তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
দূৰদৰ্শন আৰু আকাশবাণী নেটৱৰ্কৰ জৰিয়তে আঞ্চলিক ভাষাত জনসেৱা সম্প্ৰচাৰ শক্তিশালী কৰা হৈছে
प्रविष्टि तिथि:
19 DEC 2025 8:26PM by PIB Guwahati
দূৰদৰ্শন নেটৱৰ্কত ২৮টা আঞ্চলিক/ৰাজ্যিক চেনেল আছে, যিয়ে নিজ নিজ আঞ্চলিক ভাষা/উপভাষাত অনুষ্ঠান টেলিকাষ্ট কৰে। আকাশবাণীয়ে সমগ্ৰ দেশৰ ১১২টা আঞ্চলিক চেনেলৰ জৰিয়তে ২৩টা প্ৰধান ভাষা আৰু ১৮২টা উপভাষাত অনুষ্ঠান সম্প্ৰচাৰ কৰে।
দৰ্শকৰ প্ৰয়োজন আৰু জনসেৱাৰ লক্ষ্য অনুসৰি আঞ্চলিক ভাষাত নতুন কাৰ্যসূচী নিৰন্তৰভাৱে সংযোজন কৰা হয়।
কেন্দ্ৰীয় খণ্ড আঁচনি সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন (বিআইএনডি) (২০২১–২৬)ৰ অধীনত প্ৰসাৰ ভাৰতীৰ আধুনিকীকৰণ আৰু উন্নীতকৰণৰ কাম কৰা হৈছে, যাৰ মুঠ ব্যয় ২,৫৩৯.৬১ কোটি টকা।
এই আঁচনিখনে সমগ্ৰ দূৰদৰ্শন আৰু আকাশবাণীত প্ৰডাকচন সঁজুলি, ষ্টুডিঅ’ৰ সুবিধা, ট্ৰেন্সমিটাৰ, আৰু ডিজিটেল সম্প্ৰচাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সম্প্ৰচাৰ খণ্ডত প্ৰযুক্তিগত উন্নতিৰ পৰিপ্ৰেক্ষিতত প্ৰসাৰ ভাৰতীৰ চুক্তিবদ্ধ নিয়োগ নীতি অনুসৰি নিযুক্তিৰ জৰিয়তে জনশক্তিৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা পূৰণ কৰা হয়। কেন্দ্ৰসমূহে প্ৰক্ষেপ কৰা কাৰ্য্যকৰী প্ৰয়োজনীয়তা অনুসৰি এই কাম কৰা হয়।
দূৰদৰ্শনত ৬৫টা প্ৰগ্ৰেম প্ৰডাকচন চেণ্টাৰ আৰু এআইআৰত ২৩০টা ষ্টেচন আছে য’ত প্ৰগ্ৰেম সৃষ্টিৰ বাবে ষ্টুডিঅ’ৰ সুবিধা আছে। ইয়াৰ ফলত অঞ্চল/স্থানীয় ষ্টেচনৰ শিল্পী, সৃষ্টিকৰ্তা আৰু প্ৰতিভা ব্যৱহাৰ কৰি স্থানীয়/আঞ্চলিক ভাষাৰ বিষয়বস্তু সৃষ্টি সম্ভৱ হয়।
এই তথ্য আজি ৰাজ্যসভাত শ্ৰীমতী গীতা ওৰফে চন্দ্ৰপ্ৰভাই সোধা প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে দাখিল কৰে।
******
Mahesh Kumar / Vivek Vishwash/AA
(रिलीज़ आईडी: 2206858)
आगंतुक पटल : 7