ক'অপাৰেশ্বন মন্ত্ৰালয়
অসমত চতুৰ্থ সমবায় মেলা-২০২৫ উদ্বোধন
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰ্জৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ সাংস্কৃতিক তত্ত্বক সমবায় পুনৰুত্থানৰ ভেটি হিচাপে অভিহিত কৰে
प्रविष्टि तिथि:
13 DEC 2025 4:10PM by PIB Guwahati
ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ তত্ত্বাৱধানত আৰু অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত আয়োজিত চতুৰ্থ সমবায় মেলা, ২০২৫ আজি গুৱাহাটীৰ চানমাৰিস্থিত এইআই খেলপথাৰত উদ্বোধন কৰা হয়। ২০২৫-ৰ ১৩-১৫ ডিচেম্বৰত অনুষ্ঠিত উক্ত তিনিদিনীয়া কাৰ্য্যসূচীৰ উদ্দেশ্য হৈছে অসমৰ সমবায় আন্দোলনৰ শক্তি, বৈচিত্ৰ্য আৰু সম্ভাৱনাক প্ৰদৰ্শন কৰা।
ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰে আনুষ্ঠানিকভাৱে এই মেলা উদ্বোধন কৰে আৰু অসম চৰকাৰৰ সমবায় মন্ত্ৰী শ্ৰী যোগেন মহন ইয়াত উপস্থিতি থাকে।
ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে অসমৰ সমবায় আন্দোলনক ৰাজ্যখনৰ গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক তত্ত্বৰ স্বাভাৱিক সম্প্ৰসাৰণ বুলি অভিহিত কৰে। মন্ত্ৰীজনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে তেওঁলোকৰ ঐক্য, সমতা আৰু সমাজ সেৱাৰ শিক্ষায়েই সমবায় মনোভাৱৰ ভেটি বুলি কয়।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত আৰু কেন্দ্ৰীয় সমবায় মন্ত্ৰীৰ সমনোযোগী নিৰ্দেশনাত "সহকাৰ সে সমৃদ্ধি" (সমবায়ৰ জৰিয়তে সমৃদ্ধি)-ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী এক স্পন্দনশীল বাস্তৱলৈ ৰূপান্তৰিত হৈছে। তেওঁ ২০২১-ত সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কাৰ্য্যক এক ঐতিহাসিক পদক্ষেপ বুলি কয়। এই পদক্ষেপৰ জৰিয়তে ২০৪৭-ৰ ভিতৰত ভাৰতত এক সৰ্বাংগীন, বিশ্ব-মানৰ সমবায় ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় প্ৰতিষ্ঠানিক কাঠামো আৰু স্পষ্ট ৰূপৰেখা অংকিত হৈছিল।
শ্ৰী গুৰ্জৰে এই খণ্ডৰ দৃশ্যমান পুনৰুত্থানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্ব আৰু সমবায় মন্ত্ৰী শ্ৰী যোগেন মহনৰ সমৰ্পিত প্ৰচেষ্টাক কৃতিত্ব প্ৰদান কৰি অসমৰ ত্বৰান্বিত সংস্কাৰ সাধন কাৰ্য্যক বিশেষভাৱে প্ৰশংসা কৰে। এইদৰে ৰাজ্যিক-পৰ্য্যায়ত সক্ৰিয় ৰূপায়ণ কাৰ্য্যই অসমক প্ৰাথমিক কৃষি ঋণ সমিতি (PACS)-ৰ ১০০% কম্পিউটাৰাইজেচনকে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পদক্ষেপসমূহ কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে ৰাজ্যখনৰ ৮০০ ৰো অধিক ‘পেকছ’-এ নতুন আৰ্হি উপ-বিধি গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই অগ্ৰগতিয়ে যুৱক-যুৱতী আৰু মহিলাসকলক সবলীকৰণ কৰিছে, ভিন্ন খণ্ডত উদ্যমিতাক উদ্দীপনা যোগাইছে আৰু ৩২ লাখৰো অধিক সদস্যৰ আৰ্থিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। ৰাজ্যখনৰ বাবে এক সমৃদ্ধিশালী, আত্ম-নিৰ্ভৰ আৰু সমবায়-চালিত ভৱিষ্যৎ গঢ়ি তুলিবলৈ সামূহিক প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনাই তেওঁ ২০২৬-ৰ ভিতৰত প্ৰতিখন গাঁৱতে এখন সমবায় স্থাপনৰ ৰাষ্ট্ৰীয় সমবায় নীতি, ২০২৫-ৰ অভিলাষী লক্ষ্যৰ সৈতে সংগতি ৰাখি অসম এতিয়া দৃঢ়তাৰে আগবাঢ়িছে বুলি কয়।
চতুৰ্থ সমবায় মেলাত ভাষণ প্ৰদানেৰে অসম চৰকাৰৰ সমবায় মন্ত্ৰী শ্ৰী যোগেন মহনে এই মেলাক তৃণমূল পৰ্য্যায়ৰ সবলীকৰণৰ গতিশীল প্ৰদৰ্শন কাৰ্য্য বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে ইয়াত অংশগ্ৰহণকাৰীসকলক প্ৰশংসা কৰি কয় যে তেওঁলোকে আত্ম-নিৰ্ভৰতা অৰ্জন কৰিছে আৰু স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী ব্যৱহাৰেৰে আৱৰ্জনাক মূল্যৱান সম্পদলৈ সফলতাৰে ৰূপান্তৰিত কৰি উল্লেখযোগ্য সম্পদশালীতা প্ৰদৰ্শন কৰিছে। তেওঁ এই সমবায়সমূহে জনসাধাৰণক আগবঢ়োৱা ব্যাপক সুবিধাসমূহৰ সম্পৰ্কে বিতংভাৱে উল্লেখেৰে কয় যে ই অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদন আৰু মহিলাৰ আত্মসহায়ক গোটসমূহৰ (SHG) সফলতাৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীসকললৈকে ভিন্ন খণ্ডক সামৰি লৈছে।
এই সমবায় মেলাত হস্ততাঁত, মীন, দুগ্ধ, কৃষি আৰু যুৱক-যুৱতী তথা মহিলা-চালিত উদ্যোগৰ দৰে মূল খণ্ডসমূহক সামৰি ১৬০ খন সমবায় সমিতিয়ে অংশগ্ৰহণ কৰিছে। এই মেলাই স্থানীয় সামগ্ৰীসমূহ প্ৰদৰ্শন, উদ্ভাৱন আৰু সমবায়ৰ সফলতাৰ কাহিনী উপস্থাপনৰ এক সজীৱ মঞ্চ প্ৰশস্ত কৰিছে। ৰাজ্যজুৰি সহযোগিতা-আধাৰিত উন্নয়নক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে প্ৰদৰ্শনী, মত-বিনিময় আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰে অহা দুদিনলৈ এই মেলা অব্যাহত থাকিব।



…..
PG/ SM/SB
(रिलीज़ आईडी: 2203519)
आगंतुक पटल : 76