জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ জনজাতীয় লোকসকলৰ বাবে জীৱিকা কাৰ্যসূচী

পোষ্ট কৰা হৈছে: 05 FEB 2026 2:37PM by PIB Guwahati

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দুৰ্গাদাস উইকীয়ে আজি লোকসভাত জনায় যে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ দুটা সংস্থা ট্ৰাইবেল কো-অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেচন অব ইণ্ডিয়া (ট্ৰাইফেড) আৰু ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্ত আৰু উন্নয়ন নিগম (এনএছটিএফডিচি)ৰ জৰিয়তে সমগ্ৰ ভাৰতৰ জনজাতীয় লোকসকলক জীৱিকা, উদ্যমিতা আৰু উপাৰ্জন সৃষ্টিৰ ক্ষেত্ৰত সহায় আগবঢ়াই আহিছে।

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে ট্ৰাইফেডৰ জৰিয়তে ‘প্ৰধানমন্ত্ৰী জনজাতি বিকাশ মিছন (পিএম জে ভি এম)’ আঁচনিখন ৰূপায়ণ কৰি আছে, যিয়ে জনজাতীয় উদ্যমিতাৰ পদক্ষেপসমূহক শক্তিশালী কৰা আৰু অধিক দক্ষ, ন্যায়সংগত, স্ব-পৰিচালিত, প্ৰাকৃতিক সম্পদ, কৃষি/ক্ষুদ্ৰ বনজ সামগ্ৰী (এম এফ পি)/অনা-কৃষিজাত সামগ্ৰীৰ সৰ্বোত্তম ব্যৱহাৰৰ প্ৰচাৰৰ জৰিয়তে জীৱিকাৰ সুযোগ সহজ কৰি তোলাৰ পৰিকল্পনা কৰিছে। আঁচনিখনৰ অধীনত, এম এফ পি/নন-এম এফ পিৰ মূল্য সংযোজন সম্পৰ্কীয় কাম-কাজত কেন্দ্ৰ হিচাপে থকা প্ৰতিটো বন ধন বিকাশ কেন্দ্ৰ (ভি ডি ভি কে) স্থাপনৰ বাবে ৰাজ্য চৰকাৰসমূহক ১৫ লাখ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। ২০১৯-২০ত এই কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছৰে পৰা অসমত ১,৫০,৭৬৫ সদস্যক সংযুক্ত কৰি ৪৯৫ টা ভি ডি ভি কেৰ বাবে ৭,৪২৫ লাখ টকাৰ অনুমোদন জনোৱা হৈছে। এইবোৰৰ ভিতৰত ১,৬২৩.৩৬ লাখ টকা বিক্ৰীৰ সৈতে ৩৫৯ টা ভি ডি ভি কে কাৰ্য্যকৰী হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰি ট্ৰাইফেডে জনজাতীয় শিল্পীসকল আৰু যোগান ধৰোতাসকলৰ বাবে প্ৰয়োজনীয় সংযোগ প্ৰদান কৰে, ধাতু শিল্প, বস্ত্ৰ, গহনা, চিত্ৰকলা, বেত আৰু বাঁহ, টেৰাকোটা আৰু মৃৎশিল্পৰ লগতে জৈৱিক আৰু প্ৰাকৃতিক খাদ্য সামগ্ৰীসহ বিভিন্ন শ্ৰেণীত জনজাতীয় লোকে উৎপাদন কৰা সামগ্ৰীৰ বিপণনৰ সুবিধা প্ৰদান কৰে। এই সামগ্ৰীসমূহ অনলাইন আৰু অফলাইন দুয়োখন প্লেটফৰ্মৰ জৰিয়তে বিক্ৰী কৰা হয়। তদুপৰি ট্ৰাইফেডে জনজাতীয় শিল্পীসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ, সম্ভাব্য ক্ৰেতাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু তেওঁলোকৰ উদ্যমিতাৰ সুযোগ বৃদ্ধি কৰিবলৈ এখন মঞ্চ প্ৰদান কৰাৰ বাবে উৎসৱ, প্ৰদৰ্শনী আৰু বাণিজ্য মেলাসমূহৰ আয়োজন কৰে আৰু এনে মেলাত অংশগ্ৰহণ কৰে। অসমত ৯,৫৪৩ টা পৰিয়ালৰ সৈতে জড়িত ১,০৮৭ গৰাকী জনজাতীয় শিল্পী/যোগান ধৰোতাক তালিকাভুক্ত কৰা হৈছে আৰু ৫ খন ট্ৰাইবছ ইণ্ডিয়া বিপণী স্থাপন কৰা হৈছে। অসমত থকা ট্ৰাইবছ ইণ্ডিয়াৰ বিপণী সমূহৰ সবিশেষ তলত দিয়া হৈছেঃ

ক্ৰমিক নং

বিপণীৰ নাম

ঠিকনা

ট্ৰাইবছ ইণ্ডিয়া, শিল্পগ্ৰাম

এন ই জেড চি চি চৌহদ, শংকৰদেৱ কলাক্ষেত্ৰৰ সমীপত, গুৱাহাটী

ট্ৰাইবছ ইণ্ডিয়া, মণিপুৰ ভৱন

মণিপুৰ ভৱন, এএছইবি ৰোড, গুৱাহাটী

ট্ৰাইবছ ইণ্ডিয়া, আৰ্টফেড

এ কে আজাদ ৰোড, ৰিহাবাৰী, গুৱাহাটী

ট্ৰাইবছ ইণ্ডিয়া, বিমানবন্দৰ, গুৱাহাটী

প্রস্থান লাউঞ্জ এৰিয়া, গুৱাহাটী বিমানবন্দৰ

ট্ৰাইবছ ইণ্ডিয়া, বঙাইগাঁও

বিজিআৰ টাউনশ্বিপ চৌহদ, চিৰাং, বিটিআৰ অসম।

 

তদুপৰি পিএম জে ভি এম আঁচনিৰ অধীনত ক্ষুদ্ৰ বনজ সামগ্ৰী (এম এফ পি)ৰ অংশৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এম এছ পি)ৰ অধীনত, এম এফ পি ক্ৰয়ৰ বাবে অসমলৈ ৬৬.৯৩৫ লাখ টকাৰ ঘূৰ্ণীয়মান পুঁজি মুকলি কৰা হৈছে, যাৰ বিপৰীতে এইপৰ্যন্ত ১০২.৪১ লাখ টকাৰ ১৯১.১১ মেট্ৰিক টন এম এফ পি ক্ৰয় কৰা হৈছে।

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্ত আৰু উন্নয়ন নিগমে (এন এছ টি এফ ডি চি) যোগ্য অনুসূচিত জনজাতি ব্যক্তি/এছ এইচ জিক উপাৰ্জন সৃষ্টিকাৰী কাম-কাজ আৰু স্ব-নিয়োজনৰ বাবে ৰেহাই হাৰত ঋণ প্ৰদান কৰি ঋণ সংযোগৰ সুবিধা প্ৰদান কৰিছে, এইদৰে উদ্যমিতাক উৎসাহ যোগাইছে। এন এছ টি এফ ডি চিৰ মূল আঁচনিসমূহ তলত দিয়াধৰণৰঃ

  • নিৰ্দিষ্ট ম্যাদৰ ঋণ আঁচনিঃ এন এছ টি এফ ডি চিয়ে প্ৰতিটো গোটক ৫০ লাখ টকালৈকে যোগ্য প্ৰকল্পৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰে। এই আঁচনিৰ অধীনত প্ৰকল্প ব্যয়ৰ ৯০ শতাংশলৈকে পুঁজি যোগান ধৰা হয় আৰু বাকী পৰিমাণটো ৰাজসাহায্য, প্ৰমোটাৰৰ বৰঙণি বা মাৰ্জিন মানিৰ জৰিয়তে সামৰি লোৱা হয়।
  • আদিবাসী মহিলা সশক্তিকৰণ যোজনা (এ এম এছ ৱাই): অনুসূচিত জনজাতিৰ মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণৰ বাবে এক সমৰ্পিত আঁচনি, প্ৰকল্প ব্যয়ৰ ৯০ শতাংশপৰ্যন্ত প্ৰতি বছৰে ৪ শতাংশ উচ্চ ৰেহাই সুতৰ হাৰত প্ৰতিটো প্ৰকল্পত ২ লাখ টকালৈকে ঋণ প্ৰদান।
  • আত্মসহায়ক গোটসমূহৰ বাবে ক্ষুদ্ৰ ঋণ আঁচনি (এম চি এফ): অনুসূচিত জনজাতিৰ সদস্যসকলৰ ক্ষুদ্ৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশেষভাৱে আত্মসহায়ক গোটসমূহৰ (এছ এইচ জি) বাবে প্ৰস্তুত কৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী সদস্যৰ বাবে ৫০,০০০ টকাপৰ্যন্ত আৰু প্ৰতিটো আত্মসহায়ক গোটৰ বাবে সৰ্বাধিক ৫ লাখ টকাৰ ঋণ প্ৰদান কৰা হয়।
  • আদিবাসী শিক্ষা ঋণ যোজনা (এ এছ আৰ ৱাই): ভাৰতত পি এইচ ডি পাঠ্যক্ৰমকে ধৰি কাৰিকৰী আৰু বৃত্তিগত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক সহায় কৰাৰ লক্ষ্যৰে এক শিক্ষা ঋণ আঁচনি। প্ৰতিটো যোগ্য পৰিয়াললৈ ১০ লাখ টকালৈকে বিত্তীয় সাহায্য বছৰি ৬ শতাংশ ৰেহাই সুতৰ হাৰত প্ৰদান কৰা হয়।

 

অসমত এন এছ টি এফ ডি চিয়ে যোৱা তিনি বছৰত ৬৪ গৰাকী হিতাধিকাৰীক ৬৪.২৬ লাখ টকাৰ ঋণ প্ৰদান কৰিছে।

 

****

RN/HS


(ৰিলিজ আই ডি : 2223830) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी