উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকল্পসমূহৰ নিৰীক্ষণ
प्रविष्टि तिथि:
18 DEC 2025 2:52PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ০৮ খন ৰাজ্যত ক্ষেত্ৰ পৰ্যায়ৰ কাৰিকৰী সহায়ক ইউনিট (এফটিএছইউ) স্থাপন কৰি নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, যিয়ে নিয়মিতভাৱে প্ৰকল্প ৰূপায়ণ সংস্থাসমূহৰ সৈতে মত বিনিময় কৰে আৰু পিএম গাতি শক্তি পৰ্টেলত প্ৰকল্পসমূহৰ তথ্যকোষ ৰক্ষণাবেক্ষণ আৰু আপডেট কৰে। এমড’নাৰৰ নিৰীক্ষণ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰিবলৈ প্ৰকল্পৰ গুণগত মান নিৰীক্ষক (পিকিউএম) /তৃতীয় পক্ষৰ কাৰিকৰী পৰিদৰ্শন সংস্থা (টিপিটিআইএ) প্ৰৱৰ্তন কৰা হৈছে। তদুপৰি, প্ৰকল্পসমূহ সময়ে সময়ে এমড’নাৰ আৰু উত্তৰ-পূব পৰিষদৰ (এনইচি) বিষয়াসকলে নিৰীক্ষণ আৰু পৰিদৰ্শন কৰে। ২০২৪-২৫ চনৰ ভিতৰত মুঠ ৫৯৯ টা প্ৰকল্প পৰিদৰ্শন কৰা হৈছিল আৰু ২০২৫-২৬ বৰ্ষৰ ভিতৰত (১২.১২.২০২৫ লৈকে) ১৯৮ টা প্ৰকল্প পৰিদৰ্শন কৰা হৈছে।
এমড’নাৰে পিএম গতি শক্তি পৰ্টেলৰ সৈতে একত্ৰিত হৈ প্ৰকল্পসমূহৰ বাস্তৱ সময়ৰ নিৰীক্ষণ যথেষ্ট উন্নত কৰাৰ বাবে কেইবাটাও সংস্কাৰ প্ৰৱৰ্তন কৰিছে। নতুন প্ৰস্তাৱ আপলোড কৰাৰ লগতে মন্তব্য/সহায়ৰ বাবে লাইন মন্ত্ৰালয়/নীতি আয়োগলৈ প্ৰস্তাৱ প্ৰেৰণ আৰু চাহিদাৰ প্ৰস্তাৱ গ্ৰহণৰ বাবে পুৰৱোত্তৰ বিকাশ সেতু (পিভিএছ) পৰ্টেল কাৰ্যকৰী কৰা হৈছে। ইয়াৰ উপৰিও প্ৰকল্পসমূহৰ পৰিদৰ্শনৰ প্ৰতিবেদন পিভিএছ পৰ্টেলৰ জৰিয়তে দাখিল কৰা হয়, যাৰ ফলত প্ৰকল্পসমূহৰ বাস্তৱ সময়ৰ অনলাইন অনুসৰণ আৰু নিৰীক্ষণ সম্ভৱ হয়।
পুৰণি বিলম্বিত প্ৰকল্পকে ধৰি প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ এমড’নাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। দীৰ্ঘদিন ধৰি অত্যধিক পলম বা স্থবিৰ হৈ থকা প্ৰকল্পসমূহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে যথাযথ আলোচনাৰ পিছত ‘যেনেকৈ য’ত আছে’ বা ‘সম্পূৰ্ণ ধন ঘূৰাই দিয়া’ ভিত্তিত ফোৰক্ল’জ কৰা হৈছে। ১২.১২.২০২৫ তাৰিখলৈকে মুঠ ৪৮টা প্ৰকল্প ফোৰক্ল’জ কৰা হৈছে, ইয়াৰে ১৭টা প্ৰকল্প ‘যেনেকৈ য’ত আছে’ ভিত্তিত ফোৰক্ল’জ কৰা হৈছে, আৰু ৩১টা প্ৰকল্প ‘সম্পূৰ্ণ ধন ঘূৰাই দিয়া’ ভিত্তিত ফোৰক্ল’জ কৰা হৈছে।
এই তথ্য উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰদান কৰে।
******
PS/AA
(रिलीज़ आईडी: 2206324)
आगंतुक पटल : 4