দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে ভাৰতৰ দক্ষ কৰ্মশক্তিক নেতৃত্ব প্ৰদান কৰিবলৈ সাজু হৈছে” – জয়ন্ত চৌধাৰী

অসমত আয়োজিত ইণ্ডিয়াস্কিলছ আঞ্চলিক প্ৰতিযোগিতা, ২০২৫-২০২৬ ত ২৬ টা দক্ষতা শিতানত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ

प्रविष्टि तिथि: 19 JAN 2026 1:54PM by PIB Guwahati

ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জয়ন্ত চৌধাৰীয়ে আজি অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ইণ্ডিয়াস্কিলছ আঞ্চলিক প্ৰতিযোগিতা, ২০২৫–২৬ উদ্বোধন কৰে। ইয়াত ২৬ টা দক্ষতা শিতানত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছে।

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে (MSDE) ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমক (NSDC) ৰূপায়ণ অংশীদাৰ হিচাপে লৈ পোন-প্ৰথমবাৰৰ বাবে এইদৰে উত্তৰ-পূৰ্বাঞ্চলত ভাৰতৰ উক্ত আগশাৰীৰ দক্ষতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলক নিজৰ ঠাইতে ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ দক্ষতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ এক মূল্যৱান সুযোগ প্ৰদান কৰা হৈছে।

ইয়াৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ ননীগোপাল মহন্ত, অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ; অসম চুক্তি ৰূপায়ণ বিভাগ; দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা শ্ৰমিক কল্যাণ বিভাগৰ প্ৰধান সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী (আইএএছ) আৰু ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী হেনা উছমানকে প্ৰমুখ্য কৰি জ্যেষ্ঠ বিষয়া-বৰ্গ আৰু দক্ষতা বাতাবৰণৰ মূল অংশীদাৰসকলে অংশগ্ৰহণ কৰে।

সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ স্থায়ী মনোনিৱেশ কাৰ্য্যত আলোকপাত কৰে। তেওঁ কয় যে অঞ্চলটোলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সঘন ভ্ৰমণ আৰু নীতিগত অগ্ৰাধিকাৰে ইয়াৰ সাক্ষ্য বহন কৰিছে। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ নতুন আত্মবিশ্বাস জাগিছে আৰু তেওঁলোকলৈ সুযোগৰ সৃষ্টি হৈছে। তেওঁ উল্লেখ কৰে যে ইণ্ডিয়াস্কিলছৰ দৰে পদক্ষেপ হৈছে ৰাষ্ট্ৰীয় মঞ্চসমূহক পোনপটীয়াকৈ অঞ্চলটোৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ ওচৰলৈ নিয়াৰ দৃষ্টিভংগীৰ পৰিপূৰক।

শ্ৰী জয়ন্ত চৌধাৰীয়ে কয়, “ইণ্ডিয়াস্কিলছ কেৱল এক প্ৰতিযোগিতা নহয়; বৰঞ্চ এয়া উৎকৃষ্টতা, নিয়মানুৱৰ্তিতা আৰু কৰ্মৰ মৰ্য্যাদাৰ এক উদযাপন। উত্তৰ-পূৰ্বাঞ্চলত অসীম প্ৰতিভা তথা আকাংক্ষা আছে আৰু এই মঞ্চই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে ভাৰতৰ দক্ষ কৰ্মশক্তিক নেতৃত্ব প্ৰদান আৰু ৰাষ্ট্ৰৰ বিকাশত অৰ্থপূৰ্ণ বৰঙণি আগবঢ়াবলৈ সাজু হোৱা বুলি আমাৰ বিশ্বাসকে প্ৰতিফলিত কৰিছে।”

মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP), ২০২০-ৰ সৈতে সংগতি ৰাখি আনুষ্ঠানিক শিক্ষাৰ সৈতে দক্ষতাক একত্ৰিতকৰণৰ ক্ৰমবৰ্ধমান গুৰুত্বতো আলোকপাত কৰাৰ লগতে উল্লেখ কৰে যে শিক্ষা আৰু দক্ষতা বিকাশৰ মাজত ঘনিষ্ঠ সংহতিৰ ফলশ্ৰুতিত নিয়োগযোগ্যতা, উদ্যমিতা আৰু আজীৱন শিক্ষণৰ পথসমূহ সম্প্ৰসাৰিত হয়, একে সময়তে ই যুৱক-যুৱতীসকলক দ্ৰুত-বৰ্ধমান অৰ্থনীতিৰ বাবে সাজু কৰি তোলে।

প্ৰতিযোগিতাৰ বাহিৰেও এই আঞ্চলিক কাৰ্য্যসূচীয়ে দক্ষ ভাৰত অভিযানৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষতা বাতাবৰণক নিৰন্তৰ সুদৃঢ়কৰণ কাৰ্য্যৰ প্ৰতিফলন ঘটায়। ইয়াত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) আৰু ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানকে (NSTI) প্ৰমুখ্য কৰি প্ৰশিক্ষণ সঞ্চালকালয় (DGT) প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে একাধিক দক্ষতা শিতানত অংশগ্ৰহণ কৰি দীৰ্ঘ-ম্যাদী বৃত্তিমূলক শিক্ষা আৰু ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক মঞ্চৰ মাজত ক্ৰমবৰ্ধমান সংহতিকে প্ৰদৰ্শন কৰিছে।

উক্ত উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক প্ৰতিযোগিতাত পূৰ্বোত্তৰৰ আঠোখন ৰাজ্যৰে ১৬২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ এনে অংশগ্ৰহণ কাৰ্য্যই শক্তিশালী আঞ্চলিক অংশগ্ৰহণ আৰু প্ৰতিভাৰ বৈচিত্ৰ্যকে প্ৰতিফলিত কৰিছে। প্ৰতিযোগিতাখনে অট’ম’বাইল প্ৰযুক্তি, ক্লাউড কম্পিউটিং, ম’বাইল এপ্লিকেচন ডেভেলপমেন্ট, চফ্টৱেৰ আৰু ৱেব প্ৰযুক্তি, ডিজিটেল ইন্টাৰেক্টিভ মিডিয়া, ইলেক্ট্ৰনিক্স, চিএনচি মিলিং এণ্ড টাৰ্নিং, ৱেল্ডিং, ইলেক্ট্ৰিকেল ইনষ্টলেচন, ফেশ্বন প্ৰযুক্তি, বেকাৰী আৰু পেটিচেৰী, হোটেল ৰিচিপচন, ৰেষ্টুৰেণ্ট সেৱা, স্বাস্থ্য আৰু সামাজিক যত্ন, খুচুৰা বিক্ৰী আৰু ভিজুৱেল মাৰ্চেণ্ডাইজিংকে প্ৰমুখ্য কৰি একাধিক সমসাময়িক আৰু পৰম্পৰাগত দক্ষতা ক্ষেত্ৰসমূহক সামৰি লৈছে।

প্ৰতিযোগিতাখনত দক্ষতাৰ মিশ্ৰণে মূল কাৰিকৰী আৰু পৰম্পৰাগতভাৱে পুৰুষ-প্ৰধান ট্ৰেড যেনেঃ অট’ম’বাইল প্ৰযুক্তি, ইলেক্ট্ৰনিক্স, চিএনচি, ইলেক্ট্ৰিকেল ইনষ্টলেচন আৰু ৱেল্ডিঙৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিতে আলোকপাত কৰিছে। ইয়াৰ উপৰিও ই উৎপাদন আৰু সেৱাৰ সৈতে ডিজিটেল দক্ষতাৰ শক্তিশালী অভিসৰণক প্ৰতিফলিতকৰণেৰে যুৱক-যুৱতীসকলক ইণ্ডাষ্ট্ৰী ৪.০-সংযুক্ত ভূমিকাসমূহৰ বাবে সাজু কৰি তুলিছে। একে সময়তে আতিথ্য, স্বাস্থ্য আৰু ৰিটেইল দক্ষতাই উত্তৰ-পূৰ্বাঞ্চলৰ মূল-মূল বিকাশ খণ্ড বিশেষকৈ পৰ্যটন আৰু সেৱাৰ সৈতে দক্ষতা প্ৰচেষ্টাৰ সংহতিত আলোকপাত কৰিছে। ইণ্ডিয়াস্কিলছৰ দৰে মঞ্চই উদ্যোগৰ চাহিদা আৰু ৰাষ্ট্ৰীয় উন্নয়ন অগ্ৰাধিকাৰৰাজিৰ সৈতে আঞ্চলিক প্ৰতিভাসমূহক একত্ৰিতকৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

ইণ্ডিয়াস্কিলছ প্ৰতিযোগিতাত সমগ্ৰ দেশৰ শ্ৰেষ্ঠ প্ৰতিভাক চিনাক্ত আৰু তেওঁলোকৰ যত্ন ল’বলৈ ডিজাইন কৰা এক গাঁথনিগত, বহু-স্তৰীয় মূল্যায়ন প্ৰক্ৰিয়াক অনুসৰণ কৰা হৈছে। ইয়াৰ প্ৰতিযোগীসকলক প্ৰথমে জিলা পৰ্য্যায়ত মূল্যায়ন কৰা হয়, তাৰ পিছত ৰাজ্যিক-পৰ্য্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়, তাৰ পিছত বাছনি হোৱা অংশগ্ৰহণকাৰীসকলে আঞ্চলিক প্ৰতিযোগিতাত ভাগ লয়। আঞ্চলিক মঞ্চৰ শীৰ্ষ প্ৰদৰ্শনকাৰীসকলে ইণ্ডিয়াস্কিলছ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিব। ইয়াত তেওঁলোকক ৰাষ্ট্ৰীয় মানদণ্ডৰ বিপৰীতে মূল্যায়ন কৰা হ’ব। ইয়াৰ বিজয়ীসকলে ২০২৬-ৰ ২২-২৭ ছেপ্টেম্বৰত চাংহাইত অনুষ্ঠিতব্য ৱৰ্ল্ডস্কিলছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব।

 

 

 

 

 

 

***

SH/SB


(रिलीज़ आईडी: 2216171) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Bengali-TR , Tamil