গৃহ মন্ত্ৰালয়
সশস্ত্ৰ সীমা বলৰ আধুনিকীকৰণ
পোষ্ট কৰা হৈছে:
03 FEB 2026 4:12PM by PIB Guwahati
আধুনিকীকৰণৰ দিশে আগবাঢ়ি গৈছে সশস্ত্ৰ সীমা বল। বাহিনীটোৰ চোৱাচিতা আৰু আধুনিকীকৰণৰ বাবে মানৱবিহীন বিমান, মাইক্ৰ’ মানৱবিহীন বিমান, হেণ্ড হেল্ড থাৰ্মেল ইমেজাৰ, অটো নম্বৰ প্লেট চিনাক্তকৰণৰ সৈতে অটোমেটিক ফেচ ৰিকগনিচন চিষ্টেম আৰু চিচিটিভি চাৰ্ভিলেন্স চেটআপ তথা চেটেলাইট ফোন ক্ৰয় কৰা হৈছে।
ইয়াৰ উপৰি অস্ত্ৰ-শস্ত্ৰ, যোগাযোগ, সুৰক্ষা সামগ্ৰী, চোৰাংচোৱাগিৰি আৰু সীমান্ত পহৰা ব্যৱস্থা, প্ৰশিক্ষণৰ সামগ্ৰী, সুসজ্জিত বাহন আৰু বিশেষ পৰিবহণ বাহন কিনা হৈছে।
বাহিনীটোৰ বাবে আধুনিকীকৰণ আৰু শেহতীয়া তথা অত্যাধুনিক সঁজুলি ক্ৰয় কৰাটো এক চলি থকা প্ৰক্ৰিয়া। গতিকে ইয়াৰ বাবে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰক কৰিব নোৱাৰি।
আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে যোৱা দহ বছৰৰ ভিতৰত অৰ্থাৎ ২০১৫-১৬ চনৰ পৰা ২০২৫-২৬ চনলৈকে ,অৰ্থাৎ চলিত বিত্তীয় বৰ্ষকে ধৰি সশস্ত্ৰ সীমা বলক ৫০০১.৬৩ কোটি টকা আবণ্টন দিয়া হৈছে আৰু তাৰ ভিতৰত ৪৭৭৫.১১ কোটি টকা এতিয়ালৈকে ব্যয় কৰা হৈছে। এই বিত্তীয় বৰ্ষ সম্পূৰ্ণ নোহোৱালৈকে ৩১.০৩.২০২৬ পৰ্যন্ত আৰু অধিক পুঁজি হ’ব ব্যৱহৃত।
২০১৩ চনৰ পৰা বৰ্তমান চলি থকা আধুনিকীকৰণৰ পৰিকল্পনা-৪ৰ বাবে ৩১.০৩.২০২৬ পৰ্যন্ত সশস্ত্ৰ সীমা বলক আধুনিকীকৰণ পৰিকল্পনা-দ্বিতীয়, তৃতীয় আৰু চতুৰ্থৰ অধীনত ২৪১.১৫ কোটি টকা আবণ্টন দিয়া হৈছে । অস্ত্ৰ-শস্ত্ৰ, যোগাযোগ, সুৰক্ষামূলক ক্ষেত্ৰত বিভিন্ন ধৰণৰ শেহতীয়া আৰু অত্যাধুনিক সঁজুলি ক্ৰয়ৰ বাবে ২১০.০২ কোটি টকা ব্যয় কৰিছে। চোৱাচিতা আৰু সীমান্ত পহৰা ব্যৱস্থা, প্ৰশিক্ষণ সামগ্ৰী, সাজসজ্জিত বাহন আৰু বিশেষ পৰিবহণ বাহন ক্ৰয় কৰা হৈছে।
মানৱ সম্পদৰ প্ৰয়োজনীয়তা তথা সামৰ্থ্য বিকাশ গতিশীল , সেয়েহে এইক্ষেত্ৰত কোনো নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰা নহয়। প্ৰয়োজন অনুসৰি ইয়াৰ মূল্যায়ন কৰা হয় আৰু সেই অনুসৰি পদক্ষেপ গ্ৰহণ কৰা হয়। এছ এছ বিৰ জনশক্তি শক্তিশালী কৰিবলৈ (i) নিযুক্তিৰ নিয়ম অনুসৰি সময়মতে ডি পি চি সমূহ পদোন্নতি কোটাৰ বিপৰীতে খালী পদ পূৰণৰ বাবে পৰিচালনা কৰা হয় (ii) এছ এছ চি/ইউ পি এছ চি/এম অ’ এছ বি/বিভাগীয়ভাৱে (iii) গৃহ নিযুক্তিত নন-জি ডি কেডাৰ পূৰণ কৰিবলৈ প্ৰত্যক্ষ নিযুক্তিৰ পদসমূহৰ বিষয়ে জাননী জাৰি কৰা হয় আৰু পূৰণ কৰা হয় (iii) গৃহ নিযুক্তি সময়মতে অনুষ্ঠিত হয় আৰু (iv) কিছুমান খালী পদ ডেপুটেচনৰ জৰিয়তে পূৰণ কৰা হয়।
তদুপৰি, এছ এছ বিয়ে বাহিনীটোৰ প্ৰয়োজন অনুসৰি বাহিনীটোৰ কৰ্মীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু বাহিনীটোৱে শেহতীয়া তথা অত্যাধুনিক সঁজুলি গ্ৰহণ কৰাৰ লগে লগে বাহিনীটোৰ কাৰ্য্যকৰী ক্ষমতা বৃদ্ধি পাইছে। এছ এছ বিয়ে অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানৰ অনুমোদিত প্ৰতিষ্ঠান ড্ৰ’ন ডেষ্টিনেচন গুৰুগ্ৰাম (হাৰিয়ানা)ত ড্ৰ’ন পাইলট ট্ৰেইনিং, সীমান্ত সুৰক্ষা বাহিনীৰ বিশেষ যোগাযোগ সঁজুলিৰ প্ৰশিক্ষণ আৰু নতুন দিল্লীৰ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানত যোগ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণৰ বাবেও কৰ্মী প্ৰেৰণ কৰিছে।এই আধুনিক প্ৰশিক্ষণ কাৰ্যসূচীয়ে বাহিনীটোৰ কাৰ্য্যকৰী ক্ষমতা শক্তিশালী কৰিব।
লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে ।
*******
RK/RR/PR/PS/DM
(ৰিলিজ আই ডি : 2222894)
অতিথি কক্ষ : 8