উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ প্ৰকল্পসমূহ
পোষ্ট কৰা হৈছে:
30 JAN 2026 2:55PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলত পথ, ৰে'ল আৰু ডিজিটেল সংযোগ প্ৰকল্পসমূহৰ বৰ্তমানৰ অগ্ৰগতি এনেধৰণৰঃ
(i) পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জনোৱা মতে উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২০১৪ চনৰ ১০,৯০৫ কিলোমিটাৰৰ পৰা ১.০৪.২০২৫ তাৰিখলৈ ১৬,২০৭ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলত ৩,৬৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুঠ ১৭৭টা প্ৰকল্পৰ বাবে ৮৭,১১৯ কোটি টকা ব্যয় হৈছে।
(ii) গ্ৰামোন্নয়ন মন্ত্ৰালয়ে জনোৱা মতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই) আৰম্ভ হোৱাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত ৮৯,৫০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৭,৬৬৬টা পথ আৰু ২,৩৯৬খন দলঙৰ কামত অনুমোদন জনোৱা হৈছে। ইয়াৰে ৮১,৪৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৬,৫৪৭টা পথ আৰু ২,১২৬ খন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। ৰাজ্যিক অংশসহ ৫৩,৩৫৩.৪৯ কোটি টকা ব্যয় কৰা হৈছে।
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে ৬৪৭টা পথ আৰু দলং প্ৰকল্পৰ বাবে ২৭,০০০ কোটি টকাৰ অনুমোদন জনাইছে। ডনাৰ মন্ত্ৰালয়ে বিভিন্ন আঁচনিৰ অধীনত ৮২৬০.৮৮ কোটি টকা ব্যয় কৰিছে, যাৰ ভিতৰত ৪৯১৫ কোটি টকা ব্যয় সাপেক্ষে ৫০০টা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে।
ৰে'লৱে মন্ত্ৰালয়ে জনোৱা মতে ৰে'লৱে প্ৰকল্পসমূহ জ'নেল ৰে'লৱে অনুসৰি জৰীপ/অনুমোদন/কাৰ্যকৰী কৰা হয়। সেইবোৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল/জিলা অনুসৰি কৰা নহয়, কিয়নো এই প্ৰকল্পসমূহ ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল/জিলা সীমা অতিক্ৰম কৰে আৰু এই সম্পৰ্কীয় তথ্যসমূহ বিত্তীয় বৰ্ষ অনুসৰি বজাই ৰখা হয়। ১.০৪.২০২৫ তাৰিখলৈকে উত্তৰ-পূৰ্বাঞ্চলত আংশিকভাৱে/সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হোৱা ৭৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬৯,৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২টা ৰে'লৱে প্ৰকল্প (৮টা নতুন লাইন আৰু ৪টা ডাবলিং) অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ২৭৮ কিলোমিটাৰ কাম আৰম্ভ কৰা হৈছে।
দূৰসংযোগ বিভাগে জনোৱা মতে ২০২৫ৰ ডিচেম্বৰলৈকে অঞ্চলটোত ৬,৩৫৫খন গাঁও পঞ্চায়ত (জিপি)ৰ উচ্চ বেণ্ডউইডথ ক্ষমতাৰ ইণ্টাৰনেট/ব্ৰডবেণ্ড সংযোগ প্ৰদানৰ বাবে সেৱা প্ৰস্তুত কৰা হৈছে। চৰকাৰৰ বিত্ত পোষণ কৰা ৪জি ছেচ্যুৰেশ্যন প্ৰকল্প আৰু অন্যান্য ম'বাইল প্ৰকল্পৰ অধীনত, ডিচেম্বৰ ২০২৫ লৈকে উত্তৰ-পূৰ্বাঞ্চলত ৫৩৬৬খন গাঁও/স্থান সামৰি ৩৭১৮টা ম'বাইল টাৱাৰ কাৰ্যক্ষম কৰা হৈছে।
চৰকাৰে অনুমোদন জনোৱা প্ৰকল্পসমূহৰ ৰূপায়ণৰ সময়সীমা ভৌগোলিক অৱস্থান, ভূমি, ভূমিৰ উপলব্ধতা, বাধ্যতামূলক বিধিগত অনুমতি, বাধাসমূহ আঁতৰোৱা, বিত্তীয় বন্ধ ইত্যাদিৰ দৰে বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।
উত্তৰ-পূৰ্বাঞ্চলত এই প্ৰকল্পসমূহৰ সুফলৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক দেশৰ মূলসুঁতিৰ সৈতে একত্ৰিত কৰা, অত্যাৱশ্যকীয় সামগ্ৰী আৰু কৃষিজাত সামগ্ৰীৰ দ্ৰুত চলাচল আৰু অঞ্চলটোৰ লোকসকলৰ বাবে নিয়োগৰ সুযোগ বৃদ্ধি কৰা, অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ, পৰ্যটন উদ্যোগৰ বিকাশ আৰু অঞ্চলটোত ঔদ্যোগিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ লগতে ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক অৰ্থনীতিৰ বিকাশ সাধন কৰা।
ৰাজ্যসভাত আজি এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কলে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে।
*****
PS/DB
(ৰিলিজ আই ডি : 2221195)
অতিথি কক্ষ : 12