গৃহ মন্ত্ৰালয়
অসমৰ ধেমাজিত অনুষ্ঠিত দশম ‘মিছিং যুৱ মহোৎসৱ’ত ভাষণ প্ৰদান কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে
বন্দুকৰ দ্বাৰা নহয়, সাংস্কৃতিক ঐক্যৰ জৰিয়তেহে যে জনজাতীয় সংস্কৃতি,অধিকাৰ, ভাষা, সাহিত্য, সংগীতৰ সুৰক্ষা সম্ভৱ সেই কথা ‘মিছিং যুৱ মহোৎসৱ’-এ প্ৰমাণ কৰি দেখুৱাইছে
মিছিং সম্প্ৰদায়ৰ প্ৰকৃতি-পূজাৰ ‘ড’নি-প’লো’ৰ পৰম্পৰাই আমাক শিকাইছে যে প্ৰকৃতিক পূজা কৰাটোৱেই হৈছে ঈশ্বৰক পূজা কৰা
আমাৰ চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহত মিছিং সম্প্ৰদায়ৰ লোকৰ বাবে বিশেষ নিযুক্তিৰ দিহা কৰিব
মিছিং সম্প্ৰদায়ে আমাৰ দেশৰ সুৰক্ষাৰ বাবে বহু ত্যাগ কৰিছে, যি কথা ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে
বছৰ বছৰ ধৰি স্থবিৰ হৈ থকা বগীবিল দলং নিৰ্মাণৰ কাম মোদী চৰকাৰে মাত্ৰ কেইবছৰমানৰ ভিতৰতে সম্পূৰ্ণ কৰিছে— মিছিং শ্ৰমিক ভাই-ভনীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে এয়া সম্ভৱ হৈছিল
আজি অসমৰ যুৱক-যুৱতীসকলে অস্ত্ৰৰ সলনি দূৰদৃষ্টি, ভয়ৰ সলনি সপোনক আঁকোৱালি লৈছে
২০২৬ চনৰ শেষৰ ফালে ‘মেড ইন আছাম’ চিপে সমগ্ৰ বিশ্বতে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব
দেশখনক অনুপ্ৰৱেশৰ পৰা মুক্ত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ হিচাবে মোদী চৰকাৰে হাই-পাৱাৰ ডেম’গ্ৰাফিক মিছন গঠন কৰিছে
प्रविष्टि तिथि:
30 JAN 2026 9:53PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি অসমৰ ধেমাজিত দশম মিছিং যুৱ মহোৎসৱত ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে মিছিং যুৱ মহোৎসৱে সমগ্ৰ দেশৰ জনজাতিসকলক প্ৰতি এক সুকীয়া দিশৰ সন্ধান দিছে। তেওঁ কয় যে নিজৰ অধিকাৰ, সংস্কৃতি, ভাষা, সাহিত্য, নৃত্য, সংগীত ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি ল'লে নহ'ব, বৰঞ্চ এনে যুৱ মহোৎসৱৰ দ্বাৰাহে সেইবোৰ ৰক্ষা কৰাটো সম্ভৱ। তেওঁ কয় যে ভাৰতৰ সংস্কৃতিও মিছিং সংস্কৃতিৰ দৰেই বহু সংস্কৃতিৰ সংমিশ্ৰণেৰে গঠিত। এনে সংমিশ্ৰণৰ দৃষ্টিভংগীয়ে অসমক আগুৱাই লৈ গৈছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে ড’নি-প’লোৱে কেৱল অসম তথা অৰুণাচলক বিখ্যাত কৰি তোলাই নহয়, সমগ্ৰ বিশ্বতে ভাৰতক বিখ্যাত কৰি তুলিছে।
শ্ৰী অমিত শ্বাহে লগতে কয় যে আগতে বিভিন্ন জনগোষ্ঠীয়ে নিজৰ সংস্কৃতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰিছিল, বিৰোধীৰ চৰকাৰে সকলোকে চেপি ধৰি অসমৰ ভিতৰতে দমন কৰি ৰাখিব বিচাৰিছিল। এই প্ৰসংগতে তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিযুক্তি দিয়া আলোচনাৰ আঁত ধৰা জনে আপোনালোকৰ সকলো সমস্যা সমাধানৰ দিশত আগুৱাই নিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে এই বিশ্বাস অটুট ৰাখিছে যে প্ৰতিটো সংস্কৃতি, ভাষা, পৰম্পৰাৰ অস্তিত্বৰ সমান অধিকাৰ আছে আৰু এই সকলোবোৰৰ প্ৰসাৰৰ জৰিয়তেহে আমি আগবাঢ়ি যাব পাৰো। তেওঁ কয় যে আমাৰ মিছিং ভাই-ভনীসকলৰ কঠোৰ পৰিশ্ৰমেৰে বগীবিল দলং নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে কয় যে এই দলংখন আজি সমগ্ৰ বিশ্বতে নতুন ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতীক হৈ পৰিছে । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত মাত্ৰ ৪ বছৰতে ইয়াক সম্পূৰ্ণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে য়ে কয় যে মিছিং সমাজ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ হৃদস্পন্দন, মিছিং সংস্কৃতি অসম তথা ভাৰতৰ সংস্কৃতিৰ আত্মা আৰু সজীৱ পৰিচয়, লগতে ই ভৱিষ্যতৰ ভাৰতৰো প্ৰতীক। তেওঁ উল্লেখ কৰে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত মিছিং সমাজৰ অৱদান আমি পাহৰিব নোৱাৰো। কেৱল সেয়াই নহয়, প্ৰতিটো সংগ্ৰামতে মিছিং সমাজে দেশ ৰক্ষাৰ বাবে সৰ্বোচ্চ বলিদান দিছে।মিছিং সমাজে নদীক প্ৰবাহিত হোৱাৰ পথ এৰি দি বানপানী ৰোধ কৰাৰ চেষ্টা কৰিছে বুলিও তেওঁ উল্লেখ কৰে । শ্ৰী শ্বাহে কয় যে আলি-আয়ে-লৃগাং প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁ লগতে কয় যে অনাগত দিনত মিছিং যুৱক-যুৱতীসকলক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত বিশেষ নিযুক্তি প্ৰদানৰো দিহা কৰা হ’ব, যাৰ ফলত স্থানীয় যুৱক-যুৱতীসকলে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাত অৰিহণা যোগাব পাৰিব। শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসম এতিয়া শান্তিৰ পথত আগবাঢ়িছে। তেওঁ কয় যে মোদী চৰকাৰে কেইবাখনো শান্তি চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ ফলত প্ৰায় ১০ হাজাৰ যুৱক-যুৱতীয়ে অস্ত্ৰ সম্বৰণ কৰি মূলসুতিলৈ উভতি আহিছে। তেওঁ কয় যে অসম চৰকাৰে ২০০ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিছিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে আজি অসমৰ যুৱক-যুৱতীসকলে অস্ত্ৰৰ সলনি দূৰদৃষ্টি আৰু ভয়ৰ সলনি সপোনক গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে আমি কোনো বিশেষ ব্যক্তিৰ অনুমোদন অবিহনেই ১ লাখ ৫৬ হাজাৰতকৈ অধিক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিছো। তেওঁ লগতে কয় যে ইয়াত স্থাপন কৰা অৰ্ধপৰিবাহী উদ্যোগটোৱে ২৭ হাজাৰৰো অধিক যুৱক-যুৱতীক চাকৰিৰ সুবিধা প্ৰদান কৰিব আৰু ২০২৬ চনৰ শেষৰ ফালে মেড ইন আছাম চিপে সমগ্ৰ বিশ্বতে প্ৰৱেশ কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমগ্ৰ অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত মিছিং সমাজৰো দায়িত্ব আছে । তেওঁ কয় যে আমাৰ সাতখন জিলাত অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পাইছে আৰু বিৰোধীৰ চৰকাৰৰ ২০ বছৰীয়া শাসনকালত এই জিলাসমূহত অনুপ্ৰৱেশকাৰীৰ জনসংখ্যাই কেইবা লাখৰ ঘৰ অতিক্ৰম কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুপ্ৰৱেশকাৰীক কেৱল বাধা দিয়াই নহয়, এজন এজনকৈ চিনাক্ত কৰি বিতাড়িত কৰা হ’ব বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। তেওঁ কয় যে দশক দশক ধৰি বিৰোধীৰ চৰকাৰসমূহে চকু মুদি আছিল,ফলত অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। এই ছবি খন ওলোটা কৰিব আমাৰ চৰকাৰেই। তেওঁ কয় যে ২০২৫ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে হাই-পাৱাৰ ডেম’গ্ৰাফিক মিছন ঘোষণা কৰিছিল, যিয়ে সমগ্ৰ দেশতে ঘটি থকা অস্বাভাৱিক জনগাঁথনি পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰি ইয়াৰ প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়াব। তেওঁ কয় যে অসম চৰকাৰে অনুপ্ৰৱেশকাৰীৰ পৰা ১ লাখ ২৬ হাজাৰ একৰ মাটি বেদখল মুক্ত কৰিছে। শ্ৰী অমিত শ্বাহে লগতে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমৰ উন্নয়নত কোনো য'তি পৰিবলৈ দিয়া নাই। তেওঁ কয় যে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰে অসমক ১০ বছৰত ১ লাখ ২৮ হাজাৰ কোটি টকা দিছিল, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে বিগত ১০ বছৰত অসমক ৪ লাখ ৫০ হাজাৰ কোটি টকা দিছে। তেওঁ লগতে কয় যে মোদী চৰকাৰে অসমৰ পথ নিৰ্মাণৰ বাবে ৩০ হাজাৰ কোটি, ৰে’লৱেৰ বাবে ৯৫ হাজাৰ কোটি আৰু বিমানবন্দৰৰ বাবে ১০ হাজাৰ কোটি টকা আগবঢ়াইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে নৰেন্দ্ৰ মোদী চৰকাৰখন জনজাতিৰ কল্যাণৰ বাবে উৎসৰ্গিত চৰকাৰ। তেওঁ উল্লেখ কৰে যে অটল বিহাৰী বাজপেয়ীয়ে জনজাতি আয়োগ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয় স্থাপন কৰিছিল, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাবে ঘোষণা কৰিছে। ২০০ কোটি টকাৰ বাজেটেৰে সমগ্ৰ দেশতে জনজাতীয় সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ দিনত জনজাতিৰে জৰিত মন্ত্ৰালয় আৰু এছ টি সম্পৰ্কীয় বিষয়ৰ মুঠ বাজেট আছিল ২৮ হাজাৰ কোটি টকা, আনহাতে শেহতীয়া বাজেটত প্ৰধানমন্ত্ৰী মোদীয়ে জনজাতীয় লোকৰ উন্নয়নৰ বাবে ১ লাখ ৩৫ হাজাৰ কোটি টকা আবণ্টন দিছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে একলব্য আদৰ্শ আবাসিক বিদ্যালয়ৰ বাজেটো ২৫ গুণ বৃদ্ধি কৰিছে।




****
RK/RR/PR/PS/DM
(रिलीज़ आईडी: 2221105)
आगंतुक पटल : 11