প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আদমপুৰ বিমানবন্দৰৰ পুনৰ নামকৰণ কৰি শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ হিচাবে ৰখাটো শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলিঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 01 FEB 2026 6:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়  কৰে যে আজি সন্ত ৰবিদাস জয়ন্তীৰ শুভ ক্ষণত  আদমপুৰ বিমানবন্দৰ এতিয়াৰে পৰা শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ নামেৰে পৰিচিত কৰিবলৈ লোৱা সিদ্ধান্ত  অপৰিসীম সন্মান আৰু গৌৰৱৰ বিষয়। শ্ৰী মোদীয়ে লগতে কয় যে শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি ই এক উপযুক্ত শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ সমতা, কৰুণা আৰু সেৱাৰ বাৰ্তাই আমাক সকলোকে যথেষ্ট প্ৰেৰণা যোগাই আহিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

আজি সন্ত ৰবিদাস জয়ন্তীৰ শুভক্ষণ  উপলক্ষ্যে আদমপুৰ বিমানবন্দৰ এতিয়াৰে পৰা শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ নামেৰে পৰিচিত কৰিবলৈ সিদ্ধান্ত লোৱাটো অপৰিসীম সন্মান আৰু গৌৰৱৰ বিষয়।

অগণন মানুহৰ বাবে এই দিনটো আনন্দৰ দিন। এয়া শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি। তেওঁৰ সমতা, মমতা আৰু সেৱাৰ বাৰ্তাই আমাক সকলোকে  প্ৰেৰণা যোগাই  আহিছে।"

"আমাৰ বাবে অতি সৌভাগ্য আৰু গৌৰৱৰ বিষয় যে আজি সন্ত ৰবিদাস জয়ন্তীৰ শুভক্ষণ  উপলক্ষ্যে  এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এতিয়া পঞ্জাৱৰ আদমপুৰ বিমানবন্দৰ 'শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী' বিমানবন্দৰ হিচাপে পৰিচিত হ'ব। আমাৰ সকলোৰে বাবে এই দিনটো অপৰিসীম আনন্দৰ দিন। শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ চিৰন্তন আদৰ্শৰ প্ৰতি এয়া এক বিনম্ৰ শ্ৰদ্ধাঞ্জলি ।তেওঁৰ সমতা, মমতা আৰু সেৱাৰ বাৰ্তাই আমাক সকলোকে গভীৰভাৱে অনুপ্ৰাণিত কৰে।"

 

****

MJPS/VJ/DM


(ৰিলিজ আই ডি : 2221920) অতিথি কক্ষ : 31