প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাকবি সুব্ৰমনিয়া ভাৰতীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
পোষ্ট কৰা হৈছে:
11 DEC 2025 10:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাকবি সুব্ৰমনিয়া ভাৰতীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে তেওঁৰ কবিতাসমূহে মানুহক সাহসী কৰি তোলাৰ লগতে তেওঁৰ চিন্তাধাৰাৰ অগণন লোকৰ মনত স্থায়ী প্ৰভাৱ পেলাব পৰা সামৰ্থ আছে । তেওঁৰ চিন্তা ধাৰাই ভাৰতৰ সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় চেতনাক আলোকিত কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে শ্ৰী ভাৰতীয়ে ন্যায়সংগত আৰু সামগ্ৰিক সমাজ গঢ়ি তোলাৰ দিশত কাম কৰাৰ লগতে তামিল সাহিত্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয় হৈ আছে।
এক্সত পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
"মহাকবি সুব্ৰমনিয়া ভাৰতীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ কবিতাসমূহে মানুহক সাহসী কৰি তোলাৰ লগতে তেওঁৰ চিন্তাধাৰাৰ অগণন লোকৰ মনত স্থায়ী প্ৰভাৱ পেলাব পৰা সামৰ্থ আছে । তেওঁ ভাৰতৰ সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় চেতনাক আলোকিত কৰিছিল। তেওঁ ন্যায়সংগত আৰু সৰ্বাত্মক সমাজ গঢ়ি তোলাৰ দিশত কাম কৰিছিল। তামিল সাহিত্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অতুলনীয় হৈ আছে। "
MJPS/SR/DD
(ৰিলিজ আই ডি : 2202080)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam