গৃহ মন্ত্ৰালয়
অসমৰ নগাঁও জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পুনৰ উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে
৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰতক খণ্ড - খণ্ড কৰিব বিচৰাসকলক দিয়া ‘এক ভাৰত’ৰ বাৰ্তা আজি মোদীয়ে আগবঢ়াই লৈ গৈছে
আমাৰ চৰকাৰে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰীৰ দখলত থকা বটদ্ৰৱা থানক——বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰি বিশ্ববিখ্যাত তীৰ্থস্থানলৈ ৰূপান্তৰিত কৰিছে
বটদ্ৰৱা থান এতিয়া এক পবিত্ৰ তীৰ্থস্থানত পৰিণত হৈছে, যিয়ে আমাৰ ৫০০ বছৰীয়া ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ সৈতে সংযোগ কৰিছে
এসময়ত বোমা বিস্ফোৰণৰ শব্দ প্ৰতিধ্বনিত হোৱা অসমত আজি গুঞ্জৰিত হৈছে শ্ৰীমন্ত শংকৰদেৱৰ ‘নাম-স্মৰণ’
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘নৱ-বৈষ্ণৱ’ বিশ্বাস প্ৰতিষ্ঠা কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত একতাৰ বাণী প্ৰচাৰ কৰিছিল
গোপীনাথ বৰদলৈয়েই দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক অসমক ভাৰতৰ ভিতৰতে ৰাখিবলৈ বাধ্য কৰাইছিল; তেওঁ নাথাকিলে অসম ভাৰতৰ অংশ হৈ নাথাকিলহেঁতেন
বিৰোধী দলৰ চৰকাৰে ১৯৮৩ চনৰ আই এম ডি টি আইনৰ জৰিয়তে অনুপ্ৰৱেশকাৰীক অসমত বসতি স্থাপন কৰিবলৈ আইনী পথ প্ৰদান কৰিছিল, এতিয়া মোদী চৰকাৰে তেওঁলোকক কেৱল অসমৰ পৰাই নহয় , সমগ্ৰ দেশৰ পৰাই উচ্ছেদ কৰিছে
অসমৰ ১.২৫ লাখ বিঘাতকৈও অধিক মাটি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক অভিনন্দন
অনুপ্ৰৱেশকাৰীৰ হেঁচাত অসমৰ সংস্কৃতি শ্বাসৰুদ্ধ হৈ আছিল যদিও আমাৰ চৰকাৰে তেওঁলোকক উচ্ছেদ কৰি ৰাজ্যখনৰ গৌৰৱ পুনৰ ঘূৰাই আনিছে
বিৰোধী দলটোৱে অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে একো নকৰিলে; আমাৰ চৰকাৰে এটা স্মৃতিসৌধ নিৰ্মাণ কৰি তেওঁলোকক প্ৰকৃত সন্মান দিছে
ইয়াৰ পূৰ্বে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী অসমতে সীমাবদ্ধ আছিল; আমাৰ চৰকাৰে তেওঁৰ জীৱন কাহিনীক ২৩টা ভাষালৈ অনুবাদ কৰি সমগ্ৰ দেশ আৰু বিশ্বলৈ লৈ গৈছে
অসমৰ ৰাইজে যদি আমাৰ চৰকাৰক আৰু এটা সুযোগ দিয়ে তেন্তে আমি অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিম
পোষ্ট কৰা হৈছে:
29 DEC 2025 6:08PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি অসমৰ নগাঁও জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পুনৰ উন্নয়ন প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰীয়ে দখল কৰি থকাৰ পিছত নগাঁৱৰ বিশ্ববিখ্যাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান মুকলি কৰি সম্পূৰ্ণৰূপে পুনৰ উন্নয়ন কৰাৰ কাম আজি সম্পূৰ্ণ হৈছে। তেওঁ কয় যে নগাঁৱৰ ভূমি—য’ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু য’ৰ পৰা তেওঁ কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ধৰ্মীয় পৰম্পৰা হিচাপে নৱবৈষ্ণৱী বিশ্বাসৰ প্ৰচাৰ কৰিছিল— সেই ভূমি যিকোনো ব্যক্তিৰ বাবেই এক বৃহৎ তাৎপৰ্যৰ বিষয়। ভাৰতৰত্ন গোপীনাথ বৰদলৈক স্মৰণ কৰি শ্ৰী শ্বাহে কয় যে তেওঁৰ নাথাকিলে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংগ হৈ নাথাকিলহেঁতেন। গোপীনাথ বৰদলৈয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক অসমক ভাৰতৰ ভিতৰতে ৰাখিবলৈ বাধ্য কৰাইছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বটদ্ৰৱা থানত মহাপুৰুষ শংকৰদেৱৰ ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ও সৃষ্টি কৰা হৈছে। তেওঁ কয় যে য’ত মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল তাত নৱবৈষ্ণৱ ধৰ্মৰ বাৰ্তা যুগ যুগ ধৰি গুঞ্জৰিত হৈ আহিছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে এই স্থান নিৰ্মাণৰ কাম তিনিটা পৰ্যায়ত কৰা হৈছে। ২২২ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে এই প্ৰকল্পটো ১৬২ বিঘা মাটিত উন্নয়ন কৰা হৈছে । শ্ৰী শ্বাহে কয় যে এই স্থানত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিটো পৰম্পৰাক নিষ্ঠাৰে জীৱন্ত কৰি তোলা হৈছে। শ্ৰীমদ্ভাগৱতৰ সকলো ধৰ্মীয় প্ৰতীক আৰু উপাদান নিখুঁতভাবে অধ্যয়ন কৰা হৈছে আৰু সেইবোৰক অতি নিখুঁত আৰু ভক্তিৰে পূৰ্ণ ৰূপ দিয়া হৈছে।শ্ৰী অমিত শ্বাহে কয় যে বটদ্ৰৱা থান এতিয়া সাধাৰণ ঠাই নহয়; এতিয়া ই এক পৱিত্ৰ তীৰ্থস্থানত পৰিণত হৈছে, যিয়ে আমাক ৫০০ বছৰীয়া ঐতিহ্যৰ সৈতে সংযোগ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানো তেওঁৰ হাতেৰেই ২৬ ডিচেম্বৰ ২০২০ তাৰিখে সম্পন্ন কৰা হৈছে আৰু সেয়া উদ্বোধন কৰাৰ সৌভাগ্যও তেওঁ লাভ কৰিছে। তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱীয় বিশ্বাস প্ৰতিষ্ঠা কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতত ইয়াক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ মহান কাম সম্পাদন কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে শ্ৰীমন্ত শংকৰদেৱে ভাগৱতত দেখুওৱা পথত ভগৱানক প্ৰাৰ্থনা কৰা, ভাল জীৱন যাপন কৰা আৰু এই দেশক ধৰ্মৰ ভিত্তিত নিজৰ মাতৃভূমি বুলি গণ্য কৰাৰ বাৰ্তা প্ৰদান কৰে। তেওঁ কৈছিল যে এই পবিত্ৰ স্থান কেৱল পূজাস্থলী বা নামঘৰ নহয়; ই অসমীয়া সম্প্ৰীতি আৰু সদিচ্ছাৰ এক জীৱন্ত প্ৰতীক। শ্ৰী শ্বাহে কয় যে এই ঠাইখন অসমৰ ভাগ-বতৰা সংস্কৃতিক আগুৱাই নিয়াৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ লগতে সামূহিক ভক্তিৰ স্থান হিচাপেও কাম কৰিব।ই নিঃসন্দেহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘এক শৰণ নাম ধৰ্ম’ পৰম্পৰাৰ প্ৰচাৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। মহাপুৰুষ শংকৰদেৱে আমাক মানৱতা আৰু মাতৃভূমিৰ প্ৰতি প্ৰেম উভয়ৰে বাৰ্তা দিয়ে। তেওঁ ঘোষণা কৰিছিল যে এই যুগ ধন্য, মানৱ জীৱন নিজৰ মাজতে সহজাতভাৱে মহান আৰু ভাৰতৰ পবিত্ৰ ভূমিত জন্ম লোৱাটোৱেই আটাইতকৈ ডাঙৰ সৌভাগ্য।

শ্ৰী অমিত শ্বাহে কয় যে ৫০০ বছৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱে ভাৰতক থানবান কৰিব বিচৰাসকলক ‘এক ভাৰত’ ৰ বাৰ্তা দিছিল, যিটো বাৰ্তা আজি আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগুৱাই লৈ গৈছে। তেওঁ কয় যে অনুপ্ৰৱেশকাৰীয়ে শংকৰদেৱৰ পবিত্ৰ স্থান দখল কৰিছে— এয়া সঠিক হৈছেনে ? তেওঁ এই পবিত্ৰ স্থানসমূহৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰাই নামঘৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে সমগ্ৰ অসমত এই অভিযান অব্যাহত আছে। ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হৈছে ১.২৯ লাখ বিঘাতকৈও অধিক ভূমি। আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰিছিল যদিও অসম চৰকাৰে তেওঁলোকক উচ্ছেদ কৰিছে। তেওঁ লগতে কয় যে বিৰোধী দলসমূহে বছৰ বছৰ ধৰি এই অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা প্ৰদান কৰি আহিছে। বিৰোধী দলসমূহে অসমৰ সংস্কৃতিৰ কথা কোৱাৰ সময়তে ১৯৮৩ চনত তেওঁলোকে অবৈধ প্ৰব্ৰজনকাৰী আইন—আই এম ডি টি আইন— প্ৰণয়ন কৰিছিল, যিয়ে অনুপ্ৰৱেশকাৰীসকলক ইয়াত বসতি স্থাপনৰ বাবে এক আইনী পথ প্ৰদান কৰিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সংকল্প হৈছে যে কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ দেশৰ পৰা চিনাক্ত কৰি, বাছনি কৰি আমি অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰাৰ কাম কৰিম। তেওঁ লগতে কয় যে এই অনুপ্ৰৱেশকাৰীসকলৰ হেঁচাত অসমৰ সংস্কৃতি দমন কৰা হৈছিল যদিও মোদীজীৰ নেতৃত্বত ইয়াত হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱৰ পৰা এই সংস্কৃতিক মুক্ত কৰিছে। আজি নামঘৰত মৃদং আৰু তালৰ শব্দৰ লগতে ভক্তিমূলক সংগীতৰ গুঞ্জন উঠিছে।
শ্ৰী অমিত শ্বাহে কয় যে বিৰোধীৰ চৰকাৰে ইমান বছৰে ক্ষমতাত আছিল, কিন্তু তেওঁলোকে অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে একোৱেই কৰা নাছিল। কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰে অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত এখন ভৱিষ্যৎ ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ (শ্বহীদ স্মাৰক) নিৰ্মাণ কৰিছে।
তেওঁ উল্লেখ কৰে যে অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে ৭০ বছৰৰ এনে অৱহেলাৰ কথা । তেওঁ কয় যে মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমৰ উন্নয়নৰ বাবে ১১ প্ৰকাৰৰ উন্নয়নমূলক কাম-কাজ চলোৱা হৈছে। অসমত প্ৰথম পাঁচ বছৰ সৰ্বানন্দ সোণোৱাল জীৰ নেতৃত্বত আৰু এতিয়া পাঁচ বছৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত—যোৱা ১০ বছৰ অসমৰ উন্নয়নৰ বাবে এক সোণালী যুগ বুলি প্ৰমাণিত হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মুঠ ৮০ বাৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিগত ১১ বছৰত ৩৬ বাৰ অসম ভ্ৰমণ কৰিছে। তেওঁ কয় যে উত্তৰ-পূব আৰু অসমত যদি কোনো ব্যক্তিয়ে ধাৰাবাহিকভাৱে নিজৰ উপস্থিতি চিহ্নিত কৰিছে, তেন্তে সেয়া হ’ল আমাৰ মোদী জী৷ তেওঁ লগতে কয় যে বিৰোধী দলে তেওঁলোকৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক অসমৰ পৰা ৰাজ্যসভালৈ পঠিয়াইছিল যদিও ১০ বছৰত তেওঁ মাত্ৰ ৭ বাৰহে অসম ভ্ৰমণ কৰিছিল—যাৰ ভিতৰত দুবাৰ ভ্ৰমণ কেৱল ৰাজ্যসভাৰ মনোনয়ন পত্ৰ জমা দিয়াৰ বাবেহে কৰিছিল ।
তেওঁলোকৰ বাবে অসমৰ পুনৰ্গঠন, অসমৰ সংস্কৃতি, বিকাশ, শান্তি কেৱল ভাষণৰ বিষয় হৈয়েই থাকিল। শ্ৰী শ্বাহে কয় যে বছৰ বছৰ ধৰি অসমত বিভিন্ন ধৰণৰ আন্দোলন চলি আহিছে, য’ত আমাৰ যুৱক-যুৱতীসকলে হাতত বন্দুক লৈ তেজৰ নদী বোৱাইছিল । অৱশ্যে মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২০ চনত বড়ো চুক্তি, ২০২১ চনত কাৰ্বি চুক্তি, ২০২২ চনত আদিবাসী চুক্তি, ২০২৩ চনত ডি এন এল এ চুক্তি আৰু ২০২৩ চনত আলফা চুক্তিও স্বাক্ষৰ কৰে ।
তেওঁ উল্লেখ কৰে যে এই ১১ বছৰত শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শান্তিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই চুক্তিসমূহ কেৱল কাগজতে আবদ্ধ হৈ থকা নাই— পাঁচোখন চুক্তিত অন্তৰ্ভুক্ত ৯২ শতাংশ বিষয় ইতিমধ্যে সমাধান হৈছে। আকৌ এবাৰ আমাৰ চৰকাৰ গঠন হ’লে আমি সকলো সমস্যাৰ ১০০ শতাংশ সমাধান নিশ্চিত কৰিম।শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ অধীনত সংস্কৃতিৰ প্ৰসাৰৰ বাবে বৃহৎ সংখ্যক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ১১ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বিহু নৃত্য পৰিবেশন কৰে, যিটো বিহু নৃত্য কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বই প্ৰত্য কৰিছে। ‘চৰাইদেউ মৈদাম’ক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰি সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক অসমলৈ আকৰ্ষণ কৰাৰ প্ৰয়াস চলোৱা হৈছে।
তেওঁ কয় যে পূৰ্বে লাচিত বৰফুকন কেৱল অসমতে পৰিচিত আছিল যদিও প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক সমগ্ৰ দেশতে চিনাকি কৰাবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল । তেওঁ কয় যে আগতে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী কেৱল অসমতে সীমাবদ্ধ আছিল; আমাৰ চৰকাৰে তেওঁৰ জীৱন কাহিনীক ২৩টা ভাষালৈ অনুবাদ কৰি সমগ্ৰ দেশ আৰু বিশ্বলৈ লৈ গৈছে। তেওঁ লগতে কয় যে মোদী চৰকাৰ আৰু শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰেও ‘গামোচা’ৰ বাবে জি আই টেগ নিশ্চিত কৰাৰ বাবে কাম কৰিছিল। তেওঁ আৰু কয় যে বৃন্দাবনত ভগৱান কৃষ্ণৰ শৈশৱৰ সকলো খণ্ড চিত্ৰিত কৰা আৰু এক প্ৰকাৰে শ্ৰীমন্ত শংকৰদেৱে আৰ্হি প্ৰস্তুত কৰা ষোড়শ শতিকাৰ ‘বৃন্দাবনী বস্ত্ৰ’ৰ প্ৰদৰ্শনী প্ৰধানমন্ত্ৰী মোদীয়ে আয়োজন কৰি সমগ্ৰ দেশতে জনপ্ৰিয় কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি সমগ্ৰ বিশ্বই অসমৰ বগীবিল দলং চাবলৈ ভিৰ কৰে। অসমৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কলিয়াবৰ-নুমলীগড় অংশটোক চাৰিলেনযুক্ত ঘাইপথলৈ ৰূপান্তৰিত কৰাৰ কাম আমি ৭,০০০ কোটি টকা ব্যয় কৰি সম্পূৰ্ণ কৰিছো। আমি ৩,৪০০ কোটি টকা ব্যয় কৰি শিলচৰ-চুৰাইবাৰী কৰিডৰত অনুমোদন জনাইছো। অসমৰ মেঘালয়ৰ পৰা পঞ্চগ্ৰামলৈ ১৬৬.৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো ২২,৮৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণত অনুমোদন জনাইছে। ভাৰতৰ সৰ্ববৃহৎ ৰে'ল-তথা -ৰোড বগীবিল দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৬,০০০ কোটি টকা ব্যয়েৰে।
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চাৰিলেনযুক্ত ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৫,০০০ কোটি টকা ব্যয়েৰে। ২০১৭ চনত ২,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হৈছিল ধলা-শদিয়া দলং। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত ৬৪৬ কোটি টকা ব্যয় সাপেক্ষে ১৯টা পথ আৰু দলঙৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন ছয় লেনযুক্ত দলং নিৰ্মাণৰ কাম চলি আছে। ৰে'লপথ, বিমানপথ আৰু কেইবাটাও জলপথৰ জৰিয়তেও অসমৰ সংযোগ সুদৃঢ় কৰা হৈছে।
তেওঁ আৰু কয় যে প্ৰায় ৮,০০০ কোটি টকা ব্যয়ৰে ভাৰত চৰকাৰে জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কাম হাতত লৈছে । যাতে সমগ্ৰ দেশৰ যাত্ৰীসকলে জলপথেৰে অসমলৈ আহিব পাৰে। সম্পূৰ্ণ হৈছে ৮৪ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত ক্ৰুজ জাহাজ ‘এম ভি গংগা বিলাস’-এ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা সম্পূৰ্ণ কৰিছে। এইমছকে ধৰি কেইবাখনো চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, নৱোদয় বিদ্যালয় মুকলি কৰা হৈছে। প্ৰায় ১,১২৩ কোটি টকা ব্যয়ৰে নিৰ্মিত অসমত ৭৫০খন বিছনাযুক্ত এইমছ উচৰ্গা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে অসমত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে টাটা অৰ্ধপৰিবাহী গোট স্থাপন কৰা হৈছে। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেড (বিভিএফচিএল)ৰ চৌহদৰ ভিতৰত ১০,৬০১ কোটি টকা ব্যয়েৰে এটা নতুন এমোনিয়া-ইউৰিয়া কমপ্লেক্স নিৰ্মাণ কৰা হৈছে, যাৰ উৎপাদন ক্ষমতা বছৰি ১৩ লাখ মেট্ৰিক টন ইউৰিয়া।
ইয়াৰ উপৰি বৃহৎ সংখ্যক ব্যক্তিগত উদ্যোগ অসমলৈ আহি আছে। তেওঁ কয় যে অসম এতিয়া আন্দোলনৰ পৰিৱৰ্তে উন্নয়নৰ ভূমিত পৰিণত হৈছে। দিল্লীত এটা সময়ত অসমক সমস্যাৰ সৃষ্টি কৰা ৰাজ্য বুলি গণ্য কৰা হৈছিল যদিও আজি অসম সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিন হৈ দেশখনক উন্নয়নৰ পথত আগুৱাই লৈ গৈছে। প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰৰ দিনত আৰু অসমত তেওঁৰ দলৰ চৰকাৰৰ দহ বছৰীয়া কাৰ্যকালত এই ৰূপান্তৰ ঘটিছে বুলিও তেওঁ কয়।
শ্ৰী শ্বাহে কয় যে বিৰোধীয়ে অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ অনুমতি দিছিল, ভোটবেংক সম্প্ৰসাৰণৰ বাবে অসমৰ সংস্কৃতিক ভেঙুচালি কৰিছিল, ৰাজ্যৰ মূল্যবোধ, সাহিত্য, পৰম্পৰা, আৰু সামগ্ৰিক সাংস্কৃতিক ঐতিহ্যৰ ক্ষতিসাধন কৰাৰ দৰে কাম কৰিছিল। শ্ৰী অমিত শ্বাহে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাটো তেওঁলোকৰ সংকল্প বুলি উল্লেখ কৰি ৰাজ্যবাসীক তেওঁৰ দলৰ চৰকাৰক আৰু এটা সুযোগ দিবলৈ আহ্বান জনায়।

অনুপ্ৰৱেশকাৰীক ভোট বেংক হিচাপে চোৱাসকলে এই কাম কৰিব নোৱাৰে। শ্ৰী শ্বাহে কয় যে তেওঁৰ দলে অনুভৱ কৰিছে যে অনুপ্ৰৱেশকাৰীয়ে দেশৰ সুৰক্ষা আৰু অসমৰ সংস্কৃতিৰ প্ৰতি অতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে।
RK/PR/PS/DM
(ৰিলিজ আই ডি : 2209545)
অতিথি কক্ষ : 59