গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ত্ৰিপুৰাৰ ৩০টা বিশেষভাৱে বিপন্ন জনজাতীয় গোটৰ বসতিস্থলৰ সংযোগ বৃদ্ধিৰ বাবে ২৫টা পথ প্ৰকল্পত কেন্দ্ৰৰ অনুমোদন

प्रविष्टि तिथि: 09 DEC 2025 10:41AM by PIB Guwahati

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে পিএম-জনমানৰ অধীনত ৬৫.৩৮কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৫টা পথ প্ৰকল্পত অনুমোদন দিছে। ত্ৰিপুৰাৰ বাবে ইয়াৰ আনুমানিক বিনিয়োগ হ'ব ৬৮.৬৭কোটি টকা।

এই যুগান্তকাৰী পদক্ষেপসমূহ হ'লঃ

  • ৰাজ্যখনৰ ৩০টা পিভিটিজি বসতিস্থললৈ সকলো বতৰতে পথ সংযোগ প্ৰদান কৰা।
  • ৰাজ্যখনত বাস কৰা বিশেষভাৱে বিপন্ন জনজাতীয় গোটসমূহৰ (পিভিটিজি) আৰ্থ-সামাজিক অৱস্থা উন্নত কৰা।
  • দূৰৱৰ্তী গাঁও আৰু নগৰ কেন্দ্ৰৰ মাজৰ ব্যৱধান দূৰ কৰি গ্ৰাম্য অঞ্চলত সংযোগ বৃদ্ধি কৰা।
  • অঞ্চলটোত অৰ্থনৈতিক উন্নয়ন, ব্যৱসায় আৰু বাণিজ্য বৃদ্ধি কৰা।
  • স্বাস্থ্যসেৱা, শিক্ষা আৰু বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ প্ৰৱেশাধিকাৰ উন্নত কৰা।
  • কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা আৰু স্থানীয় অৰ্থনীতিক উদ্দীপিত কৰা।
  • সমৃদ্ধিশালী উত্তৰ-পূব আৰু উন্নত ভাৰত (বিকাশিত ভাৰত) ৰ চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰক্ষা কৰা।পিএম-জনমানৰ অধীনত প্ৰকল্পসমূহে অঞ্চলটোত পৰিৱৰ্তনমূলক প্ৰভাৱ পেলাব, উত্তৰ-পূব অঞ্চলৰ জনজাতীয় গোটসমূহৰ বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাব আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক দৃঢ় কৰিব।

*****

MS/MK


(रिलीज़ आईडी: 2200735) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali-TR , Tamil