নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

“ডিব্ৰুগড়ৰ উত্থান আৰু খিলঞ্জীয়াৰ পুনৰুত্থানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপান্তৰকে প্ৰতিফলিত কৰিছে”: সৰ্বানন্দ সোণোৱাল

“গৃহমন্ত্ৰী অমিত শ্বাহ জীৰ ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কাৰ্য্য ডিব্ৰুগড়ৰ বাবে এক ঐতিহাসিক মুহূৰ্ত”: সৰ্বানন্দ সোণোৱাল

“নতুন বিধানসভা কমপ্লেক্স, স্প’ৰ্টছ হাব আৰু জলাশয়ৰ পুনৰুজ্জীৱিতকৰণে অসমৰ বহনক্ষম আৰু সামগ্ৰিক বিকাশক ত্বৰান্বিত কৰিব”: সৰ্বানন্দ সোণোৱাল

পোষ্ট কৰা হৈছে: 30 JAN 2026 8:50PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ (MoPSW) মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ডিব্ৰুগড়ত একাধিক আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠান আছিল ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰিত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ। আজি মুঠ ১,৭১৫ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া আৰু ৰূপায়ণ কৰা ৫ টা প্ৰকল্পৰ ভূমি পূজন আৰু ইয়াক উদ্বোধন কৰা হয়।

ইয়াত গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে। ইয়াত অসম বিধানসভাৰ নতুন ভৱন আৰু বিধায়কৰ আৱাসিক কমপ্লেক্স নিৰ্মাণ, বিশ্ব-মানৰ বহু-মুখী ক্ৰীড়া কমপ্লেক্সৰ উন্নয়ন, বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপন, সমগ্ৰ ডিব্ৰুগড় অঞ্চলৰ পুখুৰী আৰু জলাশয়ৰ বৃহৎ-পৰিসৰৰ পুনৰুজ্জীৱিতকৰণ আদিকে প্ৰমুখ্য কৰি একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ অন্তৰ্ভুক্ত হৈছে। প্ৰশাসনিক কাম-কাজৰ বিকেন্দ্ৰীকৰণ, শাসন ব্যৱস্থাৰ আন্তঃগাঁথনিক সুদৃঢ়কৰণ আৰু উজনি অসমৰ আঞ্চলিক উন্নয়নক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সুশাসনক আগুৱাই নিয়াৰ লক্ষ্যৰে এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি ডিব্ৰুগড়ৰ বাবে এটি ঐতিহাসিক দিন। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ জীয়ে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগে-লগে প্ৰকল্পসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডিব্ৰুগড়, উজনি অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সাধনৰ বাবে গ্ৰহণ কৰা ৰূপান্তৰশীল উন্নয়নমূলক কাৰ্য্যসূচীকে প্ৰতিফলিত কৰিছিল। বিগত দশকটোত অসমে প্ৰধানমন্ত্ৰী মোদী জীৰ দূৰদৰ্শী নেতৃত্বত সাধন হোৱা অভূতপূৰ্ব পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। ইয়াৰ জৰিয়তে জনতাৰ আশা-আকাংক্ষাক সুশাসনৰ জৰিয়তে ফলাফললৈ ৰূপান্তৰিত কৰা হৈছে।”

সৰ্বানন্দ সোণোৱালে কয় যে নতুন বিধানসভা কমপ্লেক্স, বিধায়ক আৱাস, আন্তঃৰাষ্ট্ৰীয়-মানদণ্ডৰ ক্ৰীড়া সুবিধা, বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠান আৰু জলাশয়ৰ পুনৰুজ্জীৱিতকৰণৰ পদক্ষেপৰ দৰে আন্তঃগাঁথনি প্ৰকল্পৰাজিয়ে ডিব্ৰুগড়ক এক নতুন গতি প্ৰদান কৰাৰ লগতে অসমৰ সামগ্ৰিক বিকাশৰ পৰিক্ৰমাক সুদৃঢ় কৰিব। প্ৰশাসনিক ক্ষমতাক শক্তিশালী কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত নতুন অসম বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰে। আনুমানিক ২৮৪ কোটি টকাৰ এই প্ৰকল্পই চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খনিকৰ পেৰেড গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন পুঁজিৰ অধীনত অসমৰ জলাশয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই কাৰ্য্যসূচী অসমৰ দীৰ্ঘদিনীয়া বান সমস্যা ৰোধ আৰু জলবায়ু স্থিতিস্থাপকতাৰ কাঠামোক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ৬৯২ কোটি টকাৰ বিনিয়োগেৰে ৰূপায়ণ কৰা এই প্ৰকল্পত অসমৰ ৯ খন জিলাত বিস্তৃত ১২৫ টা জলাশয়ৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই পদক্ষেপে দীৰ্ঘদিনীয়া প্ৰত্যাহ্বানৰাজি যেনেঃ পানী জমা হোৱা আৰু পাৰিপাৰ্শ্বিক অৱক্ষয় আদিৰেও মোকাবিলা কৰিছে।

