ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
বৰ্ষান্তিক পৰ্যালোচনা ২০২৫: বছৰটোত ডিঅ’পিপিডব্লিউ বিভাগৰ সাফল্যসমূহ
২০০০ চহৰ/নগৰ/জিলা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় ‘ডিজিটেল লাইফ চাৰ্টিফিকেট অভিযান ৪.০’ - ১.৫৪ কোটি ‘ডিএলচি’, মুখাৱয়ব প্ৰামাণিকৰণৰ দ্বাৰা ৯০ লাখতকৈয়ো অধিক ‘ডিএলচি’-ৰ সৈতে পেঞ্চনাৰসকলৰ ডিজিটেল সবলীকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য অৰ্জন
‘চিপিইএনজিআৰএএমএছ’ (CPENGRAMS) পৰ্টেলত কেন্দ্ৰীয় চৰকাৰৰ ১.০৭ লাখ পেঞ্চনাৰৰ অভিযোগৰ সমাধান (০২.১২.২০২৫ পৰ্যন্ত)
‘ইউপিএছ’-ৰ বাবে বাছনি কৰা কৰ্মচাৰীসকলৰ বাবে ০২.০৯.২০২৫ তাৰিখে অধিসূচনা জাৰি কৰা ‘চিচিএছ(‘এনপিএছ’-ৰ অধীনত ইউপিএছ ৰূপায়ণ) অধিনিয়ম, ২০২৫’
‘এছচিডিপিএম ২.০’ (SCDPM 2.0)-ৰ অধীনত ‘চিপিইএনজিআৰএএমএছ’ ডেস্কৰ দ্বাৰা জাৰি কৰা হয় ০৬ অ’এম
‘ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনি, ২০২৫’ৰ কাৰ্যকৰীকৰণ, ‘ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনি, ২০২৬’ অধিসূচনা জাৰি কৰা হয়
পেঞ্চন আদালতৰ ৩ টা অধিৱেশনত ১৪৬৭টা অভিযোগৰ মীমাংসা
চৰকাৰী বিষয়াৰ অৱসৰৰ প্ৰথম দিনাই ‘চি জি এইচ এছ কাৰ্ড’ প্ৰদানৰ উদ্দেশ্যেৰে ভৱিষ্যৰ ‘চি জি এইচ এছ’-ৰ সৈতে একত্ৰীকৰণৰ দিহা
প্ৰ-পত্ৰ ‘৬-এ’ ব্যৱহাৰ কৰি ‘ভৱিষ্য’ত পেঞ্চন প্ৰ-পত্ৰ জমা দিছিল
৪১, ৯৯৮ গৰাকী পেঞ্চনাৰে
পোষ্ট কৰা হৈছে:
12 DEC 2025 6:48PM by PIB Guwahati
পেঞ্চনাৰ আৰু পেঞ্চনাৰ কল্যাণ বিভাগ (DoPPW) য়ে২০২৫ চনত পেঞ্চনাৰসকলৰ কল্যাণ বৃদ্ধি, অভিযোগ মীমাংসাৰ ব্যৱস্থা সুশৃংখলিত কৰা, আৰু পেঞ্চন প্ৰক্ৰিয়াত ডিজিটেলাইজেশ্যনক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কেইবাটাও পদক্ষেপ ৰূপায়ণ কৰিছে।
অভিযোগ মীমাংসা সম্পৰ্কীয় সাফল্যসমূহ
১. ডিজিটেল লাইফ প্ৰমাণপত্ৰ (ডিএলচি) অভিযান ৪.০
- ভাৰতত ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ সমগ্ৰ দেশৰ ২০০০ চহৰ/নগৰত ৭৫০০০ শিবিৰ আৰু ১৪০০ নডেল অফিচাৰৰ জৰিয়তে দেশৰ পেঞ্চনাৰসকলৰ কল্যাণৰ মান উন্নত কৰাৰ বাবে চলোৱা এই পৰ্যন্ত ৰূপায়িত সৰ্ববৃহৎ অভিযান আছিল ‘ডি এল চি অভিযান ৪.০’। এই সময়ছোৱাত ১.৫৪ কোটি ‘ডিজিটেল লাইফ চাৰ্টিফিকেট’ (ডি এল চি) সৃষ্টি কৰা হৈছিল।
- ৬০ শতাংশতকৈয়ো অধিকক প্ৰতিনিধিত্ব কৰা ৯০ লাখতকৈয়ো অধিক ‘ডিএলচি’ মুখাৱয়ব প্ৰমাণীকৰণ প্ৰযুক্তি ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল, যিটো পৰিসংখ্যা ‘ডিএলচি ৩.০’ অভিযানতকৈ ২.৫ গুণ অধিক আছিল। আঙুলিৰ ছাপ ম্লান পৰা বৃদ্ধ পেঞ্চনাৰ, গতিশীলতাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বিশেষভাৱে সক্ষম ব্যক্তি আৰু গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত বাস কৰা পেঞ্চনাৰসকলৰ বাবে ই বিশেষভাৱে উপযোগী বুলি প্ৰমাণিত হৈছে। [
- ৮০ বা ততোধিক বছৰ বয়সৰ পেঞ্চনাৰসকলে দাখিল কৰা ১১.১ লাখ ‘ডিএলচি’, ভাৰতীয় ষ্টেট বেংকে ২২ লাখ ‘ডিএলচি’, ‘আইপিপিবি’-য়ে সৃষ্টি কৰা ৪.৬ লাখ ‘ডিএলচি’ আৰু পিএনবি-য়ে ৩.১২ লাখ ‘ডিএলচি’ সৃষ্টি কৰিছিল।

জ্যেষ্ঠ নাগৰিকৰ বাবে ‘ডিএলচি’ সৃষ্টি কৰা হৈছে
২) পেঞ্চনাৰৰ অভিযোগৰ সমাধান:
- ৯২টা মন্ত্ৰালয় আৰু বিভাগৰ পেঞ্চনাৰসকলৰ পৰা পোৱা ২৫,১১৭টা পৰিয়াল পেঞ্চনাৰ গোচৰ আৰু ১৩,১১৩টা ‘ছুপাৰ ছিনিয়ৰ পেঞ্চনাৰ’ৰ গোচৰকে ধৰি ১.০৭ লাখৰো অধিক অভিযোগ নিষ্পত্তি কৰা হয় (০২.১২.২০২৫ তাৰিখৰ হিচাপত)।
- অভিযোগ নিষ্পত্তিৰ গড় সময় ৩৬ দিন (২০১৮)ৰ পৰা ২৮ দিন (২০২৫)লৈ অৱনমিত হৈছে।
৩. ‘চিপিইএনজিআৰএএমএছ’ পৰ্টেলৰ উন্নয়নসমূহ:
- অভিযোগৰ মাহেকীয়া প্ৰতিবেদন, অভিযোগ মীমাংসাৰ ক্ষেত্ৰত তেওঁলোকৰ পাৰদৰ্শিতাৰ ভিত্তিত মন্ত্ৰালয়/বিভাগসমূহৰ ৰেংকিং ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল।
- নতুন বৈশিষ্ট্যসমূহৰ ভিতৰত আছে প্ৰতিৰক্ষা মন্ত্ৰালয়ত দ্ৰুত সমাধানৰ বাবে অভিযোগসমূহৰ অটো ফৰৱাৰ্ডিং ব্যৱস্থা আৰম্ভ কৰা হৈছে।
৪. পৰিয়াল পেঞ্চন আৰু ‘ছুপাৰ ছিনিয়ৰ’ পেঞ্চনৰ অভিযোগৰ বাবে বিশেষ অভিযান:
- ২০২৫ চনৰ জুলাই মাহত এমাহৰ বিশেষ অভিযানে ২,২১০টা অভিযোগ মীমাংসাত গুৰুত্ব আৰোপ কৰিছিল, ২০৫২টা গোচৰৰ সমাধান কৰি ৯৩% সফলতাৰ হাৰ লাভ কৰিছিল।
- এই অভিযানৰ সময়ছোৱাত জটিল গোচৰ, যেনে নাবালক বা নিৰ্ভৰশীল কন্যাৰ সৈতে জড়িত গোচৰসমূহ সফলতাৰে সমাধান কৰা হৈছিল।
৫. পেঞ্চন আদালত
- ১৩.০২.২০২৫, ৪.০৬.২০২৫ আৰু ১০.০৯.২০২৫ তাৰিখে অনুষ্ঠিত পেঞ্চন আদালাতৰ তিনিটা অধিৱেশনত ক্ৰমে পৰিয়াল পেঞ্চন আৰু ‘ছুপাৰ ছিনিয়ৰ’ পেঞ্চনাৰসকলৰ সৈতে জড়িত অভিযোগসমূহত গুৰুত্ব আৰোপ কৰা দুখন বিষয়ভিত্তিক আদালত অন্তৰ্ভুক্ত কৰা হয়।

- গ্ৰহণ কৰা ১৮৪০টা অভিযোগৰ ভিতৰত ১৪৬৭টা অভিযোগ ঠাইতে সমাধান কৰা হৈছিল।
- ২০১৭ চনত এই পদক্ষেপ আৰম্ভ হোৱাৰ পিছৰে পৰা মুঠ ২৬,৭২৫টা দীৰ্ঘদিনীয়া বিচাৰাধীন অভিযোগৰ সমাধানৰ বাবে পেঞ্চন আদালতৰ ১৪টা অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ইয়াৰ ভিতৰত ১৯,১৩৩টা গোচৰ সফলতাৰে সমাধান কৰা হৈছে, অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত ৭১%তকৈয়ো অধিক সফলতাৰ হাৰ লাভ কৰিব পৰা গৈছে।

অভিযোগৰ ঠাইতে সমাধানৰ ব্যৱস্থা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (পিপি) ড০ জিতেন্দ্ৰ সিঙৰ
৬. ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনিঃ
অষ্টম ‘ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনি ২০২৫’ত অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ ১৫টা আদৰ্শগত লিখনিক স্বীকৃতি দিয়া হয়, য’ত আঁচনিখনৰ ইতিহাসৰ সৰ্বোচ্চ ৩৩% মহিলাক প্ৰদান কৰা হয়।

‘ৰাষ্ট্ৰীয় অনুভৱ বঁটা’ বিজয়ীসকল
৭. অনুভৱ বঁটা বিজয়ীৰ বক্তৃতা ৱে’বিনাৰ:
- বঁটাপ্ৰাপক আৰু অৱসৰপ্ৰাপ্ত বিশিষ্ট ব্যক্তিসকলক লৈ এখন মাহেকীয়া ধাৰাবাহিকে ২২ সংখ্যক সংস্কৰণ সম্পূৰ্ণ কৰিছে।
- ১৬টা মন্ত্ৰালয়ৰ বক্তাই অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক তেওঁলোকৰ অভিজ্ঞতাসমূহ সহভাগ কৰিবলৈ অনুপ্ৰাণিত কৰে।
পেঞ্চনাৰ অনুভৱ বঁটাপ্ৰাপকৰ মাহেকীয়া বক্তৃতা
৮. পেঞ্চন অভিযোগ সন্দৰ্ভত ৰাষ্ট্ৰীয় কৰ্মশালা
- প্ৰথম পেঞ্চন অভিযোগ সন্দৰ্ভত ৰাষ্ট্ৰীয় কৰ্মশালা ২ জুলাই, ২০২৫ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত মাননীয় ৰাজ্যিক মন্ত্ৰী(পিপি) ৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই কৰ্মশালাত সমগ্ৰ ভাৰতৰ বিভিন্ন আদালতত পেঞ্চন আদালতৰ গোচৰ চম্ভালি থকা সকলো মন্ত্ৰালয়/বিভাগৰ ৩০০ৰো অধিক ন’ডেল বিষয়া আৰু পেনেল অধিবক্তাই অংশগ্ৰহণ কৰে।
- কৰ্মশালাখনে পেঞ্চন গোচৰ ব্যৱস্থাপনা উন্নত কৰা আৰু আইন বিষয়াকে ধৰি সকলো মন্ত্ৰালয়/বিভাগৰ ন’ডেল বিষয়া আৰু পেনেল অধিবক্তাসকলৰ মাজত অধিক সমন্বয় নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। মাননীয় ৰাজ্যিক মন্ত্ৰী(পিপি), ভাৰতৰ এটৰ্নী জেনেৰেল, সচিব ডিঅ’পিপিডব্লিউ, সচিব আইন, সচিব প্ৰাক্তন সেৱাকৰ্মী কল্যাণ, সদস্য ‘চিএটি’ আৰু ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেলে কৰ্মশালাত ভাষণ দিয়ে।

পেঞ্চন গোচৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় কৰ্মশালা
পেঞ্চন প্ৰক্ৰিয়াৰ সংহতকৰণ
১. পেঞ্চন আবেদন প্ৰক্ৰিয়াৰ ডিজিটেলাইজেশ্যন:
- ৯টা পুৰণি ৰূপৰ ঠাইত ‘ভৱিষ্য’-ৰ অধীনত একক সৰলীকৃত ৰূপ (প্ৰপত্ৰ ৬-এ) প্ৰৱৰ্তন কৰা হৈছিল।
- ৪১,৯৯৮ তকৈয়ো অধিক অৱসৰপ্ৰাপ্ত বিষয়াই প্ৰপত্ৰ ৬-এৰ জৰিয়তে পেঞ্চনৰ আবেদন পূৰণ কৰিছে।
- ‘ভৱিষ্য’-ৰ সৈতে ‘পি এফ এম এছ’ একত্ৰিত কৰি পেঞ্চন আবেদন প্ৰক্ৰিয়াৰ আদ্যোপান্তৰ ডিজিটেলাইজেশ্যন সাধনৰ বাবে ‘পি এফ এম এছ’-ৰ সৈতে নিৰন্তৰ আৰু নিষ্ঠাবান প্ৰচেষ্টা চলোৱা হৈছে।
৩. বেংকৰ সৈতে একত্ৰীকৰণ
- ২ টা নতুন বেংক অৰ্থাৎ, ‘এইচ ডি এফ চি’, ‘ইণ্ডিয়ান বেংকট আৰু ‘আই চি আই চি আই’ বেংকক ২০২৫ চনত ‘ভৱিষ্য’-ৰ সৈতে একত্ৰিত কৰা হৈছে। এই পৰ্যন্ত মুঠ ৯টা বেংকক ‘ভৱিষ্য’-ৰ সৈতে একত্ৰিত কৰা হৈছে। এই একত্ৰীকৰণে ৯০% পেঞ্চনাৰ আৰু পৰিয়ালৰ পেঞ্চনাৰক সামৰি লৈছে।

সজাগতা কাৰ্যসূচী আৰু প্ৰচাৰ
১. বেংকাৰসকলৰ সজাগতা কাৰ্যসূচী:
- পেঞ্চনৰ নিয়ম আৰু পদ্ধতিসমূহৰ বিষয়ে ফিল্ড বেংকাৰসকলক জ্ঞান দিবলৈ কৰ্মশালা অনুষ্ঠিত কৰা হয়।
- আহমেদাবাদত আৰু ভাৰ্চুৱেলী বিভিন্ন পেঞ্চন প্ৰদানকাৰী বেংকৰ সৈতে কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল।
২. অৱসৰৰ পূৰ্বে পৰামৰ্শ (পি আৰ চি) দান কৰ্মশালা:
- গুৱাহাটী আৰু দিল্লীত অনুষ্ঠিত কৰ্মশালাত পেঞ্চনাৰ সুবিধা, ‘ডিএলচি’ জমা দিয়া, বিনিয়োগৰ বিকল্প আদি বিষয় সামৰি ১৫১০ গৰাকীতকৈয়ো অধিক অৱসৰপ্ৰাপ্ত বিষয়াক উপকৃত কৰা হয়।
৩. পেঞ্চনাৰ কল্যাণ সংস্থাৰ সৈতে বৈঠক:
- ডিঅ’পিপিডব্লিউ-ৰ পদক্ষেপৰ সজাগতা বৃদ্ধিৰ বাবে চেন্নাই, গুৱাহাটী, জয়পুৰ, হায়দৰাবাদ আৰু আহমেদাবাদ আদি চহৰত পাঁচখন গণ-সম্পৰ্ক সভা অনুষ্ঠিত কৰা হয়।
আহমেদাবাদত পেঞ্চনাৰ সজাগতা কাৰ্যসূচী
গ্ৰেচুইটী, এনপিএছ অ’এছএম আৰু ইউপিএছৰ সংস্কাৰ
১. অধিনিয়মৰ সংশোধন/সৰলীকৰণ:
- চিচিএছ (এনপিএছ-ৰ অধীনত গ্ৰেচুইটী পৰিশোধ) অধিনিয়ম, ২০২১ ২৮.০৪.২০২৫ তাৰিখৰ অধিসূচনাৰ জৰিয়তে সংশোধন কৰি চিচিএছ (পেঞ্চন) অধিনিয়ম, ২০২১ৰ বিধানৰ সমতুল্য কৰা হয়।
- চিচিএছ (এনপিএছ-ৰ অধীনত গ্ৰেচুইটী পৰিশোধ) অধিনিয়ম, ২০২১ সন্দৰ্ভত এখন নিয়ম পুস্তিকা প্ৰকাশ কৰা হয়।
২. ঐক্যবদ্ধ পেঞ্চন আঁচনি:
- ইউপিএছ-ৰ বাবে বাছনি কৰা কৰ্মচাৰীসকললৈ ০২.০৯.২০২৫ তাৰিখে অধিসূচনা জাৰি কৰা চিচিএছ (এনপিএছৰ অধীনত ইউপিএছ ৰূপায়ণ) অধিনিয়ম, ২০২৫।
- ইউপিএছ-ৰ অধীনত সামৰি লোৱা কৰ্মচাৰীসকলৰ বাবে ১৮.০৬.২০২৫ তাৰিখৰ দুখন বিজ্ঞপ্তি আছিল:
ক. চিচিএছ (এনপিএছ-ৰ অধীনত গ্ৰেচুইটী পৰিশোধ) অধিনিয়ম, ২০২১, আৰু...
খ. চৰকাৰী কৰ্মচাৰীৰ সেৱাৰ সময়ত মৃত্যু হ’লে বা তেওঁৰ অক্ষমতা / অবৈধতাৰ বাবে সেৱাৰ পৰা বৰ্খাস্ত হ’লে চিচিএছ (পেঞ্চন) অধিনিয়ম, ২০২১ বা চিচিএছ(অসাধাৰণ পেঞ্চন) অধিনিয়ম, ২০২৩ৰ অধীনত অ’পিএছ-ৰ সুবিধা লাভৰ বাবে ইউপিএছ বাছি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক বিকল্প প্ৰদান কৰা।
ইউ পি এছ-ৰ অধিনিয়ম, পুস্তিকা
৩. এনপিএছ ৰূপায়ণ আৰু ইউপিএছ-ৰ প্ৰসাৰ নিৰীক্ষণ:
- কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ইউ পি এছ-ৰ প্ৰসাৰ বৃদ্ধি আৰু হিতাধিকাৰীসকলৰ মাজত বিয়পাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ইউ পি এছ ৰূপায়ণত সংশ্লিষ্ট মন্ত্ৰালয় / বিভাগ আৰু সংস্থাৰ সৈতে দৈনিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়।
- এই বিষয়সমূহৰ সৈতে জড়িত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ বাবে ২০২৫ চনৰ জুলাই আৰু আগষ্ট মাহত চি এছ অ’ আইত এন পি এছ আৰু ইউ পি এছ সন্দৰ্ভত দুখন প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ উপৰিও এই বিভাগৰ বিষয়াসকলে আন বিভিন্ন বিভাগৰ দ্বাৰা ইউ পি এছ প্ৰৱৰ্তন সন্দৰ্ভত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল।
শাসন আৰু অভিযোগ ব্যৱস্থা:
১. আন্তঃমন্ত্ৰালয়ৰ পৰ্যালোচনা সভা (আইএমআৰএম):
- মাহেকীয়া পৰ্যালোচনাই অভিযোগ মীমাংসাৰ নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰিছিল আৰু অভিযোগসমূহৰ অপৰিপক্ক বা সাৰাংশ নিষ্পত্তিক নিৰুৎসাহিত কৰিছিল।
2. চিপিইএনজিআৰএএমএছ প্ৰাসাৰ অভিযান:
- পেঞ্চনাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে ১২৯৬টাতকৈয়ো অধিক সফলতাৰ কাহিনী আৰু ৭০ লাখ এছএমএছ সতৰ্কবাণী শ্বেয়াৰ কৰা হয়।
৩. অনুভৱ আউটৰিচ অভিযান:
- ৰাষ্ট্ৰীয় অনুভৱ বঁটা আঁচনি-২০২৫ৰ অধীনত মূল্যায়নৰ বাবে ০২.১২.২০২৫ তাৰিখলৈকে ৯০০ৰো অধিক লিখনি প্ৰকাশ কৰা হৈছে (যোৱা বছৰৰ তুলনাত ৩ গুণ)।
অন্যান্য মূল পদক্ষেপ
১. পেঞ্চন সম্পৰ্কীয় নিৰ্দেশনাৰ বাবে সংক্ষিপ্ত ৰূপ:
- ২০২৫ চনৰ ভিতৰত ডিঅ’পিপিডব্লিউ-য়ে জাৰি কৰা নিৰ্দেশনা/বিজ্ঞপ্তিসমূহৰ সন্দৰ্ভত দুখন সংক্ষিপ্তকৰণ সংকলন কৰি জাৰি কৰা হৈছিল।
২. লিংগ সমতা সন্দৰ্ভত কৰ্মশালা:
- ‘যৌন নিৰ্যাতন প্ৰতিৰোধ আইন’ (POSH) সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ২০২৫ চনত চাৰিখন কৰ্মশালা অনুষ্ঠিত কৰা হয়। এনে কৰ্মশালাৰ শেহতীয়া আয়োজন কৰা হৈছিল ১৭.১০.২০২৫ তাৰিখে ডিঅ’পিপিডব্লিউ-ত।
৩) ৰাজভাষা হিন্দীৰ প্ৰচাৰঃ
তৃতীয় ৰাজভাষা কীৰ্তিপুৰস্কাৰ ২০২৫
ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী ভাষা বিভাগে ১৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে আহমেদাবাদ (গুজৰাট)ত অনুষ্ঠিত হিন্দী দিৱস-ত ডিঅ’পিপিডব্লিউ-ক ৩০০ জনতকৈ কম কৰ্মী থকা মন্ত্ৰালয়/বিভাগৰ শ্ৰেণীত তৃতীয় ৰাজভাষা কীৰ্তিপুৰস্কাৰ ২০২৪-২৫ সন্মান প্ৰদান কৰে। আইন আৰু ন্যায় মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱালে পেঞ্চন আৰু পেঞ্চনাৰ বিভাগক এই বঁটা প্ৰদান কৰে। বিভাগৰ যুটীয়া সচিব শ্ৰী ধ্ৰুবজ্যোতি সেনগুপ্তই এই বঁটা গ্ৰহণ কৰে।
নিবৃত্তি(NIVRITTI) – (হিন্দী প্ৰচাৰৰ বাবে এক পদক্ষেপ)
নতুন দিল্লীৰ মাণ্ডী হাউছ-ৰ নেশ্যনেল স্কুল অব ড্ৰামা-ৰ ‘সন্মুখ’ প্ৰেক্ষাগৃহত ৭ জুন, ২০২৫ তাৰিখে ডিঅ’পিপিডব্লিউ-ৰ দ্বাৰা উপস্থাপন কৰা হয় নিবৃত্তি নামৰ এখন হিন্দী সংগীতাল্লেখ্য। ই আছিল বিভাগটোৰ নিজাববীয়া প্ৰযোজনা, য’ত অভিনয়, নৃত্য, কণ্ঠ, আবৃত্তি আদি পৰিবেশন কৰিছিল ড’পিপিডব্লিউ-ৰ কৰ্মচাৰীসকলে। ডিঅপিপিডব্লিউ-ৰ যুটীয়া সচিবে পৰিচালনা কৰিছিল এই সংগীতাল্লেখ্যখন। ই এক বৃহৎ সফলতা লাভ কৰি নাটকখনৰ পুনৰাবৃত্তিমূলক মঞ্চায়ন ২০২৫ চনৰ ১১ ছেপ্টেম্বৰত নতুন দিল্লীৰ মাণ্ডী হাউছ-ৰ এন এছ ডি-ৰ ‘অভিমঞ্চ’ প্ৰেক্ষাগৃহত কৰা হয়।
সোপান ২০২৫ (SOPAAN 2025) – (হিন্দী প্ৰচাৰৰ বাবে এক পদক্ষেপ)
ডিঅ’পিপিডব্লিউ-য়ে সোপান ২০২৫ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছে, য'ত বিভাগটোৰ কৰ্মচাৰীসকলে ৰচনা কৰা বিভিন্ন কবিতা অন্তৰ্ভুক্ত কৰা হৈছে। ডিঅ’পিপিডব্লিউ-য়ে প্ৰথমবাৰৰ বাবে পেঞ্চনাৰসকলৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ কবিতা প্ৰতিযোগিতাৰো আয়োজন কৰিছে। পেঞ্চনাৰসকলে ৰচনা কৰা নিৰ্বাচিত কবিতাসমূহো গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছিল।
******
NKR/AK/KB
(ৰিলিজ আই ডি : 2211725)
অতিথি কক্ষ : 19