গৃহ মন্ত্ৰালয়
ভূমিস্খলন বিপদাশংকা প্রশমন আঁচনি
পোষ্ট কৰা হৈছে:
04 FEB 2026 3:59PM by PIB Guwahati
চৰকাৰে ২০১৯ চনত চাৰিখন (০৪) ৰাজ্য- ছিকিম, মিজোৰাম, নাগালেণ্ড আৰু উত্তৰাখণ্ডৰ বাবে ভূমিস্খলন বিপদাশংকা প্রশমন আঁচনি (এল আৰ এম এছ) অনুমোদন কৰিছিল। ইয়াৰ অধীনত দুৰ্যোগ প্ৰস্তুতিৰ বাবে কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হ’য় আৰু ই ভৱিষ্যতে অন্যান্য ভূমিস্খলন প্ৰশমন প্ৰকল্প হাতত লোৱাৰ বাবে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰে ।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এছ ডি এম এ)/জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ডি ডি এম এ) ৰ দুৰ্যোগ বিপদাশংকা প্ৰশাসন উন্নত কৰাৰ অধীনত ২০১৯ চনৰ জুলাই মাহত এল আৰ এম এছ-ৰ ধাৰণা আৰু আৰম্ভণি কৰা হৈছিল, যাৰ মুঠ বিত্তীয় ব্যয় আছিল ৪৩.৯১ কোটি টকা।
আঁচনিখনৰ প্ৰধান ফলাফলসমূহৰ ভিতৰত আছিল ভূমিস্খলন প্রশমন, বাস্তৱ সময় নিৰীক্ষণ, সজাগতা কাৰ্যসূচী আৰু সামৰ্থ্য নিৰ্মাণ তথা প্ৰশিক্ষণ। এল আৰ এম এছ ৰূপায়ণৰ বাবে ৰাজ্যসমূহক প্ৰদান কৰা বিত্তীয় সাহায্যৰ ৰাজ্যভিত্তিক বিৱৰণ তলত দিয়া ধৰণৰঃ -
(কোটি টকাl)
|
ক্ৰমিক নম্বৰ.
|
ৰাজ্য
|
ৰূপায়ণৰ বাবে বিত্তীয় সাহায্য
|
|
১.
|
ছিকিম
|
১১.০৮
|
|
২.
|
নাগালেণ্ড
|
১০.৯২
|
|
৩.
|
উত্তৰাখণ্ড
|
১০.৯২
|
|
৪.
|
মিজোৰাম
|
১০.৯৯
|
|
মুঠ
|
৪৩.৯১
|
ইয়াৰ উপৰি, চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্রশমন পুঁজি (এনডিএমএফ) ৰ পৰা পুঁজি যোগানৰ বাবে ভূমিস্খলন প্ৰৱণ ৰাজ্যসমূহৰ (অৰুণাচল প্ৰদেশ, অসম, হিমাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু পশ্চিম বংগ)ৰ বাবে ১০০০ কোটি টকাৰ বিত্তীয় ব্যয়ৰে ৰাষ্ট্ৰীয় ভূমিস্খলন বিপদাশংকা প্রশমন প্ৰকল্পও অনুমোদন জনাইছে।
গৃহ মন্ত্ৰালয়j ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে।
****
RK/RR/PR/PS/AG/MK
(ৰিলিজ আই ডি : 2223230)
অতিথি কক্ষ : 2