ক্ৰীড়া উন্নয়নক প্ৰসাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে শ্বাহে ডিব্ৰুগড়ৰ খনিকৰত বহুমুখী ক্ৰীড়া কমপ্লেক্সৰ প্ৰথম-পৰ্য্যায় উদ্বোধন কৰে। তেওঁ মূল ষ্টেডিয়ামখনৰ আসনৰ ক্ষমতা ৫ হাজাৰৰ পৰা ৩৫ হাজাৰলৈ বৃদ্ধি কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লক্ষ্য হৈছে চহৰখনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৃহৎ ক্ৰীড়া অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম কৰি তোলা। অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ৰ উত্থান আৰু মিচিং সমাজৰ চহকী ঐতিহ্যক একেলগে উদযাপন কৰা কাৰ্য্য মোদী চৰকাৰৰ আমোলত উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাসৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে।

সোণোৱালে কয় যে ডিব্ৰুগড়ে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। সোণোৱালে কয়, “ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনি আৰু আধুনিক সা-সুবিধা নিৰ্মাণৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে কাম কৰিছিল, ইয়াৰ ফলশ্ৰুতিত আজিৰ কাৰ্য্যসূচীৰ সফল ৰূপায়ণ সম্ভৱ হৈ উঠিছে।“

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত অসমত স্থায়ী শান্তি আৰু সুস্থিৰতাৰ পৰিবেশে বিৰাজ কৰিছে, ইয়াৰ ফলশ্ৰুতিত ভিন্ন খণ্ডৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈছে।

“স্থায়ী শান্তিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ আৰু আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ ভেটি স্থাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদী জীৰ দৃঢ় নেতৃত্ব আৰু তেওঁৰ অঞ্চলটোৰ প্ৰতি মনোনিৱেশ কাৰ্য্যৰ ফলশ্ৰুতিত তথা কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীভূত মনোযোগৰ সমৰ্থনত অসমে দেশৰ অন্যতম দ্ৰুত-বৰ্ধমান অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে”, সোণোৱালে কয়।

সৰ্বানন্দ সোণোৱালে অতীতৰ কংগ্ৰেছ চৰকাৰসমূহক দীৰ্ঘদিনীয়া অৱহেলা, দুৰ্নীতি আৰু শাসন ব্যৱস্থাৰ ব্যৰ্থতাৰ প্ৰতীক বুলি অভিহিত কৰি এই চৰকাৰসমূহে অসমৰ অমূল্য সুযোগ আৰু বিকাশৰ সম্ভাৱনাক হৰলুকী কৰিছিল বুলি কয়।

কেন্দ্ৰীয় মন্ত্ৰীজনে গৃহমন্ত্ৰীগৰাকীলৈ অসমৰ উন্নয়নৰ দিশত তেওঁৰ অবিৰত পথ-প্ৰদৰ্শন আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে উন্নয়নমূলক পদক্ষেপসমূহক ক্ষীপ্ৰতাৰে আৰু সমন্বয়ৰে আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ শলাগ লয়।

সোণোৱালে কয় যে ২০১৪-ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱাটো দশকত এক নিৰ্ণায়ক পৰিৱৰ্তন ঘটিছে। ভাৰতৰ ৰাষ্ট্ৰীয় উন্নয়ন যাত্ৰাৰ অংশ হিচাপে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আত্ম-বিশ্বাসেৰে আগবাঢ়িছে। এই পদক্ষেপসমূহ চৰকাৰৰ অমৃত কালৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ। এইসমূহে সৰ্বাংগীন উন্নয়ন, আন্তঃগাঁথনি সৃষ্টি আৰু ৰাষ্ট্ৰীয় আত্ম-নিৰ্ভৰতাত গুৰুত্ব আৰোপ কৰিছে।

সোণোৱালে কয় যে এনডিএ-ৰ ডাবল ইঞ্জিন চৰকাৰে ঔদ্যোগিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু সকলো সমাজৰ বাবেই সমতাপূৰ্ণ বিকাশৰ দিশত কাম কৰি আহিছে। সোণোৱালে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ আৰু ভৈয়ামৰ লোকসকলক অসমৰ উন্নয়নৰ লক্ষ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায়।

সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি, আন্তঃগাঁথনি উন্নয়ন, সাংস্কৃতিক সবলীকৰণ আৰু দীৰ্ঘ-ম্যাদী সমৃদ্ধিৰ প্ৰসাৰ ঘটোৱা পদক্ষেপৰাজিলৈ সমৰ্থন আগবঢ়োৱাৰ কথা দোহাৰে। অসমত উন্নয়ন আৰু সাংস্কৃতিক পুনৰুত্থানৰ এক অভূতপূৰ্ব পৰ্য্যায় দেখা গৈছে। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আন্তঃগাঁথনিৰ বৃহৎ পদক্ষেপ আৰু খিলঞ্জীয়াৰ পৰিচয়ৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰা হৈছে।

