প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
30 JAN 2026 10:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৱে সদায় স্বদেশীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমাৰ সংকল্পৰ এক মৌলিক স্তম্ভ। ‘তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মই দেশৰ জনসাধাৰণক কৰ্তব্যৰ পথত আগবাঢ়ি যাবলৈ সদায় অনুপ্ৰাণিত কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘জাতিৰ পিতা মহাত্মা গান্ধীক তেওঁৰ পুণ্য তিথিত মই প্ৰণাম জনাইছো। পূজ্য বাপুৱে সদায় স্বদেশীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমাৰ সংকল্পৰ আধাৰশিলা। তেওঁৰ ব্যক্তিত্ব আৰু সৃজনশীলতাই দেশবাসীক কৰ্তব্যৰ পথত আগবাঢ়ি যাবলৈ সদায় অনুপ্ৰাণিত কৰিব।’
***
MJPS/VJ/NB
(ৰিলিজ আই ডি : 2220723)
অতিথি কক্ষ : 42
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam