ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
বৰ্ষান্তিক পৰ্যালোচনা ২০২৫-প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ
অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ২৮ সংখ্যক ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স সন্মিলনৰ সফল সামৰণি, গৃহীত হ’ল বিশাখাপট্টনম ঘোষণাপত্ৰ
অভিযোগৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ বাবে চিপিজিআৰএমএছ পৰ্টেল কাৰ্যকৰীকৰণ, ‘ৰাজহুৱা অভিযোগৰ ফলপ্ৰসূ প্ৰতিকাৰৰ বাবে সেৱোত্তম’ সন্দৰ্ভত দুখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন
আঁচনিৰ সফল সমাপ্তি আৰু ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে ২০২৩ আৰু ২০২৪ চনৰ প্ৰধানমন্ত্ৰীৰ বঁটা,২০২৫ চনৰ ‘অসামৰিক সেৱা দিৱস’ত বঁটা প্ৰদান
স্বচ্ছতাৰ প্ৰতিষ্ঠানিকীকৰণ আৰু চৰকাৰী কাম-কাজত বিলম্বতা হ্ৰাস কৰাৰ বাবে বিশেষ অভিযান ৫.০-ৰ সফল পৰিচালনা
ভুৱনেশ্বৰ আৰু পাটনাত জিলাসমূহৰ সুশাসন পদ্ধতি আৰু সামগ্ৰিক উন্নয়ন সন্দৰ্ভত আঞ্চলিক/ৰাষ্ট্ৰীয় সন্মিলন
ই-অফিচ-ৰ উন্নতি আৰু ই-অফিচ বিশ্লেষণৰ গভীৰতা
৮ খন ৰাজ্যৰ ‘আৰ টি এছ আয়োগ’ৰ সহযোগিতাৰে ই-সেৱা প্ৰদানৰ অগ্ৰগতি
১০-১৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে আইআইএএছ-ডিএআৰপিজি-ৰ নতুন দিল্লী সন্মিলন ২০২৫
ৰাষ্ট্ৰীয় সুশাসন আৰু ই-শাসন ৱেবিনাৰ ছিৰিজৰ সফল পৰিচালনা
ৰাজ্যিক সহযোগিতামূলক পদক্ষেপ আঁচনিৰ অধীনত নতুন অনুমোদন
‘সংবিধান দিৱস’, ‘যোগ দিৱস’, ‘স্বচ্ছতা হী সেৱা’ আৰু ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ উদযাপন
পোষ্ট কৰা হৈছে:
12 DEC 2025 6:37PM by PIB Guwahati
প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ-য়ে ২০২৫ চনৰ কেলেণ্ডাৰ বৰ্ষৰ বাৰ্ষিক কাম-কাজৰ কেলেণ্ডাৰ প্ৰকাশ কৰে। বিভাগৰ সাফল্যসমূহৰ চমু খটিয়ান তলত দিয়া হ’ল:
২০২৫ চনত ডিএআৰপিজি-য়ে গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপ/ কৃতিত্বসমূহ
১. ই-গভৰ্নেন্সৰ ২৮ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন আৰু ই-গভৰ্নেন্স ২০২৫ৰ বাবে ৰাষ্ট্ৰীয় বঁটা:
২০২৫ চনৰ ২২ –২৩ ছেপ্টেম্বৰত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ই-গভৰ্নেন্স সম্পৰ্কীয় ২৮ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন সফলভাৱে অনুষ্ঠিত কৰা হয়।
মাননীয় ৰাজ্যিক মন্ত্ৰী (কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন) ডাঙৰীয়াই ই-গভৰ্নেন্সৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ, উদ্যোগ, আৰু ব্যক্তিগত খণ্ডক প্ৰতিনিধিত্ব কৰা ১০০০ৰো অধিক প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
বিশখাপট্টনম ঘোষণা-পত্ৰখন বিকশিত ভাৰত ২০৪৭-ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ডিজিটেল শাসন ব্যৱস্থাক আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰা হয়।৬০ গৰাকীতকৈয়ো অধিক বিশিষ্ট বক্তাই সন্মিলনখনৰ বাবে চিনাক্ত কৰা বিষয়বস্তুসমূহৰ সন্দৰ্ভত নিজৰ বিশেষজ্ঞতা আৰু অন্তৰ্দৃষ্টি সহভাগ কৰে।
2. চিপিজিএআৰএমএছ(CPGRAMS )ৰ পুনৰ্নিৰ্মাণ
বিভাগটোৱে সংবেদনশীলতা, প্ৰৱেশানুকূলতা, আৰু নাগৰিককেন্দ্ৰিক অভিযোগ নিষ্পত্তিৰ হাৰ বৃদ্ধিৰ বাবে চিপিজিআৰএএমএছ-ৰ এক বিস্তৃত সংস্কাৰ সাধনৰ পদক্ষেপ গ্ৰহণ কৰে, ৩১টা মন্ত্ৰালয়/বিভাগৰ বাবে সংশোধিত বৰ্গীকৰণ সম্পূৰ্ণ কৰে আৰু ২০২৫ চনৰ নৱেম্বৰ মাহৰ ভিতৰত ২৭টা মন্ত্ৰালয়/বিভাগৰ বাবে আপডেট কৰা বৰ্গীকৰণসমূহ লাইভ কৰে।
কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ বাবে অভিযোগৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সক্ষম কৰিবলৈ চিপিজিআৰএএমএছ পৰ্টেল-ত এটা নিৰ্দিষ্ট মডিউল কাৰ্যকৰী কৰাৰ লগতে নতুন মডিউলটো সন্দৰ্ভত অভিযোগ নিষ্পাদনকাৰী ন’ডেল বিষয়াসকলৰ বাবে সামৰ্থ্য বৰ্দ্ধন কৰ্মশালা অনুষ্ঠিত কৰা হয়।
মাননীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে “সেৱোত্তম আৰ্হি পাঠ্যক্ৰম, বিষয়বস্তু তথা প্ৰৌঢ়শিক্ষা বিধি”, আৰু “অভিযোগৰ পৰা শাসনলৈ” শীৰ্ষক অধ্যয়নপত্ৰ প্ৰকাশ কৰে। ২২টা ৰাজ্যিক প্ৰশাসনিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (এটিআই)য়ে ১৫ হাজাৰ ৰাজ্যিক অভিযোগ নিষ্পাদনকাৰী বিষয়াসকলক প্ৰশিক্ষণ দিবলৈ অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ জিআৰঅ’সকলৰ সামৰ্থ্য বিকাশ কাৰ্যসূচীও আৰম্ভ কৰা হয়। ৰাজ্যিক প্ৰশাসনিক প্ৰতিষ্ঠানসমূহৰ সহযোগত ৰাজহুৱা আপত্তিৰ ফলপ্ৰসূ নিষ্পত্তিকৰণ সন্দৰ্ভত দুখন আৰু ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠান (আই আই পি এ), নতুন দিল্লীৰ সৈতে এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰা হয়।
চিপিজিআৰএমএছ পদক্ষেপৰ অধীনত উত্তম পদ্ধতিসমূহে প্ৰদৰ্শন কৰা সফলতাৰ কাহিনী সম্বলিত পুস্তিকা “অভিযোগৰ ফলপ্ৰসূ মীমাংসা: পৰিৱৰ্তনৰ ১০০টা কাহিনী” প্ৰকাশ কৰা হয়।
৩. পিএমএ ২০২৩ আৰু ২০২৪ৰ সফল সমাপ্তি আৰু ২০২৫ চনৰ অসামৰিক সেৱা দিৱস-ত বঁটা প্ৰদান কৰা হয়
চৰকাৰী কৰ্মচাৰীৰ অসাধাৰণ অৱদানক স্বীকৃতি দিবলৈ প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বঁটা ২০২৩ আৰু ২০২৪ সফলতাৰে ৰূপায়ণ কৰা হয়। ২০২৫ চনৰ ২১ এপ্ৰিলত অসামৰিক সেৱা বঁটা ২০২৫ উপলক্ষে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী বঁটা প্ৰদান কৰে।
বিজ্ঞান ভৱনত সফলতাৰে আয়োজন কৰা অসামৰিক সেৱা দিৱস ২০২৫ৰ অনুষ্ঠানটো সোঁ-শৰীৰে উপস্থিত থকা আৰু ভাৰ্চুৱেল মাধ্যমেৰে ৩,০০,০০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে প্ৰত্যক্ষ কৰে।
৪) স্বচ্ছতাৰ প্ৰতিষ্ঠানিকীকৰণ আৰু চৰকাৰী কাম-কাজত বিলম্বতা হ্ৰাস কৰাৰ বাবে বিশেষ অভিযান ৫.০
২০২৫ চনৰ ২-৩১ অক্টোবৰৰ পৰা পৰিপূৰ্ণতা আহৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰি সকলো কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়তে বিশেষ অভিযান ৫.০ সফলতাৰে ৰূপায়ণ কৰা হয়। সমগ্ৰ চৰকাৰ দৃষ্টিভংগীৰে ৰূপায়ণ কৰা এই অভিযানটোৱে আটাইতকৈ ডাঙৰ অভিযান হিচাপে আত্মপ্ৰকাশ কৰিছিল; অভিযানটো ১১.৬০ লাখ কাৰ্যালয়ত চলোৱা হৈছিল, ২৩৩.৭৫ লাখ বৰ্গফুট কাৰ্যালয়ৰ স্থান মুক্ত কৰা হৈছিল, ৩৮.১১ লাখ ফাইল পৰ্যালোচনা কৰা হৈছিল, ৭.৫৪ লাখ অভিযোগ নিষ্পত্তি কৰা হৈছিল, আৰু পেলনীয়া সা-সামগ্ৰী নিষ্কাশনৰ পৰা ৮২৪.০৭ কোটি টকাৰ ৰাজহ আহৰণ কৰা হৈছিল। সামগ্ৰিকভাৱে বিশেষ অভিযান ১.০ৰ পৰা ৫.০ (২০২১-২০২৫)ত ৪১২০.৭৯ কোটি টকা উপাৰ্জন কৰা, ৯৩০.০২ লাখ বৰ্গফুট স্থান মুক্ত কৰা, আৰু ২৩.৬৫ লাখ স্থানত ১৬৭.৩৮ লাখ ফাইল আঁতৰোৱা/বন্ধ কৰা হয়।
এছচিডিপিএম(SCDPM) ৫.০ ৰ অংশ হিচাপে বিভাগটোৱে চাইবাৰ সুৰক্ষা সজাগতাৰ বাবে চাইবাৰ স্বচ্ছতাত গুৰুত্ব আৰোপ কৰি তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে চাইবাৰ সুৰক্ষা কৰ্মশালাও অনুষ্ঠিত কৰে।
৫. সুশাসন/সামগ্ৰিক উন্নয়ন সন্দৰ্ভত আঞ্চলিক/ৰাষ্ট্ৰীয় সন্মিলনৰ সফল পৰিচালনা
১৭-১৮ জুলাইত ওড়িশাৰ ভুৱনেশ্বৰত সুশাসন পদ্ধতি সম্পৰ্কীয় আঞ্চলিক ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰা হয়। ই সমগ্ৰ দেশৰ জ্যেষ্ঠ বিষয়া, প্ৰশাসক, আৰু উদ্ভাৱকসকলক সন্মিলিত কৰি সফল শাসন আৰ্হিসমূহ সহভাগ কৰিছিল। উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগতে ওড়িশাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি।
বিহাৰ চৰকাৰৰ সহযোগত ২০২৫ৰ ১৭-১৮ জুলাইত পাটনাত "জিলাসমূহৰ সামগ্ৰিক উন্নয়ন" বিষয়ক দুদিনীয়া আঞ্চলিক সন্মিলনৰ আয়োজন কৰা হয়। বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে অনুষ্ঠানটোৰ শোভা বঢ়ায়। ২০০ৰো অধিক প্ৰতিনিধিয়ে ক্ৰছ-লাৰ্নিং, নীতিগত আলোচনা আৰু জিলা পৰ্যায়ৰ সফল আৰ্হিৰ প্ৰতিলিপিৰ বাবে আদৰ্শগত শাসন পদক্ষেপসমূহ প্ৰদৰ্শন কৰি অংশগ্ৰহণ কৰে।
৬) সহযোগিতাৰ জৰিয়তে ই-সেৱা প্ৰদানৰ অগ্ৰগতিৰ প্ৰয়াস:
‘ৰাষ্ট্ৰীয় ই চৰকাৰ সেৱা প্ৰদান মূল্যায়ন (NeSDA)-ৰ অগ্ৰগতি উদ্যোগ’(নেছডিএ ৱে’ ফৰৱাৰ্ড) পদক্ষেপ হৈছে এই ধৰণৰ একমাত্ৰ চৰকাৰী প্ৰয়াস, যিয়ে ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে প্ৰদান কৰা ই-সেৱাসমূহৰ পৰিমাণ আৰু মান পদ্ধতিগতভাৱে অনুসৰণ আৰু মূল্যায়ন কৰে। বিভাগটোৱে ৰাজ্যিক সেৱাৰ অধিকাৰ (আৰটিএছ) আয়োগসমূহৰ সৈতে সহযোগিতা কৰিছিল, পৰিপূৰ্ণতা আহৰণৰ বাবে নেছডিএ-ৰ বাধ্যতামূলক সেৱাসমূহৰ সম্প্ৰসাৰণ, ঐক্যবদ্ধ পৰ্টেলৰ জৰিয়তে সেৱা প্ৰদানৰ বাবে ৰোডমেপ সংজ্ঞায়িত কৰা, আৰু ৰাজহুৱা অভিযোগৰ যথা সময়ত সমাধান নিশ্চিত কৰিবলৈ সেৱা প্ৰদান ব্যৱস্থাৰ ফলপ্ৰসূতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয় সাধন কৰিছিল। সেৱাৰ অধিকাৰ আয়োগ-ৰ উত্তম পদ্ধতিসমূহ ‘নেছডিএ ৱে’ ফৰৱাৰ্ড’ৰ জৰিয়তে প্ৰচাৰ কৰা হয় যাতে ই-সেৱা প্ৰদানৰ উন্নতিৰ বাবে অন্য ৰাজ্যসমূহে গ্ৰহণ কৰাত সুবিধা হয়। ‘নেছডিএ ৱে’ ফৰৱাৰ্ড’-ৰ মাহেকীয়া প্ৰতিবেদনত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ই-সেৱাৰ সংখ্যা ২৫% বৃদ্ধিৰে ২০২৫ চনৰ আৰম্ভণিৰ ১৯,১৭৭ৰ পৰা ২০২৫ চনৰ অক্টোবৰ মাহত ২৩,৯১৯লৈ বাঢ়িছে বুলি তথ্য উল্লেখ কৰা হৈছে। ২০২৫ চনৰ আৰম্ভণিতে ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিতা অঞ্চলৰ বাধ্যতামূলক ই-সেৱাৰ সম্পূৰ্ণ পৰিপূৰকতা লাভ কৰিছিল আৰু ২১খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলে ৯০%তকৈয়ো অধিক পৰিপূৰকতা লাভ কৰিছে, যিয়ে সমগ্ৰ দেশতে শক্তিশালী অগ্ৰগতি প্ৰতিফলিত কৰিছে। বৰ্তমান ছখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এক ঐক্যবদ্ধ মঞ্চৰ জৰিয়তে ১০০% সেৱা আগবঢ়ায়। ইয়াৰ উপৰিও চাৰিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে তেওঁলোকৰ চিনাক্তকৃত ঐক্যবদ্ধ পৰ্টেল-ৰ জৰিয়তে তেওঁলোকৰ ৯০%তকৈয়ো অধিক সেৱা প্ৰদান কৰে, যাৰ ফলত নাগৰিকসকলে একক, সংহত আন্তঃপৃষ্ঠৰ জৰিয়তে অধিক সুবিধাজনকভাৱে সেৱাসমূহত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
৭. ই-অফিচ-ৰ উন্নীতকৰণ আৰু ই অফিচ-ৰ বিশ্লেষণ গভীৰ কৰাৰ প্ৰয়াস
ই-অফিচৰ সংস্কৰণ ৭.০ সকলো কেন্দ্ৰীয় মন্ত্ৰালয়তে কাৰ্যকৰী কৰা হৈছে। ই-অফিচ বিশ্লেষণ (Vishleshan)-য়ে এটা ডিজিটেল নিৰীক্ষণ ব্যৱস্থা প্ৰদান কৰে আৰু ৩১ অক্টোবৰ পৰ্যন্ত ই অফিচ অভিগ্ৰহণৰ ফলত ই-ফাইল ৯৩.৬২ শতাংশ (মুঠ ৪,৫১,৮০০ ফাইলৰ ভিতৰত ৪,২৩,০০০ ই ফাইল) আৰু ই ৰচিদ-ৰ ৯৫.১৯ শতাংশ ডিজিটেলাইজেশ্যন (সৰ্বমুঠ ৪৯০৩৮৯ন ই-ৰচিদৰ ৪৬৬,৮৪২খন) সম্ভৱ হৈছে। সক্ৰিয় ফাইলসমূহৰ বাবে গড় সুকীয়া লেনদেনৰ স্তৰ ২০২১ চনৰ ৭.১৯ৰ পৰা ২০২৫ চনৰ অক্টোবৰ মাহত ৪.১৫ত দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ সূচনা কৰিছে।
ফাইলসমূহৰ নিষ্কাশন আৰু বিলম্ব, গড় ফাইল নিষ্কাশনৰ সময়, কেন্দ্ৰীয় সচিবালয়ত ভিপিএন-ৰ ব্যৱহাৰ নিৰীক্ষণৰ বাবে ই-অফিচ বিশ্লেষণ গভীৰ কৰাৰ বাবে ‘বিশ্লেষণ ২.০’ বিকশিত কৰা হৈছিল। বিলম্বিততাৰ চলকসমূহত যোগ কৰা বৈশিষ্ট্যসমূহৰ সৈতে ‘বিশ্লেষণ ৩.০’ৰ বিকাশ আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা নিৰীক্ষণ কৰা হয়।
ই-অফিচ, চৰকাৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি চাইবাৰ সুৰক্ষাৰ ভংগীমা আৰু পৰিঘটনাসমূহৰ সময়ে সময়ে পৰ্যালোচনাৰ বাবে ই-অফিচ চাইবাৰ সুৰক্ষা তদাৰকী সমিতি গঠন কৰা হৈছিল।
৮) আই ই এণ্ড চি-ৰ সহযোগিতা, ডি এ আৰ পি জি - আই আই এ এছ সন্মিলন ২০২৫
আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনিক বিজ্ঞান প্ৰতিষ্ঠান আৰু প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ-ৰ উদ্যোগত ২০২৫ চনৰ ১০–১৪ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপম-ত আইআইএএছ-ডি এ আৰ পি জি সন্মিলন অনুষ্ঠিত হয়। আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত ৬৬খন ব্ৰেকআউট অধিৱেশন, ৭খন পূৰ্ণাংগ অধিৱেশন, আৰু ৫৮খন দেশৰ ৭৫০গৰাকীতকৈয়ো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৭১০ পৃষ্ঠাৰ এটা খণ্ড Viksit Bharat@2047 – Governance Transformed শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰা হয় আৰু ভাৰতে আই আই এ এছ-ৰ অধ্যক্ষ পদৰ প্ৰাৰ্থিত্ব দাখিল কৰে।
ডি এ আৰ পি জি-ৰ সচিব শ্ৰী ভি শ্ৰীনিবাসে প্ৰতিনিধিত্ব কৰা ভাৰতৰ প্ৰাৰ্থিত্বই আই আই এ এছ-ৰ ১০০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ২০২৫-২০২৮ বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনিক বিজ্ঞান প্ৰতিষ্ঠান (আই আই এ এছ)ৰ অধ্যক্ষ পদৰ বাবে ঐতিহাসিক কাৰ্যভাৰ লাভ কৰে। ২০২৫ চনৰ ৩ জুনত অনুষ্ঠিত আই আই এ এছ-ৰ অসাধাৰণ সাধাৰণ সংস্থা-ৰ বৈঠকত অষ্ট্ৰিয়াৰ সদস্য প্ৰতিনিধিৰ ৩৮%ৰ বিপৰীতে ৬২%ৰ উল্লেখযোগ্য ব্যৱধানেৰে দুটা খেপৰ ভোটগ্ৰহণৰ অন্তত ভাৰতে অধ্যক্ষ পদৰ নিৰ্বাচনত জয়লাভ কৰে।
বিভাগটোৱে গ্লাছগোত অনুষ্ঠিত ইউৰোপীয়ান গ্ৰুপ অব পাব্লিক এডমিনিষ্ট্ৰেশ্যন (ইজিপিএ)ৰ ৫০ বছৰীয়া জয়ন্তী সন্মিলন, ব্ৰাছেলছ আৰু গ্লাছগোত দ্বিপাক্ষিক বৈঠক, আৰু বিশ্বজোৰা বৈজ্ঞানিক কৌশলৰ বাবে পিআৰএচি-ৰ পৰামৰ্শদান গোটত অংশগ্ৰহণ কৰে। ই ছিংগাপুৰৰ সৈতে চতুৰ্থ যৌথ কৰ্মগোটৰ বৈঠক, ইজিপিএ পৰিচালনা সমিতিৰ নিৰ্বাচন, আৰু অন্যান্য দ্বিপাক্ষিক সমন্বয় সাধন কৰিছিল। আই আই এ এছ ব’ৰ্ড নেতৃত্বৰ উচ্চ পৰ্যায়ৰ বৈঠক আৰু দ্বিপাক্ষিক বুজাবুজিৰ চুক্তিৰ অধীনত মালয়েছিয়াৰ সৈতে পৰিৱেশন ব্যৱস্থাপনা সন্দৰ্ভত এক যৌথ ৱেবিনাৰ আয়োজন কৰে, য’ত দুয়োপক্ষই নিজৰ ৰাষ্ট্ৰীয় পৰিৱেশন ব্যৱস্থাপনাৰ কাঠামো উপস্থাপন কৰে আৰু অধিক নিয়োজিত হোৱাৰ প্ৰসংগত সহমতত উপনীত হয়।
৯. ৰাষ্ট্ৰীয় সুশাসন ৱেবিনাৰ ছিৰিজ আৰু ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স ৱেবিনাৰ ছিৰিজ
২০২৫ চনত প্ৰধানমন্ত্ৰীৰ বঁটাপ্ৰাপক আৰু চূড়ান্ত প্ৰতিযোগীসকলক প্ৰতিটো ৱেবিনাৰত মুখ্য বক্তা হিচাপে লৈ ৭খন ৰাষ্ট্ৰীয় সুশাসন ৱেবিনাৰ শৃংখলাৰ আয়োজন কৰা হৈছিল, যিয়ে উত্তম সুশাসন পদ্ধতিৰ ব্যাপক প্ৰচাৰ আৰু সফল ই-শাসন পদ্ধতিৰ প্ৰতিলিপি কৰিবলৈ সক্ষম হৈছিল। প্ৰতিখন ৱেবিনাৰত ১০০০ৰো অধিক ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰে।
বছৰটোৰ ভিতৰত প্ৰতিলিপি আৰু সহযোগিতাৰ বাবে ব্যতিক্ৰমী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ পৰা অন্তৰ্দৃষ্টি প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় ই-শাসন বঁটা বিজয়ীসকলক লৈ ছখন ৰাষ্ট্ৰীয় ই-শাসন ৱেবিনাৰ অনুষ্ঠিত কৰা হয়। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকল।
১০. ৰাজ্যিক সহযোগিতামূলক পদক্ষেপ আঁচনি (এছচিআই)
২০২৫ চনত ডি এ আৰ পি জি-য়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ এ আৰ/আই টি সচিবসকলৰ সহযোগত দুটা ৰাষ্ট্ৰীয় গণ-সম্পৰ্ক অধিৱেশন অনুষ্ঠিত কৰিছিল আৰু নাগৰিককেন্দ্ৰিক জনসেৱা প্ৰদানক শক্তিশালী কৰাৰ বাবে ৮০টাতকৈয়ো অধিক প্ৰকল্পৰ প্ৰস্তাৱ লাভ কৰিছিল। এই প্ৰকল্পসমূহে এআই সক্ষম কৰা ৰাজহুৱা সেৱা প্ৰদান প্লেটফৰ্ম, অনলাইন সেৱা পৰ্টেল, বাস্তৱ সময়ৰ জনসেৱা ডেচব'ৰ্ডসমূহ সামৰি লৈছে। ৰূপায়ণকাৰী সংস্থাসমূহৰ সৈতে তথ্য বিনিময় পদ্ধতি সুশৃংখলিত কৰিবলৈ, শাৰীৰিক আৰু বিত্তীয় অগ্ৰগতি অনুসৰণ কৰিবলৈ, আৰু প্ৰকল্পৰ সময়সীমা আৰু ফলাফলসমূহ নিৰীক্ষণ কৰিবলৈ এটা নিৰ্দিষ্ট এছচিআই পৰ্টেল ব্যৱহাৰ কৰা হৈছে।
১১. আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, ২০২৫
২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস-ত ডি এ আৰ পি জি-য়ে “অসামৰিক সেৱাত মহিলা” শীৰ্ষক ভাৰ্চুৱেল ৰাউণ্ডটেবল ৱেবিনাৰৰ আয়োজন কৰে। নাৰী শক্তিৰ জৰিয়তে বিকশিত ভাৰত শীৰ্ষক ৱেবিনাৰখনত বিভিন্ন মন্ত্ৰালয়, ৰাজ্যিক এ আৰ বিভাগ, আৰু জিলা আয়ুক্তসকলে অংশগ্ৰহণ কৰে। বক্তাসকলৰ ভিতৰত ভাৰত চৰকাৰৰ জ্যেষ্ঠ মহিলা সচিবসকল মুখ্য বক্তা আৰু ক্ষেত্ৰখনৰ মহিলা প্ৰশাসকসকল উপস্থিত থাকে।
১২. আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৫
বিভাগটোৱে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান-ৰ পেছাদাৰী প্ৰশিক্ষকৰ জৰিয়তে যোগৰ সামগ্ৰিক সুবিধাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ইয়াৰ বিষয়াবৰ্গৰ বাবে নতুন দিল্লীৰ চিএছঅ’আই-ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫-ৰ আয়োজন কৰে।
১৩. স্বচ্ছতা হী সেৱা অভিযান
বিভাগটোৱে ‘স্বচ্ছোৎসৱ’ শীৰ্ষক বিষয়বস্তুৰ অধীনত ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ ২০২৫লৈ স্বচ্ছতা হী সেৱা অভিযান ২০২৫ পালন কৰে। ২৪ ছেপ্টেম্বৰত সচিবগৰাকীয়ে সকলো কৰ্মচাৰীক স্বচ্ছতাৰ প্ৰতিজ্ঞাবাক্য প্ৰদান কৰি স্বচ্ছতা, অনাময়, আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিভাগৰ সামূহিক দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।
১৪. সংবিধান দিৱস, ২০২৫
২৬ নৱেম্বৰ ২০২৫ তাৰিখে আয়োজন কৰা সংবিধান দিৱস-ৰ ৱেবিনাৰখনৰ আৰম্ভণিতে প্ৰস্তাৱনা পাঠ কৰা হয়, বিশিষ্ট বক্তা হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল শ্ৰী বিক্ৰমজিৎ বেনাৰ্জীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে ৮০০ৰো অধিক স্থানৰ পৰা অংশগ্ৰহণ কৰে।
১৫. ২০২৪-২৫ বৰ্ষৰ বাবে ‘ৰাজভাষা কীৰ্তি বঁটাট (প্ৰথম পুৰস্কাৰ) লাভ কৰা
প্ৰশাসনীয় সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগক গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী ভাষা বিভাগে ৩০০ তকৈয়ো কম কৰ্মী থকা মন্ত্ৰালয়/বিভাগৰ শাখাত ২০২৪-২৫ বৰ্ষৰ বাবে ৰাজভাষা কীৰ্তি পুৰস্কাৰ (প্ৰথম) বঁটা প্ৰদান কৰে। ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস উপলক্ষে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ পৰা শ্ৰী ভি শ্ৰীনিবাসে এই বঁটা গ্ৰহণ কৰে।

*****
NKR/AK/KB
(ৰিলিজ আই ডি : 2211728)
অতিথি কক্ষ : 20