সোণোৱালে কয় যে আজি দ্বৈত কাৰ্য্যসূচী — ডিব্ৰুগড়ত অসমৰ জলাশয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ আৰম্ভণি আৰু ধেমাজিত অনুষ্ঠিত হোৱা দশম মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানে — উন্নয়ন, দুৰ্য্যোগ প্ৰশমন আৰু সাংস্কৃতিক সংৰক্ষণৰ দিশত চৰকাৰৰ সংহত দৃষ্টিভংগীকে প্ৰদৰ্শন কৰিছে।

সোণোৱালে কয় যে অসমৰ জলাশয়সমূহে ঐতিহাসিকভাৱে বানপানীৰে মোকাবিলা, জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰখা আৰু জীৱিকাক সমৰ্থনত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল যদিও দশক-দশক ধৰি চলা বেদখল, অপৰিকল্পিত উন্নয়ন আৰু পলসৰ ফলত ইয়াৰ প্ৰাকৃতিক ক্ষমতা দুৰ্বল হৈ পৰিছিল। কিন্তু সাম্প্ৰতিক পুনৰুদ্ধাৰৰ প্ৰচেষ্টাই পাৰিপাৰ্শ্বিক ভাৰসাম্য, ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি আৰু বহনক্ষম বান ব্যৱস্থাপনা প্ৰণালীক সুদৃঢ় কৰিছে বুলিও তেওঁ কয়।

এই পদক্ষেপৰ দ্বাৰা প্ৰায় ৭.৫ লাখ লোক বানপানীৰ পৰা ৰক্ষা পৰিব, প্ৰায় ৭৭,০০০ হেক্টৰ মাটিলৈ জলসিঞ্চনৰ সুবিধা প্ৰশস্ত হ’ব, বানপানীৰ ভয়াৱহতা হ্ৰাস পাব, পানীৰ ধাৰণ ক্ষমতা বৃদ্ধিৰ বাবে ভূগৰ্ভস্থ জলৰ স্তৰ বৃদ্ধি পাব। এই ১৫ টা বৃহৎ পুখুৰীৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব, ইয়াৰ ফলশ্ৰুতিত অসমৰ কৃষকসকলে বছৰত তিনিবাৰকৈ শস্য উৎপাদন কৰিবলৈ সহায়ক হ’ব, পশুপালনৰ সম্প্ৰসাৰণ ঘটাৰ লগতে দুগ্ধ উদ্যোগকো প্ৰসাৰিত কৰিব। এইসমূহক জল ক্ৰীড়াৰ বাবেও ব্যৱহাৰ কৰা হ’ব আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব।

ডিব্ৰুগড়ৰ কাৰ্য্যসূচীত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, অসমৰ ৰাজহ আৰু দুৰ্য্যাগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু অসমৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাকে প্ৰমুখ্য কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে ধেমাজিৰ কাৰেং চাপৰিত আয়োজিত দশম মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰে। মিচিং জনগোষ্ঠীৰ ঐক্য, সংস্কৃতি আৰু পৰিচয়ক উদযাপন কৰা এখনি প্ৰধান সাংস্কৃতিক মঞ্চ হিচাপে অসম চৰকাৰে এই মহোৎসৱৰ আয়োজন কৰিছে। ডিব্ৰুগড়ৰ এই অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটায়ো অংশগ্ৰহণ কৰে।

সোণোৱালে কয় যে এই উৎসৱে যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমাজৰ অংশগ্ৰহণক বৰ্ধনৰ লগতে খিলঞ্জীয়া পৰম্পৰাৰাজিক সংৰক্ষণৰ অৰ্থে চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে এই অনুষ্ঠান অসমৰ অন্যতম স্পন্দনশীল খিলঞ্জীয়া জনগোষ্ঠীটোৰ জীৱন্ত ঐতিহ্যক উজ্জ্বল কৰি তোলাৰ লগতে সাংস্কৃতিক প্ৰকাশ আৰু সামাজিক সংহতিৰ এখনি মঞ্চ হিচাপে পৰিগণিত হৈছে।

সামৰণি অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য (CEM) পৰমানন্দ চায়েংগীয়াই অংশগ্ৰহণ কৰে।

সোণোৱালে এখনি বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এখন শক্তিশালী, আত্ম-নিৰ্ভৰ আৰু সাংস্কৃতিকভাৱে আত্মবিশ্বাসী অসম গঢ়ি তোলাৰ বাবে চৰকাৰখন দায়বদ্ধ হৈ আছে বুলি লগতে কয়।

***

PN/IY/SB


(ৰিলিজ আই ডি : 2221204) অতিথি কক্ষ : 27
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी