ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰলৈ ভাৰতীয় ৰেলৱেৰ নৱবৰ্ষৰ উপহাৰঃ গুৱাহাটী আৰু হাওৰাৰ মাজত চলাচল কৰিব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলে

प्रविष्टि तिथि: 01 JAN 2026 5:03PM by PIB Guwahati

আজি নতুন দিল্লীস্থিত ৰেল ভৱনত অনুষ্ঠিত এখনি সভাত কেন্দ্ৰীয় ৰেলৱে, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে নৱবৰ্ষৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ গুৱাহাটী আৰু পশ্চিম বংগৰ হাওৰাৰ মাজত প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলে চলাচল কৰিব বুলি ঘোষণা কৰে। তেওঁ কয় যে বন্দে ভাৰত শ্লীপাৰ ৰেলৰ সম্পূৰ্ণ ট্ৰায়েল, টেষ্টিং আৰু চাৰ্টিফিকেচন সফলতাৰে সম্পূৰ্ণ হৈছে। জানুৱাৰীতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই পথত প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলৰ ফ্লেগ অফ কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে এই ঘোষণা হৈছে ভাৰতীয় ৰেলৱে, ৰাষ্ট্ৰ আৰু ইয়াৰ ৰেল যাত্ৰীসকলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি। তেওঁ লগতে উল্লেখ কৰে যে ২০২৬ বৰ্ষটো ভাৰতীয় ৰেলৱেৰ বাবে বৃহৎ সংস্কাৰ সাধনৰ বছৰ হ’ব। বছৰটোত একাধিক যাত্ৰী-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

উক্ত বন্দে ভাৰত শ্লীপাৰ ৰেলৰদ্বাৰা উপকৃত হ’বলগীয়া জিলাসমূহৰ ভিতৰত আছে অসমৰ কামৰূপ মহানগৰ আৰু বঙাইগাঁও তথা পশ্চিম বংগৰ কোচবিহাৰ, জলপাইগুড়ি, মালদাহ, মুৰ্ছিদাবাদ, পূব বৰ্ধমান, হুগলী আৰু হাওৰা। ৰেলখনত ১৬ টা ডবা থাকিব। ইয়াৰে ১১ টা তিনি-টায়াৰ এচি ডবা, ৪ টা দুই-টায়াৰ এচি ডবা আৰু এটা প্ৰথম-শ্ৰেণীৰ এচি ডবা। ৰেলখনে প্ৰায় ৮২৩ জন যাত্ৰীক কঢ়িয়াই নিব।

শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইয়াত নতুন ছাচপেনচনৰ সৈতে সম্পূৰ্ণ নতুন ডিজাইনৰ বগী নিৰ্মাণ কৰা হৈছে। ডিজাইনৰ পৰিমাপসমূহক এক নতুন পৰ্য্যায়লৈ লৈ যোৱা হৈছে। ইয়াৰ ইন্টেৰিঅ’ৰ আৰু লাডাৰসমূহত এক অনুকূল ডিজাইন সন্নিৱিষ্ট কৰা হৈছে। সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সমগ্ৰ ৰেলখনত বিশেষ পৰিমাপসমূহ প্ৰয়োগ কৰা হৈছে।

বন্দে ভাৰত শ্লীপাৰ ৰেলখনে নিশাৰ যাত্ৰাৰ বাবে এক আৰামদায়ক, নিৰাপদ আৰু উচ্চ-মানৰ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব। বন্দে ভাৰত শ্লীপাৰ ৰেলৰ সময়সূচী হ’ব সন্ধিয়া ই ৰাওনা হৈ পিছদিনা পুৱাই গন্তব্যস্থানত উপস্থিত হ’বহি।

বন্দে ভাৰত শ্লীপাৰ ৰেলৰ যাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত অঞ্চল-নিৰ্দিষ্ট ৰন্ধন প্ৰকৰণৰ সোৱাদ লাভ কৰিব। গুৱাহাটীৰ পৰা ৰাওনা হোৱা ৰেলত সুস্বাদু অসমীয়া খাদ্য সম্ভাৰ আগবঢ়োৱাৰ সমান্তৰালকৈ কলকাতাৰ পৰা ৰাওনা হোৱা ৰেলত পৰম্পৰাগত বাঙালী সুস্বাদু খাদ্য আগবঢ়োৱা হ’ব। ইয়াৰ ফলশ্ৰুতিত যাত্ৰীসকলে এক আনন্দদায়ক আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ খাদ্যৰ অভিজ্ঞতা লাভ কৰিব।

বন্দে ভাৰত শ্লীপাৰ ৰেলখনৰ বৈশিষ্ট্যৰাজিঃ

  • ঘন্টাত ১৮০ কিমি পৰ্য্যন্ত ডিজাইন স্পীডেৰে ছেমি-হাই-স্পীড ৰেল
  • উন্নত কুশ্বনিঙৰ সৈতে অনুকূলভাৱে ডিজাইন কৰা বাৰ্থ
  • মসৃণ গতিৰ বাবে ভেষ্টিবুল সম্পন্ন স্বয়ংক্ৰিয় দুৱাৰ
  • উচ্চমানৰ ছাচপেনচন আৰু শব্দ হ্ৰাসৰ ব্যৱস্থাৰে যাত্ৰাৰ বৰ্ধিত সুবিধা
  • কৱচ সংলগ্ন কৰা হৈছে
  • বৰ্ধিত অনাময় অক্ষুণ্ণ ৰাখিবলৈ বীজাণুনাশক প্ৰযুক্তি
  • উন্নত নিয়ন্ত্ৰণ আৰু সুৰক্ষা ব্যৱস্থাৰ সৈতে ড্ৰাইভাৰ কেব
  • এৰ’ডাইনেমিক এক্সটেৰিঅ’ৰ লুক আৰু স্বয়ংক্ৰিয় এক্সটেৰিঅ’ৰ পেছেঞ্জাৰ ড’ৰ
  • দিব্যাংগজনৰ বাবে বিশেষ ব্যৱস্থা
  • জৰুৰীকালীন অৱস্থাত যাত্ৰী আৰু ৰেল পৰিচালক/ল’ক’ পাইলটৰ মাজত যোগাযোগৰ বাবে জৰুৰীকালীন টক-বেক ইউনিট
  • সকলো ডবাতে চিচিটিভি-ৰ ব্যৱস্থা
  • উন্নত ফায়াৰ ছেফটি এৰ’ছল ভিত্তিক ফায়াৰ ডিটেকচন আৰু ইলেক্ট্ৰিকেল কেবিনেট তথা লেভেটৰীত চাপ্ৰেচন ব্যৱস্থা

প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলে ভাৰতীয় ৰেলৱেত এক নতুন যুগৰ সূচনা কৰিছে। ইয়াত নিশাৰ যাত্ৰাৰ বাবে গতি, আৰাম আৰু আধুনিক সা-সুবিধাসমূহৰ সংমিশ্ৰণ ঘটিছে। ৰেলখনে যাত্ৰীসকলৰ এক নিৰাপদ, দ্ৰুত, সুবিধাজনক আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ যাত্ৰা প্ৰশস্তৰ ক্ষেত্ৰত ভাৰতীয় ৰেলৱেৰ যাত্ৰী-কেন্দ্ৰিক সেৱা, প্ৰযুক্তিগত উদ্ভাৱন আৰু আঞ্চলিক যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কাৰ্য্যকে প্ৰদৰ্শিত কৰিছে।

*****

Dharmendra Tewari / Dr. Nayan Solanki / Ritu Raj / Manik Sharma/SB


(रिलीज़ आईडी: 2210952) आगंतुक पटल : 59
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Odia , Tamil , Telugu , Kannada