ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
বৰ্ষান্তিক পৰ্যালোচনা ২০২৫: সামৰ্থ্য বৰ্দ্ধন আয়োগ
ৰাজ্যসমূহত ‘মিছন কৰ্মযোগী’: ৰাজ্য-নিৰ্দিষ্ট ‘সামৰ্থ্য বৰ্দ্ধন পৰিকল্পনা’ (চিবিপি)ৰ বাবে তিনিখন ৰাজ্যত অনুষ্ঠিত কৰা হ’ব কৰ্মশালা; অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সামৰি লোৱা হ’ব ১৫খন ৰাজ্য
২০২৫ চনৰ ভিতৰত ১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে স্বাক্ষৰিত হৈছে বুজাবুজি চুক্তি, মুঠ সংখ্যা বাঢ়িল ২৮টালৈ
‘ৰাষ্ট্ৰীয় কৰ্মযোগী বৃহৎ পৰিসৰৰ জন সেৱা কাৰ্যসূচী’ৰ অধীনত ৮.৫ লাখৰো অধিক চৰকাৰী বিষয়াই লাভ কৰে প্ৰশিক্ষণ
প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ নৱীনিকৃত স্বীকৃতিৰ কাঠামো ‘এন এছ চি এছ টি আই ২.০’ আৰম্ভ কৰা হৈছে
এতিয়া পাঁচটা (৫) প্ৰশিক্ষণ প্ৰতিষ্ঠান হৈছে পঞ্চ তাৰকাযুক্ত স্বীকৃতি প্ৰাপক; নৱীনিকৃত কাঠামোৰ অধীনত পুনৰ স্বীকৃতিপ্ৰাপ্ত আঠটা (৮) প্ৰশিক্ষণ প্ৰতিষ্ঠানে অন্ততঃ এটা তাৰকাৰ উন্নতি দেখুৱাইছে
प्रविष्टि तिथि:
24 DEC 2025 3:54PM by PIB Guwahati
‘মিছন কৰ্মযোগী’ ৰূপায়ণত সহায় কৰি ভাৰতৰ অসামৰিক সেৱাৰ স্থাপত্যক শক্তিশালী কৰাৰ ক্ষেত্ৰত ‘সামৰ্থ্য বৰ্দ্ধন আয়োগ’-য়ে কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে।
২০২৫ চনৰ ভিতৰত আয়োগে অধিক গাঁথনিগত পদ্ধতিৰে ৰাজ্যসমূহৰ সৈতে যোগাযোগ কৰাত মনোনিৱেশ কৰিছিল, যাৰ লক্ষ্য আছিল এআই-উপকৰণ ব্যৱহাৰ কৰি ৰাজ্যৰ বিভাগসমূহৰ বাবে ‘সামৰ্থ্য বৰ্দ্ধন পৰিকল্পনা’ (চিবিপি)ৰ জৰিয়তে সামৰ্থ্য নিৰ্মাণ কৰা। ইয়াৰ উপৰিও আয়োগে নতুন মাত্ৰাসমূহ অন্তৰ্ভুক্ত কৰি প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ বাবে নিজৰ স্বীকৃতিৰ কাঠামো নৱীনিকৰণৰ দিহা কৰে। ‘ৰাষ্ট্ৰীয় কৰ্মযোগী জন সেৱা কাৰ্যসূচী’ৰ জৰিয়তে ‘সেৱা ভাৱ’ আচৰণৰ প্ৰশিক্ষণ বছৰটোৰ অন্যতম গুৰুত্বপূৰ্ণ আকৰ্ষণ আছিল। সেইদৰে খণ্ডভিত্তিক দক্ষতাক লক্ষ্য কৰি সংশ্লিষ্ট খণ্ডত নতুন পাঠ্যক্ৰম সৃষ্টিত গুৰুত্ব দিয়া হৈছিল।
২০২৫ চনৰ ভিতৰত আয়োগে কেইবাটাও মূল পদক্ষেপ গ্ৰহণ কৰিছিল আৰু উল্লেখযোগ্য সাফল্য লাভ কৰিছিল।
উল্লেখনীয় দিশসমূহ তলত দিয়া ধৰণৰ:
- ৰাজ্যসমূহত ‘মিছন কৰ্মযোগী’:
- ২০২৬ চনৰ জানুৱাৰী–ফেব্ৰুৱাৰী মাহৰ ভিতৰত তিনিখন ৰাজ্য আৰু ১৫খন ৰাজ্য সামৰি লোৱাৰ কথা।
- ১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সংখ্যা ২৮ লৈ বৃদ্ধি

০৮.১২.২০২৫ তাৰিখে মধ্যপ্ৰদেশৰ ভূপালৰ ‘আৰ চি ভি পি নোৰোনহা একাডেমী অব এডমিনিষ্ট্ৰেশ্যন এণ্ড মেনেজমেণ্ট’-ত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সামৰ্থ্য বৰ্দ্ধন পৰিকল্পনা উন্নয়ণ কৰ্মশালা।
ৰাজ্য-নিৰ্দিষ্ট ‘সামৰ্থ্য বৰ্দ্ধন পৰিকল্পনা’ (চিবিপি)যুগুতাবলৈ ‘সামৰ্থ্য বৰ্দ্ধন আয়োগ’-য়ে ৰাজ্যসমূহৰ সৈতে গাঁথনিগত যোগাযোগ আৰম্ভ কৰিছিল। ২০২৫ চনৰ ২৪–২৫ ছেপ্টেম্বৰত দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰা হয়, য’ত ১৭খন ৰাজ্য আৰু ‘প্ৰশাসনিক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (এটিআই)সমূহৰ অংশগ্ৰহণে এআই-সক্ষম চিবিপি কাঠামোৰ পৰীক্ষণ আৰু বৈধকৰণৰ সুবিধা প্ৰদান কৰে। ইয়াৰ পিছত ‘কাষ্টমাইজড চিবিপি’ প্ৰস্তুত আৰু বৈধকৰণৰ বাবে ৰাজ্যিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ সহযোগত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাৰ ধাৰাবাহিকতা অনুষ্ঠিত হয়।
২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত মধ্যপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, আৰু ছত্তীশগড়ত কৰ্মশালা অনুষ্ঠিত হয়, ২০২৬ চনৰ জানুৱাৰী–ফেব্ৰুৱাৰী মাহৰ ভিতৰত ১৫খন ৰাজ্যক সামৰি লোৱাৰ কথা আছে।
চিবিচি-য়ে এতিয়ালৈকে ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে, যাৰ ফলত ৰাজ্যিক পৰ্যায়ত মিছন কৰ্মযোগী-ক সংহতভাৱে ৰূপায়ণ কৰাটো সম্ভৱ হৈছে। এই বুজাবুজি চুক্তিসমূহে সহযোগিতামূলক পৰিকল্পনা, প্ৰতিষ্ঠানিক সবলীকৰণ, আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত দক্ষতাভিত্তিক, ভূমিকা-চালিত সামৰ্থ্য-বৰ্দ্ধনৰ পদক্ষেপ গ্ৰহণৰ বাবে এক গাঁথনিগত কাঠামো প্ৰদান কৰে।
২০২৫ চনৰ জানুৱাৰী মাহত আৰম্ভ হোৱা এই কাৰ্যসূচীত বছৰটোৰ ভিতৰত জম্মু-কাশ্মীৰ, পঞ্জাৱ, হাৰিয়ানা, কৰ্ণাটক, ত্ৰিপুৰা, ৰাজস্থান, অৰুণাচল প্ৰদেশ, দিল্লী, চণ্ডীগড়, ছত্তীগড়, মণিপুৰ, নাগালেণ্ড, গোৱা আৰু মিজোৰামৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়।
- ৰাষ্ট্ৰীয় কৰ্মযোগী বৃহৎ পৰিসৰৰ জন সেৱা কাৰ্যসূচী: ‘সেৱা ভাৱ’ আচৰণৰ প্ৰশিক্ষণ
- ৮.৫ লাখতকৈয়ো অধিক চৰকাৰী বিষয়াক প্ৰশিক্ষণ দিয়াৰ সাফল্য অৰ্জন কৰে।

চিবিচি-য়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ‘ৰাষ্ট্ৰীয় কৰ্মযোগী’ -বৃহৎ পৰিসৰৰ জন সেৱা কাৰ্যসূচী’ আৰম্ভ কৰে, নতুন দিল্লীত ০৬.০১.২০২৫ তাৰিখে
ৰাষ্ট্ৰীয় কৰ্মযোগী জন সেৱা কাৰ্যসূচী-ৰ অধীনত সামৰ্থ্য বৰ্দ্ধন আয়োগ-য়ে ১৬,০০০ মাষ্টাৰ ট্ৰেইনাৰ্ছ আৰু ৮২২ গৰাকী লীড ট্ৰেইনাৰ-ৰ সহায়ত ৮.৫ লাখৰো অধিক চৰকাৰী বিষয়াক সফলতাৰে প্ৰশিক্ষণ দিছে।
চৰকাৰী কৰ্মচাৰীসকলৰ মাজত সেৱা ভাৱ-ক পুনৰ জাগ্ৰত কৰাৰ লক্ষ্যৰে ২০২৫ চনৰ ৬ জানুৱাৰীত এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। প্ৰথম পৰ্যায়ৰ সময়ছোৱাত ২৭৮ গৰাকী মাষ্টাৰ ট্ৰেইনাৰ-ক প্ৰশিক্ষণ দিয়া হৈছিল, যিয়ে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ দিল্লী সচিবালয়ৰ কাৰ্যালয়ৰ ১৭,০০০ৰো অধিক চৰকাৰী কৰ্মচাৰীক প্ৰশিক্ষণ দিছিল।
দেশজুৰি কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আৰু সংস্থাসমূহৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে ২০২৫ চনৰ ৫ মে’ত আৰম্ভ কৰা এই কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় সফলতাৰে সম্পূৰ্ণ কৰা হৈছে, যিয়ে দেশজোৰা অংশগ্ৰহণৰ প্ৰতিফলন ঘটাইছে। এই পদক্ষেপৰ লক্ষ্য হৈছে ‘সেৱা ভাৱ আৰু কৰ্মযোগী নীতি’-ৰ মনোভাৱ শক্তিশালী কৰা, সমগ্ৰ দেশতে অধিক সঁহাৰি জনোৱা, সহানুভূতিশীল, আৰু নাগৰিককেন্দ্ৰিক অসামৰিক সেৱাত অৰিহণা যোগোৱা।
- প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ নৱীনিকৃত স্বীকৃতিৰ কাঠামো: এন এছ চি এছ টি আই ২.০
- এতিয়া পাঁচটা প্ৰশিক্ষণ প্ৰতিষ্ঠান হৈছে ৫ তাৰকাযুক্ত স্বীকৃতিপ্ৰাপক
- নৱীনিকৃত কাঠামোৰ অধীনত পুনৰ স্বীকৃতিপ্ৰাপ্ত আঠটা প্ৰশিক্ষণ প্ৰতিষ্ঠান-য়ে অন্ততঃ এটা তাৰকাৰ উন্নতি দেখুৱাইছে

ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ১৮.০৭.২০২৫ তাৰিখে নতুন দিল্লীত ‘অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান ২.০’ (এন এছ চি এছ টি আই ২.০)ৰ বাবে ৰাষ্ট্ৰীয় মানক মুকলি কৰে।
সামৰ্থ্য বৰ্দ্ধন আয়োগ-য়ে মিছন কৰ্মযোগী-ৰ অধীনত অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান (চি এছ টি আই)ৰ বাবে উন্নীতকৃত স্বীকৃতি কাঠামো ‘এন এছ চি এছ টি আই ২.০’ আৰম্ভ কৰাৰ জৰিয়তে অসামৰিক সেৱা প্ৰশিক্ষণত গুণগত মান আৰু গোলকীয় মানকৰ উন্নতি সাধন কৰে।
‘এন এছ চি এছ টি আই ২.০’-য়ে বৰ্ধিত নমনীয়তা, প্ৰযুক্তিৰ প্ৰস্তুতি, আৰু কৰ্মযোগী দক্ষতা আৰ্হি, অমৃত জ্ঞান কোষ, আৰু ভাৰতীয় জ্ঞান ব্যৱস্থাত ভিত্তিক এক সামগ্ৰিক গুণগত মানৰ কাঠামোৰ প্ৰৱৰ্তন কৰে, যিয়ে নিৰন্তৰ প্ৰতিষ্ঠানিক উন্নতি আৰু উৎকৃষ্টতাক প্ৰসাৰিত কৰে।
শক্তিশালী স্বীকৃতি ব্যৱস্থাৰ অধীনত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী-ক ৫ তাৰকাযুক্ত প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি দিয়াৰ বিপৰীতে ৰফী আহমেদ কিডৱাই ৰাষ্ট্ৰীয় ডাক একাডেমী, ৰাষ্ট্ৰীয় যোগাযোগ একাডেমী – বিত্ত, সচিবালয় প্ৰশিক্ষণ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান, আৰু ৰাষ্ট্ৰীয় প্ৰত্যক্ষ কৰ একাডেমী-য়ে গুণগত উন্নয়ন পৰিকল্পনা (কিউআইপি) সফল ৰূপায়ণৰ পিছত ৫ তাৰকা ৰেটিংৰে পুনৰ স্বীকৃতি লাভ কৰে।
নৱীনিকৃত কাঠামোৰ অধীনত পুনৰ স্বীকৃতিপ্ৰাপক মুঠ আঠটা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কেউটাই অন্ততঃ এটা তাৰকাৰ উন্নতি দেখুৱাইছে।
এই সাফল্যসমূহে সমগ্ৰ ভাৰতৰ অসামৰিক সেৱা প্ৰশিক্ষণ পৰিতন্ত্ৰত উৎকৃষ্টতা, জবাবদিহিতা, আৰু ভৱিষ্যতৰ বাবে সাজু সামৰ্থ্য বিকাশৰ সংস্কৃতিক শক্তিশালী কৰিছে।
- “কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ভৱিষ্যতৰ প্ৰস্তুতি সন্দৰ্ভত কৰ্মশালা

চিবিচি-ৰ অধ্যক্ষ শ্ৰীমতী এছ ৰাধা চৌহানে গুৰুত্ব সহকাৰে কয় যে প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে বৃহৎ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ থিয় দিব লাগিব, তেওঁলোকে নিত্য বিকশিত প্ৰশিক্ষণ পৰিৱেশ ব্যৱস্থাত নিজৰ ভূমিকা সন্দৰ্ভত পুনৰ কল্পনা, সংস্কাৰ আৰু পুনৰ সংজ্ঞায়িত কৰিব লাগিব।
১৫ ডিচেম্বৰ, ২০২৫ তাৰিখে কৰ্মশালাখন অনুষ্ঠিত হৈছিল, ভূমিকা, দায়িত্ব, আৰু প্ৰযুক্তি-সক্ষম প্ৰশিক্ষণৰ মানকৰ জৰিয়তে উৎকৃষ্টতা গঢ়ি তোলা, এনএছচিএছটিআই-ৰ কাঠামো শক্তিশালী কৰা আৰু এআই সঁজুলি আৰু খণ্ডভিত্তিক পাঠ্যক্ৰমসমূহ চিনাক্তকৰণৰ জৰিয়তে আইজিঅ'টি-ৰ ওপৰত সম্পদ পুলিং আৰু পাঠ্যক্ৰম বৃদ্ধি কৰা আদি বিষয়সমূহত ভৱিষ্যতৰ প্ৰস্তুতিৰ জটিল দিশসমূহত আলোচনা কেন্দ্ৰীভূত কৰা হৈছিল। আলোচনাৰ তথ্যসমূহ দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হয় যাৰ ফলত কাৰ্যকৰী পৰামৰ্শ আৰু কাৰ্যকৰীকৰণৰ পথৰ অভিসৰণৰ সৃষ্টি হয়।
- উন্নত অনুষদ উন্নয়ন কাৰ্যসূচী
- ২০২৭ চনৰ ভিতৰত ৬০০ গৰাকী অধ্যাপকক প্ৰশিক্ষণ দিয়াৰ লক্ষ্য

অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান (চি এছ টি আই)ৰ ভিতৰত শিক্ষাবিজ্ঞানৰ উৎকৰ্ষতা আৰু নেতৃত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অব বিজনেছ-ত সামৰ্থ্য বিকাশ আয়োগ-য়ে (নৱেম্বৰ, ২০২৫) ইয়াৰ উন্নত অনুষদ বিকাশ কাৰ্যসূচী আৰম্ভ কৰে।
এই পদক্ষেপৰ জৰিয়তে চিবিচি-য়ে ২০২৭ চনৰ ভিতৰত ৬০০ গৰাকী অধ্যাপক সদস্যক প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰিছে, মিছন কৰ্মযোগী-ৰ সৈতে সংগতি ৰাখি এক শক্তিশালী, ভৱিষ্যতৰ বাবে সাজু অধ্যাপক পৰিতন্ত্ৰ গঢ়ি তুলিছে। ২০২৫ চনৰ ২৪ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ আই এছ বি হায়দৰাবাদ-ত প্ৰায় ৩২ টা চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা অহা প্ৰথমটো গোটৰ অনুষদ বিকাশ প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল।
- কৰ্মযোগী গুণগত কাঠামো সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰামৰ্শমূলক কৰ্মশালাঃ
- চাৰিটা কাৰ্যগোষ্ঠী গঠন কৰা হ’ব

চিবিচি-য়ে ১৯ ডিচেম্বৰত নতুন দিল্লীত iGOT পাঠ্যক্ৰমৰ বাবে গুণগত কাঠামো সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰামৰ্শদাতা কৰ্মশালা-ৰ আয়োজন কৰে। এই কৰ্মশালাত সমগ্ৰ শিক্ষণ পৰিতন্ত্ৰৰ মূল অংশীদাৰসকলক একত্ৰিত কৰি মিছন কৰ্মযোগী-ৰ অধীনত ডিজিটেল শিক্ষণৰ বাবে গুণগত নিশ্চয়তা ব্যৱস্থা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়।
অনুসৰণ হিচাপে চিবিচি-ত কৰ্মযোগী গুণগত কাঠামোৰ তলত দিয়া ধৰণে বাবে ৪ (চাৰি)টা কৰ্মগোট থাকিব:
ক. চিকিউএফ- বিষয়বস্তুৰ মানকৰ কাঠামো
খ. অনবৰ্ডিং কন্টেন্ট-ৰ বাবে এছঅপি
গ. বিষয়বস্তুৰ বাবে গতিশীল স্বাস্থ্য পৰীক্ষা
ঘ. সমান্তৰাল বিষয়বস্তু অডিট/পৰ্যালোচনা
সামৰ্থ্য বৰ্দ্ধন আয়োগ-ৰ এক পদক্ষেপ ‘অমৃত জ্ঞান কোষ’ (এ জি কে) শাসন জ্ঞানৰ এক সজীৱ ৰাষ্ট্ৰীয় ভঁৰাল হিচাপে বিকশিত হৈছে। ‘কেছ ষ্টাডী’-ৰ জৰিয়তে উত্তম পদ্ধতিসমূহ নথিভুক্ত আৰু সহভাগ কৰিবলৈ আৰ্হি কৰা এজিকে-য়ে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলক বাস্তৱজগতৰ অভিজ্ঞতা আৰু উদ্ভাৱনীমূলক সমাধানৰ পৰা শিকিবলৈ সক্ষম কৰে।
এই পৰ্যন্ত প্ৰায় ৭০টা ‘কেছ ষ্টাডী’ প্ৰকাশ পাইছে আৰু এতিয়া iGOT কৰ্মযোগী প্লেটফৰ্ম-ত লাইভ হৈ আছে, সামূহিকভাৱে প্ৰায় ৬ লাখ শিক্ষাৰ্থীৰ এক আকৰ্ষণীয় নিয়োজিততা সৃষ্টি কৰিছে। বৰ্তমান অতিৰিক্ত ১১০টা ‘কেছ ষ্টাডী’ প্ৰস্তুত কৰা হৈছে, যিয়ে এই পদক্ষেপৰ প্ৰতি থকা শক্তিশালী গতি আৰু আগ্ৰহক প্ৰতিফলিত কৰিছে। এজিকে-ৰ দহ (১০)টা গোচৰ এডিবিআই-ৰ সৈতে সহযোগিতাত প্ৰকাশ পাইছে।

ছেকেন্দ্ৰাবাদৰ আই আৰ আই এফ-ত অনুষ্ঠিত হৈছে দ্বিতীয়খন ‘উন্নত কেছ ৰাইটিং কৰ্মশালা’।
এই প্ৰচেষ্টাক শক্তিশালী কৰি আয়োগে ইয়াৰ উন্নত কেছ ৰাইটিং কৰ্মশালাৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰশাসনিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ১৫০ গৰাকীতকৈয়ো অধিক অনুষদ সদস্যক প্ৰশিক্ষণ দিছে। এই কৰ্মশালাসমূহে অনুষদ সদস্যসকলক উচ্চমানৰ শাসন ‘কেছ ষ্টাডী’ তৈয়াৰ কৰাৰ দক্ষতাৰে সজ্জিত কৰে, ৰাজহুৱা সেৱাৰ বিষয়াসকলৰ বাবে অনুশীলনমুখী শিক্ষণ সম্পদৰ এক ক্ৰমবৰ্ধমান পৰিতন্ত্ৰ গঢ়ি তোলে।
- চিপিএছইসমূহৰ বাবে ‘দক্ষ’(ডিএকেএছএইচ) নেতৃত্ব কাৰ্যসূচী:

‘দক্ষ’ (Development of Aspiration, Knowledge, Succession & Harmony)ৰ ৰূপান্তৰণশীল নেতৃত্ব কাৰ্যসূচীত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰি ‘ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ’ (আইআইএম-আহমেদাবাদ)-য়ে ২০২৫ চনৰ জুলাই মাহত ৬ দিনীয়া শ্ৰেণীকোঠাত অৱগাহন কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে। ‘দক্ষ’ হৈছে CBC & SCOPE ৰ দ্বাৰা যৌথভাৱে অৱধাৰণা কৰা আৰু বিকশিত কৰা এটা ধ্বজাবাহী নেতৃত্ব কাৰ্যসূচী, যিয়ে ভাৰতৰ ৰাজহুৱা খণ্ডক ভৱিষ্যতৰ বাবে প্ৰস্তুত আৰু কৰ্মচঞ্চল নেতা গঢ়ি তুলিবলৈ ব্যক্তিগতভাৱে উচৰ্গিত, অভিজ্ঞতাভিত্তিক শিক্ষণ, আৰু প্ৰতিফলিত হস্তক্ষেপক একত্ৰিত কৰে।
- “দক্ষ পিএছই @২০৪৭ৰ জৰিয়তে ভাৰতৰ উথ্থানৰ কাহিনী গঢ় দিয়া”ৰ প্ৰসংগত “ভাৰত চিপিএছই-ৰ পৰামৰ্শদাতা সন্মিলন”:

ৰাজহুৱা উদ্যোগ বিভাগ-ৰ সচিব শ্ৰী কে মোজেছ চালাইয়ে ১৮.১২.২০১৫ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত কৰ্মশালাত নেতৃত্ব অতি গুৰুত্বপূৰ্ণ আৰু দূৰদৰ্শী নেতাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে।
সামৰ্থ্য বৰ্দ্ধন আয়োগ (চিবিচি)য়ে বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগ (ডিপিই)ৰ সহযোগত ১৮ ডিচেম্বৰত নতুন দিল্লীত ভাৰত চিপিএছই-ৰ পৰামৰ্শদাতা সন্মিলন অনুষ্ঠিত কৰে। “দক্ষ পিএছই @২০৪৭ৰ জৰিয়তে ভাৰতৰ উথ্থানৰ কাহিনী গঢ় দিয়া” শীৰ্ষক সন্মিলনত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই), কেন্দ্ৰীয় মন্ত্ৰালয়, আৰু মূল প্ৰতিষ্ঠানিক অংশীদাৰসকলৰ জ্যেষ্ঠ নেতৃত্বক সন্মিলিত কৰা হয়।
এই সন্মিলনৰ অনুসৰণ হিচাপে চিবিচি-য়ে চিপিএছইসমূহৰ সামৰ্থ্য বিকাশৰ বাবে তলত দিয়া বিষয়ভিত্তিক অনুষ্ঠানসমূহৰ পৰিকল্পনা কৰিছে:
- বিত্তীয় ব্যৱস্থাপনা: দীৰ্ঘম্যাদী মূলধনী পৰিকল্পনা, বিপদাংশকা সম্পৰ্কীয় কাঠামো, শাসনৰ উৎকৃষ্টতা (এফ এছ আই বি খণ্ডকে ধৰি)।
- অনুসন্ধান আৰু বিকাশ, প্ৰযুক্তি আৰু উদ্ভাৱন পৰিতন্ত্ৰ: অনুসৰণ গ্ৰহণৰ পথ, উদ্ভাৱন অংশীদাৰিত্ব, ডিজিটেল ৰূপান্তৰ (একাডেমিয়া, এএনআৰএফ, গৱেষণা পৰিষদ-ৰ সৈতে)।
- চি এছ আৰ, ই এছ জি আৰু বহনক্ষমতা নেতৃত্ব: দায়িত্বশীল ব্যৱসায়, ই এছ জি মেট্ৰিক্স, জলবায়ু-সংলগ্ন কৌশল
- অভিযান্ত্ৰিক, প্ৰকল্প আৰু সম্পত্তি ব্যৱস্থাপনা উৎকৃষ্টতা: শ্ৰেণীৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰকল্প ব্যৱস্থাপনা আৰ্হি, মেগা-প্ৰকল্প নিষ্পাদন, কাৰ্যকৰী স্থিতিস্থাপকতা
- শিক্ষণ, উন্নয়ন আৰু প্ৰশিক্ষণ পৰিৱেশ তন্ত্ৰ: সামৰ্থ্য শক্তিশালী কৰা, ক্ৰছ-পিএছই জ্ঞান বিনিময়, গৱেষণা-চালিত প্ৰশিক্ষণ আৰ্হি।
- বিকশিত পঞ্চায়তৰ পদক্ষেপ
অসমত আধাৰমূলক তথ্য সংগ্ৰহ
বিকশিত পঞ্চায়ত পদক্ষেপৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ত নিৰ্বাচিত প্ৰতিনিধি আৰু পঞ্চায়তৰ বিষয়া উভয়ৰে সামৰ্থ্য গঢ়ি তোলা, পি আৰ আই বিশেষজ্ঞ, ৰাজ্যিক গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান (এছ আই আৰ ডি), চিকিৎসক, আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি দক্ষতাভিত্তিক হস্তক্ষেপৰ আৰ্হি প্ৰস্তুত কৰা।
পৰীক্ষামূলকভাৱে এই পদক্ষেপ ৪খন ৰাজ্য (অন্ধ্ৰপ্ৰদেশ, অসম, গুজৰাট আৰু ওড়িশা)ৰ ৬০টা গাঁও পঞ্চায়তত প্ৰৱৰ্তন কৰা হৈছে। ২০২৫ চনৰ ভিতৰত কেইবাটাও মূল পৰিণাম লাভ কৰা হৈছিল, য'ত কাৰ্যসূচীৰ আৰ্হি চূড়ান্ত কৰিবলৈ ২খন ঘূৰণীয়া মেজমেল, অংশীদাৰসকলক সাজু কৰিবলৈ ৪খন ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কৰ্মশালাৰ আয়োজন কৰা হৈছিল। ২০২৫ চনৰ এপ্ৰিল মাহত মডিউল বিকাশৰ বাবে এখন শিক্ষণ আৰ্হি প্ৰণয়ন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল, তাৰ পিছত ১৪টা শিক্ষণ মডিউল মুকলি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল।
হস্তক্ষেপিত পঞ্চায়তসমূহৰ ভিতৰত বৰ্তমানৰ দক্ষতা স্তৰ আৰু প্ৰতিষ্ঠানিক পদ্ধতিসমূহৰ মূল্যায়নৰ বাবে এটা আধাৰস্তৰীয় জৰীপ সম্পূৰ্ণ কৰা হৈছে।
- নগৰীয়া স্থানীয় সংস্থাসমূহৰ সামৰ্থ্য বিকাশ (ULB)
চিবিচি-য়ে ইউএলবিসমূহৰ সামৰ্থ্য বৰ্দ্ধনৰ দিশত নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ১.৭৫ লাখৰো অধিক ইউএলবি-ৰ বিষয়াক আইজিঅ’টি কৰ্মযোগী ভাৰত প্লেটফৰ্মত জড়িত কৰা হৈছে। তেওঁলোকৰ সামৰ্থ্য-নিৰ্মাণৰ প্ৰয়োজনীয়তাসমূহ সমৰ্থন কৰিবলৈ, ৬০টা কাৰ্যকৰী, ৬৪টা ডমেইন, আৰু ৩০টা আচৰণগত পাঠ্যক্ৰমকে ধৰি ১৫৪টা কিউৰেটেড পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে।

সদস্য (প্ৰশাসন) ড° অলকা মিট্টলে ইউ এল বি-ৰ কৰ্মশালাত ভাষণ দিছে, ওড়িশাৰ ভুৱনেশ্বৰত ১০.০৭.২০২৫ তাৰিখে।
২০২৫ চনৰ ভিতৰত অসম, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, আৰু ওড়িশাত মিছন কৰ্মযোগী-ৰ অধীনত নগৰীয়া স্থানীয় সংস্থাসমূহৰ সামৰ্থ্য বিকাশৰ বাবে পাঁচখন (৫) ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়, য’ত ১২০০ৰো অধিক ইউএলবি-ৰ বিষয়াক জড়িত কৰা হয়। ইয়াৰ উপৰিও, ভূমিকা প্ৰান্তিককৃত দক্ষতা বৃদ্ধি (আৰএচিই) কাঠামোৰ অধীনত ২৫টা বিভাগৰ ১২৫টা অনন্য ডিজাইনেশ্যন সমীক্ষা কৰা হৈছে, যাৰ ফলত ৬৫টা কাৰ্য্যকৰী, ডমেইন, আৰু আচৰণগত দক্ষতা আৰু ইউএলবিসমূহৰ বাবে এটা গাঁথনিগত দক্ষতা আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ স্থাপত্য চিনাক্তকৰণৰ দিহা কৰা হৈছে।
‘সামৰ্থ্য বৰ্দ্ধন আয়োগ’ ভৱিষ্যতৰ বাবে সাজু অসামৰিক সেৱা প্ৰস্তুত কৰাৰ লগতে ‘মিছন কৰ্মযোগী’ ৰূপায়ণৰ দিশত নিজৰ ভূমিকা পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
সামৰ্থ্য বৰ্দ্ধনৰ দিশত সহযোগিতামূলক প্ৰচেষ্টা
********
NKR/AK/KB
(रिलीज़ आईडी: 2210702)
आगंतुक पटल : 7