তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তৃণমূল পৰ্য্যায়ত সম্প্ৰচাৰৰ দুটা দশক উদযাপনৰ বাবে গুৱাহাটীত একত্ৰিত হ'ল কমিউনিটি ৰেডিঅ' ষ্টেচন
प्रविष्टि तिथि:
10 DEC 2025 5:49PM by PIB Guwahati
আজি গুৱাহাটীত দুদিনীয়া আঞ্চলিক কমিউনিটি ৰেডিঅ’ সন্মিলন (পূব) উদ্বোধন কৰা হয়। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (IIMC), নতুন দিল্লীৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে “ভাৰতত কমিউনিটি ৰেডিঅ’ৰ ২০ বছৰ উদযাপন”। এই কাৰ্য্যসূচীত পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৬৫ ৰো অধিক কমিউনিটি ৰেডিঅ’ ষ্টেচনে অংশগ্ৰহণ কৰিছে।
ইয়াত সমবেতসকলক আদৰণি জনাই আইআইএমচি, নতুন দিল্লীৰ উপাচাৰ্য্য ডঃ প্ৰজ্ঞা পালিৱাল গৌৰে কয় যে এই উল্লেখযোগ্য সমাৱেশৰ বাবে মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্ব কৰাটো আইআইএমচি-ৰ বাবে এক সন্মানৰ কথা। তেওঁ কমিউনিটি ৰেডিঅ’ বাতাবৰণৰ বিকাশত আলোকপাতেৰে কয় যে এতিয়া উত্তৰ-পূৰ্বাঞ্চলকে প্ৰমুখ্য কৰি সমগ্ৰ ভাৰতত ৫৫০ ৰো অধিক ষ্টেচন চলি আছে আৰু ভালে সংখ্যক ষ্টেচন পাইপলাইনত আছে। ডঃ গৌৰে লিংগ-সংবেদনশীল যোগাযোগৰ প্ৰসাৰ, জৰুৰীকালীন তথ্য প্ৰচাৰ, মিডিয়া শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িত, লোক পৰম্পৰা সংৰক্ষণ আৰু বিষয়বস্তু বিকাশত এআই-ক দায়িত্বশীলভাৱে একত্ৰিত কৰাত কমিউনিটি ৰেডিঅ’ৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে কয়। তেওঁ অংশীদাৰসকলক কমিউনিটি ৰেডিঅ’ৰ জৰিয়তে সমাজ-চালিত উন্নয়নক সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায়।
এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি আইআইএমচি-ৰ পঞ্জীয়ক শ্ৰী এল. মধু নাগে ভাৰতৰ ৰেডিঅ’ বাতাবৰণৰ উল্লেখযোগ্য ৰূপান্তৰ সন্দৰ্ভত আলোকপাতেৰে মূলসুঁতিৰ এফএম সম্প্ৰচাৰৰ পৰা স্থানীয় কণ্ঠসমূহৰ বাবে এক শক্তিশালী মঞ্চ হিচাপে কমিউনিটি ৰেডিঅ’ৰ উত্থানলৈকে অৱলোকন কৰে। তেওঁ চিআৰ ষ্টেচনসমূহক শক্তিশালী কৰা মূল স্তম্ভসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজ-চালিত কন্টেন্ট সৃষ্টি, বৰ্ধিত সামৰ্থ্য বিকাশ আৰু দীৰ্ঘ-ম্যাদী বিত্তীয় বহনক্ষমতাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সৃষ্টিশীলভাৱে প্ৰযোজনা কৰা, স্থানীয়ভাৱে বদ্ধমূল বিষয়বস্তু হৈছে কমিউনিটি ৰেডিঅ’ৰ সফলতাৰ মূল কথা।
চিআৰএছ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সঞ্চালক শ্ৰীমতী শিল্পা ৰাৱে এই সন্মিলনৰ উদ্দেশ্য সম্পৰ্কে ব্যক্ত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ কমিউনিটি ৰেডিঅ’ খণ্ডৰ বিকাশ আৰু সুদৃঢ়কৰণৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় দায়বদ্ধ বুলি উল্লেখ কৰে। তেওঁ ইয়াৰ অৰ্থে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অৱৰ সচিব শ্ৰী মহেন্দ্ৰ মীনাই কয় যে অন্তিম-প্ৰান্তৰে যোগাযোগ স্থাপনৰ বাবে কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহ অপৰিহাৰ্য্য হৈ পৰিছে। তেওঁ কয় যে চিআৰ ষ্টেচনে সমাজৰ প্ৰকৃত কণ্ঠ বৃদ্ধি কৰে আৰু জৰুৰীকালীন সময়ত তথা উন্নয়নমূলক কাৰ্য্যসূচীসমূহৰ সম্পৰ্কে জনতাই সঠিক তথ্য লাভ কৰাটো নিশ্চিতকৰণত সহায় কৰে। তেওঁ কমিউনিটি ৰেডিঅ’ অভিযানলৈ মন্ত্ৰালয়ৰ অবিৰত সমৰ্থনৰ কথা দোহাৰে।
এই সন্মিলনৰ আহ্বায়ক অধ্যাপিকা (ডঃ) সংগীতা প্ৰণৱেন্দ্ৰই সকলো অংশগ্ৰহণকাৰীলৈ গুৱাহাটীলৈ আহি ভাৰতৰ দুই দশকজোৰা কমিউনিটি ৰেডিঅ’ অভিযানৰ সামূহিক উদযাপনত যোগদানৰ বাবে শলাগৰ শৰাই জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অঞ্চলটোত তৃণমূল পৰ্য্যায়ত সম্প্ৰচাৰক শক্তিশালী কৰি ৰখা চিআৰ প্ৰেক্টিচনাৰ আৰু বিশেষজ্ঞসকলৰ দায়বদ্ধতাৰ শলাগ লয়।
সন্মিলনৰ প্ৰথম দিনা একাধিক কাৰিকৰী আৰু ইন্টাৰেক্টিভ অধিবেশন অনুষ্ঠিত হয়। ইয়াত কমিউনিকেচন মন্ত্ৰালয়ৰ উপ ৱাইৰলেছ উপদেষ্টা শ্ৰী মনীষ শ্বিলৱান্টে ট্ৰেন্সমিটাৰৰৰ পুনৰ-সংস্থাপন আৰু সৰল (SARAL) সঞ্চাৰ পৰ্টেললৈ মাইগ্ৰেচন সম্পৰ্কে বিতংভাৱে কয়। তেওঁ লগতে ডব্লিউঅ’এল (WoL) নবীকৰণৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰতো পৰামৰ্শ আগবঢ়ায়।
অধ্যাপক (ডঃ) কাঞ্চন কে. মালিকে লিংগভিত্তিক অনুষ্ঠানৰ প্ৰাসংগিকতা আৰু চিআৰএছ কাৰ্য্যসূচীত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা তথা সামগ্ৰিক বিষয়বস্তু ব্যৱস্থাপনা আৰু সম্প্ৰচাৰত তেওঁলোকৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বিহাৰ, মণিপুৰ, অসম, পশ্চিম বংগ আৰু ওড়িশাৰ চিআৰএছ প্ৰেক্টিচনাৰসকলে অংশগ্ৰহণ কৰা আৰু চিআৰএছ-ৰ প্ৰকল্প সঞ্চালক শ্ৰী অমিত দ্বিবেদীয়ে আঁত ধৰা পেনেল আলোচনাত সমগ্ৰ পূব অঞ্চলত কমিউনিটি ৰেডিঅ’ৰ প্ৰচাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয়।
প্ৰথম দিনা কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান, মহীশূৰৰ অধ্যাপক উমা পাপ্পুস্বামীৰ অধ্যক্ষতাত ‘থলুৱা ভাষাৰ প্ৰসাৰ তথা সংৰক্ষণ আৰু চিআৰএছ’ বিষয়ক এক অন্তৰ্দৃষ্টিসম্পন্ন অধিবেশনো অনুষ্ঠিত হয়। তেওঁ কয় যে চিআৰএছ-ৰ প্ৰকৃতি অতি স্থানীয় (hyperlocal) হোৱাৰ পৰিপ্ৰেক্ষিতত চিআৰএছ-ৰ জৰিয়তে থলুৱা ভাষাসমূহ সৰ্বোত্তমভাৱে সংৰক্ষণ আৰু প্ৰচাৰ কৰিব পৰা যায়।
সমাজ-ভিত্তিক বিষয়বস্তু সন্দৰ্ভত এখনি অধিবেশনেৰে দিনটোৰ সামৰণি পৰে। ইয়াত কোনাৰ্ক, ওড়িশাৰ ৰেডিঅ’ নমস্কাৰৰ সঞ্চালক শ্ৰী এন.এ. শ্বাহ আনছাৰীয়ে ভাষণ প্ৰদান কৰে। তেওঁ সমাজ ভিত্তিক বিষয়বস্তু যুগুত কৰাৰ সময়ত গ্ৰহণ কৰিবলগীয়া উত্তম পদ্ধতিসমূহৰ বিষয়ে কয়।
এই সন্মিলনে কমিউনিটি ৰেডিঅ’ প্ৰেক্টিচনাৰসকলক অভিজ্ঞতাৰ আদান-প্ৰদান, উদ্বেগৰাজি সম্পৰ্কে ব্যক্ত, উদ্ভাৱনীমূলক পদ্ধতিসমূহৰ অন্বেষণ আৰু সমগ্ৰ পূব তথা উত্তৰ-পূৰ্বাঞ্চলত তৃণমূল পৰ্য্যায়ত সম্প্ৰচাৰৰ ভৱিষ্যতক সামূহিকভাৱে শক্তিশালী কৰিবলৈ এখনি মঞ্চ প্ৰদান কৰে।



—
PG/ SM/SB
(रिलीज़ आईडी: 2201763)
आगंतुक पटल : 12