঁ ছাইৰাং আৰু শিলচৰৰ মাজত নতুন ৰে'ল সেৱাও মুকলি কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমা; শিলচৰৰ সংসদ সদস্য শ্ৰী পৰিমল শুক্লবৈদ্য; ৰাজ্যসভাৰ সদস্য শ্ৰী কনদ পুৰকায়স্থ; আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।
ছাইৰাং - শিলচৰ যাত্ৰীবাহী ৰে’লখনে মিজোৰামৰ ৰাজধানীক অসমৰ বৰাক উপত্যকাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰি আঞ্চলিক সংহতিৰ উন্নতি সাধন কৰিব। ৰে’লখনে লগতে ছাত্ৰ-ছাত্ৰী, দৈনিক যাতায়তকাৰী আৰু ৰোগীসকলক নিৰাপদ, দ্ৰুত তথা আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদান কৰিব। একে সময়তে গুৱাহাটী ৰে’লৱে ষ্টেচনত শ্লিপিং পড, আধুনিক শীততাপ নিয়ন্ত্ৰিত লাউঞ্জ, বিভিন্ন খাদ্যৰ ৰেষ্টুৰেণ্টকে ধৰি আধুনিক আতিথ্যৰ সুবিধাই যাত্ৰীৰ আৰাম বৃদ্ধি কৰিব তথা বিশুদ্ধ, স্বচ্ছ, আৰু গ্ৰাহক অনুকূল ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব। এই সুবিধাসমূহে ভ্ৰমণকাৰীসকলক নিৰাপদ, সুবিধাজনক আৰু জিৰণি লোৱাৰ উপযুক্ত পৰিৱেশ প্ৰদান কৰিব। ফলত সামগ্ৰিকভাৱে ষ্টেচনৰ ব্যৱহাৰযোগ্যতা উন্নত হৈ পৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠান উপলক্ষ্যে প্ৰদান কৰা ভাষণত শ্ৰী বৈষ্ণৱে কয় যে চৰকাৰে যোৱা দশকত অঞ্চলটোৰ বাবে ৰে’ল খণ্ডৰ পুঁজি যথেষ্ট বৃদ্ধি কৰিছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় বাজেট ২০২৬ ২৭ত অভিলেখসংখ্যক ১১,৪৮৬ কোটি টকা আবণ্টন দিয়া হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোত ইতিমধ্যে প্ৰায় ৭২,৪৬৮ কোটি টকাৰ প্ৰকল্প চলি আছে। যিয়ে সংযোগ আৰু আন্তঃগাঁথনিৰ বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এনে মনোনিৱেশে প্ৰধানমন্ত্ৰীৰ এই বিশ্বাসকেই প্ৰতিফলিত কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন এখন “বিকশিত ভাৰত”ৰ অবিচ্ছেদ্য অংগ। এনে উন্নয়নৰ লগতে প্ৰতিটো অঞ্চলে একেলগে আগবাঢ়িব লাগিব। তেওঁ কয় যে ৰে’ল সংযোগে কেৱল যাত্ৰীক চলাচলৰ সুবিধা প্ৰদান কৰাই নহয়, ই অৰ্থনৈতিক কাৰ্যকলাপো বৃদ্ধি কৰে, সামগ্ৰীৰ সহজ চলাচল সক্ষম কৰি তোলে, বাণিজ্যকভাবে সকলোকে লাভাৱান্বিত কৰে আৰু স্থানীয় সামগ্ৰীৰ বাবে বজাৰ মুকলি কৰে। শ্ৰী বৈষ্ণৱে লগতে এই বিষয়ত আলোকপাত কৰে যে মিজোৰামৰ ৰাজধানীক ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰা বৈৰবি–ছাইৰাং ৰে’লপথটো এক ঐতিহাসিক আৰু কাৰিকৰীভাৱে প্ৰত্যাহ্বানমূলক প্ৰকল্প হিচাপে পৰিগণিত হৈছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা এই ৰে’ল সংযোগক অতিৰিক্ত ৰে’ল সেৱাৰ দ্বাৰা আৰু অধিক উন্নত কৰা হ’ব। ফলত মিজোৰামৰ পৰা অসম আৰু ইয়াৰ বাহিৰলৈ সংযোগৰ সুবিধা বৃদ্ধি হ’ব। তেওঁ কয় যে ছাইৰাং আৰু শিলচৰৰ মাজত আৰম্ভ হোৱা নতুন যাত্ৰীবাহী ৰে’ল সেৱাই আঞ্চলিক সংহতিৰ যথেষ্ট উন্নতি সাধন কৰিব। ইয়াৰ ফলত উজনি অসম, মিজোৰাম আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ বাসিন্দাসকল উপকৃত হ’ব।অনুষ্ঠানত উপস্থিত থাকি শ্ৰী লালডুহোমাই ৰে’ল মন্ত্ৰী গৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মিজোৰাম আৰু অসমক সংযোগ কৰা বিভিন্ন ৰে’ল প্ৰকল্প তথা পদক্ষেপৰ বিষয়ত আলোকপাত কৰে। তেওঁ কয় যে এনে পদক্ষেপে অঞ্চলটোক উপকৃত কৰিব। উল্লেখ্য যোৱা দশকত উত্তৰ-পূবৰ ৰে’লৱেৰ মানচিত্ৰ দ্ৰুতগতিত ৰূপান্তৰিত হৈছে। দীৰ্ঘদিনীয়া প্ৰকল্পসমূহ বাস্তৱত পৰিণত হৈছে আৰু ৰাজ্যসমূহৰ ৰাজধানীসমূহ ৰাষ্ট্ৰীয় নেটৱৰ্কৰ সৈতে ক্ৰমাগতভাৱে সংযোগ কৰা হৈছে । যোৱা বছৰ মিজোৰামৰ ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰাবী–ছাইৰাং ব্ৰড গজ লাইন আৰম্ভ হোৱাৰ ফলত আইজলক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’লৱেৰ মানচিত্ৰত স্থান দিয়া সম্ভৱ হৈছিল। শিলচৰলৈকে যাত্ৰী সেৱা সম্প্ৰসাৰণে এতিয়া এই সংযোগক অধিক আগুৱাই লৈ গৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ গতিশীলতা উন্নত হৈছে আৰু বৃদ্ধিৰ দিশত আগবাঢ়িছে।
*****
Dharmendra Tewari/ Dr. Nayan Solanki/ Manik Sharma/DM
(ৰিলিজ আই ডি : 2225683)
অতিথি কক্ষ : 3