গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

লোকপিয়লত প্ৰযুক্তিৰ ব্যৱহাৰ

प्रविष्टि तिथि: 09 DEC 2025 5:36PM by PIB Guwahati

ডিজিটেল মাধ্যমেৰে লোকপিয়ল ২০২৭ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মোবাইল এপছৰ জৰিয়তে তথ্য সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰা হৈছে। উত্তৰদাতাসকলে ৱেব-পৰ্টেলৰ জৰিয়তেও স্ব-গণনা কৰিব পাৰে। লোকপিয়ল প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে পৰিচালনা আৰু নিৰীক্ষণ কৰিব লাগিব।

 

লোকপিয়লত প্ৰতিজন ব্যক্তিৰ তথ্য গণনাৰ সমগ্ৰ সময়ছোৱাত পোৱা স্থানত সংগ্ৰহ কৰা হয়। ইয়াৰ উপৰিও, প্ৰব্ৰজনৰ তথ্য প্ৰতিজন ব্যক্তিৰ বাবে তেওঁলোকৰ জন্মস্থান আৰু শেষ বাসস্থানৰ ওপৰত ভিত্তি কৰি সংগ্ৰহ কৰা হয়। লোকপিয়লত বৰ্তমানৰ বাসগৃহত থকাৰ সময়সীমা আৰু প্ৰব্ৰজনৰ কাৰণৰ তথ্যও সংগ্ৰহ কৰা হয়। অফিচিয়েল গেজেটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ক্ষেত্ৰভিত্তিক কাম চলোৱাৰ পূৰ্বে লোকপিয়লৰ বাবে প্ৰশ্নাৱলী অৱগত কৰা হয়।

 

এই কথা কয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত।***

RK/RR/PR/PS


(रिलीज़ आईडी: 2201488) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil