তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
প্ৰচাৰ ভাৰতীৰ জৰিয়তে দুৰ্যোগ সতৰ্কবাণী আৰু কল্যাণমূলক আঁচনিৰ সৈতে প্ৰান্তীয় অঞ্চলৰ যোগাযোগ শক্তিশালী কৰিছে চৰকাৰে
মাল্টিমিডিয়া পদ্ধতি ব্যৱহাৰ কৰি এতিয়া আঞ্চলিক ভাষাত প্ৰদান কৰা হৈছে নাগৰিকসকললৈ দুৰ্যোগৰ সতৰ্কবাণী
ৱেভছ অ‘টিটি, ডিডি ফ্ৰীডিছ আৰু আকাশবাণীয়ে সম্প্ৰসাৰিত কৰিছে গ্ৰাম্য তথা সীমান্ত অঞ্চলসমূহত কল্যাণমূলক আঁচনিসমূহৰ ব্যাপ্তি
পোষ্ট কৰা হৈছে:
10 DEC 2025 4:03PM by PIB Guwahati
চৰকাৰে বিশেষকৈ গ্ৰাম্য, দূৰৱৰ্তী আৰু সীমান্ত অঞ্চলত কল্যাণমূলক আঁচনি, ৰাজহুৱা পৰামৰ্শ আৰু দুৰ্যোগ সম্পৰ্কীয় তথ্যৰ প্ৰচাৰৰ গুৰুত্বক প্ৰাধান্য দিছে।
ৰাজহুৱা সম্প্ৰচাৰ সংস্থা প্ৰচাৰ ভাৰতী (দূৰদৰ্শন আৰু আকাশবাণী)ৰ জৰিয়তে চৰকাৰে এফ এম/এম ডব্লিউ/এছ ডব্লিউ ৰেডিঅ’ নেটৱৰ্ক, আঞ্চলিক টিভি ট্ৰেন্সমিটাৰ, ডি ডি ফ্ৰীডিছ, ডিজিটেল প্লেটফৰ্ম আৰু মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰি ব্যাপক প্ৰসাৰ নিশ্চিত কৰিছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এনডিএমএ) দুৰ্যোগৰ সতৰ্কবাণীসমূহৰ অঞ্চলবিশেষ প্ৰচাৰৰ বাবে উমৈহতীয়া সতৰ্কীকৰণ নীতি (চিএপি) আধাৰিত সংহত সতৰ্কীকৰণ প্ৰণালী ৰূপায়ণ কৰিছে।
এই সতৰ্কবাণীসমূহ আঞ্চলিক ভাষাত এছ এম এছ, মোবাইল এপ, সচেত পৰ্টেল, গগন/নাভিক উপগ্ৰহ টাৰ্মিনেল আৰু আৰ এছ এছ ফিডৰ জৰিয়তে জাৰি কৰা হয়।
ইয়াৰ উপৰি, এন ডি এম এ-য়ে ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়া, আঞ্চলিক ভাষাৰ সমল, প্ৰচাৰ বাহন আৰু বাটৰ নাটৰ জৰিয়তে ব্যাপক সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি সামূহিক প্ৰস্তুতি শক্তিশালী কৰি তুলিছে।
অধিক শক্তিশালীভাৱে প্ৰান্তীয় অঞ্চলসমূহ স্পৰ্শ কৰাৰ লক্ষ্য আগত ৰাখি চৰকাৰে নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিছেঃ
- ডিডি ফ্ৰীডিছৰ জৰিয়তে সম্প্ৰসাৰণঃ গ্ৰাম্য আৰু সীমান্ত অঞ্চলকে ধৰি দেশজুৰি কভাৰেজ প্ৰদান কৰা ডাইৰেক্ট টু হোম (ডিটিএইচ) মঞ্চ। ইয়াত সকলো দূৰদৰ্শন চেনেল, ৪৮টা আকাশবাণী চেনেল, নিৰ্বাচিত ব্যক্তিগত চেনেল আৰু ২৬০ৰো অধিক শৈক্ষিক চেনেল আছে।
- কেন্দ্ৰীভূত ৰাজহুৱা-তথ্য কাৰ্যসূচীঃ দূৰদৰ্শন আৰু ডিডি নিউজে দৈনিক বুলেটিন আৰু চৰ্চা মে, আপদা কা সামনা, কেবিনেট কে বড়ে ফেছলে আৰু চাইবাৰ এলাৰ্টৰ দৰে অনুষ্ঠান তথা দৈনিক বাতৰিৰ জৰিয়তে চৰকাৰী আঁচনি আৰু দুৰ্যোগ পৰামৰ্শ সন্দৰ্ভত বিশেষভাৱে প্ৰস্তুত কৰা অনুষ্ঠান, তথ্যচিত্ৰ আৰু প্ৰতিবেদন সম্প্ৰচাৰ কৰে।
- ডিজিটেল প্ৰৱেশাধিকাৰ শক্তিশালী কৰাঃ প্ৰচাৰ ভাৰতীয়ে তথ্য প্ৰচাৰৰ বাবে সামাজিক মাধ্যমৰ প্ৰসাৰ ব্যৱহাৰ কৰে। এণ্ড্ৰইড আৰু আই অ এছ-ত 'নিউজঅনএয়াৰ’ এপতো ২৬০টাতকৈও অধিক আকাশবাণী কেন্দ্ৰ উপলব্ধ।
- ৱে’ভছ অ’টিটি প্লেটফৰ্মঃ প্ৰচাৰ ভাৰতীয়ে আৰম্ভ কৰা ৱে’ভছত নিৰ্বাচিত ব্যক্তিগত বাতৰি আৰু মনোৰঞ্জন চেনেলৰ লগতে দূৰদৰ্শন আৰু আকাশবাণী চেনেলৰ লাইভ ষ্ট্ৰীমিং কৰা হয়। ইয়াৰ জৰিয়তে নাগৰিকসকলৰ বাবে অধিক তথ্য উপলব্ধ হৈছে।
বৰ্তমান কোচি আৰু পূৰ্ণিয়া মণ্ডলত নিম্নলিখিত পাঁচটা আকাশবাণী এফ এম ষ্টেচন উপলব্ধঃ
|
ক্ৰমিক নং
|
ষ্টেচনৰ অৱস্থিতি
|
জিলা
|
Division
|
|
১
|
বাথনাহা (১০ কিলোৱাট)
|
আৰাৰিয়া
|
Purnia
|
|
২
|
কাটিহাৰ (১০০ ৱাট)
|
কাটিহাৰ
|
Purnia
|
|
৩
|
কিষাণগঞ্জ (১০০ ৱাট)
|
কিষাণগঞ্জ
|
Purnia
|
|
৪
|
পূৰ্ণিয়া (১০ কিলোৱাট)
|
পূৰ্ণিয়া
|
Purnia
|
|
৫
|
সহৰ্ষ (১০০ ৱাট)
|
সহৰ্ষ
|
Kosi
|
তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল. মুৰুগানে আজি লোকসভাত শ্ৰী ৰাজেশ ৰঞ্জনে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে।
*****
Mahesh Kumar/DD
(ৰিলিজ আই ডি : 2202393)
অতিথি কক্ষ : 25