গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চাইবাৰ সুৰক্ষা আৰু বিত্তীয় জালিয়াতি ৰোধ

प्रविष्टि तिथि: 17 DEC 2025 3:34PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) দেশত সংঘটিত চাইবাৰ অপৰাধ প্ৰতিৰোধ, চিনাক্তকৰণ, তদন্ত আৰু বিচাৰৰ বাবে এটা কাঠামো আৰু ব্যৱস্থা গঢ়ি তুলিবলৈ ২০১৮-ত আঁচনি হিচাপে ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (I4C) স্থাপন কৰিছিল। কম সময়ৰ ভিতৰতে আই৪চি-এ চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দেশৰ সামূহিক সামৰ্থ্য বৃদ্ধি কৰাৰ দিশত কাম কৰিছে আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ মাজত ফলপ্ৰসূ সমন্বয় স্থাপন কৰিছে। এতিয়া আই৪চি-ক ১ জুলাই, ২০২৪-ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ মন্ত্ৰালয়ৰ সংলগ্ন কাৰ্য্যালয় হিচাপে স্থাপন কৰা হৈছে। আই৪চি-এ নাগৰিকসকলৰ ক্ষেত্ৰত সংঘটিত চাইবাৰ অপৰাধৰ সৈতে জড়িত সকলো বিষয়েৰে মোকাবিলা কৰাত গুৰুত্ব আৰোপ কৰিছে। ইয়াত ভিন্ন আইন প্ৰয়োগকাৰী সংস্থা আৰু অংশীদাৰসকলৰ মাজত সমন্বয় বৃদ্ধি, সামৰ্থ্য বিকাশ, সজাগতা সৃষ্টি আদি পদক্ষেপ অন্তৰ্ভুক্ত হৈছে।

চাইবাৰ অপৰাধৰ তদন্তত সহযোগিতাক গভীৰ কৰা আৰু সামৰ্থ্য বিকাশৰ বাবে ২০২৫-ৰ ১৭ জানুৱাৰীত আই৪চি, মন্ত্ৰালয় (MHA) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ (USA) গৃহ নিৰাপত্তা বিভাগে এখনি বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰে।

সমন্বয় প্লেটফৰ্মক পৰিচালনা তথ্য ব্যৱস্থা (MIS) মঞ্চ, তথ্য ভঁৰাল আৰু চাইবাৰ অপৰাধৰ তথ্য বিনিময় আৰু বিশ্লেষণৰ বাবে আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ বাবে সমন্বয় মঞ্চ হিচাপে কাম কৰিবলৈ কাৰ্য্যকৰী কৰা হৈছে। ই ভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ অপৰাধৰ অভিযোগৰ সৈতে জড়িত অপৰাধ আৰু অপৰাধীৰ বিশ্লেষণ ভিত্তিক আন্তঃৰাজ্যিক সংযোগ প্ৰদান কৰে।

‘প্ৰতিবিম্ব’ মডিউলে অপৰাধীৰ স্থান আৰু অপৰাধৰ আন্তঃগাঁথনি অংকন কৰি ন্যায়িক বিষয়াসকলক দৃশ্যমানতা প্ৰদান কৰে। এই মডিউলে আই৪চি আৰু আন-আন লঘু আৰু মজলীয়া উদ্যোগৰ (SME) পৰা আইন প্ৰয়োগকাৰী সংস্থাসমূহে টেকন’-লিগেল সহায় বিচৰা আৰু লাভ কৰাত সহায় কৰে। ইয়াৰ ফলশ্ৰুতিত ১৬,৮৪০ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১,০৫,১২৯ চাইবাৰ ইনভেষ্টিগেচনৰ সহায়ৰ অনুৰোধ জনোৱা হৈছে।

২০২১-ত বিত্তীয় জালিয়াতি সম্পৰ্কে তাৎক্ষণিকভাৱে অৱগতকৰণৰ বাবে আই৪চি-ৰ অধীনত ‘চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিং এণ্ড মেনেজমেন্ট চিষ্টেম’ (CFCFRMS) আৰম্ভ কৰা হৈছে। আই৪চি-ত এটা অত্যাধুনিক চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (CFMC) স্থাপন কৰা হৈছে। ইয়াত প্ৰধান বেংক, বিত্তীয় মধ্যস্থতাকাৰী, পেমেন্ট এগ্ৰিগেটৰ, টেলিকম সেৱা প্ৰদানকাৰী, আইটি মধ্যস্থতাকাৰী আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিনিধিয়ে একেলগে কাম কৰি চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে কাম অব্যাহত আছে। এতিয়ালৈকে (৩১-১০-২০২৫ লৈ) আৰক্ষী কৰ্তৃপক্ষই জনোৱা অনুসৰি ১১.১৪ লাখৰো অধিক চিম কাৰ্ড আৰু ২.৯৬ লাখ টা আইএমইআই ভাৰত চৰকাৰে ব্লক কৰিছে।

‘আৰক্ষী’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ নিজ-নিজ আইন প্ৰয়োগকাৰী সংস্থা (LEA)-ৰ জৰিয়তে চাইবাৰ অপৰাধকে প্ৰমুখ্য কৰি অপৰাধ প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত আৰু বিচাৰৰ বাবে মূলতঃ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এলইএ-ৰ সামৰ্থ্য বিকাশৰ বাবে ভিন্ন আঁচনিৰ অধীনত পৰামৰ্শ আৰু আৰ্থিক সাহায্যৰ জৰিয়তে ইয়াৰ পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে কাম কৰে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘মহিলা আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ প্ৰতিৰোধ (CCPWC)’ আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ চাইবাৰ ফৰেনছিক-তথা-ট্ৰেইনিং লেবৰেটৰী স্থাপনৰ বাবে ১৩২.৯৩ কোটি টকাৰ আৰ্থিক সাহায্যও আগবঢ়াইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে ৩৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাইবাৰ ফৰেনছিক-তথা-ট্ৰেইনিং লেবৰেটৰী আৰম্ভ হৈছে। এইসমূহত ২৪,৬০০ ৰো অধিক এলইএ কৰ্মী, ন্যায়িক বিষয়া আৰু প্ৰচিকিউটৰক চাইবাৰ অপৰাধ সজাগতা, তদন্ত, ফৰেনছিক আদি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

***

RR/PR/PS/SB


(रिलीज़ आईडी: 2205682) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Tamil