নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ প্ৰথম স্বদেশী হাইড্ৰ’জেন ফুৱেল চেলযুক্ত যাত্ৰীবাহী জাহাজৰ বাৰাণসীত বাণিজ্যিক সেৱাৰ শুভাৰম্ভণি কৰে সৰ্বানন্দ সোণোৱালে

“হাইড্ৰ’জেনচালিত যাত্ৰীবাহী জাহাজে গংগাত যাত্ৰা আৰম্ভ কৰিলে, মোদী চৰকাৰৰ সবল ভূমিকাৰে নেট-জিৰ’জলপথৰ দিশত এক বৃহৎ পদক্ষেপ”: সোণোৱাল

দেশৰ প্ৰথম হাইড্ৰ’জেন ফুৱেল চেলৰ কেটামাৰান জাহাজে ত্বৰান্বিত কৰিলে শূন্য নিৰ্গমনযুক্ত, স্বদেশী প্ৰযুক্তিৰ ২৪ মিটাৰ দৈৰ্ঘ্যৰ আৰু ৫০ আসনযুক্ত ক্লীন প্ৰপালচন ফেৰী সেৱা

प्रविष्टि तिथि: 11 DEC 2025 5:22PM by PIB Guwahati

ভাৰতে আজি বাৰাণসীৰ নমো ঘাটত স্বদেশীভাৱে নিৰ্মিত দেশৰ প্ৰথম হাইড্ৰ’জেন ফুৱেল চেলযুক্ত যাত্ৰীবাহী জাহাজৰ বাণিজ্যিক সেৱাৰ শুভাৰম্ভ কৰি সেউজ সামুদ্ৰিক ৰূপান্তৰত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই জাহাজৰ প্ৰথম বাণিজ্যিক যাত্ৰাৰ শুভাৰম্ভণি কৰে।

 

এই জাহাজে ভাৰতত প্ৰথমবাৰৰ বাবে সামুদ্ৰিক ক্ষেত্ৰত হাইড্ৰ’জেন ফুৱেল চেল প্ৰপালচন প্ৰদৰ্শিত কৰিছে আৰু ই সম্পূৰ্ণৰূপে স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত। ইয়াত ল’টেম্পাৰেচাৰ প্ৰ’টন এক্সচেঞ্জ মেমব্ৰেন (PEM) ফুৱেল চেল চিষ্টেম ব্যৱহাৰ কৰা হৈছে, যিয়ে সঞ্চিত হাইড্ৰ’জেনক বিদ্যুতলৈ ৰূপান্তৰিত কৰে আৰু বাই-প্ৰ'ডাক্ট হিচাপে কেৱল পানীহে নিৰ্গত কৰে।

 

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল আৰু দূৰদৃষ্টিসম্পন্ন নেতৃত্বত ভাৰতত পৰিষ্কাৰ, বহনক্ষম আৰু আত্মনিৰ্ভৰ পৰিবহণ ব্যৱস্থাৰ দিশত এক অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে। দেশৰ প্ৰথম স্বদেশী হাইড্ৰ’জেন ফুৱেল চেলযুক্ত জাহাজৰ ফ্লেগ-অফে ‘মেক ইন ইণ্ডিয়া’ আৰু সকলো ক্ষেত্ৰতে সেউজ ৰূপান্তৰৰ প্ৰধানমন্ত্ৰীৰ দৃঢ় প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে। এই মাইলৰ খুঁটিয়ে ৰাষ্ট্ৰীয় জলপথ-১ অৰ্থাৎ গংগাৰ পুনৰুজ্জীৱিতকৰণ আৰু সংৰক্ষণৰ বৃহত্তৰ অভিযানকো শক্তিশালী কৰিছে। জলপথত পৰিষ্কাৰ প্ৰযুক্তিৰ প্ৰয়োগৰ লগে লগে আমি কেৱল উদ্ভাৱনকেই প্ৰসাৰিত কৰা নাই, উন্নয়নৰ সৈতে পৰিৱেশগত দায়বদ্ধতাও একেলগে আগবঢ়াই নিছোঁ। আজিৰ এই অভূতপূৰ্ব সাফল্যই দেশৰ বাবে এক সেউজ, সমৃদ্ধিশালী সামুদ্ৰিক ভৱিষ্যৎ গঢ়াৰ আমাৰ অটল সংকল্পক ত্বৰান্বিত কৰিছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (IWAI)ৰ মালিকানাধীন এই জাহাজ কোচিন শ্বিপয়াৰ্ড লিমিটেডে (CSL) নিৰ্মাণ কৰিছে। পৰীক্ষামূলক কাৰ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পাছত জাহাজখনে বাণিজ্যিক সেৱাত প্ৰৱেশ কৰিছে। এই পদক্ষেপে ২০৭০ চনৰ ভিতৰত নেট-জিৰ’ নিৰ্গমনৰ ভাৰত চৰকাৰৰ দৃঢ় পণ আৰু ভাৰতৰ অন্তৰ্দেশীয় জলপথত পৰিষ্কাৰ, বহনক্ষম ইন্ধনৰ প্ৰসাৰৰ আমাৰ মন্ত্ৰণালয়ৰ নিৰন্তৰ প্ৰচেষ্টাক এক নতুন শক্তি দিছে।"

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সবল প্ৰচেষ্টাত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু মেৰিটাইম অমৃতকাল ভিজন ২০৪৭ৰ অংশ হিচাপে উন্নত সেউজ প্ৰযুক্তি আৰু বিকল্প ইন্ধনৰ প্ৰয়োগৰ দিশত নিৰৱচ্ছিন্ন কাম কৰি আছে।

 

নগৰীয়া পৰিবহণৰ বাবে ডিজাইন কৰা ২৪ মিটাৰ দৈৰ্ঘ্যৰ কেটামাৰান জাহাজখনে এয়াৰ-কণ্ডিচনযুক্ত কেবিনত ৫০ গৰাকী যাত্ৰী কঢ়িয়াব পাৰে আৰু ৬.৫ নট গতিৰে চলাচল কৰে। ইয়াৰ হাইব্ৰিড শক্তি ব্যৱস্থাই হাইড্ৰ’জেন ফুৱেল চেল, বেটাৰী আৰু সৌৰ শক্তিৰ সংমিশ্ৰণ ঘটাইছে, যাৰ ফলত একক হাইড্ৰ’জেন ভৰ্তিৰে ই ৮ ঘণ্টালৈকে চলিব পাৰে। জাহাজখনক ইণ্ডিয়ান ৰেজিষ্টাৰ অৱ শ্বিপিঙে প্ৰমাণিত কৰিছে।

 

পাইলট জাহাজ এফ চি ভি পাইলট-০১ কাৰ্যকৰী কৰিবলৈ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, কোচিন শ্বিপয়াৰ্ড লিমিটেড আৰু ইনলেণ্ড এণ্ড ক’ষ্টেল শ্বিপিং লিমিটেডে এক ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে, য’ত কাৰিকৰী সহায়, কাৰ্যপ্ৰণালী, তদাৰক, বিত্তীয় চৰ্ত, সুৰক্ষা প্ৰক্ৰিয়া আৰু নিয়মীয়া পৰিদৰ্শনৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।

 

বাৰাণসীত প্ৰৱৰ্তিত এই হাইড্ৰ’জেন ফুৱেল চেল জাহাজে নগৰীয়া জল পৰিবহণত বহুতো সুবিধা কঢ়িয়াই আনিছে, যেনে: শব্দমুক্ত যাত্ৰা, শূন্য ধোঁৱা আৰু শূন্য প্ৰদূষণ (কেৱল পানী নিৰ্গমন), জলপথৰ জৰিয়তে দ্ৰুত গতিৰ ফলত পথত ভিৰ হ্ৰাস, পৰ্যটন আৰু স্থানীয় নিয়োগৰ সুযোগ বৃদ্ধি। ইয়াৰ দ্বাৰা বাৰাণসী বিশ্বৰ আগশাৰীৰ প্ৰথম চহৰসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব, যিয়ে হাইড্ৰ’জেনচালিত যাত্ৰীবাহী জাহাজৰ পৰিবহণ ত্বৰান্বিত কৰিছে।

 

সৰ্বানন্দ সোণোৱালৰ লগতে এই সময়ছোৱাত উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ৰৱীন্দ্ৰ জয়ছৱাল, দয়াশংকৰ সিং, দয়াশংকৰ মিশ্ৰ ‘দয়ালু’, বিধায়কসকল তথা বাৰাণসীৰ মেয়ৰ আদি উপস্থিত আছিল। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

 

হাইব্ৰিড ইলেকট্ৰিক কেটামাৰানৰ পাছত হাইড্ৰ’জেন ফুৱেল চেলযুক্ত জাহাজৰ মোতায়নে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনাক অধিক শক্তিশালী কৰিছে, যাৰ লক্ষ্য হৈছে দেশৰ অন্তৰ্দেশীয় জল পৰিবহণ নেটৱৰ্কক আধুনিকীকৰণ আৰু কাৰ্বনমুক্ত কৰা।

 

 

 


(रिलीज़ आईडी: 2202855) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Telugu